পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উঠিছিল। তিনিওটা হাতীকে ভাঙ খুৱাই বলীয়া কৰিলেই উঠানি কৰাই মেলাই দিলে। হাতী পূব পিনৰ পৰা পঁচিম ফাললৈ অৰ্থাৎ যি পিনে কামৰূপীয়া প্ৰজা আছিল সেই ফাললৈ মেলালে। বাঁহৰ গড় পাওঁ পাওঁ হওঁতেই বিষয়াজন উঠা হাতীটো থমোৱালে; কিন্তু বৰফুকনৰ পুত্ৰদ্বয়ে বাঁহৰ হেঙাৰ ভঙাই হাতী চলোৱালে। কামৰূপীয়া লৰা তিৰোতাৰ মাজত গৈ হাতী সোমাল। কামৰূপীয়া প্ৰজা ফৰিং ওফৰাদি যি সকলে পাৰিলে পলাল; যি সকলে নোৱাৰিলে হাতীৰ খুন্দাত কেৱে আহত, কেৱে মৃত হল। প্ৰায় দহ বাৰটা লৰা ছোৱালী মৰিল। দহ বাৰজনীমান তিৰোতা ঘাইল হল। বৰফুকনৰ পুত্ৰদ্বয়ে অনুতাপ কৰক চাৰি খেল খেলকৈ হাঁহিব ধৰিলে। কামৰূপীয়া সকলৰ মুৰত বজ্ৰ পৰাদি পৰিল। সকলোৱে হাঁয় হাঁয় কৰিব ধৰিলে। বৰুৱা চৌধাৰী সকলে হাতী থমোৱাবলৈ বৰফুকনক বৰকৈ কাবৌ-কোঁকালি কৰি চিঞৰিৱ ধৰিলে। বৰফুকনে যদিও দহ বাৰজন চাওদাঙ দৌড়াই পঠালে তথাপি তেওঁৰ পুত্ৰদ্বয়ে পৈশাচিক কাণ্ডটো কৰি এটাইহে হাতী ওলটাই আনিলে। কামৰূপীয়া প্ৰজাৰ ভিতৰত আৰ্ত্তৰাৱ উঠিল। আহত হৈ মৰা লৰা ছোৱালী বিলাকৰ ইষ্ট কুটুম্বে বৰফুকনৰ আগত প্ৰতিকাৰৰ অৰ্থে আঠু লই জনালে যে ইয়াৰ যি হয় বিহিত কৰিব লাগে। আন হলেও, যি সকলৰ লৰাছোৱালী হত হৈছে সেই সকলৰ