[ //৫৬// ]
 

মন্ত্ৰ (নাটিকা)

প্ৰথম দৃশ্য

(যদুনাথ মাষ্টাৰ গ্ৰেজুয়েট। চহৰৰ হাইস্কুলৰ ৫ম মান শ্ৰেণীৰ ক্লাছ মাষ্টাৰ। অবিবাহিত। চহৰত এটা ৫৲ টকীয়া ভাড়া ঘৰত থাকে। ৰান্ধনি, চাকৰ, বেহাৰা, সকলো কাম কৰে একমাত্ৰ মনাই চাকৰে। তাৰ বয়স কিমান কব নোৱাৰি। দেখাত ৮/১০ যেন দেখি। কাম-বন কৰে ১৮/২০ বছৰীয়া ডেকাৰ দৰে; কথাও তেনে। যদুনাথে সঙ্গী কেইজনমানৰ লগত পুৱা তাচ খেলি আছে)

 যদুনাথ— আজি নেৰোঁ। তোমালোকক ছক্কা এখন বান্ধি হে উঠিম। এই— মাৰ কুৰি।

 বিপক্ষৰ ১ম— থোৱা থোৱা তোমাৰ ছক্কা। উঁঃ উঁঃ গাঞ্জাৰ গন্ধ ওলাইছে। হেৰ মনাই অলপ এচেঞ্চ লৈ আহ, তহঁতৰ মাষ্টাৰৰ নাকত গন্ধ সোমায়।

 মনাই— (বেগেৰে প্ৰবেশ কৰি) কি লাগে দেউতা? দেউতাৰ নাকত কি সোমাল? চাওঁ এই ঘুন্টিৰে উলিয়াই দিওঁ। (বিপক্ষ গিৰ্জনি মাৰি হাঁহি। যদুনাথ ৰঙা-কলা পৰে।)

 যদুনাথ— বাঃ বুৰবকটো। কি সোমাল তোৰ বাপেৰৰ নাকত, ঘুন্টিপাত লৈ আহিছে, যাঃ।
[ ৫৭ ]  মনাই— মই কি কৰিম দেউতা, এখেতসকলে ৰিং ধৰিছে নহয়, কাণ ফালি যায়, হে মনাই, কিবাটো লৈ আহ, নাকত সোমাল! পাৰেমানে আপোনালোকে তাচ খেলক, মই মনাইৰ গাত কিহৰ জগৰ লাগিল। এইদৰে হলে মই আৰু থাকিব নোৱাৰোঁ দেউতা, একে কথাতে কৈ দিছোঁ।

 যদুনাথ— যা, বলীয়াটো, কেক্‌কেকাই নাথাকিবি। ধঁপাত লৈ আহ।

 মনাই— ধঁপাত আকৌ দিবলৈ হাক দিছে নহয়। বোলে সিদিনা ধঁপাত সাং হওঁতে মই কলো, তাচ খেলোতে দিওঁতে দিওঁতে সাং হ’ল। আপুনি খং কৰি কৈছিল নহয় বোলে সেইবোৰ—

 যদুনাথ— কি আপদটোৱে পালে! যা বাৰু যা। গুচ আগৰ পৰা, গাধাটো।

 মনাই— মই গাধা হলো কেনেকৈ? আপুনিয়ে হাক দিছে বোলে ধঁপাত দিব নালাগে। এতিয়া আকৌ মোক গাধা পাতে। দিওঁ বাৰু মই, এচিলি নহয় দহ চিলিম দিওঁ। স্কুললৈ যাবৰ সময়ত নাপালে তেতিয়া আকে। মোক খং নকৰিব। (প্ৰস্থান)

 বিপক্ষ ২য়— এইয়া, তুমি ৰং এখন চাপ্ৰাচী কৰিছিলা নহয়। সেইবাৰ মোৰ নবুৰ লগত ৰং দিয়া নাই, এইবাৰ ক’ৰ পৰা ওলাল?
[ ৫৮ ]  যদুনাথ সিটোহাত— কিয় নিদিম? সেই পিটটো চোৱা। মই ৰঙৰ আঠাখন দিছোঁ।

 বিপক্ষ ২য়— তুমি আঠাখন দিছা, নে আমাৰ সিহাতৰ পৰা ওলাইছে? বাজি ৰাখা।

 যদুনাথ সিটোহাত— বাজি, কিহৰ বাজি! তুমি বাৰে বাৰে মোক চোৰ ধৰি মন পাই গৈছা? I will not tolerate it! আচ্ছা, তোমাৰ জুৰিক সোধা।

 বিপক্ষ ১ম— জানো, ময়ে দিছোঁ হবপায়তো আঠাখন।

 বিপক্ষ ২য়— এতিয়া, liar, মিছলীয়া!

 যদুনাথ সিটোহাত— চুপ! মোক বৰ liar নুবুলিবা। মজা দেখুৱাই দিম।

 বিপক্ষ ২য়— কিহৰ মজা দিবা তুমি? তুমি liar, এবাৰ নহয়, হাজাৰ বাৰ liar বুলিছোঁ।

 যদুনাথ সিটোহাত— Donkey, fool, মই liar নে কোন liar দেখুৱাওঁ চা।

 (তাচৰ খেলত হুৰামূৰা মৰামৰি লাগে। কাজিয়া লগা দুজনে ঘুচিয়া-ঘুচি, গালাগালি কৰে। ই দুজনে হাহাকাৰ কৰি কাজিয়া ভাঙিবলৈ যায়।)

 মনাই— (ধঁপাত লৈ প্ৰবেশ আৰু মৰামৰি দেখি আচৰিত) ঔ আই, কি হল, মাৰিলে, তেনেই মাৰিলে, কোন ক’ত আছা আহাহঁক, মৰিল, মৰিল, চিপাহী ককাই আহাহঁক, [ ৫৯ ] মৰিল, মৰিল। (বাটেৰে এজন চিপাহী গৈ আছিল, সি এই হাহাকাৰ শুনি সোমাই আহিল।) এইয়া, চোৱা, মৰিল, মাৰিলে। (যদুক দেখি) অ’ আমাৰ দেউতা, তেৱোঁ মৰা নাই, এইবাৰ ৰক্ষা। (চিপাহী দেখি আটায়ে অলপ শান্ত হ’ল।)

