পৃষ্ঠা:বিবেকানন্দৰ চিকাগো বক্তৃতা.djvu/১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৩)


জড়ৰ পৰা যে চৈতন্য শক্তি উদ্ভৱ হৈছে, এইটো কোনোমতে প্ৰমাণ কৰিব নোৱাৰি। এই দৰে সূক্ষ্ম চিন্তা কৰি চালে এক মূল পদাৰ্থৰ পৰাই সমষ্ট জগত সৃষ্ট হৈছে বুলি ধৰিবই লাগিব; আৰু সেই মূল পদাৰ্থ জড় নুবুলি চৈতন্য শক্তি বুলি ধৰাই যুক্তি সঙ্গত বাঞ্ছনীয়। কিন্তু এই খিনিত এই কথা আলোচনা কৰাৰ কোনো আৱশ্যক নাই।

কুল-সংক্ৰমণ বংশানুক্ৰমিক আৰু পুনৰ্জন্মবাদ- আমি এইটো অস্বীকাৰ কৰিব নোৱাৰোঁ যে মানৱ- দেহত পিতৃ-পিতামহৰ অনেক স্বভাৱ-চৰিত্ৰ সংক্ৰমিত হয়, কিন্তু এই স্বভাৱ সৰ্ব্বতোভাৱে দৈহিক। ইয়াৰ বাহিৰেও পূৰ্ব্ব-কৰ্ম্মৰ ফল স্বৰূপে মানুহৰ আত্মাৰো বিশেষ বিশেষ কিছুমান গুণ থাকে। যি আত্মাৰ যি স্বভাৱ সেই আত্মাই ঠিক তেনেকুৱা দেহৰ আশ্ৰয় লৈ তাৰ স্বভাৱানুযায়ী কাম কৰিব পাৰে, আত্মাৰো সেই স্বভাৱ পূৰ্ব্বানুষ্ঠিত কৰ্ম্মৰ কাৰণেই হয়। যি আত্মা যি বিষয়ত প্ৰৱল, সেই আত্মাই “যোগ্যং যোগ্যেন যুজ্যতে”—এই নিয়মানুসাৰে তদুপযোগী দেহত জন্মগ্ৰহণ কৰি থাকে। বিজ্ঞানৰো এয়ে মত। কাৰণ বিজ্ঞান-শাস্ত্ৰই কয়,—স্বভাৱ অভ্যাসৰ পৰা হয়, আৰু অভ্যাস পুনঃ পুনঃ অনুষ্ঠানৰ ফল। গতিকে এটা কেঁচুৱা লৰাৰ স্বভাৱ তাৰ পুনঃ পুনঃ অনুষ্ঠিত কৰ্ম্মৰহে ফল। আৰু যি বিষয়ত সেই কেঁচুৱা ল’ৰাটোৱে বৰ্তমান জীৱনত সেই স্বভাৱ পোৱা অসম্ভৱ গতিকে সি সেই স্বভাৱ অৱশ্যই পূৰ্ব্ব জীৱনৰ পৰা পোৱা।