পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আগেয়ে চাৰি চকিৰ বাহিৰ হৈ যাব লাগিব। ইয়াৰ কাৰণ আছিল এয়ে, যে বৰফুকনে নিজৰ আহোম আৰু অহমীয়া বিষয়া কেইজনত বাজে কামৰূপীয়া বা আন কোনো মানুহক বিশ্বাস নকৰিছিল। তেওঁ কামৰূপীয়া মানুহক ঘিণ কৰিছিল; আৰু সদায় লঘু-লাঞ্ছনা কৰাতো ত্ৰুটি নকৰিছিল। ইয়াৰ কাৰণ, তেওঁ নিজে দোষী আছিল। কামৰূপীয়া মানুহক তেওঁ সদায় লুটি-পুটি খাইছিল। কামৰূপীয়া মানুহেও যে মাজে সময়ে গুপুততে মানুহ পঠাই ৰজাঘৰত তেওঁৰ অন্যায় অত্যাচাৰৰ সংবাদ দিছিল, এই কথা তেওঁ জানিছিল। এই বিলাক কাৰণতে বিশেষকৈ বক্তমল বুজৰ বৰুৱা হবৰ দিনৰে পৰা তেওঁ কামৰূপীয়া মানুহৰ ওপৰত বেছিকৈ অন্যায় উৎপীড়ন কৰিছিল।

———


তৃতীয় অধ্যায়।
———
গুৱাহাটী নগৰত।

 আজি বহাগৰ ছয়বিহু। কামৰূপৰ দুয়োজন বুজৰ বৰুৱা, আৰু চৌধুৰী সকল ভাৰে ভেটীয়ে আহি বৰফুকনত কৰ সোধাইছে। একো একোজন বুজৰ বৰুৱাৰ তলত, আঠ দহ জনকৈ বৰুৱা। প্ৰত্যেকজন বৰুৱায়ে প্ৰায় এশ ছকুৰি