ৰেণু
[ ৩ ]
ৰেণু।
শ্ৰীসিংহদত্ত দেৱ অধিকাৰী প্ৰণীত
আৰু প্ৰকাশিত।
গুৱাহাটী৷
⸺0⸺
দ্বিতীয় তাঙ্গৰণ৷
কলিকতা,
৬নং কলেজ স্কোৱাৰ, সাম্য-প্ৰেছত
শ্ৰীউপেন্দ্ৰনাথ দাস দ্বাৰা মুদ্ৰিত৷
⸻
শাওণ, ১৩২৮
বেচ ৷৯০ অনা
সূচী
বিষয় | পিঠি | |
|
১ |
বিষয় | পিঠি | |
|
২৭ |
ৰেণু।
-
নিবেদন।
-*-
উদ্দেশ্য পাহৰি ৰলোঁ জীৱনৰ,
হলোঁ প্ৰভু, অধোগামী;
শকতি প্ৰাণৰ দিয়াহি পুনৰ,
হে কৰুণাময় স্বামী।
কুটিলতা কপটতা ঈষাণল
হৈছে আহি লগৰীয়া ;
বাঢ়ে কেনেকই গা মনৰ বল ?
হল আৰু নাইকিয়া।
মাগিছোঁ কাতৰে কৰুণা তোমাৰ,
হে প্রভু, দিয়া উপায় ;
তুমিয়েই মাথোঁ ঠাই ভৰষাৰ,
নহলে নিস্তাৰ নাই।
(২)
অতল বিশ্বাস প্রভু,
কেতিয়া তোমাত হব মােৰ?
কেতিয়া ভাবিম প্রভু.
সম্পদ বিপদমানে ঘোৰ ?
কেতিয়ানাে জাপ দিব
পাৰিম অতল সাগৰত,
তােমাৰ চৰণ চিন্তি
শঙ্কা লেশ নাৰাখি মনত?
শত্ৰুক আপােন বুলি
সাৱটিনাে ধৰিম কেতিয়া ?
দেখিছোঁ বেগাই আহে
প্রভু, মােৰ জীৱন-সন্ধিয়া।
উছৰ্গা।
⸺0⸺
কি দিম তোমাক মই?
কিনো আছে মোৰ এনে উপহাৰ
যি দিলে তোমাক হয়?
যি বুলিছোঁ মোৰ সকলো তোমাৰ,
তুমিহে গৰাকী তাৰ,
মায়া মোহ লই বিচাৰিছোঁ ক'ত
কিনো আছে আপোনাৰ;
আন্ধাৰ ই মোৰ হিয়া,
হে প্ৰভু, তোমাৰ চৰণ লগাই
আলোকিত কৰি দিয়া।
ৰতন-মন্দিৰ ভাৱোঁ সাজোঁ বুলি,
কিন্তু বৈভৱহীন,
মুঢ়, বুজিব নোৱাৰোঁ কি জানি
তাকো তুমি কৰা ঘিন।
তুমিতো নোহোৱা নৰ,
তোষামোদকাৰী দেখিলে তুমি যে
লভিবা সন্তোষ বৰ।
মই প্ৰভু,অতি দীন;
উছৰ্গিলোঁ মোৰ মন প্ৰাণকেই,
হ’ক তোমাতেই লীন।
তুমি৷
—●—
নীল আকাশত চন্দ্ৰমা তুমি,
মেঘত বিজুলী হাঁহি;
কাঁইটে আবৰা লতাত তুমি
ধুনীয়া কুসুম পাহি।
গৰলত তুমি অমৃত কণা,
গ্ৰীষ্মত মলয়ানিল;
শিলৰ মাজত নিজৰা তুমি,
মৰুৰ মাজত বিল।
তুমি বিৰহ অন্তত আনন্দ-অশ্ৰু,
দুখৰ অন্তত সুখ;
ব্যাধি যন্ত্ৰনাৰ অন্তত তুমি
মউ হাঁহি ভৰা মুখ।
হে সুন্দৰ, চিৰবাঞ্ছিত তুমি,
তোমাৰ পৰশ পাই
ধন্য মানিছে জীৱনে, আহিছে
সততে লাঞ্ছনা খাই।
গৌতম।
জৰা ব্যাধি মৃত্যু দেখি হে গৌতম, তুমি
দুখময় সংসাৰ ভাবিলা;
ৰাজ্য ধন পুত্ৰ ভাৰ্য্যা বিলাস বাসনা
অনায়াসে সকলো এৰিলা৷
জীৱৰ মুক্তিৰ পথ উলিয়াবলই
কৰিলা প্ৰতিজ্ঞা তুমি ঘোৰ,
“কৰ্ত্তব্য সাধন যদি নহয় নিশ্চয়
হব এই জীৱনৰ ওৰ।”
প্ৰকৃতিৰ ৰম্য ঠাই নিজন কানন
কৰি ললা তোমাৰ আশ্ৰয়;
ৰদ বৰষুণ শীতে তোমাৰ আগত
কৰিলে স্বীকাৰ পৰাজয়।
সাধনাত সিন্ধি পালা, সফল কৰিলা,
হে গৌতম, মানব জীৱন;
দেশ বিদেশৰ পৰা কোটি নৰ নাৰী
বন্দিলেহি তোমাৰ চৰণ৷
জীৱৰ মুক্তিৰ হেতু বিমল উপায়
কৰিলা প্ৰচাৰ জগতত;
অক্ষয় কীৰিতি-স্তম্ভ, হে দেৱ তোমাৰ,
চিৰদিন ৰল মৰতত।
জয়মতী।
জগতক দেখুৱাব সতীৰ মহিমা,
জয়মতী, জনম তোমাৰ;
তুমি ৰাখি থোৱা কীৰ্ত্তি স্তম্ভৰ লগত
মানি লব সময়েও হাৰ।
কোবত চিঙিলে পিঠি, লৰা অত্যাচাৰী,
শিয়ঁৰে গা শুনিলেও হায়!
