পৃষ্ঠা:পৰিদৰ্শন.djvu/৭৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰিদৰ্শন

 (লৰা দুটা ক্লাছত সোমায়। আৰু আনফালৰ পৰা যদুনাথ মাষ্টাৰ আহি দুৱাৰ মুখ পায়।) বলি মিষ্টা—ৰ যদু বাবু, are you just awake? (ঘড়ী দেখুৱাই) you are 6 minutes late. I am afraid you won’t be marked present to-day.

 যদুনাথ— (চকু পোন্দাই) I am sorry, sir. This is the only occasion. I beg pardon.

 হেড্‌মাষ্টাৰ— আচ্ছা, যান, ক্লাছে যান। দেখবেন যেন আৰ দেৰি না হয়। Don’t repeat this another time. (হেড্‌মাষ্টাৰ গুচি যায়।)

 ভদ্ৰেশ্বৰ— হয়, ভাই, ভাল মনত কৰি দিলা। নহলে আজি আৰু—

 জয়ৰাম— এৰা হে, মন্ত্ৰটোৰ গুণ আছে হয়।

 (ইফালে যদু শ্ৰেণীত সোমায়, ল’ৰাবোৰ উঠে। যদুৱে হাজিৰা কৰিব ধৰে।)

 ভদ্ৰেশ্বৰ— ঠিক হৈছে ৰবা! হেৰা কলাইক টকা দিবা কৰ পৰা?

 জয়ৰাম— মই বৃত্তি পালে তাৰে টকা এটাকে দিব লাগিব।

 ভদ্ৰেশ্বৰ— মই হলে কথা এটা ভাবিছোঁ।

 জয়ৰাম— কিনো?


[৭০]