সকলোৰে ওপৰতে সমান ভাৱে নিজৰ কিৰণ বিস্তাৰ কৰিব। সেই ধৰ্ম্ম অকল ব্ৰাহ্মণ-ধৰ্ম্ম বা বৌদ্ধ-ধৰ্ম্ম, খৃষ্টান-ধৰ্ম্ম বা মুছলমান-ধৰ্ম্ম নহয়, সকলো ধৰ্ম্মৰ সমষ্টি স্বৰূপ হব; অথচ সেই ধৰ্ম্মতে উন্নতিৰ অনন্ত-পথ মুকলি হৈ থাকিব। সেই ধৰ্ম্ম এনেকুৱা সাৰ্ব্বভৌমিক আৰু সাৰ্ব্বজনিক হব যে সেই ধৰ্ম্মৰ অসংখ্য প্ৰচাৰিত হাতেৰে পৃথিৱীৰ সকলো প্ৰকাৰৰ নৰ-নাৰীক সাদৰেৰে আলিঙ্গন কৰিব। যিবিলাকৰ বুদ্ধি পশুৰ তুল্য বুলিলেও অত্যুক্তি কৰা নহয় তেনেকুৱাবিলাককে আদি কৰি নিজ গুণে আৰু হৃদয় মনৰ উৎকৃষ্ট গুণৰাশিৰ দ্বাৰা যি সকলে মানৱজাতিৰ উচ্চ-স্থান অধিকাৰ কৰিছে, আৰু সমাজে যি সকলক সাধাৰণ মানুহ বুলিবলৈ সাহ নকৰি দেৱতাৰ নিচিনাকৈ পূজা কৰি আছে, সেই সকলকে আদি কৰি সেই বিশ্বজনীন ধৰ্ম্মৰ কোলাত ঠাই পাব। সেই ধৰ্ম্ম এনেকুৱা হব যে, তাত কাৰো প্ৰতি কোনেও বিদ্বেষ বা উৎপীড়ন কৰিবলৈ ঠাই নেথাকিব-প্ৰত্যেক নৰ-নাৰীক দেৱতাৰ নিচিনা বুলি ভাবিব; আৰু এই ধৰ্ম্মৰ সকলো শক্তি সকলো মনুষ্যজাতিৰ নিজ নিজ দেৱ স্বভাৱোপলদ্ধি কৰিবলৈ সততে সাজু থাকিব।
এনেকুৱা সাৰ্ব্বভৌমিক ধৰ্ম প্ৰচাৰ কৰা, সকলো জাতিয়েই তোমাৰ অনুগামী হব। অশোকৰ ধৰ্ম্ম-সভা কেৱল বৌদ্ধবিলাকৰ কাৰণেহে আছিল। আকবৰৰ ধৰ্ম্ম-সভাত যদিও সকলো ধৰ্মৰে ঠাই আছিল তথাপি সেই ধৰ্ম্ম সভা নিচেই ঠেক সীমাৰ ভিতৰতে আৱদ্ধ আছিল। “সকলো ধৰ্ম্মতে ঈশ্বৰ আছে” এই কথা ঘোষণা কৰাৰ গৌৰব আমেৰিকাৰ কাৰণেহে আছিল।