[ ১৪ ]
নবম দিনৰ অধিবেশন।
১৯ চেপ্তেম্বৰ, ১৮৯৩।
হিন্দুধৰ্ম্ম
( হিন্দুধৰ্ম্মৰ আভ্যন্তৰিক শক্তি)

 বৰ্তমান কালত জগতত প্ৰচলিত তিনটি ধৰ্ম্ম ঐতিহাসিক যুগৰ আগেও বিদ্যমান আছিল। সেই তিনটি ধৰ্ম্ম হিন্দু, পাৰছী আৰু ইহুদী। এই তিনটি ধৰ্ম্মৰ প্ৰত্যেকটোৱেই অনেক বিপদাপদ সহ্য কৰি এতিয়াও যে জীবিত আছে ইয়াৰ পৰা এইটো বেছকৈ প্ৰমাণিত হৈছে যে এই ধৰ্ম্মবিলাকত এটি মহৎ শক্তি লুকাই আছে, কিন্তু এপিনে যি দৰে ইহুদী ধৰ্ম্মই খৃষ্টধৰ্ম্মক নিজৰ ভিতৰুৱা কৰি লোৱা দূৰৰ কথা নিজেই জন্মভূমিৰ পৰা তেওঁৰ মহা শক্তিশালিনী বিজয়িনী জীয়েকৰ প্ৰতাপত খেদাহে খালে; আৰু নিচেই তাকৰ পাৰছীয়েহে এতিয়া তেওঁবিলাকৰ সেই মহান্ ধৰ্ম্মৰ সাক্ষীস্বৰূপ হৈ আছে। সেইদৰে আন পিনে আকৌ ভাৰতবৰ্ষত সম্প্ৰদায়ৰ উপৰি সম্প্ৰদায় ওলাই বৈদিক ধৰ্ম্মৰ ভেঁটীকো কঁপাই দিলে। কিন্তু মহা ভূমি কম্পৰ সময়ত সাগৰৰ পানী যি দৰে পাৰৰ পৰা বহুত দূৰলৈ আঁতৰি গৈ অলপ পিছতে সহস্ৰ গুণ বেগেৰে পাৰলৈ চাপি আহি গোটেই পাৰ বুৰাই ঢাকি ধৰেহি, সেই দৰেই এইবিলাক জননী স্বৰূপ বেদোক্ত ধৰ্ম্মও প্ৰথমতে অলপ দিনৰ কাৰণে আঁতৰি গৈ বিপ্লৱৰ হাই[ ১৫ ] উৰুমিৰ পিচত প্ৰৱল বেগেৰে আহি সেই সৰু সৰু সম্প্ৰদায় বিলাকক অন্তৰ্ভুক্ত কৰি নিজৰ শৰীৰ বঢ়ালে।

 আজি কালিৰ বিজ্ঞানৰ নতুন নতুন আবিষ্কাৰবিলাক যাৰ প্ৰতিধ্বনি যেন হে বোধ হয়, বেদান্তৰ সেই উচ্চতম আধ্যাত্মিক জ্ঞানৰ পৰাই সামান্য মূৰ্ত্তি পূজা আৰু তাৰ আনুষঙ্গিক নানা বিধ পৌৰাণিক কথা,-আনকি বৌদ্ধধৰ্ম্মৰ অজ্ঞেয়বাদ আৰু জৈন ধৰ্ম্মৰ নিৰীশ্বৰবাদ এই সকলোবিলাকৰেই হিন্দুধৰ্ম্মত ঠাই আছে।

 এইখিনিতে এটা প্ৰশ্ন উঠিব পাৰে, এই সকলো ভিন ভিন বিৰোধী ভাৱবোৰৰ সাধাৰণ কেন্দ্ৰ ঠাই ক'ত? কি সাধাৰণ কেন্দ্ৰ আশ্ৰয় কৰি এইবিলাক ৰৈ আছে? মই আজি এই প্ৰশ্নৰ আলোচনা কৰিবলৈ যথা সাধ্য চেষ্টা কৰিম।

বেদৱ নিত্যতা। হিন্দুবিলাকে বেদক আপ্তবাক্য বোলে আৰু তাৰে পৰা নিজৰ ধৰ্ম্ম লৈছে। তেওঁবিলাকে বেদক, অনাদি আৰু অনন্ত বুলি বিশ্বাস কৰে। পুথি এখনক অনাদি আৰু অনন্ত বুলিলে আজিৰ দৰে শ্ৰোতাসকলৰ হাঁহি উঠিব পাৰে। কিন্তু “বেদ” এই শব্দই কোনো পুথিকে নুবুজায়। ভিন ভিন লোকসকলে ভিন ভিন সময়ত যি আধ্যাত্মিক সত্যৰ আবিষ্কাৰ কৰিছিল “বেদ” এই সত্যবিলাকৰ ভৰাঁলহে মাথোন। যেনেকৈ আবিষ্কাৰ হোৱাৰ আগেও পৃথিবীৰ মাধ্যাকৰ্ষণ শক্তি আছিল, আৰু সকলোবিলাক মানুহে এই নিয়মবিলাক পাহৰিলেও জগতত থাকিব, আধ্যাত্মিক জগতৰ নিয়মবিলাকো ঠিক তেনেকুৱাই। আত্মাৰ সৈতে আত্মাৰ যি পবিত্ৰ সম্বন্ধ আৰু প্ৰত্যেক জীৱাত্মাৰ [ ১৬ ] সৈতে পৰম পিতা পৰমাত্মাৰ যি বিশুদ্ধ সম্বন্ধ, এইবিলাক আবিষ্কাৰ হোৱাৰ আগেও আছিল আৰু সকলোৱে পাহৰিলেও এই সম্বন্ধ থাকিব।

ঋষি  এই আধ্যাত্মিক সত্যবিলাকৰ আবিষ্কাৰক সকলক “ঋষি” বোলে। আমি তেওঁবিলাকক সৰ্ব্বতে আৰু সকলো বিষয়তে পাৰদৰ্শী বুলি ভক্তি আৰু মান্য কৰোঁ। মই এই শ্ৰোতৃ মণ্ডলীক জনাবলৈ ৰং পাইছোঁ যে তেওঁলোকৰ কেইবা গৰাকীও তিৰোতা মানুহ আছিল।

সৃষ্টি অনাদি আৰু অনন্ত  এই খিনিতে এই ফাঁকিও কৈ থব পাৰি যে এই আধ্যাত্মিক নিয়ম বিলাক অন্তহীন হব পাৰে, কিন্তু নিশ্চয় আদি আছে। বেদে কৈছে যে সৃষ্টি অনাদি আৰু অনন্ত। বিজ্ঞান-শাস্ত্ৰই প্ৰমাণ কৰিছে যে সৃষ্টি শক্তিৰ সমষ্টি সৰ্ব্বতিকাল সমান। যদি কোনোবাই কয় যে এনেকুৱা এসময় অছিল যেতিয়া একো বস্তুৱেই নাছিল; তেনেহলে এই প্ৰশ্ন কৰিব পাৰি যে তেতিয়া সকলোবিলাক শক্তি ক’ত আছিল? কোনোবাই কব পাৰে যে তেতিয়া এই শক্তি ঈশ্বৰতেই নিহিত হৈ আছিল। তেনেহলে ঈশ্বৰ কেতিয়াবা সক্ৰিয় আৰু কেতিয়াবা নিষ্ক্ৰিয়; গতিকে ঈশ্বৰ বিকাৰশীল। কিন্তু যেতিয়া বিকাৰশীল পদাৰ্থ মাত্ৰেই মিশ্ৰ পদাৰ্থ আৰু যেতিয়া মিশ্ৰ পদাৰ্থ মাত্ৰেই বিনাশশীল; তেনেহলে ঈশ্বৰো বিনাশশীল। এইটো কেতিয়াও হবই নোৱাৰে। গতিকে এনেকুৱা এসময় নাছিল যেতিয়া একোৱেই (অৰ্থাৎ সৃষ্টি) নাছিল। গতিকে সৃষ্টি [ ১৭ ] অনাদি। উপমাৰ দ্বাৰা বুজাব খুজিলে একো বেয়া নহয়; তেনেহলে সৃষ্টি আৰু স্ৰষ্টা এই দুয়োকে দুটা অনাদি আৰু অনন্ত সমান্তৰাল সৰল ৰেখাৰে সৈতে তুলনা কৰিব পাৰি। ঈশ্বৰ নিত্য মহা শক্তি স্বৰূপ সকলো বিষয়ৰ বিধান কৰ্ত্তা তেওঁ সদায় তমসৰ পৰা ব্ৰহ্মাণ্ড সৃজন পালন কৰি, শেষত আৰু ভাঙ্গি ছিঙ্গি সংহাৰ কৰিছে। এই দৰেই সদায় চলিবই লাগিছে। ব্ৰাহ্মণৰ ল'ৰাই সদায় সন্ধ্যা কৰিবৰ সময়ত এই কথাকে আওৰায়, “সূৰ্য্যা চন্দ্ৰমসৌ ধাতা যথা পূৰ্ব্বম্‌ কল্পয়ৎ” অৰ্থাৎ বিধাতাই আগৰ দৰেই চন্দ্ৰ-সূৰ্য্য সৃজন কৰিলে। বিজ্ঞানেও ইয়াকেই কৈছে।

