বৰ্তমান কালত জগতত প্ৰচলিত তিনটি ধৰ্ম্ম ঐতিহাসিক যুগৰ আগেও বিদ্যমান আছিল। সেই তিনটি ধৰ্ম্ম হিন্দু, পাৰছী আৰু ইহুদী। এই তিনটি ধৰ্ম্মৰ প্ৰত্যেকটোৱেই অনেক বিপদাপদ সহ্য কৰি এতিয়াও যে জীবিত আছে ইয়াৰ পৰা এইটো বেছকৈ প্ৰমাণিত হৈছে যে এই ধৰ্ম্মবিলাকত এটি মহৎ শক্তি লুকাই আছে, কিন্তু এপিনে যি দৰে ইহুদী ধৰ্ম্মই খৃষ্টধৰ্ম্মক নিজৰ ভিতৰুৱা কৰি লোৱা দূৰৰ কথা নিজেই জন্মভূমিৰ পৰা তেওঁৰ মহা শক্তিশালিনী বিজয়িনী জীয়েকৰ প্ৰতাপত খেদাহে খালে; আৰু নিচেই তাকৰ পাৰছীয়েহে এতিয়া তেওঁবিলাকৰ সেই মহান্ ধৰ্ম্মৰ সাক্ষীস্বৰূপ হৈ আছে। সেইদৰে আন পিনে আকৌ ভাৰতবৰ্ষত সম্প্ৰদায়ৰ উপৰি সম্প্ৰদায় ওলাই বৈদিক ধৰ্ম্মৰ ভেঁটীকো কঁপাই দিলে। কিন্তু মহা ভূমি কম্পৰ সময়ত সাগৰৰ পানী যি দৰে পাৰৰ পৰা বহুত দূৰলৈ আঁতৰি গৈ অলপ পিছতে সহস্ৰ গুণ বেগেৰে পাৰলৈ চাপি আহি গোটেই পাৰ বুৰাই ঢাকি ধৰেহি, সেই দৰেই এইবিলাক জননী স্বৰূপ বেদোক্ত ধৰ্ম্মও প্ৰথমতে অলপ দিনৰ কাৰণে আঁতৰি গৈ বিপ্লৱৰ হাই-
পৃষ্ঠা:বিবেকানন্দৰ চিকাগো বক্তৃতা.djvu/১৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে