যেতিয়াই মই জ্ঞানময় হম, তেতিয়াই মই অজ্ঞান আন্ধাৰৰ পৰা দূৰ হম। আৰু এয়েহে প্ৰকৃত বৈজ্ঞানিক সিদ্ধান্ত। বিজ্ঞানে প্ৰমাণ কৰি দেখুৱাইছে যে আমি যে দেহক এটা প্ৰকৃত স্বতন্ত্ৰ বস্তু (individual) বুলি ভাবোঁ, সি ভুল; প্ৰকৃততে মোৰ শৰীৰ নিৰৱচ্ছিন্ন জড়-সমুদ্ৰৰ ভিতৰত প্ৰতিক্ষণে পৰিবৰ্ত্তিত হৈ থকা ক্ষুদ্ৰ বস্তু মাত্ৰ। আৰু মোৰ আধ্যাত্মিক অংশ আত্মাৰ সম্বন্ধে,-অদ্বৈত জ্ঞানেই হে একমাত্ৰ যুক্তিযুক্ত সিদ্ধান্ত।
অদ্বৈতই ধৰ্ম্ম বিজ্ঞান একত্ব শক্তিৰ অন্বেষণৰ
বিজ্ঞানৰ চৰম সিদ্ধান্ত বাহিৰে অইন একো নহয়।
যেতিয়াই বিজ্ঞানে এই কথা উলিয়াব পাৰিব, তেতিয়াই উন্নতি
চৰম সীমাত থিয় হবগৈ। যেনেকৈ ৰসায়ন শাস্ত্ৰই যদি এনেকুৱা
এটা পদাৰ্থ আবিষ্কাৰ কৰিব পাৰে, যিহৰ পৰা সকলোবিলাক
পদাৰ্থ তৈয়াৰ কৰিব পাৰি, তেনেহলে ই চৰম উন্নতি লাভ
কৰিলে! পদাৰ্থ বিদ্যাই যদি এনেকুৱা এটা শক্তিৰ তত্ত্ব জানিব
পাৰে, যিহৰ পৰা অইন অইন শক্তি উদ্ভূত হৈছে, তেনেহলে ই
সম্পূৰ্ণ হ'ল। আৰু ধৰ্ম্ম বিজ্ঞানেও যেতিয়াই সেই একমাত্ৰ
মূল কাৰণক দেখিবলৈ পাব, যি এই মৰ্ত্ত্যলোকৰ একমাত্ৰ
অমৃত স্বৰূপ, যি নিত্যপৰিবৰ্ত্তনশীল জগতৰ একমাত্ৰ অটল-অচল
ভিত্তিমূল, যি একমাত্ৰ পৰমাত্মা—অন্যান্য আত্মা যাৰ প্ৰতিবিম্ব
স্বৰূপ, তেতিয়া পূৰ্ণতা লাভ কৰিব। এইদৰে বহু-ঈশ্বৰ-বাদ,
দ্বৈতবাদ প্ৰভৃতিৰ মাজেদি গৈ অদ্বৈতবাদ পালেগৈ ধৰ্ম্ম বিজ্ঞানে
এখোজকে আগ বাঢ়িব নোৱাৰে।