 মই এইখিনিতে থিয় হৈ আছোঁ। যদি চকু মুদি মই মোৰ সত্ব সম্বন্ধে ভাবোঁ ‘মই’ ‘মই’ ‘মই’ তেনেহলে মোৰ কি ভাৱ হব? এই দেহেই ময়—এনেকুৱা ভাৱেই মনত আহে। তেনে- হলে মই জড় নে? বা জড়ৰ সমষ্টি ভূত দেহ স্বৰূপ? বেদে কৈছে, “নহয়।” মই দেহত থকা “আত্মা।” মই দেহ নহওঁ। দেহ নষ্ট হব কিন্তু মই নষ্ট নহওঁ। মই দেহৰ মাজত আছোঁ। কিন্তু যেতিয়া এই দেহৰ পঞ্চত্ব প্ৰাপ্ত হব, তেতিয়াও মই বিদ্যমান থাকিম; আৰু মই এই দেহ ধাৰণ কৰাৰ আগেও আছিলোঁ। আত্মা কোনো পদাৰ্থৰ পৰা সৃষ্ট হোৱা নাই; কাৰণ সৃষ্টি শব্দৰ অৰ্থ হৈছে বেলেগ বেলেগ বস্তুৰ সংযোগ; আৰু সংযোগ ভবি- ষ্যতত বিয়োগ হব। গতিকে আত্মা যদি সৃষ্টি কৰা হয়, তেনেহলে নিশ্চয় বিনশ্বৰ। গতিকে আত্মা সৃষ্টি কৰা পদাৰ্থ নহয়। [ ১৮ ] কোনোৱে জন্মাৱধি সুখ ভোগ কৰিছে; শৰীৰ দিব্য সুস্থ আৰু সুন্দৰ, মন উৎসাহপূৰ্ণ একোৰে অভাৱ নাই কিন্তু কিছুমানে ওপজা দিনৰে পৰা দুখতেই কাল নিয়াইছে। কোনোৰ হয়তো হাত ভৰিয়েই নাই কোনোৰ বুদ্ধিয়েই নাই আৰু কিছুমানে অতি দুখেৰে সৈতে জীৱন নিয়াইছে। যদি এই আটাইবিলাকক একে জন দয়াময় ঈশ্বৰেই সৃজন কৰিছে, তেনেহলে কিয় কিছুমান সুখী আৰু কিছুমান দুখী? ভগৱান কিয় ইমান পক্ষপাতী? যদি কোনো লোকে কব খোজে যে, যি এই জন্মত দুখত কাল কটাইছে পৰ জন্মত তাৰ সুখ হব। তেনেহলে কিয়নো দয়াময়ৰ ৰাজ্যত এজনেও দুখ পাব?

 দ্বিতীয়তঃ ইয়াৰ পৰা এই অসঙ্গতিৰ একোৱেই বাখ্যা নহয়। মুঠতে এজন সৰ্বশক্তিমান স্বেচ্ছাচাৰী পুৰুষৰ নিষ্ঠুৰ ব্যৱহাৰৰ কথাহে উল্লিখিত হ’ল। এই কাৰণে এইটো স্বীকাৰ কৰিব লাগিব যে মানুহে সুখী বা দুখী হৈ জন্ম লোৱাৰ আগেয়ে কিছুমান কাৰণ আছিল, যিবিলাকৰ পৰা তেওঁ সুখী বা দুখী হৈছে তেওঁৰ পূৰ্ব্বানুষ্ঠিত কৰ্ম্মবিলাকেই এই সুখ-দুখৰ কাৰণ। বাৰু মানুহৰ দেহ আৰু মনে পিতৃ-পিতামহৰ দেহ আৰু মনৰ সাদৃশ্য লয়; এনেকৈ কলে ইয়াৰ সমুচিত উত্তৰ দিয়া নহব নে? এইটো ভালকৈ দেখা গৈছে যে মানুহৰ জীৱনৰ সোঁতটো জড় আৰু চৈতন্য এই দুই ধাৰেৰে প্ৰৱাহিত হৈছে। যদি জড়ে আৰু জড়ৰ বিকাৰে আত্মা, মন, বুদ্ধি আদিৰ কাৰ্য্য পূৰণ কৰে, তেনেহলে স্বতন্ত্ৰ আত্মাৰ স্বীকাৰ কৰিবৰ কোনো আৱশ্যক নাই। কিন্তু [ ১৯ ] জড়ৰ পৰা যে চৈতন্য শক্তি উদ্ভৱ হৈছে, এইটো কোনোমতে প্ৰমাণ কৰিব নোৱাৰি। এই দৰে সূক্ষ্ম চিন্তা কৰি চালে এক মূল পদাৰ্থৰ পৰাই সমষ্ট জগত সৃষ্ট হৈছে বুলি ধৰিবই লাগিব; আৰু সেই মূল পদাৰ্থ জড় নুবুলি চৈতন্য শক্তি বুলি ধৰাই যুক্তি সঙ্গত বাঞ্ছনীয়। কিন্তু এই খিনিত এই কথা আলোচনা কৰাৰ কোনো আৱশ্যক নাই।

কুল-সংক্ৰমণ বংশানুক্ৰমিক আৰু পুনৰ্জন্মবাদ- আমি এইটো অস্বীকাৰ কৰিব নোৱাৰোঁ যে মানৱ- দেহত পিতৃ-পিতামহৰ অনেক স্বভাৱ-চৰিত্ৰ সংক্ৰমিত হয়, কিন্তু এই স্বভাৱ সৰ্ব্বতোভাৱে দৈহিক। ইয়াৰ বাহিৰেও পূৰ্ব্ব-কৰ্ম্মৰ ফল স্বৰূপে মানুহৰ আত্মাৰো বিশেষ বিশেষ কিছুমান গুণ থাকে। যি আত্মাৰ যি স্বভাৱ সেই আত্মাই ঠিক তেনেকুৱা দেহৰ আশ্ৰয় লৈ তাৰ স্বভাৱানুযায়ী কাম কৰিব পাৰে, আত্মাৰো সেই স্বভাৱ পূৰ্ব্বানুষ্ঠিত কৰ্ম্মৰ কাৰণেই হয়। যি আত্মা যি বিষয়ত প্ৰৱল, সেই আত্মাই “যোগ্যং যোগ্যেন যুজ্যতে”—এই নিয়মানুসাৰে তদুপযোগী দেহত জন্মগ্ৰহণ কৰি থাকে। বিজ্ঞানৰো এয়ে মত। কাৰণ বিজ্ঞান-শাস্ত্ৰই কয়,—স্বভাৱ অভ্যাসৰ পৰা হয়, আৰু অভ্যাস পুনঃ পুনঃ অনুষ্ঠানৰ ফল। গতিকে এটা কেঁচুৱা লৰাৰ স্বভাৱ তাৰ পুনঃ পুনঃ অনুষ্ঠিত কৰ্ম্মৰহে ফল। আৰু যি বিষয়ত সেই কেঁচুৱা ল’ৰাটোৱে বৰ্তমান জীৱনত সেই স্বভাৱ পোৱা অসম্ভৱ গতিকে সি সেই স্বভাৱ অৱশ্যই পূৰ্ব্ব জীৱনৰ পৰা পোৱা। [ ২০ ]  বাৰু এইটো স্বীকাৰ কৰা হ’ল যে পূৰ্ব্ব জন্ম আছে। কিন্তু, তেনেহলে কিয় আমাৰ পূৰ্ব্ব জন্মৰ কথা মনত নাথাকে, এইটো সহজেই বুজাব পাৰি। মই এতিয়া ইংৰাজী ভাষা কৈছোঁ, এই ভাষা মোৰ মাতৃ-ভাষা নহয়। সঁচাকৈয়ে এতিয়া মোৰ মাতৃ- ভাষাৰ কথা এটিও মনত নাই। কিন্তু যদি মই মনত সুৱঁৰিব খোজো, তেনেহলে তৎক্ষণাৎ সুৱঁৰিব পাৰোঁ। এই কথাৰ পৰা ইয়াকে বুজিব পৰা যায় যে কোনো এক সময়ৰ চৈতন্য কেৱল ওপৰখনহে। আৰু এই সমুদ্ৰৰ গভীৰ প্ৰদেশত আমাৰ অভিজ্ঞতা সমূহ সঞ্চিত হৈ আছে। চেষ্টা আৰু সাধনাৰ বলত সেই জ্ঞান উদ্ধাৰ কৰি আনিব পাৰি; আন কি পূৰ্ব্ব জন্মৰ সকলো জ্ঞান মনত পেলাব পাৰি।

 পূৰ্ব্ব জন্মৰ সম্বন্ধে এয়ে সাক্ষাত প্ৰমাণ। কাৰ্য্য-ক্ষেত্ৰত মিলাব পাৰিলেই যেই সেই মতবাদৰ সম্পূৰ্ণ সত্যতা প্ৰমাণিত হয় আৰু ঋষিসকলে সমস্ত জগতত এই বাক্য ঘোষণা কৰিছে— “স্মৃতি সাগৰৰ গভীৰতম ভাৱবিলাক কেনেকৈ জগাব পাৰি সেই তথ্য আমি আবিষ্কাৰ কৰিছোঁ। চেষ্টা কৰা তোমালোকে তোমালোকৰ পূৰ্ব্ব জন্মৰ সকলো কথা সুৱঁৰিব পাৰিবা।”