তথাপি নিদিলা তুমি স্বামীৰ সন্ধান,
সলা তুমি সকলো বিলাই।
হাততেই সাৰিবৰ উপায় লভিও
নিজে তুমি আঁতৰাই দিলা;
স্বামীৰ কাৰণে সতি, অকাতৰে তুমি
জীৱনৰ মায়াকে এৰিলা।
বাসন্তী পুৱা৷
⸺0⸺
নিৰ্ম্মল নীল গগন,
কুলি কুউ কুউ গায়;
স্নিগ্ধ মধু সমীৰণ
ধীৰে ধীৰে বই যায়।
কুলু কুলু সুৰ তুলি
চলিছে ৰূপহী নই,
সিন্ধুত মিলিব বুলি
বুকত আশাটি লই৷
পৰি হেম-ৰবি আভা
হিমকণা-ওপৰত,
দিছে মনোহৰ শোভা
শ্যামল তৃণদলত।
ৰূপহী কুসুম কলি
ৰঙ্গতে মেলিছে পাহি
পৰিমল লোভী অলি
সাৱটি ধৰিছে আহি
সন্ধিয়া।
——⸺——
সন্ধিয়াৰ ৰঙ্গা বেলি ধীৰে ধীৰে গই
পচিমাকাশত ডুবি গল;
পেপটি মুখত লই গৰখীয়া লৰা
গৰু স'তে ঘৰমুৱা হল।
ফুলোঁ ফুলোঁ গোলাপৰ ধুনীয়া কলিটি
মলয়াৰ ধাৰ ছাটি পাই
ৰঙ্গতে বিভোল দেহি, নাচিব ধৰিলে
নিজৰ জেউতি নিজে চাই।
মৃণাল ভূঞ্জিব এৰি ৰাজহাঁহ জাক
দিহা-দিহি গল এৰি বিল;
ফিৰিলে ঘাটৰ পৰা বোৱাৰী জীয়ৰী,
সন্ধিয়াৰ চাকিটি জ্বলিল।
হাটৰুৱা বাটৰুৱা চাপিলেহি ঘৰ,
সোৱালীৰ বলিল সুবাস;
পূব আকাশৰ পৰা কলা ঢাকনীয়ে
দেখুৱালে নিশাৰ আভাস।
লুইতৰ পাৰে পাৰে নাৱৰীয়াবোৰে
ধীৰে ধীৰে বান্ধিলেহি নাও;
গাৱঁৰ দৌলৰ পৰা দবা শাঙ্খধ্বনি
বিয়পিলে সন্ধিয়াৰ বাও।
জীৱন।
—⸺—
চপল বিজুলী সম
ই জীবন যৌবন আমাৰ ,
খন্তেকৰ হেতু মাথোঁ
আমাৰ ই দৰ্প অহঙ্কাৰ।
ক’তা আজি দুৰ্য্যোধন?
ক’তা স্বৰ্ণ লঙ্কাৰ ৰাৱন?
