পৃষ্ঠা:পৰিদৰ্শন.djvu/৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰিদৰ্শন

 মনাই— চৰিয়াত বাকে কেলেই। নেখায় যদি এৰি যাওক। আমিয়ে চাম এবাৰ।

 যদুনাথ— হুঁ এইখন খাই পেটৰ অসুখ কলেৰা কৰ, আৰু মই ডাক্তৰ দাৱাই বিচাৰি ফুৰোঁ। নহয়নে গৰু?

 মনাই— পেটৰ অসুখ হব কিয়! মই জানো এইদৰে খাম বুলি কলোঁ। এৰি যাওক আপুনি। পাঁচ বজালৈ নো কি কৰিম। এইবোৰকে সিজাই সিজাই খাম নহয়। নেখায় যদি নেপেলাব।

 যদুনাথ— (ভাত আঞ্জা এৰি উঠিব খোজে।)

 মনাই— (মনতে) এইডালে আকৌ দিনটো লঘোনে থাকে কেনেকৈ। (ফুটাই) নুঠিব দেউতা, ৰব, দোকানৰ পৰা লৰি গৈ দৈ অলপ আনি দিওঁ। ভাল দৈ দেখিছোঁ। (লৰ মাৰে।)

দৃশ্যপট পৰে।

 

[৬২]