 যদুনাথ— এই আপদটো! চিপাহীক মাতি আনিছ কেলেই, গাধাটো।

 মনাই— মই হে হলোঁ গাধা! চিপাহী নহয়, হাৱালদাৰ। এওঁ নোহোৱা হলে দেখোন সেই দুপাতে জোবোৰা-জোবোৰি কৰি মৰিলেইহেঁতেন।

 হাৱালদাৰ— কি হৈছে বাবু আপোনালোকৰ? অপোনালোক ভদ্ৰ মানুহ, এইখন কি হাল্লা পাতিছে।

 যদুনাথ— একো হাল্লা নাই হাৱালদাৰ চাহাব। মোৰ বন্ধু দুজনে ধেমালিহে পাতিছিল, এই গৰুটোৰে চিঞঁৰ বাখৰ কৰি হাহাকাৰ কৰিছে।

 মনাই— এৰা, জগৰ লাগিল অমুকাৰ গাত। আপোনালোকে মৰামৰি, গালাগালি কৰক আৰু চিপাহীয়ে মোক ধৰি নিয়ক। ভাল চাকৰি কৰিছোঁ।

 হাৱালদাৰ— মইতো এৰি যাব নাপাৰিম বাৰু চাহাব। চৰকাৰকা নিমখ খাইকে নিমখহাৰামি কাঁহাসে কৰিব পাৰিম। আপনালোকে আভি থানামে যাব লাগে।

 যদুনাথ— (আটাইকেইজনে চোৱা-চুই লগায়) এৰা, ভাল [ ৬০ ] আপাদখনে পালে। হাৱালদাৰ চাহাব, থানা-ফানা যাবলৈ ভাল নহয়। আপুনি চলি যাওক। আৰু বেয়া নাপায় যদি অলপ পাণ-চুৰট খাবলৈ এই পইচা আঠ অনাকে লওক।

 হাৱালদাৰ— নাই বাবু চাহাব পইচা নালাগে; বৰ মানাহি আছে। আপনালোকতো সব জানে। আচ্ছা আগলৈ হাল্লা নকৰিব। আভি যাওঁ।

 (হাৱালদাৰ যায়। তাচ খেলোঁতা ইজনে-সিজনে কোৱাকুই কৰে আৰু তাৰে এজনে আধলি এটি লৈ হাৱালদাৰক দি আহেগৈ।)

 তাচ খেলোঁতা এজন— ললেনেহে?

 দিওঁতাজন— নলব কেলেই, মই তাৰ আও-ভাৱতে জানিছেো নহয়, অকলে বিচাৰে।

 যদুনাথ— এৰা, ভাল অপদখন হ’ল। এই বুৰবকটোহে সকলো সৰ্ব্বনাশৰ মূল। (মনাইলৈ চকু ঘোপা কৰি চায়।)

 মনাই— মোৰ ফালে তেনেকৈ চাব নালাগে। আৰু যদি এইদৰে মৰামৰি কৰিবলৈ হয়, অমুকা ইয়াত নাথাকে। আই ঔ, এইখন বোলে আকৌ ভাল মানুহ। তাচ খেলিও মৰামৰি কৰে। থুই, থুই, এনেখন তাচ নেখেলিলে আকা।

 যদুনাথ— ই দিনে দিনে চল পাই গৈছে আহাম্মখ!

(মাৰিবলৈ খেদা মাৰে, মনাই ওলাই লৰ মাৰে)

দৃশ্যপট পৰে।

 
[ ৬১ ] 

দ্বিতীয় দৃশ্য

[সৰু পুলি এটা, আন্ধাৰ, লেতেৰা, ধঁপাতৰ ছাই, শাক-পাচলিৰ চোঁচ ইত্যাদিৰে ভৰা। তাৰ মাজত অকণমানি পীৰা এখনৰ সমুখত ভাত-আঞ্জা। যদুনাথ খাব বহিছে]

 যদুনাথ— হেৰ মনাই, আৰু কিবা ৰান্ধিছ নে?

 মনাই— আৰু নো কিমান খাব খোজে দেউতা। দিনটোলৈ ৸৹ অনা পইচা দি কব বোলে ইয়াৰে চাউল, দালি, মাছ, ধঁপাত, পান-তামোল, চাহ-চেনী, গাখীৰ সকলো আনিবি। ৸৹ অনা পইচাৰে আৰু কি জুতি খুৱাম লগাই মই।

 যদুনাথ— এই গাধাটোৰ মুখত কথা নোলায়, আখৈহে ফুটে যেনিবা। এইখন কি ৰান্ধিছ গৰুটো। দালি দেখোন সিজাই নাই?

 মনাই— দালিনো সিজে কেনেকৈ। পুৱাই শুই সুঠাতেই পাতিব তাচৰ খেল। মনাই ধঁপাত দে, মনাই তামোল দে, আজি তাতে আকৌ চিপাহীও দে লগালে। মনাইনো তৰো কেনেকৈ? চৌকাৰ জুই সুমাল। দালি নিসিজিলেই। ইফালে আকৌ এঘাৰ বাজিব হল নহয়। মইনো কি কৰিম?

 যদুনাথ— কোনে খায় এইবোৰ! (এইবুলি যদুৱে খঙতে দালিৰ বাটিটো চৰিয়াত বাকি দিব খুজিলে। (বল কৰি মানায়ে হাতত ধৰি)
[ ৬২ ]  মনাই— চৰিয়াত বাকে কেলেই। নেখায় যদি এৰি যাওক। আমিয়ে চাম এবাৰ।

 যদুনাথ— হুঁ এইখন খাই পেটৰ অসুখ কলেৰা কৰ, আৰু মই ডাক্তৰ দাৱাই বিচাৰি ফুৰোঁ। নহয়নে গৰু?

