পৃষ্ঠা:বিবেকানন্দৰ চিকাগো বক্তৃতা.djvu/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৭)


আৰু আনফালে এখোপকে উধাব পৰা নাই কাৰণ তেওঁবিলাকৰ মতে ধৰ্ম্ম হৈছে কিছুমান নিয়ম পালন কৰা, আৰু অইনৰ উপকাৰ কৰা, ইয়াৰ বাহিৰে অইন একো নহয়। কিন্তু হিন্দুবিলাকে নিজৰ আত্মাত বিশ্বাত্মাৰ অনুভূতিকেই ব্ৰহ্মৰ উপলদ্ধিকেই প্ৰধান আৰু চৰম লক্ষ্যৰূপে ধৰি আছে। মানুহে ঈশ্বৰ উপলদ্ধিৰ দ্বাৰা ঈশ্বৰত্ব পাব লাগিব। গতিকে দেৱী মূৰ্ত্তিকেই হওক বা ধৰ্ম্ম শাস্ত্ৰই হওক এই সকলোবিলাক তেওঁৰ ধৰ্ম্ম-জীৱনৰ বাল্যাৱস্থাৰ সহকাৰী মাথোন। এইবিলাক তেওঁৰ চৰম উদ্দেশ্য বা লক্ষ্য নহয়। তেওঁ ক্ৰমান্বয়ে আগবাঢ়ি যাব লাগিব। তেওঁ ক’তো ৰব নোৱাৰে।

 বেদে কৈছে, “বাহ্যিক-পূজা আৰু মূৰ্ত্তি-পূজা প্ৰথমাৱস্থাৰ কাৰ্য্য। অলপ উধাবলৈ মানসিক প্ৰাৰ্থনাৰ যি চেষ্টা কৰা হয়, সেয়ে দ্বিতীয় অৱস্থা, কিন্তু ঈশ্বৰৰ সাক্ষাত হোৱা আৰু তেওঁক উপলদ্ধি কৰাই হৈছে চৰম লক্ষ্য। ভক্তই কৰযোৰ কৰি আঠু কাঢ়ি দেৱ-মূৰ্ত্তিক পূজা কৰি কি কয় শুনাহঁক “সূৰ্য্যই তেওঁক প্ৰকাশ কৰিব নোৱাৰে, চন্দ্ৰ, তাৰা আৰু বিজুলীয়েও তেওঁক প্ৰকাশ কৰিব নোৱাৰে; গতিকে অগ্নিয়ে তেওঁক কেনেকৈ প্ৰকাশ কৰিব পাৰিব? কিন্তু এই সকলোবিলাকহে তেওঁৰ দ্বাৰা প্ৰকাশিত হৈছে।” কিন্তু তেওঁ কাৰো মূৰ্ত্তিকেই ঘিণ কৰা নাই আৰু মূৰ্ত্তি পূজা পাপ বুলিও কোৱা নাই। তেওঁ এনেকুৱা পূজাক জীৱনৰ এক অত্যাৱশ্যক অৱস্থা বুলিহে কৈছে। “লৰা-কাল মানুহৰ ভবিষ্যত জীৱনৰ জন্মদাতা”। বুঢ়াই যদি