পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মানুহৰ লগতে এই অচিনাকি বীৰ জনে নগৰ এৰি পাঁড়ুৰ চাকি পাৰ হৈ গইছিল।

 বৰফুকনৰ সভা ভাঙিল। কামৰূপীয়া বৰুৱা চৌধাৰী সকলে এনেকুৱা মহৎ অন্যায়ৰো সুবিচাৰ নোহোৱা দেখি মনৰ দুখে, খঙে বেজাৰে পাড়ুঁৰ বাহৰলৈ আহিল।

———


চতুৰ্থ অধ্যায়।

———

পাঁড়ুৰ বাহৰ।

 এই অসম যে অকল সুসভ্য আছিল এনে নহয়, অসম স্বৰ্গ পুৰীও আছিল। আৰ্য্যৰ এটা শাখা অসমৰ পূব উত্তৰ কোণেদি মধ্য আচিয়াৰ পৰা আহিছিল। অসমৰ অন্তৰ্গত কাছাৰ হিড়িম্বৰ দেশ আছিল, —যি হিড়িম্বৰ ৰাজ কন্যাক ভীমে বিবাহ কৰাইছিল। এতিয়াও অসমৰ আৰু কাছাড় দেশৰ কছাৰী সকলে নিজক ভীমৰ বংশ বুলি কয়। মনিপুৰীয়া সকলে নিজক অৰ্জ্জুনৰ বংশ বুলি কয়। পাণ্ডবসকলে মহাপ্ৰস্থান এই অসম স্বৰ্গপুৰীয়ে দিয়েই কৰা অনুমান হয়। কামাখ্যা মাতৃৰ পাহাড়ৰ পচিমৰ নামনি ঠাইতে পাণ্ডুনাথ মহাদেৱৰ মন্দিৰ। প্ৰবাদ আছে যে