পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কামৰূপীয়াৰো ঢেৰ অপৰ বিধৰ আমোদ প্ৰমোদ আছিল, যেনে ঢুলিয়াৰ নাচ, ওজা পালিৰ পদ গোৱা, কচাৰীহঁতৰ মাদোল নাচ ইত্যাদি। আগেয়ে সাতবিহুত আগৰ বৰফুকনসকলে এইবিলাক আমোদো কৰাইছিল; কিন্তু বদন বৰফুকন হবৰে পৰা কামৰূপীয়াৰ আমোদ প্ৰমোদ সমস্তকে উঠাই দি কেবল নিজৰ উজনিৰ যি আমোদ প্ৰমোদ তাকেহে কৰাইছিল।
 বৰফুকণৰ আগত প্ৰথমেই বিহু নাচ হল। নাচনী আহোমনী ছোৱালী আৰু দুই এযোৰা নদীয়ালনী। বৰফুকন আৰু অহমীয়া সকলে বৰ আমোদ লভিলে। কামৰূপীয়াসকলে লাজত তললৈ মূৰ কৰিলে। বৰফুকন আৰু অহমীয়া বিষয়াসকলে নাচনীসকলক শলাগি বটা দিলে। ইয়াৰ। পিছত শেনমেলি ৰং চোৱা হল। যি কেজন শেনচোৱাৰ শেনে কনোৱা মাৰিব পাৰিলে সেই কেজনে বটা পালে। যাৰ শেনে কনোৱা মাৰিব নোৱাৰিলে সেই সকলক পাঁচোটা পাঁচোটা চমটাৰ কোব মৰালে। মহযুজো হল। দুটা গলধন ধৰা মহে লেল্‌পেল্‌কৈ যুজি এটা মৰিল; এটা ঘুণীয়া হল। ঘোড়াৰ দৌড়ো সুকলমে হল।
 সৱশেহত হাতী দৌড়ৰ পাল পৰিল। তিনটা হাতী আনিলে। এটা হাতীৰ ওপৰত মাউত বাজেও বৰফুকনৰ প্ৰথম পুত্ৰজন উঠিছিল। আনটোৰ ওপৰত তেওঁৰ দ্বিতীয় পুত্ৰ উঠিছিল। তৃতীয়টোত আন এজনা আহোম বিষয়া