 মনাই— পেটৰ অসুখ হব কিয়! মই জানো এইদৰে খাম বুলি কলোঁ। এৰি যাওক আপুনি। পাঁচ বজালৈ নো কি কৰিম। এইবোৰকে সিজাই সিজাই খাম নহয়। নেখায় যদি নেপেলাব।

 যদুনাথ— (ভাত আঞ্জা এৰি উঠিব খোজ।)

 মনাই— (মনতে) এইডালে আকৌ দিনটো লঘোনে থাকে কেনেকৈ। (ফুটাই) নুঠিব দেউতা, ৰব, দোকানৰ পৰা লৰি গৈ দৈ অলপ আনি দিওঁ। ভাল দৈ দেখিছোঁ। (লৰ মাৰে।)

দৃশ্যপট পৰে।

 
[ ৬৩ ] 

তৃতীয় দৃশ্য

[কলাই কানীয়াৰ কানি খোলা। কানি খোৱা হোকা-খোলা, এফালে পিৰিছ এখনত অলপ গুৰ; আন ফালে চেক লাগি থকা পিতলৰ বাটি এটাত ৰঙা চাহ। ওচৰতে জয়ৰাম আৰু ভদ্ৰেশ্বৰ বহি আছে। ইহঁত দুয়ো স্কুলত পঢ়ে। জয়ৰাম সাধাৰণ গৃহস্থৰ ল’ৰা, প্ৰাইমাৰী পৰীক্ষাত বৃত্তি ধৰি হাইস্কুলত পঢ়ে। ভদ্ৰেশ্বৰ ধনী, ডাঙৰ মানুহৰ ল’ৰা। দুয়ো একে শ্ৰেণীত পঢ়ে। দুয়োৰৰ বয়স এঘাৰ-বাৰ বছৰমান। কলায়ে ফুৰুত ফুৰুত কৰি টিকিৰা উৰায় আৰু ইহঁত দুজনে আচৰিত হৈ চায়।]

 ভদ্ৰেশ্বৰ— চোৱাচোন জয়ৰাম চোৱা, কেনে সুন্দৰ দেখি। দিয়া কলাই কাই, আৰু এটা ফুৰুত কৰি উৰাই দিয়াচোন। বাৰু, তুমি হোপাচোন, চেঁচু ময়ে ধৰোঁ। (কলাইৰ হাতৰ পৰা চেঁচু আনি ধৰে আৰু টিকিৰাত লগায়। কলায়ে একো নামাতি টিকিৰা খায়।)

 জয়ৰাম— ভদ্ৰ, যাওহঁক অহা, ৯ বাজিলেই। নহলে স্কুললৈ দেৰি হব।

 ভদ্ৰেশ্বৰ— ৰবাচোন। ফত্ কৰে গা ধুই আহিম এতিয়াই নদীৰ পৰা। এইখোল কলাই কায়ে খাওক।

 কলাই— দেৰি হলেনো কি হয় বোপা দেউতা?

 ভদ্ৰেশ্বৰ— আও, ককাই কি হয়! আমাৰ যি হে হেডমাষ্টাৰ, [ ৬৪ ] এক ছেকেণ্ড- ছেকেণ্ড কি জানানে কলাই কাই! এক মিনিটত ৬০, তিনি কুৰি ছেকেণ্ড থাকে- এই ধৰা তোমাৰ টিকিৰা ফুৰুত কৰি উঠে যে সেই- এক ছেকেণ্ড!

 কলাই— হেডমাষ্টাৰে কি কৰে বোপা দেউতা?

 ভদ্ৰেশ্বৰ— কি হে কৰে! বেত দিয়ে, বেঞ্চৰ ওপৰত খাৰা কৰি থয়, কাণ মলে, আৰু কত কি কৰে, নীল-ডাউন কৰে। নীল-ডাউন কি জানানে? এইয়া, এইদৰে থাকিবলৈ কয়। (নীল-ডাউন কৰি দেখুৱায়)।

 কলাই— তাহানিখন আমিও স্কুলত পঢ়িছিলোঁ। আমাৰ যি হে কাল পণ্ডিত আছিল। খুব বেতায় নহয়। পাচে মোক নোৱাৰিছিল।

 জয়ৰাম— তুমি চাগৈ ভালদৰে পঢ়া দিছিলা।

 কলাই— পঢ়া, পঢ়া দিবা ক’ৰ পৰা। মাছ মাৰিবলৈ যাওঁ, আম-তিয়ঁহ খাই ফুৰোঁ। গা ধুবলৈ আহি পানীত গাদুৰোঁ। পঢ়িবা কেতিয়া?

 দুয়ো— তেনেহলে তোমাক নামাৰিছিল কিয়?

 কলাই— নামাৰিছিল ক’ত, আগেয়ে বৰ মাৰিছিল। পিচত হল এটা কথা।

 দুয়ো— কি কথা, কি কথা?

 কলাই— এদিন ঠিক এনে সময়ত দেই। তোমালোকে দুয়ো যেনেকৈ গা ধুবলৈ আহি ইয়াত বহিছা, সেই দৰে মই [ ৬৫ ] আৰু ভদাই— ভদাই আমাৰ পেহীৰ ককায়েকৰ পুতেক ভায়েক দেই। সি মৰিল এতিয়া— আমি দুইটাই আম খাবলৈ গৈ সৌ নদীৰ পাৰৰ গছ এজোপাতে উঠিলোঁ। সেই বৰ আমগছ জোপা দেখিছা যে তাতে। কালিৰ কথাৰ দৰে মোৰ চকুৰ আগতে আছে।

 দুয়ো— পাচে, পাচে!

