দন্দুৱা দ্ৰোহ/চতুৰ্থ অধ্যায়

[ ১৭ ]

চতুৰ্থ অধ্যায়।

———

পাঁড়ুৰ বাহৰ।
 এই অসম যে অকল সুসভ্য আছিল এনে নহয়, অসম স্বৰ্গ পুৰীও আছিল। আৰ্য্যৰ এটা শাখা অসমৰ পূব উত্তৰ কোণেদি মধ্য আচিয়াৰ পৰা আহিছিল। অসমৰ অন্তৰ্গত কাছাৰ হিড়িম্বৰ দেশ আছিল, —যি হিড়িম্বৰ ৰাজ কন্যাক ভীমে বিবাহ কৰাইছিল। এতিয়াও অসমৰ আৰু কাছাড় দেশৰ কছাৰী সকলে নিজক ভীমৰ বংশ বুলি কয়। মনিপুৰীয়া সকলে নিজক অৰ্জ্জুনৰ বংশ বুলি কয়। পাণ্ডবসকলে মহাপ্ৰস্থান এই অসম স্বৰ্গপুৰীয়ে দিয়েই কৰা অনুমান হয়। কামাখ্যা মাতৃৰ পাহাড়ৰ পচিমৰ নামনি ঠাইতে পাণ্ডুনাথ মহাদেৱৰ মন্দিৰ। প্ৰবাদ আছে যে [ ১৮ ]

পাণ্ডব সকলে মহাপ্ৰস্থানৰ সময়ত এই স্বৰ্গপুৰলৈ আহি পাণ্ডুনাথ বোলা ঠাই ডোখৰত জিৰাই সতাই ব্ৰহ্মপুত্ৰ পাৰ হৈ উত্তৰ কামৰূপেদি ভোটান পাহাড়ৰ মাজেদি হিমালয়লৈ যাত্ৰা কৰিছিল। পাণ্ডুনাথৰ মন্দিৰ থকা ঠাই ডোখৰ অতি মনোৰম। সমুখত গাতে ব্ৰহ্মপুত্ৰ। পূবে কামাখ্যাৰ পাহাড়, পশ্চিমে দক্ষিণে মুকলি। নইৰ পাৰত শিলৰ ওপৰত বহি একমনে একধানে ব্ৰহ্মপুত্ৰলৈ চাই থাকা— কত যে ভাব খেলিব।
            পাঠক! আপোনাসকলৰ অনেকেই ৰেলেৰে কামাখ্য মাতৃৰ পাহাড়ৰ কাষেদি অহা যোৱা কৰিছে, কিন্তু হয়তো আপোনাসকলৰ অনেকেই নাজানে পাণ্ডুৰ চকিনো ক’ত আছিল; পাঠক! মনত কৰক, এতিয়াও পশ্চিমৰ ফাললৈ গলে সোঁহাতে ভুবনেশ্বৰী আৰু কামাক্ষ্যালৈ যোৱা খটখটি। ৰেল আলিৰ বাওঁহাতে সেই খিনিতেই এডোখৰ গড়ৰ দৰে ওখ ঠাই আছে। ইফালে পাহাড় আৰু সিফালে গড় এই দুই ঠাইৰ মাজ ডোখৰেই আহোম সকলৰ পাণ্ডুৰ চকি আছিল। এই ওখ ঠাই ডোখৰতেই আহোম চকীয়ালৰ ঘৰ-দুৱাৰ আছিল। গড়ৰ দুয়ো পাৰদ পিতনি।
            এই গড় পাৰ হৈ নীলাচল বা কামাখ্যা পাহাড়ৰ দাতিয়ে দাতিয়ে উত্তৰ মুখে প্ৰায় এমাইলমান গই থাকিলেই সন্মুখে ব্ৰহ্মপুত্ৰৰ পাৰত সোঁহাতে কামাখ্যা পাহাড়ৰ নামনিতে

[ ১৯ ]

পাণ্ডুনাথৰ মন্দিৰ পাব। কামৰূপীয়াসকলে সেই কালত এই মন্দিৰৰ কাষতেই নইৰ পাৰত নিজ নিজ বাহৰ একোডোখৰ সাজি ৰাখিছিল। আৰু এই পাণ্ডুনাথৰ ঘটেদিয়েই পাৰ হৈ কেৱে চিলাৰ চকিৰে, কেৱে চেচামুখেৰে নিজ নিজ ঠাইৰ পৰা গুৱাহাটীলৈ অহা-যোৱা কৰিছিল। কামৰূপৰ বৰুৱা চোধাৰী সকলে এই বাহৰৰ কাষতে নিজ নিজ নাও ৰাখিছিল।
            দিনত গুৱাহাটী নগৰত এই ঘটনা হোৱাৰ পিছত গধূলি নৌ হওঁতেই কামৰূপীয়া চৌধাৰী বৰুৱা সকলোটিয়েই বুজৰ বৰুৱা দুজনক আগত লই এই পাণ্ডুৰ বাহৰলৈকে আহিল। সেই বাহৰলৈকে আহত হোৱা সকলোকে নিছিল। মৃত দেহ বাৰটা চকি পাৰ হৈ কামাখ্যাৰ দাতিৰ নামনিত আগেয়ে পুতি ছিল। গধূলি কামৰূপীয়া সকলো জনেই ভাত-পানী একো নাখাই চকুলো টুকি টুকি হা হুমুনিয়াহ কাঢ়ি পৰি থাকিল। পিছদিনা সকলোৱে ঘৰাঘৰি যোৱাৰ আগেয়ে খাই বই উঠি আলচ যুকুতি কৰিছিল।

————