এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰেণু

পুখুৰী পাৰত  অকলে প্ৰফুল্ল
 আছিল বৰশী বাই,
হঠাতে মালতী  ওলাল এদিন,
 লাজৰ ভাবটি নাই।

 

চকুত আছিল চকুলো দোটোপা
 বব কি নববকই;
নাচিছিলে ধীৰ মলয় সমীৰ
 ক’লা চুলিকোছা লই।

 

‘এয়ে শেষ’—আৰু  নুফুটিল মাত,
 ছিগিল বীণৰ তাঁৰ,
হৰিণীৰ যেন চকুজুৰি দিলে
 দুধাৰি মুকুতা-হাৰ।

৪৩