 কলাই— পাচে আম খাই থাকোঁতে দেৰি হল। নামি দুয়ো কহন-মহন কৰিছোঁ। এনেতে দেখোঁ যে আগতে দেখোন সন্ন্যাসী এটা। মস্ত বাবাজী। এয়া লমলম ভাঢ়ি। বগা গোটেইটো। তেজ ফুটো ফুটো কৰে।

 দুয়ো— পাচত, পাচত!

 কলাই— সেই বাবাজীয়ে মোক এই দৰব যোৰা খাবলৈ শিকালে। নহলে কানি, আফিং আমাৰ ঘৰত চুৱা আছিল নহয়।

 ভদ্ৰেশ্বৰ— কিয়, বাবাজীয়ে জানো কানি খায়, ভাং হে খায়।

 কলাই— এই সৰু-সুৰা যোৰে ভাং খায়তো। বৰ বৰ বাবাজীয়ে ইয়াক ধৰিব পাৰে। ই মহাদেৱৰ বস্তু নহয় জানো। সকলোৱে ইয়াক খাই হজম কৰিব নোৱাৰে নহয়।

 জয়ৰাম— তাৰ পাছত দেৰি হল যে কি কৰিলা?

 কলাই— ওঃ দেৰি আৰু ক’ত হল। বাবাজীয়ে মন্ত্ৰ [ ৬৬ ] কৰিলে নহয়। পিতৃপুৰুষ বাবাজী (ওপৰলৈ হাত দাঙি সেৱা কৰে।)

 ভদ্ৰেশ্বৰ— মন্ত্ৰ, কি মন্ত্ৰ?

 কলাই— আ, বোপা দেউতা, আচৰিত মন্ত্ৰ! আমাক এটা মন্ত্ৰ শিকাই দি বোলে তহঁতৰ পণ্ডিতে দেৰি হোৱা বুলি কলে, এই মন্ত্ৰ মাতি তিনিটা ফুঁ মাৰি দিবি। পণ্ডিতে পাহৰি যাব; ঘড়ীলৈ চালে ঘড়ী উলটি আহিব।

 দুয়ো— হয় নে! (আচৰিত হৈ চোৱা-চুই কৰে)

 ভদ্ৰেশ্বৰ— দেৰি হলেহে নেকি, পঢ়া নোৱাৰিলে একো মন্ত্ৰ নাই নে?

 কলাই— কেলেই নাই, সেই মন্ত্ৰই হয় নহয়? সি সৰ্ব্বঢাক, সকলো কথাতে খাটে।

 ভদ্ৰেশ্বৰ— আমাকে শিকাই দিয়া, কলাই কাই।

 কলাই— এইদৰে শিকাব নোৱাৰি নহয়, বোপা দেউতা। গুৰু মানিব লাগে। এই মন্ত্ৰ আমাৰ ইয়াৰ নহয়। স্বৰ্গৰ বস্তু। ইন্দ্ৰদেৱতাৰ বাণ।

 জয়ৰাম— কি লাগে?

 কলাই— শিকিটো, আধলিটো। তামোল-পাণ এষোৰ হলেই হয়।

 ভদ্ৰেশ্বৰ— পাচত দিলে নহয়নে?

 কলাই— পাচত দিলে নহয়তো। পাচে এটা বুধি কৰিব [ ৬৭ ] পাৰি। ময়ে ৰূপ এটকা তোমালোকক ধাৰলৈ দিওঁচোন। গুৰু মাননি কৰা। পিচত টকাটো দিবা একা। নহলে মন্ত্ৰৰ গুণ নধৰে।

 ভদ্ৰেশ্বৰ— বাৰু দিয়া।

 (কলাই ভিতৰলৈ গৈ [যাওঁতে কানি খোৱা সজুলি লৈ যায়] ৰূপ এটকা আনি ভদ্ৰেশ্বৰৰ হাতত দিয়ে, আৰু ভদ্ৰেশ্বৰ আৰু জয়ৰামক আঠু লৈ বহিবলৈ কয়। সি নিজে ঠিয় দি)

 কলাই— গাই যাবা দেই। তিনিবাৰত মুখত আহিব লাগিব। নহলে নফলে।

(কলায়ে এশাৰী গায়। ল’ৰা দুটাই পাচে পাচে মাতে)

থুঃ   থুঃ   ফুট
ধাঃ   ধুঃ   বুট

অমুকা পণ্ডিতৰ হাত
ভেল্কি মাৰিলো তাত
মোৰ ডাক্ গুৰুৰ হাক
যেনেকৈ আছ তেনেকৈ থাক
কামৰূপ কামাখ্যা মাও
এই কথা নাৰাখিলে গৰু-মানুহ খাওঁ।

 (তিনিবাৰ কলায়ে মাতে। ল’ৰা দুটাই আওৰায়।)

 জয়ৰাম— ভদ্ৰ, চোৱাচোন মোৰ মুখত আহিলনে? (মাতে)
[ ৬৮ ]  ভদ্ৰেশ্বৰ— ময়ো মাতোঁ, চাবাচোন। (মাতে)

 কলাই— বঢ়িয়াকৈ আহিছে! আজি আবেলিকৈ মাননিখিনি দি যাবাহঁক।

 দুয়ো— বাৰু, বাৰু।

(মন্ত্ৰ শাৰী মাতি ল’ৰা দুটা এফালে, কলাই আনফালে ওলায় যায়।)

 


তৃতীয় দৃশ্য

[স্কুলৰ শ্ৰেণী এটাৰ সমুখ। ভিতৰত ছাত্ৰবোৰ বহি আছে। দুৱাৰ মুখত হেড্‌মাষ্টাৰ ইফাল-সিফাল কৰিছে। শ্ৰেণীত মাষ্টাৰ নাই। ঘৰীত ঢং ঢং কৰি এঘাৰটা বাজিল। অলপ পাচত ভদ্ৰেশ্বৰ আৰু জয়ৰাম দৌৰা-দৌৰি কৰি হেঁপাই-ফোঁপাই প্ৰবেশ।]

