তুমি৷
—●—
নীল আকাশত চন্দ্ৰমা তুমি, মেঘত বিজুলী হাঁহি; কাঁইটে আবৰা লতাত তুমি ধুনীয়া কুসুম পাহি।
গৰলত তুমি অমৃত কণা, গ্ৰীষ্মত মলয়ানিল; শিলৰ মাজত নিজৰা তুমি, মৰুৰ মাজত বিল।
৬