পৃষ্ঠা:বিবেকানন্দৰ চিকাগো বক্তৃতা.djvu/৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৩)

 যিজন হিন্দুৰ ব্ৰহ্ম, পাৰছীবিলাকৰ অহুৰ মজদ্‌, বৌদ্ধ বিলাকৰ বুদ্ধ, মুছলমানৰ আল্লা ইহুদীবিলাকৰ জিহোবা, খৃষ্টানবিলাকৰ স্বৰ্গত থকা পিতা, সেই জনেই এই মহৎ উদ্দেশ্য কাৰ্য্যত পৰিণত কৰিবলৈ আপোনালোকক অশেষ শক্তি দিয়ক। পূবাকাশত নক্ষত্ৰ উদয় হৈ, কেতিয়াবা অতি উজ্জ্বল হৈ আৰু কেতিয়াবা ঢিমিক-ঢামাক পোহৰ দি পশ্চিম ফালে মাৰ গল। ক্ৰমান্বয়ে গোটেই জগত প্ৰদক্ষিণ কৰি সহস্ৰ গুণে উজ্জ্বল হৈ আকৌ পূবাকাশত ওলাইছেহি। হে স্বাধীনতাৰ মাতৃ-ভূমি কলম্বিয়া! তুমি কাহানিও তোমাৰ ওচৰ চুবুৰীয়াৰ তেজেৰে তোমাৰ হাত ৰাঙলী কৰা নাই। তুমি ওচৰ চুবুৰীয়াৰ ধন-বস্তু লুটি আনি নিজে চহকী হবলৈও চেষ্টা কৰা নাই। গতিকে তুমিয়েই সভ্য-জগতৰ আগৰণুৱা হৈ শান্তি-পতাকা উৰাব পাৰা; আৰু তুমিয়েই সেই কাৰ্যৰ অধিকাৰিণী।

___________