 জয়ৰাম— (ফোঁপাই) ভাল হল আজি, মোৰ বৃত্তি কটা যাব নহয় এতিয়া।

 ভদ্ৰেশ্বৰ— (ফোঁপাই) একো ভয় নাই বাপা। এয়া এঘাৰটা বাজিল মাধোন হে। (খিড়িকীৰে চাই) সৌৱা মাষ্টাৰ অহাই নাই নহয়।

 (এনেতে শ্ৰেণীৰ দুৱাৰ মুখ পাই, আৰু হেড্‌মাষ্টাৰক দেখি শিলামূৰ্ত্তিৰ দৰে হৈ ৰয়।)
[ ৬৯ ]  হেড্‌মাষ্টাৰ— কেমন, তোমাদেৰ বাড়ীৰ ঘড়ীতে এখন বুঝি এগাৰটা বাজে? কটা ধড়ী আছে বাড়ীতে?

(দুয়ো নিমাত হয়।)

 জয়ৰাম— (কাণে কাণে) হেৰা কলাইৰ মন্ত্ৰটো আওৰোৱাচোন।

 হেড্‌মাষ্টাৰ— বলি, মুখে কথা ফোটেনা যে? বুঝতে পাৰ না বাঙলা কথা? ভূতসব।

 দুয়ো— (ফুচ্‌ফুচ্‌কৈ মন্ত্ৰ আওয়)

থাঃ থুঃ ফুট
ধাঃ ধুঃ বুট

হেড্‌মাষ্টাৰৰ হাত
ভেল্কি মাৰিলো তাত

মোৰ ডাক গুৰুৰ হাক
যেনেকৈ আছ তেনেকৈ থাক
কামৰূপ কামাখ্যা মাও
এই কথা নাৰাখিলে গৰু-মানুহ খাওঁ।

 হেড্‌মাষ্টাৰ— বিৰ-বিৰ কৰ্চ্ছ কি? (ল’ৰা দুটাই আকৌ মন্ত্ৰ আওৰায়) কি ভূতদেৰ পাল্লায় পৰা গেল। এদেৰ বা দোষ কি? মাষ্টাৰইত নাই। বুঝেও না কিছু। যাও ক্লাছে যাও।
[ ৭০ ]  (লৰা দুটা ক্লাছত সোমায়। আৰু আনফালৰ পৰা যদুনাথ মাষ্টাৰ আহি দুৱাৰ মুখ পায়।) বলি মিষ্টা—ৰ যদু বাবু, are you just awake? (ঘড়ী দেখুৱাই) you are 6 minutes late. I am afraid you won’t be marked present to-day.

 যদুনাথ— (চকু পোন্দাই) I am sorry, sir. This is the only occasion. I beg pardon.

 হেডমাষ্টাৰ— আচ্ছা, যান, ক্লাছে যান। দেখবেন যেন আৰ দেৰি না হয়। Don’t repeat this another time. (হেড্‌মাষ্টাৰ গুচি যায়।)

 ভদ্ৰেশ্বৰ— হয়, ভাই, ভাল মনত কৰি দিলা নহলে আজি আৰু—

 জয়ৰাম— এৰা হে, মন্ত্ৰটোৰ গুণ আছে হয়।

 (ইফালে যদু শ্ৰেণীত সোমায়, ল’ৰাবোৰ উঠে। যদুৱে হাজিৰা কৰিব ধৰে।)

 ভদ্ৰেশ্বৰ— ঠিক হৈছে ৰবা! হেৰা কলাইক টকা দিবা কৰ পৰা?

 জয়ৰাম— মই বৃত্তি পালে তাৰে টকা এটাকে দিব লাগিব।

 ভদ্ৰেশ্বৰ— মই হলে কথা এটা ভাবিছোঁ।

 জয়ৰাম— কিনো?
[ ৭১ ]  ভদ্ৰেশ্বৰ— মন্ত্ৰটো শিকিলোৱে। তাক একো নিদিলে নহয় নে হে? একো নিদিলে আকা?

 জয়ৰাম— সি নফলে বুলি—

 (ইফালে যদুনাথ মাষ্টাৰে ভদ্ৰেশ্বৰৰ নাম মাতিলে দুবাৰো। জয়ৰামৰ নাম পাচত। ইহঁত দুয়ো কথাত ইমান ভোল গৈ আছে যে মাষ্টাৰৰ মাত মুশুনিলে। মাষ্টাৰে ভদ্ৰেশ্বৰক দেখিছে। সিফালে তাচৰ খং। ইফালে হেড্‌মাষ্টাৰৰ বকনি, সকলোৱে মিলি যদুৰ খং মূৰ পালেগৈ। খং কৰি “ভদ্ৰেশ্বৰ গৰু নামাত কিয়” বুলি গৰ্জ্জন কৰাত জয়ৰাম আৰু ভদ্ৰেশ্বৰৰ কথাত বাধা পৰিল।)

 যদুনাথ— ভদ্ৰেশ্বৰ গৰু নামাত কিয়?

 ভদ্ৰেশ্বৰ— শুনাই নাই, ছাৰ!

 যদুনাথ— শুনাই নাই ছাৰ! কি কৰিছিলা ছাৰ? কাণত কি সোমাইছিল ছাৰ? তোমাৰ কাৰণে বেল কোবাব লাগে নেকি ছাৰ! উঠি আহ এই ফালে।

 ভদ্ৰেশ্বৰ— (অণ্ঠ-কণ্ঠ শুকাই উঠি যায়।)

 জয়ৰাম— হেৰা, মন্ত্ৰটো গাই যাবা।

 ভদ্ৰেশ্বৰ— (ফুচ্ ফুচ্ কৰি মন্ত্ৰ গাই যায়।)

 যদুনাথ— (ভদ্ৰেশ্বৰৰ কাণত ধৰি আৰু দুই গালে দুই চৰ বহুৱায়) কি ছাৰ! আৰু নুশুনিবানে ছাৰ! যা গৰুটো!

