পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰ কাটলকে মাফ দিব লাগে। বৰফুকনে প্ৰজা সকলৰ কোনো কথালৈকে কাণ নাপাতি হুকুম দিলে যে মৰা শ কেইটা অঁতৰাই নিব লাগে। কামৰূপীয়া মানুহক তেওঁ কোনো প্ৰতিকাৰ দিব নোৱাঁৰে, কিয়নো দোষ সিহঁতৰেই। সিহঁত কেলেই মেলোৱা হাতীৰ আগত আছিল। বৰফুকনৰ এনেখন বিচাৰত কামৰূপীয়া অনেক বৰুৱা চৌধাৰীৰ খঙত চকু ৰঙা হৈ উঠিল। হৰদত চৌধাৰীয়ে একো একোবাৰ মৰোঁ জীওঁ সোঁ আধিকৈ গৰ্জ্জি উঠিব বিচাৰিছিল; কিন্তু কাষৰ বুঢ়া ভগীয়া দুজনমানে তেওঁক কোনোমতে থমাই ৰাখিছিল। এনেতে মাউতে হাতী দুটা বৰফুকন আগলৈ আনিলে। বৰফুকনে দেখিলে হাতী দুয়োটাৰ শুঁড় ঘা লাগি তেজেৰে ৰাঙ্গলী হৈছে। ঘাৰ পৰা বৰফুকনে অনুমান কৰিলে যে বাঁহৰ হেঙাৰ ভাঙোতে খোচ খালে। মাউত কলেঃ– দেউতা ঈশ্বৰ, এটা কামৰূপীয়া বৰ বাহুবলী ঢেকেৰিয়ে দীঘল বাঁহ এডাল টানি লৈ হাতী দুয়োটাকে কপালত খোচাত হে হাতী থামিছে; নহলে হাতীয়ে আজি আৰু মানুহ মাৰিলেহেতেন”। বৰফুকনে এই কথা শুনি খঙেৰে কলে:—কি! কামৰূপীয়া ঢেকেৰিৰ ইমান সাহ! সেইটো কোন ঢেকেৰিয়ে মোৰ হাতীৰ কপালত খুঁচিবলৈ সাহ কৰিলে। তাক ধৰি মোৰ আগলৈ আনিব লাগে। আহোম চাওডাঙ বিলাকে পিনাপিনি দি সেইজনক বিচাৰিলে; কিন্তু নাপালে, শৱ কঢ়িওৱা,