পৃষ্ঠা:বিবেকানন্দৰ চিকাগো বক্তৃতা.djvu/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৯)

উৰুমিৰ পিচত প্ৰৱল বেগেৰে আহি সেই সৰু সৰু সম্প্ৰদায় বিলাকক অন্তৰ্ভুক্ত কৰি নিজৰ শৰীৰ বঢ়ালে।

 আজি কালিৰ বিজ্ঞানৰ নতুন নতুন আবিষ্কাৰবিলাক যাৰ প্ৰতিধ্বনি যেন হে বোধ হয়, বেদান্তৰ সেই উচ্চতম আধ্যাত্মিক জ্ঞানৰ পৰাই সামান্য মূৰ্ত্তি পূজা আৰু তাৰ আনুষঙ্গিক নানা বিধ পৌৰাণিক কথা,-আনকি বৌদ্ধধৰ্ম্মৰ অজ্ঞেয়বাদ আৰু জৈন ধৰ্ম্মৰ নিৰীশ্বৰবাদ এই সকলোবিলাকৰেই হিন্দুধৰ্ম্মত ঠাই আছে।

 এইখিনিতে এটা প্ৰশ্ন উঠিব পাৰে, এই সকলো ভিন ভিন বিৰোধী ভাৱবোৰৰ সাধাৰণ কেন্দ্ৰ ঠাই ক'ত? কি সাধাৰণ কেন্দ্ৰ আশ্ৰয় কৰি এইবিলাক ৰৈ আছে? মই আজি এই প্ৰশ্নৰ আলোচনা কৰিবলৈ যথা সাধ্য চেষ্টা কৰিম।

বেদৱ নিত্যতা। হিন্দুবিলাকে বেদক আপ্তবাক্য বোলে আৰু তাৰে পৰা নিজৰ ধৰ্ম্ম লৈছে। তেওঁবিলাকে বেদক, অনাদি আৰু অনন্ত বুলি বিশ্বাস কৰে। পুথি এখনক অনাদি আৰু অনন্ত বুলিলে আজিৰ দৰে শ্ৰোতাসকলৰ হাঁহি উঠিব পাৰে। কিন্তু “বেদ” এই শব্দই কোনো পুথিকে নুবুজায়। ভিন ভিন লোকসকলে ভিন ভিন সময়ত যি আধ্যাত্মিক সত্যৰ আবিষ্কাৰ কৰিছিল “বেদ” এই সত্যবিলাকৰ ভৰাঁলহে মাথোন। যেনেকৈ আবিষ্কাৰ হোৱাৰ আগেও পৃথিবীৰ মাধ্যাকৰ্ষণ শক্তি আছিল, আৰু সকলোবিলাক মানুহে এই নিয়মবিলাক পাহৰিলেও জগতত থাকিব, আধ্যাত্মিক জগতৰ নিয়মবিলাকো ঠিক তেনেকুৱাই। আত্মাৰ সৈতে আত্মাৰ যি পবিত্ৰ সম্বন্ধ আৰু প্ৰত্যেক জীৱাত্মাৰ