কোটী নৰনাৰী যোনে
তৃণ সম কৰিলে শাসন।
নাট্যমঞ্চ ই সংসাৰ,
আমি মাথোঁ অভিনেতা তাৰ;
সাৱধানে অভিনয়
কৰোঁ আহা অংশ যিটি যাৰ।
শুকালেও গোলাপৰ
স্মৃতি থাকে বাস মধুময;
আমাৰো অন্তিম যেন
ঠিক হেৰা তাৰে দৰে হয়।
জীৱন-সঙ্গীত।
( Armstrong )
কোমল গোলাপ-পাহি নাই ক’তো এনে,
চুমা খালে নাযাই শুকাই,
ডুবি গলে সুৰুষৰ হেঙুলী গৌৰৱ
কুবঁলীত সততে লুকাই।
নাই এনে গীত, যাৰ আনন্দ সুৰৰ
হুমুনিয়াটিত শেষ নাই,
প্ৰেমত সততে আছে নিফুট মাতৰ
প্ৰতিধ্বনি, বিদায়, বিদায়।
নাচনি সুনীল সিন্ধু নাই এনে, য'ত
চিৰকাল শোৱে ধুমুহাই;
প্ৰেমৰে উপাসা কৰি যদিওবা আছোঁ,
মৰণত কান্দোন সদায়।
বৰষ গলেই বৰ্ষ, মাধৱী দিনৰো
পাছে পাছে ছাঁটি আহি পাই ,
জীৱনৰ যুগমীয়া কিবানো বুলিবা?
-- চকুলোৰ বিনে একো নাই।
উদগনি।
———⸺———
জয় পৰাজয় লই কিয় বন্ধু,
চিন্তাযুক্ত মন?
আছে লগা সংসাৰত সকলোৰে
উত্থান পতন।
উঠে আৰু পৰে তেও শিশুটিয়ে
নামানেতো হাৰ;
নতুন উলাহে উঠা কাচি পাৰি,
শক্তি আছে গাৰ।
যতনত সিদ্ধিলাভ নহক তোমাৰ
নাই কোনো দোষ৷
নিয়তিয়ে যি আনিব তাকে লৈ
লভিবা সন্তোষ৷
নহবা উদ্যমহীন, লভা জয়
কিম্বা পৰাজয়;
মৃত্যু আহে লবা বৰি আনন্দেৰে
কি ভয়, কি ভয়?
শেষ সময়ত।
———০———
চাপাহি ওচৰ হেৰা, ধীৰে ধীৰে অতি ধীৰে ধীৰে,
কোনো শবদেই যেন নপশে কাণত আহি তাৰ;
কি বেচিলে কি কিনিলে অতদিনে সংসাৰ-হাটত
শেষ মূহুৰ্ত্তত আজি লইছে সি তাৰেই বিচাৰ।
দেখোঁ মুখ খনি তাৰ মাজে মাজে ঢাকেহি ডাৱৰে,
মাজে মাজে দেখা পাওঁ আনন্দৰ জেউতি আৱৰা;
সিহে মাথোঁ বুজি পাই সুখৰ কি বেজাৰৰ দিন,
এৰিব সি আজি বন্ধু, বিচিত্ৰতা ময় এই ধৰা।
সৰল মনেৰে আজি দিয়া আশীৰ্ব্বাদ, যেন হয়
শান্তিৰ কোলাত বন্ধু, ঠাই তাৰ চিৰকাললই।
ভণ্ড সাধু
—০—
যি হাঁহিটি হাঁহি তুমি খুজিছা দেখাব
অন্তৰ তোমাৰ হেৰা, নিচেই সৰল,
সেই হাঁহিটিয়ে হলে কৰিছে প্ৰকাশ
যতনেৰে সাঁচি তুমি থোৱা হলাহল৷
মন্থৰ গমন, সুগম্ভীৰ মাত লই
খুজিছা বোলাব তুমি মস্ত মহাজন;
নিশ্চয় সি কণা যোনে নিচিনে তোমাক
দেখিলে তোমাৰ দুটি চঞ্চল নয়ন৷
থাকিলেই চন্দনৰ ফোট কিনো হব?
এনে উজু নহয় থগোৱা সংসাৰক;
সকলোৱে চিনিছে তোমাক ভালকই,
নিজেই মাথোন তুমি থগিছা নিজক৷
সোৱৰণি৷
—০—
সৰগত ফুলিছিল পাৰিজাত ফুল
কিবা ৰূপে তাৰে এটি সৰি
বিলালে সৌৰভ কত মানুহৰ ৰূপে
দুদিনতে মৰতত পৰি৷
কাল বতাহৰ হেচা নোৱাৰিলে সব,
দুদিনতে জয় পৰি গ’ল;
বাটৰ কাষৰ এই বটগছ জুপি মাথো
সোৱৰণি চিন ৰূপে ৰ’ল৷
কতনো যতন কৰি পুলিটি সি ৰুলে,
বঢ়ালে কতনো আদৰত,
কটালে আশ্ৰয়হীন কতনো পথিকে
কত নিশা ইয়াৰে তলত৷
খন্তেক জিৰাই যোৱা হেৰা বাটৰুৱা
ইয়াতেই তুমিও এবাৰ ,
এটোপা চকুলো দিয়া তাৰ হন্তে, হায়
দুদিনতে এৰিলে সংসাৰ৷
মিলন।
( Shelley )
ধৰিছে নিজৰা গই তটিনীৰ লগ ,
তটিনী মিলিছে সাগৰত,
আকাশী মলযাবোৰে চিৰকাললৈ
মিলে কিবা মউ আবেগত
সংসাৰত নাই একো অকলশৰীয়া
কিবা এটি বিধানে স্বৰ্গীয়
মিলাইছে ইটিসিটি, নিমিলিম মই
তোমাৰেই স’তে তেনে কিয়?