 ভদ্ৰেশ্বৰ— (ফিৰি গৈ জয়ৰামক অকলে (কি হে এইবাৰ দেখোন নফলিল।)
[ ৭২ ]  জয়ৰাম— (ভাবি চাই) সেয়া তুমি টকা নিদিওঁ বুলিছিলা নহয়?

 ভদ্ৰেশ্বৰ— এৰাতোন। কোনোমতে দিব লাগিব হে!

 যদুনাথ— Well, boys.

 ল’ৰাবোৰ— We.

 যদুনাথ— Sit down.

 ল’ৰাবোৰ— We sit down.

 যদুনাথ— Joyram, stand up.

 জয়ৰাম— I stand up.

 যদুনাথ— Sit down.

 জয়ৰাম— I sit down.

 যদুনাথ— Nabin, what is this?

 নবীন— This is a pen.

 যদুনাথ— Bhadreswar, what is this?

 ভদ্ৰেশ্বৰ— This is a ink ঘটী।

 যদুনাথ— ঘটী, who told you ঘটী?

 ভদ্ৰেশ্বৰ— Pot Sir, pot.

 যদুনাথ— ঘটী কোনে কলে, গৰু?

 ভদ্ৰেশ্বৰ— ঘৰত পঢ়ুৱা মাষ্টাৰে কৈছিল, ছাৰ, Pot অৰ্থে ঘটী।

 যদুনাথ— Pot অৰ্থে ঘটী। Say, this is an ink-pot.
[ ৭৩ ]  ভদ্ৰেশ্বৰ— This is a ink-pot.

 যদুনাথ— দ্যুৎ গৰু, an ink-pot.

 ভদ্ৰেশ্বৰ— An ink-top.

 যদুনাথ— (অধৈৰ্য্য হৈ) top নহয়, pot.

 ভদ্ৰেশ্বৰ— Pot.

 যদুনাথ— গোটেইটো ক। This is an ink-pot.

 ভদ্ৰেশ্বৰ— This an ink-pot.

 যদুনাথ— Is টো ক’ত খালি? চাওঁ এইফালে আহ।

 ভদ্ৰেশ্বৰ— (যাব ধৰে)

 জয়ৰাম— হেৰ, এইবাৰ টকা দিম বুলি গাই যাবা। নিশ্চয় ফলিব।

 ভদ্ৰেশ্বৰ— কলাই কাই টকা দিম। (মন্ত্ৰ আওৰায়) কলাই কাই টকা দিম (আৰু আওৰায়। এইদৰে মাষ্টাৰৰ ওচৰ পায় আৰু ভয়তে কঁপে। ইফালে কলাই কাই টকা দিম, এই বুলি আধা আধা মন্ত্ৰ মাতে।)

 যদুনাথ— (মনে মনে [যাঃ, ইয়াক আজি এবাৰ মাৰিলোঁ। আৰু মাৰিলে কি হব?] ফুটাই) যা, বহগৈ। ঘৰতো মাষ্টাৰ এটা আছে। মুখস্থ কৰি আহিব নোৱাৰে। আজিৰ পৰা ভালকৈ শিকি আহিবি। আটায়ে বহী উলিয়াই লেখ, a b c d খন। (ল’ৰাহঁতে বহীত লিখিবলৈ লয়, যদুৱে টেবুলত ভৰি থৈ চকু মুদে।)
[ ৭৪ ]  ভদ্ৰেশ্বৰ— (ফিৰি গৈ) আজিলৈ ৰক্ষা হল হে।

 জয়ৰাম— মই কৈছিলো নহয়, টকা দিম বুলি ভাবিবা। নহলে কিয় ফলিব।

 


পঞ্চম দৃশ্য

[ভদ্ৰেশ্বৰহঁতৰ ঘৰ। এটা খোঁটালিত গধূলি সময়ত ভদ্ৰেশ্বৰে কিতাপ আগত লৈ পঢ়ি আছে। প্ৰাইভেট টিউটৰো আছে বহি। এটা সৰু লেম্প জলিছে। অলপ দূৰত ভদ্ৰেশ্বৰৰ পিতাক এখন আৰাম চকীত বহি ভৰি নচুৱাই আছে।]

 ভদ্ৰেশ্বৰ— (পঢ়ে) This, T h i s, This, This মানে এই, এইটো। is, i s, is; is মানে হয়। an, a n, an; an মানে এটা। ink, i n k, ink, ink মানে মহী, চিয়াহী। pot, p o t, pot; pot মানে ঘটী। This—is—a—an—ink—pot. এইটো—হয়—এটা—মহী—ঘটী—দোৱাত এইটো এটা মহী ঘটী দোৱাত।

 ভদ্ৰেশ্বৰৰ পিতাক— মহী ঘটী দোৱাত কি ঔ? মহীচুঙা নেকি?

 ভদ্ৰেশ্বৰ— হয়, দেউতা; মহীচুঙাই। ইংৰাজীত আকৌ মহীঘটী বোলে। ink মানে মহী, আৰু pot মানে ঘটী; সেইদেখি ink-pot মানে মহী ঘটী।
[ ৭৫ ]  ভদ্ৰেঃ পিতাক— হয়নে হে মাষ্টাৰ?

 মাষ্টাৰ— হয়, ডাঙৰীয়া, বোপা দেউতাই বৰ ভালকৈ কৈছে। ঠিক সেয়ে।

 ভদ্ৰেঃ পিতাক— কিয়? ইংৰাজীত চুঙাকনো কি বোলে?

