পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

খানকৈ ভাৰ অনাইছে। বৰুৱা সকলৰ লগত চৌধুৰী সকল, আৰু তেওঁলোকৰ লগত পিচদিনা সাতবিহুৰ ৰং ধেমালি চাবলৈ অনেক লৰা তিৰোতা আৰু ছোৱালীও আহিছে। বৰুৱা সকলে বৰফুকনৰ আগত ভাৰ থলে, ৰূপ-বান থলে। বুজৰ বৰুৱা দুজনে সাচিপাতৰ হিচাপ্‌ উলিয়াই বৰফুকনক কৰ-কাটল বুজাই দিলে। বৰফুকনে মাজে সময়ে সেই হিচাপত খুত ধৰি বৰুৱা সকলক “কটা ঢেকেৰি” বুলি আপ্যায়িত কৰিলে। দুই এজনক চকু পকাই তাতোকৈ প্ৰীতিসূচক বাক্যেৰ সম্ভাষণ কৰিলে। হৃদয়ত যাতনা অনুভব হলেও বৰুৱা সকলে কোনো উত্তৰ দিব নোৱাৰিলে। সমস্ত হিচাপ-কিতাপ দাখিল কৰি বৰুৱা সকল, বুজৰ বৰুৱা দুজনে সৈতে গধুলি হলত বৰফুকনত বিদায় মাগিলে। বৰফুকনে কলেঃ— হেৰ ঢেকেৰিহঁত! কাইলৈ তহঁত এটাইবিলাকেই মোৰ সাতবিহুৰ উৎসৱ চাবলৈ আহিবি। যেয়ে গপ কৰি নাহে তাৰে দণ্ড হ’ব ধুৰুপ জানিবি”। বৰুৱা সকলে “ভাল দেউতা ঈশ্বৰ! অহা হব” বুলি শলাগি গল। নিশা সকলোটা গই পাডুৰ বাহৰত ৰল।
 আজি বহাগৰ সাত বিহু। বতৰ সুন্দৰ ফৰকাল! কতো এফেৰাও মেঘৰ চিন নাই। বসন্তকাল এতিয়াও সম্পূৰ্ণে আছে। সংসাৰ জুৰি আজি আনন্দ। সমস্ত তৰু লতা ফুলিছে। ফুলৰ গোন্ধত বতাহ আনন্দিত হৈছে। পশু পক্ষীসকলে নানা ৰাৱ কাঢ়িছে। বিৰহী কুলিয়ে ৰই ৰ‌ই