ভদ্ৰেশ্বৰ— মন্ত্ৰটো শিকিলোৱে। তাক একো নিদিলে নহয় নে হে? একো নিদিলে আকা?
জয়ৰাম— সি নফলে বুলি—
(ইফালে যদুনাথ মাষ্টাৰে ভদ্ৰেশ্বৰৰ নাম মাতিলে দুবাৰো। জয়ৰামৰ নাম পাচত। ইহঁত দুয়ো কথাত ইমান ভোল গৈ আছে যে মাষ্টাৰৰ মাত মুশুনিলে। মাষ্টাৰে ভদ্ৰেশ্বৰক দেখিছে। সিফালে তাচৰ খং। ইফালে হেড্মাষ্টাৰৰ বকনি, সকলোৱে মিলি যদুৰ খং মূৰ পালেগৈ। খং কৰি “ভদ্ৰেশ্বৰ গৰু নামাত কিয়” বুলি গৰ্জ্জন কৰাত জয়ৰাম আৰু ভদ্ৰেশ্বৰৰ কথাত বাধা পৰিল।)
যদুনাথ— ভদ্ৰেশ্বৰ গৰু নামাত কিয়?
ভদ্ৰেশ্বৰ— শুনাই নাই, ছাৰ!
যদুনাথ— শুনাই নাই ছাৰ! কি কৰিছিলা ছাৰ? কাণত কি সোমাইছিল ছাৰ? তোমাৰ কাৰণে বেল কোবাব লাগে নেকি ছাৰ! উঠি আহ এই ফালে।
ভদ্ৰেশ্বৰ— (অণ্ঠ-কণ্ঠ শুকাই উঠি যায়।)
জয়ৰাম— হেৰা, মন্ত্ৰটো গাই যাবা।
ভদ্ৰেশ্বৰ— (ফুচ্ ফুচ্ কৰি মন্ত্ৰ গাই যায়।)
যদুনাথ— (ভদ্ৰেশ্বৰৰ কাণত ধৰি আৰু দুই গালে দুই চৰ বহুৱায়) কি ছাৰ! আৰু নুশুনিবানে ছাৰ! যা গৰুটো!
ভদ্ৰেশ্বৰ— (ফিৰি গৈ জয়ৰামক অকলে (কি হে এইবাৰ দেখোন নফলিল।)