পৰ্ব্বতে চুমিছে চোৱা ওখ আকাশক,
সাৱটিছে ঢৌৱে ঢউ পাই
নাপায় কোনেও ভাল ফুল পাহিটিক
ভনীটিক যিটিয়ে ঘিনাই৷
আলিঙ্গিছে পৃথিৱীক বেলিৰ কিৰণে
জোনাকে চুমিছে সাগৰক,
ইবোৰ চুমাৰ তেন্তে কি মোল, যদিবা
তুমি চুমা নোখোৱাহে মোক?
মেঘৰ প্ৰতি বিৰহী যক্ষ৷
শুভ সম্ভাষণ মোৰ নৱ জলধৰ।
প্ৰিয়া-বিৰহ কাতৰ কুবেৰানুচৰ
যক্ষ মই। হায় কিনো দুঃসহ বেদনা।
বন্ধু তুমি, সাধু তুমি, তোমাৰ কৰুণা
মাগিছোঁহো সকাতৰে। বিৰহিণী প্ৰিয়া
মোৰ আছে অলকাত; যদি আনি দিয়া
কুশল বাৰতা? হায়! প্ৰিয়া অশ্ৰুজল—
পূৰ্ণ কিবা অলকাৰ মণি হৰ্ম্ম্যতল।
কৃষ্ণপক্ষ জোন দৰে প্ৰিয়া কিবা মোৰ
জহিব লাগিছে ক্ৰমে! ই বিৰহ ঘোৰ
কিৰূপে সহিব হায়! খন্তেক আঁতৰে
ভূলুষ্ঠিতা প্ৰিয়া মোৰ বিৰহ কাতৰে;
সুদীৰ্ঘ বৰষ এক এই অদৰ্শন
কিমতে সহিব হায়! তুমি মহাজন
পৰহিত-ব্ৰতধাৰী; তৱ অনুগ্ৰহ
মগিছোঁহে সকাতৰে; যাতনা দুঃসহ।
যক্ষ-ৰাজ গৃহৰ উত্তৰ ফালে চাবা
হে জলদ, মমালয়; দেখা তুমি পাবা
নিলগৰ পৰা হেৰা অতি বিতোপন
মনমোহা ইন্দ্ৰ-ধনু সদৃশ তোৰণ
ফুলনিত কৰ-লভ্য ফুলৰ ভৰত
তৰুণ মন্দাৰ জুপি চাবা অৱনত
বহুযতনেৰে তাক বঢ়ালে প্ৰিয়াই,
সেয়ে তাক পোষ্য সুত যেন ভাল পায়।
তাতে তুমি হে জলদ, দেখা পাবা আৰু
হেম-কমলেৰে পূৰ্ণ সৰোবৰ ঢাৰু৷।
স্ফটিক উজ্জ্বল তাৰ পানীত সদায়
কেলি কৰে হংসবোৰে; দেখিবা নাযায়
কেতিয়াও হে জলদ, ভয়ত সিহঁত
উৰি কোনো ফালে দেখি তোমাক কাষত
এপাৰত আছে তাৰ দেখিবা শিখৰ
ইন্দ্ৰনীল মণিৰে ৰচিত মনোহৰ।
চাৰিও কাষত তাৰে সুৱৰ্ণ-কদলী
মেঘৰ মাজত যেন শোভিছে বিজুলী
অশোক বকুল দুই জুপি তাতে কুৰুবকে বেৰা
মাধবী-মণ্ডপ ওচৰত,
মাজত সোণৰ দাড়, পৰে মৰা ওপৰত তাৰ
আনন্দত সন্ধিয়া পৰত।
প্ৰিয়াই হাতৰ তালে তালে নচুৱালে উঠে বাজি
ৰুণু ৰুণুকই বালাজুৰি ,
স্মৰিলে সিসব কথা প্ৰাণত দাৰুণ বেথা পাও,
হায়! কেতিযা বছৰ আহে ঘূৰি?