 মাষ্টাৰ— (বিমোৰত পৰিল) এৰা ডাঙৰীয়াই লেঠা হে লগালে, চুঙাৰ ইংৰাজী নাই নহয়। বাঁহৰ হে চুঙা হয়; তাহাঁতৰ দেশত বাঁহ নায়েই নহয়। আৰু আমাৰ দুখীয়া মানুহৰ হে চুঙা। তাহাঁতৰ ধনী দেশত বটল, গিলাছ, কাপ, জাগ এইবোৰহে আছে। চুঙা দেখাই নাই যেতিয়া ক’ৰ পৰা চুঙাৰ ইংৰাজী থাকিব?

 ভদ্ৰেঃ পিতা— উ। পিচে আমাৰ দেশত যে চাহাবক গাখীৰৰ চুঙা দিওঁহঁক, তাকনো তাহাঁতে ইটোই-সিটোই— ধৰা মেমচাহাবে চাহাবক কেনেকৈ বুজাই কব?

 মাষ্টাৰ— তেতিয়া ঘূৰাই, পকাই কয়। যেনে মেমে কৈছে ধৰক— My dear অমুক gave good milk in bamboo pot all empty but one ঘিলা over head— অৰ্থাৎ অমুকে (যেনিবা ডাঙৰীয়াই) এমূৰে ঘিল থকা ফোপোলা বাঁহ এডোখৰত ভাল গাখীৰ দিছিল। (হাঁহে)

 ভদ্ৰেঃ পিতা— ঘিলা কিহে, গাঁঠি নেকি?

 মাষ্টাৰ— হয় ডাঙৰীয়া, গাঁঠি।

 ভদ্ৰেঃ পিতা— গাঁঠিক জানো ঘিলা বোলে ইংৰাজীত।
[ ৭৬ ]  মাষ্টাৰ— নহয়, নোবোলে, পিচে দুটা-এটা আমাৰ দেশৰ শব্দ সিহঁতে বুজে নহয়।

 ভদ্ৰেঃ পিতা— তেনেহলে, ঘিলা বুলিলে যদি গাঁঠি বুজে, চুঙা নুবুজিবনে?

 মাষ্টাৰ— চুঙা নুবুজে ডাঙৰীয়া। তাহাঁতে সদায় বটল খুলি মদ আৰু কিবাকিবি খাই থাকে নহয়। সেই দেখি আমাৰ দেশৰ বেহেৰা চাপ্ৰাচীয়ে কোৱা ঘিলা শব্দটো বুজিব। গাঁঠিটোও নুবুজিব।

 ভদ্ৰেঃ পিতা— ও, এৰা, এৰা।

 মাষ্টাৰ— এইয়া, ডাঙৰীয়াই এক আষাৰ কথাতে বুজিলে নহয়নে? এইখিনি কথাৰে সৌ চিৰাস্তাদাৰক বুজাবলগীয়াহেঁতেন দেখোন তিনি দিন লাগিলহেঁতেন। বোপা দেউতাৰো বুজটো ভাঙৰীয়াৰ দৰে। এবাৰ কলে আৰু দুনাই কবই নালাগে। পঢ়ক বোপা দেউতা, তাৰ পাচত।

 ভদ্ৰেশ্বৰ— It, i t, it; it মানে এইটো। is, i s, is; is মানে হয়। on, o n, on; on মানে ওপৰত। the, t h e, the; the মানে ঐ। book, b o o k, book; book মানে কিতাপ, পুস্তক। It is on the book— এইটো হয় ওপৰত ঐ পুস্তক।

 মাষ্টাৰ— কওকচোন বোপা দেউতা, এইটো কি অৰ্থ বুজিলে?
[ ৭৭ ]  ভদ্ৰেশ্বৰ— অৰ্থাৎ, পুস্তক কিতাপখন এইটো ওপৰত হয়।

 মাষ্টাৰ— হয়, হয়, ঠিক।

 ভদ্ৰেঃ পিতা— কি পুস্তকখন এইটো ওপৰত হয়হে? মই দেখোন একো নুবুজিলোঁ।

 মাষ্টাৰ— হেঁ হেঁ! ডাঙৰীয়াই নুবুজা নো কি আছে। তেও সুধিছে যেতিয়া ক’ব লাগে। অৰ্থাৎ It is on the book। মহীঘটীটোৰ কথা কৈছে। কিতাপখন তাৰ ওপৰত হয়, মানে থাকে।

 ভদ্ৰেঃ পিতা— কিতাপখন আকৌ মহীচুঙাৰ ওপৰত কিয় থাকেহে?

 মাষ্টাৰ— মহী পৰি কেতিয়াবা বেয়া কৰিব বুলি, কিতাপখনেৰে ঢাকি থয় আকৌ। চাহাব লোকৰ চব পৰিষ্কাৰ ডাঙৰীয়া।

 ভদ্ৰেঃ পিতা— এৰা। পঢ়োৱা বাৰু মই ভিতৰৰ পৰা আহোঁ।

 মাষ্টাৰ— ভাল, ডাঙৰীয়া ভাল। মই বঢ়িয়াকৈ পঢ়াম। ডাঙৰীয়াই পাচে, এইদৰে কোৱাটো ভাল। আমাৰে মাজেমাজে ভুল-চুক ধৰা পৰে।

(ভদ্ৰেঃ পিতা যাব খোজে।)

 ভদ্ৰেঃ ভনী— (প্ৰবেশ কৰি) দেউতা, দেউতা, শুনিছেনে, দেউতা অ’ দেউতা, মোক মায়ে মাৰিলে নহয়, দেউতা।
[ ৭৮ ]  ভদ্ৰেঃ পিতা— (নগই ৰৈ) আয়ৈ দেহি! ক’ত মাৰিলে তোক আই। চা চা। (মৰম কৰে)

 ভদ্ৰেঃ ভনী— এইয়া চাওক; গালত চৰ এটা আৰু পিঠিত এটা চাপৰ মাৰি দিলে।

 ভদ্ৰেঃ পিতা— আয়ৈ, আয়ৈ, কিয়নো মাৰিলে মাৰাই (কোলাত লৈ মৰম কৰে।)

 ভদ্ৰেঃ ভনী— আপোনাক কৈ দিব খুজিছিলোঁ, সেই দেখি।

 ভদ্ৰেঃ পিতা— কিনো কৈ দিব খুজিছিল আই?

