দন্দুৱা দ্ৰোহ/দ্বিতীয় অধ্যায়


[  ] [ ১০ ] আছিল। তেতিয়া আজি কালিৰ দৰে পকি দালান নাছিল। গুৱাহাটীৰ ভিতৰত থকা মঠ মন্দিৰ বিলাকত বাজে সকলোৰে ঘৰ বিলাক খেৰৰ আছিল। আলি পদুলিও ইমান নাছিল। বৰ্ত্তমান উজান বজাৰৰ পথাৰৰে পৰা ভৰলুমুখলৈকে এই ঠাই ডোখৰ, যত আজি কালি বৰকছাৰি, গিৰ্জ্জা, স্কুলঘৰ আছে এই সমস্ত মুকলি আছিল। গুৱাহাটী নগৰৰ উত্তৰে ব্ৰহ্মপুত্ৰ। এই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে তিনি খেল অহমীয়া হিন্দু বিষয়াৰ বসতি আছিল। ৰুদ্ৰেশ্বৰ আৰু ৰংমহলতো আহোম আৰু অহমীয়া হিন্দুৰ বসতি আছিল। গুৱাহাটী নগৰৰ চাৰি দিশে চাৰিখান চকি আছিল। পুবে জয়দুৱাৰৰ চকি – বৰ্ত্তমানে মাটিত থকা সেই ৰাইফল ৰেঞ্জৰ গড়েই চকিৰ গড়। পশ্চিমে পাঁডুৰ চকি—যত আজিকালি কামাখ্যা ষ্টেছন হৈছে। উত্তৰে চিলাৰ চকি অৰ্থাৎ মোমাই-কটা গড় আৰু চিলা পাহাড়ৰ সঙ্গমস্থল। দক্ষিণে বেলতলাৰ চকি। এই চকি বিলাকত অলপ সৈন্য সামন্তেৰে সৈতে একোজন আহোম চকীয়াল আছিল। এই চাৰি চকি ৰখাৰ উদ্দেশ্য আছিল যাতে গুৱাহাটী নগৰ হঠাতে বাহিৰৰ কোনো শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰে। ৺বদনচন্দ্ৰ বৰফুকন হবৰ দিনৰে পৰা নিয়ম কৰিছিল যে গধূলি হলেই কোনো কামৰূপীয়া বা বিদেশী মানুহ নগৰৰ ভিতৰত থাকিব নোৱাৰে। ৰাজকাৰ্য্যত নগৰলৈ আহিলেও গধূলি হোৱাৰ [ ১১ ] আগেয়ে চাৰি চকিৰ বাহিৰ হৈ যাব লাগিব। ইয়াৰ কাৰণ আছিল এয়ে, যে বৰফুকনে নিজৰ আহোম আৰু অহমীয়া বিষয়া কেইজনত বাজে কামৰূপীয়া বা আন কোনো মানুহক বিশ্বাস নকৰিছিল। তেওঁ কামৰূপীয়া মানুহক ঘিণ কৰিছিল; আৰু সদায় লঘু-লাঞ্ছনা কৰাতো ত্ৰুটি নকৰিছিল। ইয়াৰ কাৰণ, তেওঁ নিজে দোষী আছিল। কামৰূপীয়া মানুহক তেওঁ সদায় লুটি-পুটি খাইছিল। কামৰূপীয়া মানুহেও যে মাজে সময়ে গুপুততে মানুহ পঠাই ৰজাঘৰত তেওঁৰ অন্যায় অত্যাচাৰৰ সংবাদ দিছিল, এই কথা তেওঁ জানিছিল। এই বিলাক কাৰণতে বিশেষকৈ বক্তমল বুজৰ বৰুৱা হবৰ দিনৰে পৰা তেওঁ কামৰূপীয়া মানুহৰ ওপৰত বেছিকৈ অন্যায় উৎপীড়ন কৰিছিল।

———