⸺০⸺
বিৰহত।
⸺০⸺
সখি! অন্ত বসন্ত, ক’তা সি নিঠুৰ
নাহিলেতো হেৰা আৰু।
দেখিম ইবাৰ কোনে হেৰা মোক
কলঙ্কিণী কয় বাৰু!
আৰু কি এৰিম লাজ মান সখি?
এৰি দিম গৃহকাম?
আৰু নেকি ছি ছি, ঘৰ এৰি হেৰা,
লম কলঙ্কিণী নাম?
ঘাটলই গই পানী অনা মাথোঁ
ছলহে, নহয় কাজ;
সখি, চাবা তুমি বাৰু আজিৰে পৰাই
ঘৰৰে নোলাও বাজ৷
আগৰ দৰেই কদম-তলত
যেতিয়া তেতিয়া আহি,
ভাবিছে কৰিব চিত উত্ৰাৱল
আৰু কি বজাই বাহী?
মিলনত
⸺০⸺
বাঁহীৰ মাতটি শুনিযে আহিলোঁ
লাজ মান পৰিহৰি,
সেযেনেকি তুমি হে নিষ্ঠুৰ শ্যাম,
গ’লা এলে দৰে এৰি?
শুকাল কতনো চাকি মালতীৰ,
মিছাতে মাথোঁ গাথিলোঁ;
নাভাবি নুগুনি আগতে তোমাক
মিছাতে হিয়া সপিলো॥
গুছি যোৱা তুমি, নোখোজোঁ তোমাৰ
ই কপট ভাল পোৱা;
নাহিবা দুনাই মিছাতে হে শ্যাম,
যোৱা তুমি গুচি যোৱা।
পাণী নিবলই আহিছো, নহয়
বাঁহীৰৱ শ্যাম, শুনি,
যি কৰিব লাগে হে নিষ্ঠুৰ, ঠিক
কৰিছো মনতে গুনি।
জানোঁ ভালকই হে নিষ্ঠুৰ শ্যাম,
শিলেৰে হিয়া বান্ধিছা;
কোনেনো মাতিছে তোমাক? মিছাতে
কিয় আহি দেখা দিছা?
⸺০⸺
প্ৰিয়তমলৈ।
——⸺——
তুমি ফুৰা ঘূৰি মোক দেখা পাবলই,
মই থাকোঁ আঁতৰে আঁতৰে
চাইছোঁ তোমাক হলে লুকাই লুকাই
কতবাৰ হেৰা, একেথৰে।
নিতউ পুৱাতে মালা গাথোঁ মালতীৰ
তোমালৈয়ে, পৰা হলে নাই
দিবলই এধাৰিকে আজিলই, যায়
মাথোঁ হায়! লেৰেলি শুকাই।
লাজে ধৰে আগুচি তোমাক পালে লগ,
আঁতৰতে হেৰা, মই ৰম;
চকুতে তাহানি দেখোঁ বুজিলা সকলো,
আৰুনো কি কথা বাৰু কম?
বিদায় কালত।
⸺০⸺
বিদায় কালত মনত পৰে এতিয়াও মোৰ,
কথা তোমাৰ ক্ৰমে ভাঙি যোৱা;
আচম্বিতে তপত তোমাৰ চকুলো দুধাৰি
গোলাপী দুই গালেৰে সোত লোৱা৷
কেনেবাকৈ চাইছিলা মোৰ চকুৰ ফালে তুমি
এবাৰ মাথোন চকু দুটি তুলি;
বেথা-কাতৰ দৃষ্টি তোমাৰ বিজুলি চমকে
কৈছিলে মোক হিয়াৰ কথা খুলি।
কোমল দুটি ওঁঠত তোমাৰ ৰঙা ৰহন সনা
বিদায কালত থলোঁ যিটি চিন ,
অদৃশ্য সি আনৰ চকুত, ভাবিছোঁ মই হলে
আজওি সি নাই যোবা হই লীন।
পদুমী।
— ০ —
(Lyte)
আচিলে উজ্জল নম্ৰ তাই
দেখিছিলোঁ শৈশৱাৱস্থাত;
হিমকণা বসন্ত কালৰ
কিম্বা যেন প্ৰথম প্ৰভাত৷
ওৰে দিন খেলাৰ সঙ্গিনী
’দেইজি’ ‘হেয়াৰবেল’ ফুল;
প্ৰফুল্ল, সৰলতাত তাই
ঠিক সিহঁতৰে সমতুল।
(২)
ধুনীয়া ওঠৰ বছৰীয়া,
দেখিছিলোঁ পুনৰায় মই;
