মিলনত
⸺০⸺
বাঁহীৰ মাতটি শুনিযে আহিলোঁ লাজ মান পৰিহৰি, সেযেনেকি তুমি হে নিষ্ঠুৰ শ্যাম, গ’লা এলে দৰে এৰি? শুকাল কতনো চাকি মালতীৰ, মিছাতে মাথোঁ গাথিলোঁ; নাভাবি নুগুনি আগতে তোমাক মিছাতে হিয়া সপিলো॥