 এই কাৰণে হিন্দুৱে নিজক আত্মা বুলি বিশ্বাস কৰে। সেই আত্মাক তৰোৱালে কাটিব নোৱাৰে, জুয়ে পুৰিব নোৱাৰে, পানীয়ে তিয়াব নোৱাৰে আৰু বায়ুৱেও শুকাব নোৱাৰে। সেই আত্মা এনেকুৱা এটা বৃত্ত, যাৰ পৰিধি অসীম; কিন্তু যাৰ কেন্দ্ৰ যেই সেই এটা দেহৰ ভিতৰত আছে আৰু সেই কেন্দ্ৰ এটা দেহৰ পৰা [ ২১ ] অন্য এটা দেহলৈ যোৱাৰ নামেই হৈছে মৰণ। আত্মা জড় নিয়মৰো বশীভূত নহয়—আত্মা নিত্য-শুদ্ধ-মুক্ত-স্বভাৱ। কিন্তু কি কাৰণত জড়ত আৱদ্ধ হৈ আছে আৰু নিজক জড় বুলি ভাবিছে? কিয় বিশুদ্ধ, পূৰ্ণ আৰু বিমুক্ত আত্মাই জড়ৰ দাসত্ব কৰিছে আৰু পূৰ্ণ হৈয়ো নিজক অপূৰ্ণ বুলি ভাবিছে? বহুতে ভাবে যে হিন্দুবিলাকে আত্মা দেহ বদ্ধ কিয়? এই প্ৰশ্নৰ যথাযথ মীমাংসা কৰিব নোৱাৰে; এই ভাবি একেবাৰেই এই কথা উৰাই দিবলৈ চেষ্টা কৰে। কোনো কোনো পণ্ডিতে আত্মা আৰু জীৱ এই দুইৰ মাজত কিছুমান পূৰ্ণ কল্প সত্বাৰ অস্তিত্ব কল্পনা কৰে; আৰু এইবিলাক কথাকে হৰেক ৰকমৰ দীঘলীয়া বৈজ্ঞানিক বিশেষণ লগাই নাম দিয়ে। কিন্তু প্ৰতিশব্দ দিলে কোনো প্ৰশ্নৰ মীমাংসা নহয়। প্ৰশ্ন যেনেকুৱা আছিল তেনেকুৱা হৈয়েই থাকিল। যি পূৰ্ণ, তাত কেনেকৈ পূৰ্ণতাৰ অনুমাত্ৰও লাঘৱ কৰিব পাৰি? যি সত্য-শুদ্ধ-বুদ্ধ-মুক্ত-স্বভাৱ, কেনেকৈ সেই নিত্য-শুদ্ধ-বুদ্ধৰ সেই স্বভাৱৰ ব্যতিক্ৰম হব পাৰে? হিন্দু- বিলাকে এই বিষয়ে সকলোতকৈ অধিক সৰল আৰু সত্যবাদী। তেওঁবিলাকে তৰ্ক যুক্তিৰ দ্বাৰা মীমাংসাৰ চেষ্টা কৰা নাই বুলি বা মীমাংসা কৰিছে বুলি পণ্ডিত বোলাবলৈ ইচ্ছা নকৰে। তেওঁ- বিলাকে বুকু ফিন্দাই এই কথাৰ উত্তৰ দিবলৈ প্ৰস্তুত, আৰু উত্তৰত কয়—“এই কথা আমি নাজানোঁ, আমি নুবুজোঁ কেনেকৈ পূৰ্ণ আত্মাই নিজক অপূৰ্ণ আৰু জড়ৰ অধীন কৰে।” কিন্তু এইটো সকলো প্ৰকাৰে সত্য। প্ৰত্যেকেই নিজক দেহ বুলি [ ২২ ] ভাৱে। আত্মাই এই দেহলৈ কিয় আহিছে এই বিষয়ে আমি আলোচনা কৰিবলৈ চেষ্টা নকৰোঁ। “ এইটো ঈশ্বৰৰ ইচ্ছা ” বুলিলে একো ব্যাখ্যা কৰা নহল। হিন্দুৱে যে “আমি নাজানোঁ” বুলি কয় তাতকৈ এই উত্তৰত মীমাংসাৰ একো বিশেষ আলোচনা আগ নাবাঢ়িল।

কৰ্ম্মবাদ। এতেকে বুজা হৈছে যে, মানুহৰ আত্মা অনাদি, অমৰ আৰু পূৰ্ণ; আৰু এই দেহৰ পৰা অইন এটা দেহলৈ যোৱাৰ নামেই মৃত্যু বা মৰণ। বৰ্ত্তমান অৱস্থা পূৰ্ব্বানুষ্ঠিত কৰ্ম্মৰ ফল; আৰু ভবিষ্যত বৰ্ত্তমান অৱস্থাৰ ফল স্বৰূপ। আত্মা জন্ম আৰু মৃত্যু-চক্ৰত ক্ৰমাগত ঘূৰিব লাগিছে।

 কিন্তু এই খিনিতে আৰু এটা প্ৰশ্ন ওলায়ঃ— তেনেহলে মানুহ প্ৰচণ্ড ধুমুহাত পৰা এখন সৰু নাৱৰ দৰে নেকি?—যে সি এক মুহূৰ্ত্তত ফেনে ফোটোকাৰে সাগৰৰ ঢৌৰ মূৰলৈ উঠে আৰু তাৰ পাছ মুহৰ্ত্ততে অতল-জলত ডুবি যায়; বা মানুহ ভীষণ বেগেৰে গুজৰি-গামৰি সদায় বৈ থকা কাৰণ-কাৰ্য্য-সোঁতৰ পৰা সহায় হীন শক্তিহীন জাঁজিৰ দৰে নেকি?—যে সি ভাল বা বেয়া কৰ্ম্মৰ প্ৰতাপত চাৰিওফালে পাকঘূৰণি খাই ফুৰে। আত্মা এটা সৰু বালি-চাঁহিৰ নিচিনা নে কি?—যে সি সদায় পৰিভ্ৰমণশীল কৰ্ম্ম-চক্ৰত থাকি, অথবা যি কাৰ্য্য-কাৰণ চক্ৰই বাটত যিহকে পায় তাকে খুন্দি পিহি থৈ যায় আৰু কি বিধবাৰ অশ্ৰু বা, কি পিতৃ-মাতৃহীনৰ ক্ৰন্দন একোলৈকে ভ্ৰক্ষেপ নকৰে; মাত্ৰ মানুহ তেনেকুৱা নিৰ্মম চক্ৰৰ তলত পৰা এটা পৰুৱা নে কি?
[ ২৩ ] মানুহ পানী নহয় এই কথা ভাবিলে হৃদয় ব্যাকুল হয়। কিন্তু উপায় কি? ই যে প্ৰকৃতিৰ নিয়ম। তেনেহলে ইয়াৰ কোনো উপায় নাই নে কি? পৰিত্ৰাণৰ কোনো বাট নাই নে কি? মানুহৰ হতাশৰ এই কৰুণ-কান্দোনৰ ধ্বনি কৰুণা-নিদান বিশ্বপতিৰ সিংহাসন চুলেগৈ। এই কৰুণ-ধ্বনি শুনি পৰমেশ্বৰে আশা আৰু সান্ত্বনা বাণীৰূপে এজন বেদবিৎ ঋষিৰ হৃদয়ত আবিৰ্ভূত হলহি। ঐশ্বৰিক শক্তিৰে অনুপ্ৰাণিত মহৰ্ষিয়ে থিয় হৈ উচ্চস্বৰে জগতত এই আনন্দৰবাণী ঘোষণা কৰিলে—“হে অমৃতৰ পুত্ৰসকল, হে দিব্যলোক নিবাসী ত্ৰিদশ মণ্ডলি; তোমালোক সকলোৱে শুনা মই সেই অনাদি পুৰাতন মহান পুৰুষক চিনি পাওঁ; তেওঁৰ বৰণ আদিত্যৰ নিচিনা, অজ্ঞানে তেওঁক কেতিয়াও চুব নোৱাৰে, তেওঁক চিনি পালেই কেতিয়াও মৃত্যুৰ হাতত পৰিব নালাগে আৰু তেতিয়া তুমি মুক্তি পাবা-ইয়াৰ বাহিৰে আৰু অইন বাট নাই।

 “অমৃতৰ অধিকাৰী ” এই নামটো কেনে সুমধুৰ আৰু কেনে উল্লাসবৰ্দ্ধক! হে ভ্ৰাতৃসকল, মই তোমালোকক এই মধুৰ নামেৰে সম্বোধন কৰিব খোজোঁ। তোমালোক অমৃতৰ অধিকাৰী—হিন্দুসকলে তোমালোকক পাপী বুলি কবলৈ অস্বীকাৰ কৰে।