নতুন উজ্জল, পৰিপাটি
অন্তৰে বাহিৰে তাই লই।
কথাখিনি তেনেয়ে সঙ্গীত,
ৰূপ যেন জোনৰ পোহৰ;
বহুতৰ হিংসাৰ কাৰণ,
গৌৰৱ মাথোন এজনৰ।
(৩)
গতিবিধি তাইৰে চাওঁতে
বহুতো বছৰ উৰি গল;
কলিটি কুসুম হল গই,
কুসুমটি হলগই ফল
মহীয়সী জননী এজনী,
শিশু এটি জনমালে তাই;
ভাবিলোঁ ধুনীয়া তাই তেনে
কেতিয়াও আগে হোৱা নাই।
(৪)
আকৌ এবাৰ দেখিছিলোঁ,
যিদিনা তাইৰ মৃত্যু হল,
আবৰিলে স্বৰ্গীয় পোহৰে,
ভগবান ওচৰত ৰল।
অনাতন নাই দুখ দিযে,
ভয় নাই ত্ৰাস দিবলই;
তেতিয়াহে বুজি পালোঁ, তাই
ৰূপৱতী সকলোতেকই
মালতী।
———
ৰতন পুৰীয়া বৰুৱা দুঘৰ,
মহীধৰ হলিৰাম;
ধনে যশে মানে অঞ্চল খনতে
দুঘৰৰে বৰ নাম।
মহীৰ আছিল একেটি ছোৱালী
মালতী আইটি বুলি
হলিৰ আশাৰ গছত আছিল
প্ৰফুল্ল বোপাটি ফুলি।
প্ৰফুল্ল মালতী একেটি আতমা,
ছাঁ দুটিৰ মাথোঁ লৰ;
সৰুৰে পৰাই উমলি-জামলি
একেলগে হল বৰ।
দুই বৰুৱাণী উলিয়ালে মেল,
“দুটি দুজনীৰে ধন;
উপযুক্ত হল সময় এতিয়া
পতা যক বিয়াখন।”
এতিয়া নহয় সি মালতী আৰু
ফুল ফুল বুলি মতা;
এতিয়া নহয় সি প্ৰফুল্ল আৰু
ধূলিৰে ধেমালি পতা।
এতিয়া মালতী ‘ফু’টি বুলিলে
‘ল’ আৰু ওলাই নাহে
চকু দুটি যায় তল ফাললই,
মুখ ৰঙা পৰি আহে।
বিয়ালই আৰু এটি মাহ মাথো,
সাজ পাৰ ঠিক ঠাক,
দুই বৰুৱাৰ লাগিল কন্দল
বিধিৰ বিষম পাক
গাৱঁতে এদিন দুজন মানুহে
কৰিছিল মৰামৰি,
সমজুবা বহি নাম ঘৰলই
দুজনকে আনি ধৰি।
পাতিছিলে মেল, হলিয়ে দিছিলে
দোষ যিজনৰ গাত,
দোষী সি নহয় ভাবি ওপৰতে
দিছিলে মহীয়ে মাত
নিজ নিজ মত সমৰ্থন লই
তৰ্ক উঠিছিল বৰ;
কালৰ কুটিল গতিযে এখনি
ভাঙিলে নতুন ঘৰ।
ডেকা ধনীৰাম মৰোৱা গাৱঁৰ
পটৰী ঘৰৰ লৰা;
প্ৰফুল্লক ভাঙি পাতিলে মহীয়ে
তাকে মালতীৰ দৰা।
পুখুৰী পাৰত অকলে প্ৰফুল্ল
আছিল বৰশী বাই,
হঠাতে মালতী ওলাল এদিন,
লাজৰ ভাবটি নাই।
চকুত আছিল চকুলো দোটোপা
বব কি নববকই;
নাচিছিলে ধীৰ মলয় সমীৰ
ক’লা চুলিকোছা লই।
‘এয়ে শেষ’—আৰু নুফুটিল মাত,
ছিগিল বীণৰ তাঁৰ,
হৰিণীৰ যেন চকুজুৰি দিলে
দুধাৰি মুকুতা-হাৰ।
“মালতী, মালতী, চেনেহৰ ধন,
কি শেষ কৰিলা আজি?
অভাগাৰ হিয়া– আকাশত আৰু
নৰবা কি তুমি ৰাজি?
ধিয়ানে গিয়ানে সপিছোঁ তোমাক
ই মোৰ সৰল হিয়া,
সেয়ে নেকি হেৰা, তুমি আজি মোক
এই প্ৰতিফল দিয়া?
