গতিকে হিন্দুবিলাকৰ মতে গোটেই ধৰ্ম্ম-জগতখন নানা ৰুচি বিশিষ্ট নৰ-নাৰীৰ নানা অৱস্থাৰ মাজেদি গৈ সেই একমাত্ৰ ঈশ্বৰোপলদ্ধিৰ পথত আগ বঢ়াৰ উপায়, অইন একো নহয়। প্ৰত্যেক ধৰ্ম্ময়ে জড়-ভাৱাপন্ন মনুষ্যক ব্ৰহ্মত পৰিণত কৰিবৰ কাৰণে নিযুক্ত আৰু সেই একেজন ঈশ্বৰেই সকলো ধৰ্ম্ম-পথ প্ৰকাশ কৰিছে। তেনেহলে ধৰ্ম্ম-বিলাক পৰস্পৰে ইমান বিৰোধ ভাৱ কিয়? হিন্দু সকলে কয় যে ওপৰে ওপৰেহে এনেকুৱা দেখা যায়; কিন্তু বাস্তৱিকতে তেনেকুৱা নহয়। ভিন্নাৱস্থাপন্ন বিভিন্ন প্ৰকৃতি মানুহৰ উপযোগী হবৰ কাৰণে সেই এক সত্যই এনেকুৱা পৰস্পৰ বিৰুদ্ধ ভাৱ ধাৰণ কৰিছে।
আৰ্চিৰ একে পোহৰেই ভিন্ ভিন্ বৰণৰ মাজে অহা কাৰণেহে এনেকুৱা ভিন্ ভিন্ হৈছে। প্ৰত্যেক স্বভাৱৰ উপযোগী হবৰ কাৰণেহে এইবিলাক বিভিন্নতা আৱশ্যক হৈছে। কিন্তু সকলোৰে অন্তস্তলত আৰু প্ৰত্যেক ধৰ্ম্মতে সেই এক সত্যই ৰাজত্ব কৰিছে। শ্ৰীকৃষ্ণ অৱতাৰত কৈছে—“মনিবিলাকে যেনেকৈ সূতাকে আশ্ৰয় কৰি আছে, সেইদৰে সকলো ধৰ্ম্মই মোকে আশ্ৰয় কৰি আছে। যিয়েই অতিশয় প্ৰভাৱশালী বা অতিশয় সুন্দৰ আৰু পৱিত্ৰ তাতেই মোৰ শক্তি নিহিত আছে বুলি জানিব। এই শিক্ষাৰ ফল কি? মই ডাঠকৈ গোটেই জগতকে জনাইছোঁ সকলো সংস্কৃত ধৰ্ম্ম-শাস্ত্ৰৰ ভিতৰত- হিন্দুৱেই একমাত্ৰ মুক্তিৰ অধিকাৰী আৰু অইন কোনো নহয়- এনেকুৱা ভাৱ কোনোৱে দেখুৱাব নোৱাৰে। ভগবান