 তোমালোক ঈশ্বৰৰ সন্তান, অমৃতৰ অধিকাৰী, পৱিত্ৰ আৰু পূৰ্ণ। তোমালোকেই এই মৰ্ত্ত্যভূমিৰ দেৱতা। তোমালোক কেতিয়াও পাপী নোহোৱা। মানুহক পাপী বোলা এটা মহা [ ২৪ ] পাপ। পাপী বুলি কলে বিশুদ্ধ মানবাত্মাক কলঙ্ক দিয়াহে হব। হে ভ্ৰাতৃ সকল, তোমালোক সিংহ হৈ নিজক ভেৰা ছাগলী বুলি ভাবিছা কিয়? এই ভ্ৰম ভাৱ দূৰ কৰা! তোমালোক জৰা- মৰণ ৰহিত, মুক্ত আৰু নিত্যানন্দময় আত্মা। তোমালোক জড় আৰু দেহ নোহোৱা। জড় তোমালোকৰ দাস—তোমালোক জড়ৰ দাস নোহোৱা। এনে যুক্তিৰে বেদে ঘোষণা কৰিছে যে- এই সৃষ্টি কিছুমান ভয়ঙ্কৰ নিৰ্ম্মম নিয়মৰ অধীন বা অনন্ত কাৰ্য্য- কাৰণৰ কাৰাগাৰো নহয়। বেদে কয় এই সকলোবিলাক নিয়মৰ গুৰিত প্ৰত্যেক পৰমাণু আৰু শক্তিৰ মাজত এজন মহাপুৰুষ আছে, যাৰ আদেশত বতাহ বলিছে, জুই জ্বলিছে, মেঘে বৰষুণ দিছে আৰু মৃত্যুৱে পৃথিবীত ভ্ৰমণ কৰিছে।

 সেই পুৰুষৰ স্বৰূপ কেনেকুৱা? তেও সৰ্ব্বব্যাপী, শুদ্ধ, নিৰাকাৰ, সৰ্ব্বশক্তিমান আৰু সকলোকে তেওঁ দয়া কৰে। ‘তুমি মোৰ পিতা, তুমি মোৰ আই, তুমি মোৰ মৰমৰ সখী, তুমি সমস্ত শক্তিমূল, তুমি কোটি কোটি বিশ্ব ব্ৰহ্মাণ্ডৰ ভাৰ ধাৰণ কৰিছা; হে প্ৰভু এই জীৱনৰ ক্ষুদ্ৰ ভাৰ বহন কৰিবলৈ মোক শক্তি দিয়া’-বেদবিৎ ঋষিসকলে এনেকুৱা গান কৰিছিল। আমি তেওঁক কি দি পূজা কৰিম? প্ৰীতিৰে, প্ৰেমেৰে—ঐহিক আৰু পাৰত্ৰিক সকলো প্ৰিয় বস্তুতকৈ প্ৰিয়তৰ ৰূপে তেওঁক পূজা কৰিব লাগিব।

 বেদে শুদ্ধ প্ৰেমৰ সম্বন্ধে এনেকুৱা শিক্ষা দিছে। হিন্দু[ ২৫ ] বিলাকে ঈশ্বৰৰ পৃথিবীত যাক অৱতাৰ বুলি বিশ্বাস কৰে, সেই ভগৱান শ্ৰীকৃষ্ণই এই প্ৰেমৰ পূৰ্ণ কলা কেনেকৈ দেখুৱালে, সেই সম্পৰ্কে কি উপদেশ দিছে তাকে এতিয়া আলোচনা কৰা হওক। পদুম পানীত থাকিলেও যেনেকৈ তাত পানী নালাগে, সেইদৰে মানুহেও এই সংসাৰত ঈশ্বৰত মন-প্ৰাণ অৰ্পণ কৰি কৰ্ম্মত হাত দিও নিৰ্লিপ্ত ভাৱে থাকিব লাগে।—শ্ৰীকৃষ্ণই ইয়াকে শিক্ষা দিছে। ইহ আৰু পৰকালৰ পুৰস্কাৰৰ আশাত ঈশ্বৰক ভাল পোৱাটো একো বেয়া নহয়। কিন্তু ঈশ্বৰক ভাল পোৱাৰ আশাতে ভাল পোৱাটো অতি ভাল। তেওঁক এইদৰে প্ৰাৰ্থনা কৰা উচিত—“হে ভগবান! মই তোমাত ধন, পুত্ৰ বা বিদ্যা একো খোজা নাই। যদি তোমাৰ ইচ্ছা হয়, মই শত শত নৰকলৈকো যাবলৈ সাজু আছোঁ। কিন্তু হে প্ৰভু! ইয়াকে কৰা যেন সকলো সময়তে তোমাক মই নিস্বাৰ্থ ভাৱে ভাল পাব পাৰোঁ।”

 সেই সময়ৰ ভাৰতবৰ্ষৰ সম্ৰাট ধৰ্ম্মনন্দন যুধিষ্ঠিৰ শ্ৰীকৃষ্ণৰ শিষ্য আছিল। তেওঁক শত্ৰুৱে সিংহাসনৰ পৰা নমাই খেদি দিয়াত তেওঁ তেওঁৰ ৰাণীৰে সৈতে হিমালয়ৰ ওচৰৰ এখন হাবিত বাস কৰি আছিল। তেতিয়া ৰাণীয়ে তেওঁক এদিন সুধিলে—“হে নাথ! আপুনি ইমান ধাৰ্ম্মিক হৈয়ো কিয় ইমান দুখ-কষ্ট সহ্য কৰিব লগীয়া হৈছে?” যুধিষ্ঠিৰে উত্তৰ দিলে— “প্ৰিয়ে! চোৱাঁচোন চোৱাঁ হিমালয়ৰ পিনে চোৱাঁ, আহা! কেনে সুন্দৰ আৰু মহৎ। মই এই মহৎ দৃশ্য বৰ ভাল পাওঁ। [ ২৬ ] যদিও পৰ্ব্বতে আমাক একো দিয়া নাই তথাপি সুন্দৰ আৰু মহৎ বস্তুক ভাল পোৱাটো মোৰ স্বভাৱ, সেই কাৰণেই মই ঠিক সেইদৰে মই তাক ভাল পাওঁ। তেওঁ নিখিল সৌন্দৰ্য্য আৰু মহত্ত্বৰ মূল। তেৱেঁই ভাল পোৱাৰ উপযুক্ত পাত্ৰ। তেওঁক ভাল পোৱাটোৱেই মোৰ স্বভাৱ গতিকে মই তেওঁক ভাল পাওঁ। মই তেওঁৰ ওচৰত একোকে নিবিচাৰোঁ, তেওঁৰ য’তে থবৰ ইচ্ছা হয় তাতেই মোক নি থওক। সুখ, দুখত, বেজাৰত, আনন্দত, সকলো সময়তেই মই তেওঁক ভাল পাওঁ। মোক ভাল পোৱাৰ বঁটা মোক নালাগে মই ধৰ্ম্মৰ বেপাৰী নহওঁ।

 বেদে কৈছে—আত্মা ব্ৰহ্ম স্বৰূপ, কেৱল পঞ্চভূতত আবদ্ধ হৈ আছে; যেতিয়াই এই বন্ধৰ পৰা মুক্ত হব, তেতিয়াই আগৰ নিচিনাকৈ আকৌ পূৰ্ণত্ব পাব। এই অৱস্থাৰ নামেই মুক্তি অৰ্থাৎ অপূৰ্ণতা জন্ম-মৃত্যু-আধিব্যাধি সকলোৰে পৰা নিস্তাৰ পাব। ঈশ্বৰৰ কৃপা হলেই আত্মাৰ এই বন্ধন শেষ হয়। পৱিত্ৰ স্বভাৱৰ লোককহে তেওঁ কৃপা কৰে। গতিকে পৱিত্ৰতাই তেওঁৰ অনুগ্ৰহ পাবৰ একমাত্ৰ উপায়। যেতিয়াই তেওঁৰ কৃপা হয়, তেতিয়াই তেওঁ শুদ্ধ আৰু পৱিত্ৰ হৃদয়ত প্ৰকাশিত হয়। সেই নিৰ্ম্মল বিশুদ্ধ মানৱে ইহ জীৱনতেই তেওঁক দৰ্শন পায়। তেতিয়াই—তেতিয়াইহে তেওঁৰ সকলোবিলাক কুটিলতা নাশ হয় আৰু সকলো সন্দেহ দূৰ—তেওঁ কৰ্ম্ম-ফলৰ হাত সাৰি মুক্তি লাভ কৰে। হিন্দু-ধৰ্ম্মৰ এয়ে লক্ষ্য, হিন্দু-ধৰ্ম্মৰ এয়ে আচল [ ২৭ ] ভাৱ। হিন্দুবিলাকে অকল মত বা শাস্ত্ৰৰ বিচাৰতে সন্তুষ্ট নহয়। যদি কিবা অতীন্দ্ৰিয় স্থিতি থাকে, তেনেহলে তাৰো প্ৰমাণ লবলৈ মুখামুখি হব খোজে। যদি জড়ৰ সৈতে সম্বন্ধ নথকা আত্মা থাকে, যদি দয়াময় সৰ্ব্বব্যাপী পৰমাত্মা থাকে, তেনেহলে তেওঁ তেওঁৰ সাক্ষাত হবলৈ চেষ্টা কৰে। কাৰণ তেওঁক দৰ্শন নকৰিলে কেতিয়াও সন্দেহ দূৰ নহয়। গতিকে “মই আত্মাক দেখিছোঁ, মই ঈশ্বৰৰ সাক্ষাত পাইছোঁ”, এয়ে সনাতন ধৰ্ম্মাৱলম্বী সাধু মণ্ডলীৰ আত্মা আৰু ঈশ্বৰ সম্পৰ্কে সৰ্ব্বোৎকৃষ্ট প্ৰমাণ। এনেকুৱা নহলে মানুহে কেতিয়াও পূৰ্ণতা লাভ কৰিব নোৱাৰে। হিন্দু ধৰ্ম্মই যেই সেই অনিৰ্দ্দিষ্ট মতবাদ বিশ্বাস নকৰে, অপৰোক্ষাণুভূতিয়েই ইয়াৰ মূল মন্ত্ৰ, অকল বিশ্বাস কৰাই নহয়, জীৱনত পৰিণত কৰাহে ইয়াৰ মূল উদ্দেশ্য।