কি কম তোমাক? বাঞ্ছা যদি সেয়ে,
কৰা সকলোৰে ওৰ;
কি বুজাম আৰু? কি বুজিবা তুমি
হিয়াৰ যাতনা মোৰ।”
ঠমকি ঠমকি ফিৰিলে মালতী,
প্ৰফুল্ল তাতেই ৰল;
সন্ধিয়াৰ বেলি পচিমাকাশত
ধীৰে ধীৰে বুৰি গল।
নাহিবি দুনাই সিদিনাৰ নিশা,
অতি ভয়লগা হই ,
নিঠুৰ হাতেৰে গলি দুটিকেই
অকালতে ছিঙি লই।
গজিছিল এটি জুপি পাৰিজাত,
ধৰিছিল দুটি কলি
কি কৰিলে তোৰ? কিয় তই হেৰ
তাকে সব নোৱাৰিলি?
মালতী, মালতী , সংসাৰ নহয়
তোমাৰ আচল ঠাই,
ফুলৰ লগত ৰোবাঁ স্বৰগত,
কাৰো হাত 'তাত নাই।
ঠুনুকী।
গাৰোৰ জীয়ৰী গাভৰু ঠুনুকী,
মাকৰ চকুৰ মণি
দেখনে শুৱনে গাৰো পাহাৰত
নাছিল তেনে দুজনী।
খেলাত ছোৱালী ঘৰুৱা কামত
হাৰ মানে বয়সীয়া
স্বভাব চৰিত্ৰে তেনে নিৰমল
টান দ্বিতীয়টি পোবা।
হেৰালে আজলী সৰুতে বাপেক,
ককায়েক, দুটি ভাই,
মাকটী নহলে সংসাৰত আৰু
অপোন বুলিব নাই।
আধফুটা হই তথাপি আছিল
নিলগে নিলগে এটি,
চুবুৰিতে থকা তুফাং গাৰোৰ
আদৰুৱা ডেকা লেটি।
লোণ ডালি তেল শুকান মঙ্গহ
কেতিয়াবা লগা হলে,
কচু জলকীয়া বোজা বান্ধি লই
হাটলৈ সলাব গলে।
ঠুনুকীৰ লগ নেৰিছিলে লেটি
ভাবি জানো দুখ পায়
বোজা বেচি হলে আজলী ঠুনুকী,
আৰু কোনে পতিয়ায়৷
দুখু টুৰা মান মাছৰ লগত
ৰাতিয়েই পুৰি থোৱা,
কৰকৰা ভাত যি অলপ পায়
কাপোৰত বান্ধি লোৱা।
লাগিলেই ভোক, গছৰ তলত
উলিয়াই দুযো লই
খাইছিল বহি মনৰ সুখত
কত কথা কই কই।--
“ঠুনুকী, ঠুনুকী, অতি আদৰৰ
অতি হেপাহৰ ধন,
তুমি অবিহনে প্ৰাণৰ ঠুনুকী,
লোকালয় ভাবোঁ বন।
ঠুনুকী, তোমাক নেদেখিলে মই
দিনতে আঁন্ধাৰ দেখোঁ,
এফেৰি আঁতৰি থাকিলে ঠুনুকী,
যুগ যেন পল লেখোঁ।
কবানে ঠুনুকী, কবানে এবাৰ,
আশাৰ প্ৰতিমা মোৰ
কেতিয়াবা হেৰা, পৰিবনে বাৰু
মোৰ ই চিন্তাৰ ওৰ?”
কত কথা এনে সুধিছে লেটিয়ে,
ঠুনুকী উত্তৰ হীণা,
কিয়বা ছিঙিব খোজে তাঁৰ হায়?
বাজিব খুজিলে বীণা।
মুকুতাৰ দৰে মাজতে ওলোৱা
দুটোপা চকুৰ পানী,
কি বুজাব দুটি হুমুনীয়া লই
হিয়াৰ যাতনা আনি।
এনেতে এদিন মাকে ঠুনুকীক,
পুৱাই থাকোতে জুই,
কলে “আই ঠুনু, চাপিলেহি মোৰ
ওচৰ পৰিব শুই৷
নোশোৱাতে মই যদি আই তোৰ
দেখিলোঁহেতেন জোৰ,
মনৰ সুখত শেষ কাল আই,
কটালোঁহেঁতেন মোৰ।”
কোঁচ-মোচ খাই ঠুনুৱে উত্তৰ
লগালে, “যদিহে আই
বেজাৰ নোপাবা কওঁ কথা এটি,
দোষ হলে মোত নাই।
কবকে নোৱাৰোঁ, লেটিক দেখিলে
কিয আই মোৰ মন,
অতি আনন্দত অতি উলাহত
নাচি উঠে ঘনে ঘন
ওচৰতে পালে লেটিক, পাহৰোঁ
সকলো যন্ত্ৰণা দুখ,
দিয়া আই, মোক দিয়া আশীৰ্ব্বাদ
লভো যেন সঙ্গ সুখ।’’
জীয়েকৰ কথা শুনি মাকে কলে
হুমুনিয়া কাঢ়ি এটি,
“মোৰ মূৰ খাৱ এৰ সুখ আই,
দুখীয়াৰ লৰা লেটি।
শুন আৰু ঠুনু এদিনৰ কথা
বুঢ়াই মাৰিলে বৰা,
নাজানো তুফাঙ্গে কেতিয়াবা হেনো
কৰি থইছিলে খোৰা৷
মিছা কথা কই মিছা মেল পাতি
ফাকি দি বৰাটো নিলে,
ৰং ধেমালিৰে হাঁহি খালে আই,
এটুকুৰা যদি দিলে।
কৈছিলে তেতিয়া বুঢ়াই আমাৰ
মনৰ দুখত আই,
কেতিযানো তেওঁ পাব এটি দিন
প্ৰতিশোধ লব হায়!
