পৃষ্ঠা:পৰিদৰ্শন.djvu/৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

মন্ত্ৰ (নাটিকা)

প্ৰথম দৃশ্য

(যদুনাথ মাষ্টাৰ গ্ৰেজুয়েট। চহৰৰ হাইস্কুলৰ ৫ম মান শ্ৰেণীৰ ক্লাছ
মাষ্টাৰ। অবিবাহিত। চহৰত এটা ৫৲ টকীয়া ভাড়া ঘৰত
থাকে। ৰান্ধনি, চাকৰ, বেহাৰা, সকলো কাম কৰে
একমাত্ৰ মনাই চাকৰে। তাৰ বয়স কিমান কব
নোৱাৰি। দেখাত ৮/১০ যেন দেখি। কাম-বন
কৰে ১৮/২০ বছৰীয়া ডেকাৰ দৰে; কথাও
তেনে। যদুনাথে সঙ্গী কেইজনমানৰ
লগত পুৱা তাচ খেলি আছে)

 যদুনাথ— আজি নেৰোঁ। তোমালোকক ছক্কা এখন বান্ধি হে উঠিম। এই— মাৰ কুৰি।

 বিপক্ষৰ ১ম— থোৱা থোৱা তোমাৰ ছক্কা। উঁঃ উঁঃ গাঞ্জাৰ গন্ধ ওলাইছে। হেৰ মনাই অলপ এচেঞ্চ লৈ আহ, তহঁতৰ মাষ্টাৰৰ নাকত গন্ধ সোমায়।

 মনাই— (বেগেৰে প্ৰবেশ কৰি) কি লাগে দেউতা? দেউতাৰ নাকত কি সোমাল? চাওঁ এই ঘুন্টিৰে উলিয়াই দিওঁ। (বিপক্ষৰ গিৰ্জ্জনি মাৰি হাঁহি। যদুনাথ ৰঙা-কলা পৰে।)

 যদুনাথ— যাঃ বুৰবকটো। কি সোমাল তোৰ বাপেৰৰ নাকত, ঘুন্টিপাত লৈ আহিছে, যাঃ।

[৫৬]