 ইয়াৰ পৰা বুজিব পৰা হৈছে যে ক্ৰমাগত অধ্যাৱসায় আৰু যত্নেৰে পূৰ্ণতা লাভ কৰা,-দেৱতা হোৱা ঈশ্বৰৰ সান্নিধ্য হোৱা আৰু তেওঁক দৰ্শন কৰাই হিন্দুসকলৰ সাধন প্ৰণালীৰ লক্ষ্য। এইদৰে ঈশ্বৰ-সান্নিধ্য লাভ কৰি, তেওঁক দৰ্শন কৰি, সেই সৰ্ব্ব- লোক-পিতা-ঈশ্বৰৰ নিচিনা পূৰ্ণ হোৱাই হিন্দুধৰ্ম। যেতিয়া মানুহে পূৰ্ণতা লাভ কৰিব তেতিয়া তেওঁৰ কি হব? তেতিয়া তেওঁ নিত্যানন্দ ভোগ কৰে। যি সকলো লাভৰ পৰম লাভ স্বৰূপ পৰমেশ্বৰ -সেই পৰমানন্দ ধাম ঈশ্বৰক পাই তেওঁ পৰম আনন্দৰ অধিকাৰী হয়। [ ২৮ ]  সকলো হিন্দুৰেই এই বিষয়ত এক মত। ভাৰতবৰ্ষীয় সকলো সম্প্ৰদায় এই বিষয়ত এক বাক্য। ইয়াৰ পৰা ইয়াকে বুজিব পৰা হৈছে যে নিৰ্ব্বিকল্প অৱস্থাৰ নাম পূৰ্ণাৱস্থা, আৰু সেই নিৰ্ব্বিকল্প অৱস্থা একমত, অদ্বিতীয় আৰু গুণাতীত- ইয়াত কেতিয়াও ব্যক্তিত্ব থাকিব নোৱাৰে। গতিকে যেতিয়া কোনো আত্মাই নিৰ্ব্বিকল্প পাবগৈ, তেতিয়া তেওঁ ব্ৰহ্মত লীন যাব। এনেকুৱা আত্মা দ্বৈত্য জ্ঞান পৰিশূন্য হোৱা গতিকে নিজে সৎ স্বৰূপ, জ্ঞান স্বৰূপ আৰু আনন্দ স্বৰূপ হব। মই পঢ়ি পাইছোঁ যে কোনো কোনো পাশ্চাত্য দাৰ্শনিক পণ্ডিতে আত্মাৰ এই ব্যক্তিত্ব বিনাশকে জড়াৱস্থা বুলি ভাৱে। এইটো তেওঁবিলাকৰ অনভিজ্ঞতাৰ বাহিৰে অইন একো নহয়।

 মই ডাঠি কওঁ এই অতি চৰম অৱস্থা জড়াৱস্থা নহয়। যেতিয়া মই এই ক্ষুদ্ৰ দেহত আত্ম-জ্ঞান স্থাপন কৰি সুখ বোধ কৰিব পাৰিছোঁ; তেনেহলে মই যদি দুইটি দেহকে এনেকুৱা কৰোঁ, তেতিয়া হলে আৰু সুখবোধ কৰিব পাৰিম। এইদৰে তিনিটা, চাৰিটা, পাঁচোটা এনেকৈ দেহৰ সংখ্যা যিমানেই বাঢ়ি যাব, সেইদৰে মোৰ সুখো ক্ৰমান্বয়ে বাঢ়ি যাব। এনেকৈ যেতিয়া এই নিখিল বিশ্বতে মোৰ আত্ম-বোধ হব তেতিয়াই মোৰ আনন্দৰ পাৰ নোহোৱা হব। গতিকে সেই বিশ্ব-দেহ পাবলৈ হ’লে এই সামান্য ক্ষুদ্ৰ দেহ অৱশ্যেই অতিক্ৰম কৰিব লাগিব। যেতিয়া মই প্ৰাণময় হম তেতিয়াই মই মৃত্যুৰ পৰা নিষ্কৃতি পাম; তেতিয়াই মই আনন্দময় হম, তেতিয়াই দুখৰ হাত সাৰিম; [ ২৯ ] যেতিয়াই মই জ্ঞানময় হম, তেতিয়াই মই অজ্ঞান আন্ধাৰৰ পৰা দূৰ হম। আৰু এয়েহে প্ৰকৃত বৈজ্ঞানিক সিদ্ধান্ত। বিজ্ঞানে প্ৰমাণ কৰি দেখুৱাইছে যে আমি যে দেহক এটা প্ৰকৃত স্বতন্ত্ৰ বস্তু (individual) বুলি ভাবোঁ, সি ভুল; প্ৰকৃততে মোৰ শৰীৰ নিৰৱচ্ছিন্ন জড়-সমুদ্ৰৰ ভিতৰত প্ৰতিক্ষণে পৰিবৰ্ত্তিত হৈ থকা ক্ষুদ্ৰ বস্তু মাত্ৰ। আৰু মোৰ আধ্যাত্মিক অংশ আত্মাৰ সম্বন্ধে,-অদ্বৈত জ্ঞানেই হে একমাত্ৰ যুক্তিযুক্ত সিদ্ধান্ত।

 অদ্বৈতই ধৰ্ম্ম বিজ্ঞান একত্ব শক্তিৰ অন্বেষণৰ বিজ্ঞানৰ চৰম সিদ্ধান্ত বাহিৰে অইন একো নহয়। যেতিয়াই বিজ্ঞানে এই কথা উলিয়াব পাৰিব, তেতিয়াই উন্নতি চৰম সীমাত থিয় হবগৈ। যেনেকৈ ৰসায়ন শাস্ত্ৰই যদি এনেকুৱা এটা পদাৰ্থ আবিষ্কাৰ কৰিব পাৰে, যিহৰ পৰা সকলোবিলাক পদাৰ্থ তৈয়াৰ কৰিব পাৰি, তেনেহলে ই চৰম উন্নতি লাভ কৰিলে! পদাৰ্থ বিদ্যাই যদি এনেকুৱা এটা শক্তিৰ তত্ত্ব জানিব পাৰে, যিহৰ পৰা অইন অইন শক্তি উদ্ভূত হৈছে, তেনেহলে ই সম্পূৰ্ণ হ'ল। আৰু ধৰ্ম্ম বিজ্ঞানেও যেতিয়াই সেই একমাত্ৰ মূল কাৰণক দেখিবলৈ পাব, যি এই মৰ্ত্ত্যলোকৰ একমাত্ৰ অমৃত স্বৰূপ, যি নিত্যপৰিবৰ্ত্তনশীল জগতৰ একমাত্ৰ অটল-অচল ভিত্তিমূল, যি একমাত্ৰ পৰমাত্মা—অন্যান্য আত্মা যাৰ প্ৰতিবিম্ব স্বৰূপ, তেতিয়া পূৰ্ণতা লাভ কৰিব। এইদৰে বহু-ঈশ্বৰ-বাদ, দ্বৈতবাদ প্ৰভৃতিৰ মাজেদি গৈ অদ্বৈতবাদ পালেগৈ ধৰ্ম্ম বিজ্ঞানে এখোজকে আগ বাঢ়িব নোৱাৰে।
[ ৩০ ] হিন্দু ধৰ্ম্মও বিজ্ঞানৰ সামঞ্জস্য বিজ্ঞান শাস্ত্ৰৰো চৰম সীমা এয়ে। সকলো বিজ্ঞান শাস্ত্ৰ অৱশেষত এই সিদ্ধান্তকেই ঠিক কৰিব লাগিব। আজি কালি বৈজ্ঞানিক সকলে এই পৰিদৃশ্যমান জগতক “সৃষ্টি” নাম দিব নোখোজে। তেওঁবিলাকে কয় যে জগতে প্ৰতি মুহূৰ্ত্ততে নতুন নতুন আকাৰ ধৰি ৰূপত ‘বিকাশ’ হৈছে। হিন্দু-সন্তান সকলে চিৰকালৰ পৰা এই একে ভাৱকে পোষণ কৰি আহিছে; কিন্তু এতিয়া বৈজ্ঞানিক সকলে সেই একে কথাকে অনেক প্ৰমাণ দি বুকু ফিন্দাই তেজস্বী ভাষাত কোৱাত তেওঁবিলাকৰ মনত আনন্দৰ সঞ্চাৰ হৈছে।

 এতিয়া বেদান্তৰ ওখ টিঙৰ পৰা নামি আহি চকু নগজা সকলৰ ধৰ্ম্মৰ বিষয়ে আলোচনা কৰিব খুজিছোঁ।

 প্ৰথমতে মই এই কথাষাৰি কৈ থওঁ যে ভাৰতবৰ্ষত বহু ঈশ্বৰবাদ নাই। যদি কোনোবাই প্ৰতি দেৱালয়ৰ ওচৰত থিয় হৈ শুনে, তেনেহলে তেওঁ শুনিব যে সেই পূজাৰীৱে ঈশ্বৰৰ সকলোবিলাক গুণ আনকি সৰ্ব্বব্যাপী গুণো সেই দেৱবিগ্ৰহত আৰোপণ কৰিছে। এই প্ৰকাৰ পূজাক কোনোমতে বহু ঈশ্বৰ বাদ বা অন্য কোনো বাদ বুলি কব নোৱাৰি। গোলাপ-ফুলক যি নামকে দিয়া তেও তাৰ যি গোন্ধ সেই গোন্ধেই থাকিব; অইন নামেৰে মাতিলে তাৰ গোন্ধৰ হানি নহয়। নামে কোনো কথা ব্যাখ্যা নকৰে।

 সৰুকালত মই এজন খৃষ্টান পাদুৰীয়ে বহুত মানুহৰ আগত [ ৩১ ] ধৰ্ম্মৰ বক্তৃতা দিয়া শুনিছিলোঁ। অনেক সুমধুৰ কথা কৈ কৈ অৱশেষত তেওঁ কবলৈ ধৰিলে, “হে ভ্ৰান্ত জীৱবিলাক! মই যদি তোমালোকৰ দেৱ মূৰ্ত্তিক এই লাঠিডালেৰে খোঁচ মাৰি দিওঁ, তেনেহলে সেই মূৰ্ত্তিয়ে মোক কিবা কৰিব পাৰিব নে?” সেই মানুহ জুমৰ মাজৰ পৰা এজনে মাত লগাই কলে, “মই যদি তোমাৰ ঈশ্বৰক গালি পাৰোঁ, তেনেহলে তোমাৰ ঈশ্বৰে মোক কিবা কৰিব পাৰিব নে? পাদুৰীয়ে উত্তৰ দিলে, মৃত্যুৰ পিচত তোমাৰ শাস্তি হব। তেতিয়া সেই মানুহজনেও উত্তৰ দিলে, “তুমি মৰিলেও আমাৰ দেৱতাই তোমাক উচিত শাস্তি দিব।”

 গুটিৰ পৰাহে গছ চিনিব পাৰি। আৰু যেতিয়া আমি দেখোঁ যে যিবিলাকক আমি পৌত্তলিক বোলোঁ সেইবিলাকৰ ভিতৰত এনেকুৱা একোজন মানুহ আছে যাৰ নিচিনা চৰিত্ৰৱান আধ্যাত্মিক ভাৱপূৰ্ণ আৰু প্ৰেমিক কেতিয়াও কোনো ঠাইত দেখা নাই; তেতিয়া এই প্ৰশ্ন আপোনা-আপুনি মনত উদয় হয় “পাপৰ পৰা কোনোবা কাহানীত পৱিত্ৰতা জন্মিব পাৰে নে?”

মূৰ্ত্তি বিনা চিন্তা অসম্ভব। হওতে কু-সংস্কাৰ মানুহৰ শত্ৰু হয়, কিন্তু সংকীৰ্ণতা তাতোকৈ ঘোৰতৰ শত্ৰু। হয় বাৰু, যদি ঈশ্বৰ সৰ্ব্বব্যাপী, তেনেহলে খৃষ্টানবিলাকে কিয় ধৰ্ম্মালয় বুলি এডোখৰ সুকীয়া ঠাইত ঈশ্বৰ আৰাধনা কৰিবলৈ যাব? কিয় তেওঁৰ ক্ৰছক ইমান পৱিত্ৰ বোলে? প্ৰাৰ্থনাৰ সময়ত কিয় তেওঁবিলাকে ওপৰৰ ফালে চায়? [ ৩২ ]  কেথলিক সম্প্ৰদায়ৰ কিয় ইমানবোৰ মূৰ্ত্তি আছে? প্ৰাৰ্থনাৰ সময়ত কিয় প্ৰোটেষ্টান্টবিলাকৰ মনত এনেকুৱা ভাৱময়-মূৰ্ত্তিৰ বিকাশ হয়? হে ভ্ৰাতৃসকল! উশাহ নোলোৱাকৈ যেনেকৈ জীৱন ধাৰণ কৰিব নোৱাৰি সেইদৰে ঈশ্বৰ আৰাধনাৰ সময়তো যেই সেই মূৰ্ত্তিৰ সহায় নোলোৱাকৈ ঈশ্বৰক ধ্যান কৰা অসম্ভৱ। জড়-মূৰ্ত্তিৰ পৰা মানসিক ভাৱ উদয় হয়; আৰু মানসিক ভাৱৰ পৰা মূৰ্ত্তি কল্পনা কৰা যায়; ই ভাৱসংযোগৰ স্বাভাৱিক নিয়ম। জগতত প্ৰায় সকলো মানুহে নিৰাকাৰ-ব্ৰহ্মৰ ভাৱ হৃদয়ঙ্গম কৰিব নোৱাৰে। ঈশ্বৰৰ কিবা বিস্তৃতি আছে নে? এইটোও যদি স্বীকাৰ কৰিব নোখোজা তথাপি ‘সৰ্ব্বব্যাপী শব্দটি মনত সুৱঁৰিলে আমাৰ মনত অতি টানি মানি আকাশ নাইবা বিশাল পৃথিবীৰ ভাৱৰ বাহিৰে অইন একো ভাৱ উদয় হব নোৱাৰে। গতিকে মানুহৰ স্বভাৱানুসৰি যেনে তেনে প্ৰকাৰে আমি আমাৰ অনন্ত ভাৱবিলাক উপলদ্ধি কৰিবৰ সময়ত অনন্ত নীলাকাশৰ বা অপাৰ সমুদ্ৰৰ ভাৱবিলাক আপোনা আপুনি মনত পৰে; সেইদৰে আমাৰ সৰ্ব্বব্যাপিত্ব আৰু পৱিত্ৰতা ভাৱ- বিলাক আমাৰ নিজ নিজ স্বভাৱানুসাৰে গিৰ্জ্জাঘৰ, মছজিদ্‌ বা ক্ৰছৰ সৈতে সংযোগ কৰি থওঁ; ঠিক সেইদৰেই হিন্দুসকলেও তেওঁবিলাকৰ পবিত্ৰতা, নিত্যত্ব, সৰ্ব্বব্যাপিত্ব-এনেকুৱা ভাৱ- বিলাক নানা ৰূপে দেৱ মূৰ্ত্তিত সন্মিলিত কৰি থৈছে। কিন্তু এই খিনিতে এই কণেই প্ৰভেদ আছে যে কোনোৱে নিজৰ গোটেই জীৱন নিজ ধৰ্ম্মৰ চাৰি বেৰৰ ভিতৰতে সুমাই কটাইছে [ ৩৩ ] আৰু আনফালে এখোপকে উধাব পৰা নাই কাৰণ তেওঁবিলাকৰ মতে ধৰ্ম্ম হৈছে কিছুমান নিয়ম পালন কৰা, আৰু অইনৰ উপকাৰ কৰা, ইয়াৰ বাহিৰে অইন একো নহয়। কিন্তু হিন্দুবিলাকে নিজৰ আত্মাত বিশ্বাত্মাৰ অনুভূতিকেই ব্ৰহ্মৰ উপলদ্ধিকেই প্ৰধান আৰু চৰম লক্ষ্যৰূপে ধৰি আছে। মানুহে ঈশ্বৰ উপলদ্ধিৰ দ্বাৰা ঈশ্বৰত্ব পাব লাগিব। গতিকে দেৱী মূৰ্ত্তিকেই হওক বা ধৰ্ম্ম শাস্ত্ৰই হওক এই সকলোবিলাক তেওঁৰ ধৰ্ম্ম-জীৱনৰ বাল্যাৱস্থাৰ সহকাৰী মাথোন। এইবিলাক তেওঁৰ চৰম উদ্দেশ্য বা লক্ষ্য নহয়। তেওঁ ক্ৰমান্বয়ে আগবাঢ়ি যাব লাগিব। তেওঁ ক’তো ৰব নোৱাৰে।

 বেদে কৈছে, “বাহ্যিক-পূজা আৰু মূৰ্ত্তি-পূজা প্ৰথমাৱস্থাৰ কাৰ্য্য। অলপ উধাবলৈ মানসিক প্ৰাৰ্থনাৰ যি চেষ্টা কৰা হয়, সেয়ে দ্বিতীয় অৱস্থা, কিন্তু ঈশ্বৰৰ সাক্ষাত হোৱা আৰু তেওঁক উপলদ্ধি কৰাই হৈছে চৰম লক্ষ্য। ভক্তই কৰযোৰ কৰি আঠু কাঢ়ি দেৱ-মূৰ্ত্তিক পূজা কৰি কি কয় শুনাহঁক “সূৰ্য্যই তেওঁক প্ৰকাশ কৰিব নোৱাৰে, চন্দ্ৰ, তাৰা আৰু বিজুলীয়েও তেওঁক প্ৰকাশ কৰিব নোৱাৰে; গতিকে অগ্নিয়ে তেওঁক কেনেকৈ প্ৰকাশ কৰিব পাৰিব? কিন্তু এই সকলোবিলাকহে তেওঁৰ দ্বাৰা প্ৰকাশিত হৈছে।” কিন্তু তেওঁ কাৰো মূৰ্ত্তিকেই ঘিণ কৰা নাই আৰু মূৰ্ত্তি পূজা পাপ বুলিও কোৱা নাই। তেওঁ এনেকুৱা পূজাক জীৱনৰ এক অত্যাৱশ্যক অৱস্থা বুলিহে কৈছে। “লৰা-কাল মানুহৰ ভবিষ্যত জীৱনৰ জন্মদাতা”। বুঢ়াই যদি [ ৩৪ ] বাল্য আৰু যৌৱনকালক পাপৰ অৱস্থা বুলি ঘিণ কৰে তেনেহলে তেওঁক হাঁহিবলগীয়া নহয় নে? কিন্তু হিন্দুধৰ্ম্মত এনেকুৱা নিয়মো নাই যে সকলোৱে মূৰ্ত্তি পূজা কৰিব লাগিব।

মূৰ্ত্তি পূজা তলৰ খাপৰ আস্থা কিন্তু ভ্ৰম নহয়।
 যদি কোনোবাই মূৰ্তি পূজা কৰি সহজে নিজৰ ব্ৰহ্ম-ভাৱ উপলদ্ধি কৰিব পাৰে, তেনেহলে ইয়াক পাপ বুলি ভৱাটো যুক্তি সঙ্গত হব নে? আনকি তেওঁ এই অৱস্থা এৰি গলেও, তেওঁৰ পক্ষে এইটো ভ্ৰমাত্মক বুলি কোৱা সঙ্গত নহয়। হিন্দুবিলাকৰ মতে মানুহে ভ্ৰমৰ পৰা সত্যলৈ যোৱা নাই, কিন্তু সত্যৰ পৰা সত্যলৈহে গৈছে; তল খাপৰ সত্যৰ পৰা ওপৰ খাপৰ সত্যলৈ ক্ৰমান্বয়ে যাব লাগিছে। হিন্দুবিলাকৰ মতে ক্ষুদ্ৰ অজ্ঞানীসকলৰ ধৰ্ম্মৰ পৰা বেদান্তৰ অদ্বৈতবাদলৈকে সকলোবিলাক ধৰ্ম্মই অনাদি পৰম ব্ৰহ্মৰ উপলদ্ধি সোপান মাথোন। জন্ম আৰু অৱস্থাভেদে যাৰ পক্ষে যি উপযোগী তেওঁ তাকে আশ্ৰয় কৰি ইটোক এৰি সিটোক ধৰি আগুৱাই যায়। এইদৰে ক্ৰমান্বয়ে শক্তিশালী হৈ সৱশেষত সেই মহান্ সূৰ্য্যৰ ওচৰ চাপেগৈ।

 বহুত্বৰ মাজত একত্বই হৈছে প্ৰকৃতিৰ নিয়ম! হিন্দুসকলে এই কথা ভালকৈ উপলদ্ধি কৰিছে। অন্যান্য ধৰ্ম্মত কিছুমান মত বিধিবদ্ধ কৰি তাকে সমগ্ৰ জগতকে মানিবলৈ বাধ্য কৰে আৰু এটা জোখৰ এটা ছোলাকে ৰাম, হৰি, যদু সকলোৰে গাত বলেৰে পিন্ধাই দিবলৈ চেষ্টা কৰে। যদি যদু বা হৰিৰ গাত সেই ছোলাটো নোসোমায় তেনেহলে সিহঁত উদঙ্গ থাকিব লাগিব। [ ৩৫ ] হিন্দু ঋষিসকলে ভালকৈ বুজিছে যে সাপেক্ষক আশ্ৰয় কৰিহে নিৰপক্ষ তত্ত্বৰ ধাৰণা উপলদ্ধি কৰা সম্ভৱ। গতিকে তেওঁবিলাকৰ মতে হিন্দুবিলাকৰ দেৱ-মূৰ্ত্তি, খৃষ্টানবিলাকৰ ক্ৰছ আৰু মুছলমান- বিলাকৰ চন্দ্ৰ-কলা আদি আধ্যাত্মিক উন্নতিৰ সহায়হে মাথোন। তেওঁবিলাকে এনেকুৱা কথা কব নোখোজে এনেকুৱা আশ্ৰয় সকলোৰে পক্ষে আৱশ্যক, কিন্তু অধিকাংশ মানুহেই ইয়াৰ পৰা যে পৰম উপকাৰ পাইছে তাৰ অকণো ভুল নাই।

 গতিকে যিবিলাকৰ ইয়াৰ কোনো আৱশ্যক নাই তেওঁবিলাকে অন্যক “এইটো অন্যায়” বুলি কবৰ কোনো অধিকাৰ নাই।

হিন্দু ও খৃষ্টান ধৰ্ম্মৰ পাৰ্থক্য

 আৰু এফাঁকি কথা কবৰ মোৰ আৱশ্যক আছে। ভাৰতবৰ্ষত মূৰ্ত্তি-পূজাই একো দুষ্কৰ্ম্ম কৰা নুবুজায়। ই বেয়া স্বভাৱকো প্ৰশ্ৰয় নিদিয়ে। বৰং ই দুৰ্ব্বল মনৰ মানুহক ধৰ্ম্মৰ উচ্চ ভাৱৰ ধাৰণা কৰিবলৈ বিশেষ সহায়হে কৰে। হিন্দুবিলাকৰ অৱশ্যে অনেক দোষ আছে, কিন্তু এইটিও জানি থোৱা উচিত যে ইয়াৰ পৰা তেওঁবিলাকে নিজে নিজৰ শৰীৰকহে কষ্ট দিয়ে; আনক ডিঙ্গি কাটিবলৈ তেওঁবিলাকে কেতিয়াও আগ নাবাঢ়ে। হিন্দু নৰ-নাৰীয়ে কেতিয়াবা ধৰ্ম্মোন্মাদ হৈ নিজে জুইত জাপদি পুৰি মৰে, কিন্তু বিধৰ্ম্মিক পুৰিবলৈ তেওঁবিলাকে কেতিয়াও জুই নধৰে। যদি ইয়াকো পাপ বুলি কোৱা, তেন্তে এই পাপ অকল হিন্দু-ধৰ্ম্মৰেই নহয়। খৃষ্টিয়ানবিলাকে ডাকিনী বুলি যিবিলাক তিৰোতাক পুৰি মাৰিছে, সেইটো খৃষ্টধৰ্ম্মৰ দোষ নে তেওঁবিলাকৰ নিজৰ দোষ? [ ৩৬ ]  গতিকে হিন্দুবিলাকৰ মতে গোটেই ধৰ্ম্ম-জগতখন নানা ৰুচি বিশিষ্ট নৰ-নাৰীৰ নানা অৱস্থাৰ মাজেদি গৈ সেই একমাত্ৰ ঈশ্বৰোপলদ্ধিৰ পথত আগ বঢ়াৰ উপায়, অইন একো নহয়। প্ৰত্যেক ধৰ্ম্ময়ে জড়-ভাৱাপন্ন মনুষ্যক ব্ৰহ্মত পৰিণত কৰিবৰ কাৰণে নিযুক্ত আৰু সেই একেজন ঈশ্বৰেই সকলো ধৰ্ম্ম-পথ প্ৰকাশ কৰিছে। তেনেহলে ধৰ্ম্ম-বিলাক পৰস্পৰে ইমান বিৰোধ ভাৱ কিয়? হিন্দু সকলে কয় যে ওপৰে ওপৰেহে এনেকুৱা দেখা যায়; কিন্তু বাস্তৱিকতে তেনেকুৱা নহয়। ভিন্নাৱস্থাপন্ন বিভিন্ন প্ৰকৃতি মানুহৰ উপযোগী হবৰ কাৰণে সেই এক সত্যই এনেকুৱা পৰস্পৰ বিৰুদ্ধ ভাৱ ধাৰণ কৰিছে।

 আৰ্চিৰ একে পোহৰেই ভিন্ ভিন্ বৰণৰ মাজে অহা কাৰণেহে এনেকুৱা ভিন্ ভিন্ হৈছে। প্ৰত্যেক স্বভাৱৰ উপযোগী হবৰ কাৰণেহে এইবিলাক বিভিন্নতা আৱশ্যক হৈছে। কিন্তু সকলোৰে অন্তস্তলত আৰু প্ৰত্যেক ধৰ্ম্মতে সেই এক সত্যই ৰাজত্ব কৰিছে। শ্ৰীকৃষ্ণ অৱতাৰত কৈছে—“মনিবিলাকে যেনেকৈ সূতাকে আশ্ৰয় কৰি আছে, সেইদৰে সকলো ধৰ্ম্মই মোকে আশ্ৰয় কৰি আছে। যিয়েই অতিশয় প্ৰভাৱশালী বা অতিশয় সুন্দৰ আৰু পৱিত্ৰ তাতেই মোৰ শক্তি নিহিত আছে বুলি জানিব। এই শিক্ষাৰ ফল কি? মই ডাঠকৈ গোটেই জগতকে জনাইছোঁ সকলো সংস্কৃত ধৰ্ম্ম-শাস্ত্ৰৰ ভিতৰত- হিন্দুৱেই একমাত্ৰ মুক্তিৰ অধিকাৰী আৰু অইন কোনো নহয়- এনেকুৱা ভাৱ কোনোৱে দেখুৱাব নোৱাৰে। ভগবান [ ৩৭ ] কৃষ্ণদ্বৈপায়ন বেদব্যাসে কৈছে,—“ভিন্ন জাতীয় ভিন্ন মতাৱলম্বীৰ মাজতো আমি সিদ্ধ-পুৰুষ দেখিবলৈ পাওঁ।”

 আৰু এফাঁকি কথা আছে। কোনোৱে এনেকুৱা প্ৰশ্নও কৰিব পাৰে যে সৰ্ব্বতোভাৱে আস্তিক্য বুদ্ধি বিশিষ্ট হিন্দবিলাকে অজ্ঞেয়বাদী বৌদ্ধ আৰু নিৰীশ্বৰবাদী জৈনবিলাকৰ মতবিলাক কেনেকৈ বিশ্বাস কৰে?

 বৌদ্ধ আৰু জৈনবিলাকে ঈশ্বৰৰ ওপৰত একোকে নিৰ্ভৰ নকৰে; কিন্তু মানুহৰ ভিতৰত ঈশ্বৰত্ব দেখা পোৱা তেওঁবিলাকৰ ধৰ্ম্মৰ একমাত্ৰ লক্ষ্য। তেওঁবিলাকে ঈশ্বৰ মানক বা নামানক, কিন্তু নিজক দেৱতা কৰাই তেওঁবিলাকৰ মুখ্য উদ্দেশ্য--আৰু সকলো ধৰ্ম্মৰে উদ্দেশ্য এয়েই। তেওঁবিলাকে জগত-পিতা জগদীশ্বৰক দেখা নাই সঁচা; কিন্তু তেওঁৰ পুত্ৰ স্বৰূপ আদৰ্শ মনুষ্য বুদ্ধদেৱক আৰু নিজক দেখিছে। পুত্ৰক দেখিলেই পিতা দেখাৰ সমান।

 ভ্ৰাতৃ সকল! হিন্দু ধৰ্ম্মৰ সংক্ষিপ্ত ভাৱ মই আপোনালোকৰ ওচৰত চমুকৈ বৰ্ণনা কৰিলোঁ। হিন্দুসকলে নিজৰ উদ্দেশ্য সাধন কৰিবলৈ গৈ হয়তো অনেক সময়ত অনেক বিষয়ত সফল হব নোৱাৰিব পাৰে, যদি কেতিয়াবা এক সৰ্ব্ববাদীসন্মত ধৰ্ম্মৰ উদ্ভৱ হয়, তেনেহলে দেশ-কালৰ দ্বাৰা কেতিয়াও সেই ধৰ্ম্ম আৱদ্ধ থাকিব নোৱাৰে। অনন্ত ভগবানৰ নিচিনাকৈ গোটেই জগততে সি বিয়পি পৰিব আৰু সেই অনন্ত ভগবানৰ নিচিনা অনন্ত হব; সেই ধৰ্ম্ম-সূৰ্য্যই কৃষ্ণ-ভক্ত বা খৃষ্ট-ভক্ত, সাধু-অসাধু [ ৩৮ ] সকলোৰে ওপৰতে সমান ভাৱে নিজৰ কিৰণ বিস্তাৰ কৰিব। সেই ধৰ্ম্ম অকল ব্ৰাহ্মণ-ধৰ্ম্ম বা বৌদ্ধ-ধৰ্ম্ম, খৃষ্টান-ধৰ্ম্ম বা মুছলমান-ধৰ্ম্ম নহয়, সকলো ধৰ্ম্মৰ সমষ্টি স্বৰূপ হব; অথচ সেই ধৰ্ম্মতে উন্নতিৰ অনন্ত-পথ মুকলি হৈ থাকিব। সেই ধৰ্ম্ম এনেকুৱা সাৰ্ব্বভৌমিক আৰু সাৰ্ব্বজনিক হব যে সেই ধৰ্ম্মৰ অসংখ্য প্ৰচাৰিত হাতেৰে পৃথিৱীৰ সকলো প্ৰকাৰৰ নৰ-নাৰীক সাদৰেৰে আলিঙ্গন কৰিব। যিবিলাকৰ বুদ্ধি পশুৰ তুল্য বুলিলেও অত্যুক্তি কৰা নহয় তেনেকুৱাবিলাককে আদি কৰি নিজ গুণে আৰু হৃদয় মনৰ উৎকৃষ্ট গুণৰাশিৰ দ্বাৰা যি সকলে মানৱজাতিৰ উচ্চ-স্থান অধিকাৰ কৰিছে, আৰু সমাজে যি সকলক সাধাৰণ মানুহ বুলিবলৈ সাহ নকৰি দেৱতাৰ নিচিনাকৈ পূজা কৰি আছে, সেই সকলকে আদি কৰি সেই বিশ্বজনীন ধৰ্ম্মৰ কোলাত ঠাই পাব। সেই ধৰ্ম্ম এনেকুৱা হব যে, তাত কাৰো প্ৰতি কোনেও বিদ্বেষ বা উৎপীড়ন কৰিবলৈ ঠাই নেথাকিব-প্ৰত্যেক নৰ-নাৰীক দেৱতাৰ নিচিনা বুলি ভাবিব; আৰু এই ধৰ্ম্মৰ সকলো শক্তি সকলো মনুষ্যজাতিৰ নিজ নিজ দেৱ স্বভাৱোপলদ্ধি কৰিবলৈ সততে সাজু থাকিব।

 এনেকুৱা সাৰ্ব্বভৌমিক ধৰ্ম প্ৰচাৰ কৰা, সকলো জাতিয়েই তোমাৰ অনুগামী হব। অশোকৰ ধৰ্ম্ম-সভা কেৱল বৌদ্ধবিলাকৰ কাৰণেহে আছিল। আকবৰৰ ধৰ্ম্ম-সভাত যদিও সকলো ধৰ্মৰে ঠাই আছিল তথাপি সেই ধৰ্ম্ম সভা নিচেই ঠেক সীমাৰ ভিতৰতে আৱদ্ধ আছিল। “সকলো ধৰ্ম্মতে ঈশ্বৰ আছে” এই কথা ঘোষণা কৰাৰ গৌৰব আমেৰিকাৰ কাৰণেহে আছিল। [ ৩৯ ]  যিজন হিন্দুৰ ব্ৰহ্ম, পাৰছীবিলাকৰ অহুৰ মজদ্‌, বৌদ্ধ বিলাকৰ বুদ্ধ, মুছলমানৰ আল্লা ইহুদীবিলাকৰ জিহোবা, খৃষ্টানবিলাকৰ স্বৰ্গত থকা পিতা, সেই জনেই এই মহৎ উদ্দেশ্য কাৰ্য্যত পৰিণত কৰিবলৈ আপোনালোকক অশেষ শক্তি দিয়ক। পূবাকাশত নক্ষত্ৰ উদয় হৈ, কেতিয়াবা অতি উজ্জ্বল হৈ আৰু কেতিয়াবা ঢিমিক-ঢামাক পোহৰ দি পশ্চিম ফালে মাৰ গল। ক্ৰমান্বয়ে গোটেই জগত প্ৰদক্ষিণ কৰি সহস্ৰ গুণে উজ্জ্বল হৈ আকৌ পূবাকাশত ওলাইছেহি। হে স্বাধীনতাৰ মাতৃ-ভূমি কলম্বিয়া! তুমি কাহানিও তোমাৰ ওচৰ চুবুৰীয়াৰ তেজেৰে তোমাৰ হাত ৰাঙলী কৰা নাই। তুমি ওচৰ চুবুৰীয়াৰ ধন-বস্তু লুটি আনি নিজে চহকী হবলৈও চেষ্টা কৰা নাই। গতিকে তুমিয়েই সভ্য-জগতৰ আগৰণুৱা হৈ শান্তি-পতাকা উৰাব পাৰা; আৰু তুমিয়েই সেই কাৰ্যৰ অধিকাৰিণী।

___________