মনৰ হেপাহ মনতে থাকিল,
বুঢ়া গল আই মৰি,
তই ঠুনু মোৰ অতি আদৰৰ
নহনে তাৰে জীয়ৰী?
মোৰে মূৰ খাৱ এৰ ইটো ভাব
কথা ৰাখ তই আই,
চহকী ঘৰৰ কত ডেকা লৰা
আছে তোৰ ফালে চাই৷”
মনৰ যাতনা মনতে লুকাই
নামাতি ঠুনুকী ৰল,
দুটি মাহ পাৰ নহওঁতে হায়!
মাকো এৰি গুছি গ’ল৷
আহিল চহকী ডেকা কত পাব
ঠুনুকীক আশা লই,
কি ভাবে আছিল ওচৰতে লেটি
বহি তলমূৰ কই৷
চেনেহৰ চকু পৰে কাৰ ফালে
আছিল আটায়ে ভাবি,
এনেতে লগালে ঠুনুকীয়ে মাত,
“এই যে দেখিয়া হাবি,
তাকেই কৰিম পূজা হেৰা মই,
সেযে স্বামী হব মোৰ,
পৰোঁ যদি হেৰা বন্ধু কৰি লম
বনবাসী জন্তুবোৰ৷
হাবিৰ চৰায়ে হিয়া খুলি গালে
অমিয়া সুৰত গীত,
জ্বলিলে পৰাণ কান পাতি হেৰা,
কৰি লম হৰষতি।
তোলা মূৰ লেটী, চোৱা এটিবাৰ,
ঠুনুকী অভাগী অতি ,
পাহৰা সকলো অতীতৰ কথা
ফিৰোৱা তোমাৰ মতি৷
থাকা তুমি সুখে বাঞ্ছা এই মোৰ,
আৰু কোনো আশা নাই,
আইৰ আদেশ পেলাও কিমতে
নিঠুৰ বিধাতা হায!
কপালত যাৰ যিটি লিখা আছে
খণ্ডাব কোনেনো পাৰে?
নদীৰ সোঁতক থমাব খুজিলে
ভীম পৰাক্ৰমো হাৰে৷
নাপাবা বেজাৰ তুমি লেটী, মোৰ
চিৰ চেনেহৰ ধন;
তুমি অবিহনে ভাবানেকি মোৰ
শান্তিত থাকিব মন?
গাৰো পাহাৰত বিচাৰিলে পাবা
গাভৰু কত ধুনীয়া,
শেষ অনুৰোধ লেটী মোৰ এই,
তাৰে এটী বাছি লোৱা।”
কথাও ঢুকাল বিজুলীৰ বেগে
ঠুনুও অদৃশ্য হল,
গাভৰু সমাজে গাবলই মাথোঁ
গীত এটী পৰি ৰল।
তাহানিৰ দৰে গাৰো পাহাৰত
আজিও ম’ৰাই নাচে,
তাহানিৰ দৰে গছ-গছনিক
বসন্তে ৰহণ যাচে;
তাহানিৰ দৰে ইফালে সিফালে
ফুলে বননিৰ ফুল,
তাহানিৰ দৰে আন্ধাৰ পোহৰ
তৰাৰ শুৱনী থুল,
তাহানিৰ দৰে ডেকা গাভৰুৱে
আজিও হাটলৈ যায়,
তাহানিৰ দৰে ভোক লাগিলেই
কৰ্কৰা ভাতকেই খায়;
তাহানিৰ দৰে বাঘ বৰা পহু
ইফালে সিফালে ফুৰে,
তাহানিৰ দৰে গাৰোৰ ডেকাই
ধেনু কাঁড় লই ঘূৰে ,
তাহানিৰ দৰে নিজৰা ৰূপহী
ঘূৰে সুখ গীত গাই,
ঠুনুকী লেটীৰ দেখাদেখি আৰু
নহল নহল হায়।
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )