পৃষ্ঠা:পৰিদৰ্শন.djvu/৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মন্ত্ৰ

 মনাই— মই কি কৰিম দেউতা, এখেতসকলে ৰিং ধৰিছে নহয়, কাণ ফালি যায়, হেৰ মনাই, কিবাটো লৈ আহ, নাকত সোমাল! পাৰেমানে আপোনালোকে তাচ খেলক, মই মনাইৰ গাত কিহৰ জগৰ লাগিল। এইদৰে হলে মই আৰু থাকিব নোৱাৰোঁ দেউতা, একে কথাতে কৈ দিছোঁ।

 যদুনাথ — যা, বলীয়াটো, কেক্‌কেকাই নাথাকিবি। ধঁপাত লৈ আহ।

 মনাই — ধঁপাত আকৌ দিবলৈ হাক দিছে নহয়। বোলে সিদিনা ধঁপাত সাং হওঁতে মই কলোঁ, তাচ খেলোতে দিওঁতে দিওঁতে সাং হ’ল। আপুনি খং কৰি কৈছিল নহয় বোলে সেইবোৰ—

 যদুনাথ— কি আপদটোৱে পালে! যা বাৰু যা। গুচ আগৰ পৰা, গাধাটো।

 মনাই— মই গাধা হলো কেনেকৈ? আপুনিয়ে হাক দিছে বোলে ধঁপাত দিব নালাগে। এতিয়া আকৌ মোক গাধা পাতে। দিওঁ বাৰু মই, এচিলিম নহয় দহ চিলিম দিওঁ। স্কুললৈ যাবৰ সময়ত নাপালে তেতিয়া আকৌ মোক খং নকৰিব। (প্ৰস্থান)

 বিপক্ষ ২য়— এইয়া, তুমি ৰং এখন চাপ্ৰাচী কৰিছিলা নহয়। সেইবাৰ মোৰ নবুৰ লগত ৰং দিয়া নাই, এইবাৰ ক’ৰ পৰা ওলাল?

[৫৭]