 ভদ্ৰেঃ ভনী— সেইয়া ককাইদেৱক তেতিয়া টকা এটা দিছে। মই লুজন আনিবলৈ ক’লে নানে, ককাইদেৱক হলে টকা এটা দিছে।

 ভদ্ৰেঃ পিতা— টকা এটা! কিয়? হেৰ ভদ্ৰেশ্বৰ, কিয়, টকা এটা নিলি কিয়?

(ভদ্ৰেশ্বৰ নিমাত, ইফালে-সিফালে চাই লৰ মাৰে।)

 ভদ্ৰেঃ পিতা— কি বদমাচ, ল’ৰা। চা। (খঙতে ভদ্ৰেশ্বৰে ভনীয়েকক থেকেচা মাৰি থৈ যাব খোজোতে মাকে নেপথ্যৰ পৰা এহাতে তাক ধৰি ষ্টেজলৈ ঠেলি দিছে।

 ভদ্ৰেঃ মাক— (নেপথ্যত) দিলেইবা টকা এটা? ল’ৰাটোকনো এইদৰে মাৰিব লাগেনে? বেঙে মুতা গৰুৰ দৰে বাছাই মোৰ কঁপিব ধৰিছে।
[ ৭৯ ]  ভদ্ৰেঃ পিতা— মাৰিলে কোনে? (ভিতৰলৈ চাই।)

 ভদ্ৰেঃ মাক— (ভিতৰৰ পৰা) মাৰিলে কোনে আকৌ? যাক টকাই নাটে।

 ভদ্ৰেঃ পিতা— টকাই নাটে কাক?

 ভদ্ৰেঃ মাক— (নেপথ্যৰ পৰা) জানো কাক, মৰ কুবেৰৰ দৰে টকা আৰ্জে মানে আৰ্জে; বাছাক মোৰ টকা এটাৰ বাবে এইখন কৰিব লাগেনে? টকাই খাব এইখান ঘৰক!

 ভদ্ৰেঃ পিতা— কি আপদ! মাষ্টাৰজন আছে দেখা নাপায়নে? ল’ৰাক মই কি কৰিলোঁ?

 ভদ্ৰেঃ মাক— কি কৰিলোঁ আকৌ! থাকক মাষ্টাৰ! মাষ্টাৰ থাকিলে ল’ৰাটোক এইদৰে মাৰিবলৈ এৰি দিব লাগেনেকি? চাওঁ এইজনী, বাপেকৰ সুৱাগীজনী। (ছোৱালীজনীক হাত মেলি ভিতৰলৈ টানি নিয়ে। তাই ভিতৰত হাওঁ হাওঁ কৈ কান্দিব ধৰে।)

 ভদ্ৰেঃ পিতা— (খঙতে অধীৰ হৈ) কি আপদ, ল’ৰাক মাৰে কোনে? মই দেখোন ল’ৰাক চুৱাই নাই, ইফালে ছোৱালীজনীৰ দাঁতে-ওঁঠে কাটিলে নহয়। চাওঁ ইয়াক বহাওঁ।

(ভদ্ৰেশ্বৰে কঁপি কঁপি মন্ত্ৰ মাতে।)

 ভদ্ৰেঃ মাক— বহাওকচোন চাওঁ। মোৰ ল’ৰা-ছোৱালীক মই মাৰিছো। সেই বুলি ল’ৰাটোক, টকা এটাৰ কাৰণে ইমানবোৰ মাৰিব-কাটিব খুজিব লাগেনে? উঃ ৰাম! টকা [ ৮০ ] এটা দিছে।— যেন মই গৃহস্থালিখন খাস্তাং কৰিলোঁ। আহ বাৰু, এটা নহয় দহোটা টকা দিওঁগৈ, কোনে কি কৰে চাও। (ল’ৰাকো ভিতৰৰ পৰা টানি নিয়ে।)

 ভদ্ৰেঃ পিতা— কেনে অদ্ভুত কথা! মই দেখোন ল’ৰাৰ গাত হাত দিয়াই নাই। এই মাষ্টাৰেই সাক্ষী। সোধা বাৰু।

 মাষ্টাৰ— হয়, আই দেউতা, ডাঙৰীয়াই বোপা দেউতাক একো কোৱা নাই। টকা এটানো কি?

 ভদ্ৰেঃ মাক— হয়নে ঔ, গৰুটো; দেউতাই নাই মৰা যদি আকৌ মৰা বুলি কৈছিলি কেলেই?

 ভদ্ৰেশ্বৰ— (বাহিৰলৈ লৰি আহি) মইতো মৰা বুলি কোৱা নাই। মই দেউতা বোলোঁতেই দেখোন তয়েই দৌৰি আহি এইখন লগালি। এতিয়া আকৌ মোৰ গাত দিছে।

 ভদ্ৰেঃ মাক— তেওঁৰ গাত দিছে। চাও ইয়াকে কিল দিওঁ বাপেকে! মানুহৰ আগত লাজ-লঘু কৰি মাৰিলে এই বাপেক-পুতেক হালে। (টানি নি মাৰে)

 ভদ্ৰেশ্বৰ— (হাওঁ হাওঁ কৰি কান্দি ভিতৰৰ পৰা দৌৰি আহি আৰু চাৰিওফালে দৌৰাদৌৰি কৰি মন্ত্ৰ মাতে)

 ভদ্ৰেঃ পিতা— ইঃ ল’ৰাটোৰ কি হল? কি কৰিলা ল’ৰা টোক? চাও কি হল। কি হল?

 মাষ্টাৰ— ইঃ কি হল, কি হল ঔ! টকা এটানো কি হল?


 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২০ চনত ১ জানুৱাৰী ১৯৬০ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )