কৃষ্ণদ্বৈপায়ন বেদব্যাসে কৈছে,—“ভিন্ন জাতীয় ভিন্ন মতাৱলম্বীৰ মাজতো আমি সিদ্ধ-পুৰুষ দেখিবলৈ পাওঁ।”
আৰু এফাঁকি কথা আছে। কোনোৱে এনেকুৱা প্ৰশ্নও কৰিব পাৰে যে সৰ্ব্বতোভাৱে আস্তিক্য বুদ্ধি বিশিষ্ট হিন্দবিলাকে অজ্ঞেয়বাদী বৌদ্ধ আৰু নিৰীশ্বৰবাদী জৈনবিলাকৰ মতবিলাক কেনেকৈ বিশ্বাস কৰে?
বৌদ্ধ আৰু জৈনবিলাকে ঈশ্বৰৰ ওপৰত একোকে নিৰ্ভৰ নকৰে; কিন্তু মানুহৰ ভিতৰত ঈশ্বৰত্ব দেখা পোৱা তেওঁবিলাকৰ ধৰ্ম্মৰ একমাত্ৰ লক্ষ্য। তেওঁবিলাকে ঈশ্বৰ মানক বা নামানক, কিন্তু নিজক দেৱতা কৰাই তেওঁবিলাকৰ মুখ্য উদ্দেশ্য--আৰু সকলো ধৰ্ম্মৰে উদ্দেশ্য এয়েই। তেওঁবিলাকে জগত-পিতা জগদীশ্বৰক দেখা নাই সঁচা; কিন্তু তেওঁৰ পুত্ৰ স্বৰূপ আদৰ্শ মনুষ্য বুদ্ধদেৱক আৰু নিজক দেখিছে। পুত্ৰক দেখিলেই পিতা দেখাৰ সমান।
ভ্ৰাতৃ সকল! হিন্দু ধৰ্ম্মৰ সংক্ষিপ্ত ভাৱ মই আপোনালোকৰ ওচৰত চমুকৈ বৰ্ণনা কৰিলোঁ। হিন্দুসকলে নিজৰ উদ্দেশ্য সাধন কৰিবলৈ গৈ হয়তো অনেক সময়ত অনেক বিষয়ত সফল হব নোৱাৰিব পাৰে, যদি কেতিয়াবা এক সৰ্ব্ববাদীসন্মত ধৰ্ম্মৰ উদ্ভৱ হয়, তেনেহলে দেশ-কালৰ দ্বাৰা কেতিয়াও সেই ধৰ্ম্ম আৱদ্ধ থাকিব নোৱাৰে। অনন্ত ভগবানৰ নিচিনাকৈ গোটেই জগততে সি বিয়পি পৰিব আৰু সেই অনন্ত ভগবানৰ নিচিনা অনন্ত হব; সেই ধৰ্ম্ম-সূৰ্য্যই কৃষ্ণ-ভক্ত বা খৃষ্ট-ভক্ত, সাধু-অসাধু