পৃষ্ঠা:পৰিদৰ্শন.djvu/৮৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মন্ত্ৰ

 ভদ্ৰেঃ পিতা— মাৰিলে কোনে? (ভিতৰলৈ চাই।)

 ভদ্ৰেঃ মাক— (ভিতৰৰ পৰা) মাৰিলে কোনে আকৌ? যাক টকাই নাটে।

 ভদ্ৰেঃ পিতা— টকাই নাটে কাক?

 ভদ্ৰেঃ মাক— (নেপথ্যৰ পৰা) জানো কাক, মৰ কুবেৰৰ দৰে টকা আৰ্জে মানে আৰ্জে; বাছাক মোৰ টকা এটাৰ বাবে এইখন কৰিব লাগেনে? টকাই খাব এইখান ঘৰক!

 ভদ্ৰেঃ পিতা— কি আপদ! মাষ্টাৰজন আছে দেখা নাপায়নে? ল’ৰাক মই কি কৰিলোঁ?

 ভদ্ৰেঃ মাক— কি কৰিলোঁ আকৌ! থাকক মাষ্টাৰ! মাষ্টাৰ থাকিলে ল’ৰাটোক এইদৰে মাৰিবলৈ এৰি দিব লাগেনেকি? চাওঁ এইজনী, বাপেকৰ সুৱাগীজনী। (ছোৱালীজনীক হাত মেলি ভিতৰলৈ টানি নিয়ে। তাই ভিতৰত হাওঁ হাওঁ কৈ কান্দিব ধৰে।)

 ভদ্ৰেঃ পিতা— (খঙতে অধীৰ হৈ) কি আপদ, ল’ৰাক মাৰে কোনে? মই দেখোন ল’ৰাক চুৱাই নাই, ইফালে ছোৱালীজনীৰ দাঁতে-ওঁঠে কাটিলে নহয়। চাওঁ ইয়াক বহাওঁ।

(ভদ্ৰেশ্বৰে কঁপি কঁপি মন্ত্ৰ মাতে।)

 ভদ্ৰেঃ মাক— বহাওকচোন চাওঁ। মোৰ ল’ৰা-ছোৱালীক মই মাৰিছো। সেই বুলি ল’ৰাটোক, টকা এটাৰ কাৰণে

ইমানবোৰ মাৰিব-কাটিব খুজিব লাগেনে? উঃ ৰাম! টকা

[৭৯]