পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গছৰ আগত পৰি কু-উ, কু-উ কৰিছে। দুটা এটা লৰাই সেই কুলিক যেতেক চিঞাঁৰিছে কুলিটোৰ মাতো সেই অনুক্ৰমে বেছিহে হৈছে।
 উজনি আহোম ৰজাৰ আৰ্হিৰেই আজি আমাৰ নামনিৰ বৰফুকনেও সাতবিহুৰ উৎসৱ পাতিছে। এটা মুকলি ঘৰৰ তলত এখান ওখ চালপিৰাত, বনাত কেপ্‌ কৰা কিংখাপৰ গালিচা পাৰি তাৰ ওপৰত বৰফুকনে সোণোৱালী গাৰু এটাত আওজি দীঘল সোণাৰ নলৰে সৈতে গুৰগুৰি, ৰুপৰ শৰাইত তামোল পান, পিক পেলাবলৈ পিক দান লই বহিছে। তেওঁৰ দুয়ো কাষে আহোম আৰু অসমীয়া বিষয়াসকলক বহুৱাইছে। কামৰূপীয়া বুজৰবৰুৱা দুজনকো তেওঁৰ অহমীয়া বিষয়াসকলৰ লগত বহুৱাইছে। কিন্তু কামৰূপীয়া বৰুৱা চৌধাৰী সকলক বেলেগে হীনভাবে বহুৱাইছে। চাৰিওফালে অসংখ্য মানুহ। আহোমনী আৰু অহমিয়ানী তিৰোতাসকলকো সুন্দৰকৈ ভাৰ-বেৰ দি বহুৱাইছে। কিন্তু কামৰূপীয়া লৰা তিৰোতা ছোৱালী আৰু আন ইতৰ মানুহৰ নিমিত্তে কোনো বন্দোৱস্ত নাই। সেই সকলে পচিমফালে বাঁহৰ বাহিৰত থিয় দি দি আছে। নহা হলেও বৰুৱা চৌধাৰীসকলৰ ওপৰত জগৰ লাগিহেতেন আৰু এতিয়া অহাতো এই লাঞ্ছনা। আমোদ প্ৰমোদৰ ভিতৰত বিহু নাচ, শেন মেলি ৰং চোৱা, মহযুঁজ, মুৰগীৰ যুঁজ, ঘোড়া দৌড়, হাতী দোঁড় ইত্যাদি। কামৰূপত