[ //৩৫// ]
 

DISCIPLINE.

 

(১)

 [কলেজত আজি উখল-মাখল। মহাত্মা গান্ধীৰ জন্ম দিন। ছাত্ৰবিলাক আহি হোষ্টেলে হোষ্টেলে আৰু নগৰৰ ঠায়ে ঠায়ে বহা লৈছে। ঘৰ এটাত বহুত পাৰই বহা ললে যেনেকৈ ঘৰটো খলক লগাই থাকে, চহৰ খনকো ল’ৰাবিলাকে সেইদৰে ‘সৰগৰম’ কৰি ৰাখিছে। ৰমানাথ, ভূদেৱ, কালিদত্ত, চমচেৰ, হীৰাচিং আৰু তেওঁলোকৰ লগৰ অনেক ল’ৰা— চল্লিশ-পঞ্চাশজন মান হব। হাষ্টেলৰ পৰা প্ৰিন্সিপালৰ ঘৰৰ ফালে যাব ধৰিছে। কলেজ কম্পাউণ্ডৰ ‘ভিতৰুৱা’ বাট। সিফালৰ পৰা প্ৰিন্সিপাল ওলাই আহিছে।]

 ৰমানাথ— সৌ প্ৰিন্সিপাল যেখোন এই ফালেই আহিছে। আজি ন নৌ বাজোঁতেই ওলালনে?

 চমচেৰ— ভাল হ’ল ব’লা। ইয়াতেই দেখোন ধৰিলে হয়। আমাৰ দুঃখ কমিল।

 [এনেতে Principal ওচৰ চাপিল—ল’ৰাবিলাকে যোৰ হাত কৰি নমস্কাৰ কৰিলে।]

 প্ৰিন্সিপাল— Good morning, my young friends. Why have you left the hostel so early, and in such a large body? It is not yet nine.
[ ৩৬ ]  ভূদেৱ— ছাৰ, আমি আপোনাক দেখা কৰিবলৈ হে আহিছিলোঁ।

 প্ৰিন্সিপাল— Why? What can I do for you?

 হীৰাচিং— Sir, to-day is Mahatma Gandhi’s birthday. We want to celebrate it. And first we want your permission to fly the National Flag over the College buildings.

 প্ৰিন্সিপাল— Oh, Mr. Gandhi has my greatest respects. Nobody can appreciate him better than I do. In fact, I try to conduct my life according to his teachings.

 ৰমানাথ— So far so good, Sir. এতিয়া আমাক National flag fly কৰিবলৈ permission দিয়ক, Sir.

 প্ৰিন্সিপাল— National flag! কি National flag? You mean the congress flag? কিন্তু মুছলমানেতো Congress flag স্বীকাৰ নকৰে। তেতিয়া Muslim League flagও উৰাব লাগিব।

 কালিদত্ত— Quite right, sir,— আজি আপুনি আমাক মহাত্মা গান্ধীৰ জন্মদিনত Congress flag উৰাবলৈ দিয়ক। Mr. Jinnahৰ জন্মদিনৰ দিনা Muslim League flag তাৰ ওচৰতে আঁৰি দিম।
[ ৩৭ ]  প্ৰিন্সিপাল— (কিছু সময় বিমোৰত পৰে) তোমালোকৰ College class আছে নহয়। গভৰ্ণমেণ্টৰ হুকুম নহলেতো মই College class cancel কৰিব নোৱাৰোঁ।

 ভূদেৱ— পণ্ডিত জৱহৰলাল নেহৰু আহোঁতে cancel কৰিছিল নহয়। সুভাষ বসু আহোঁতেও কৰিছিল। তেতিয়া জানো গৱৰ্ণমেণ্টে হুকুম দিছিল?

 প্ৰিন্সিপাল— I am sorry, friends, that you want to argue. It is not for the Principal of a big College to argue with his unruly students.

 হীৰাচিং— That Sir, it should be for the Principal, to listen to the wishes of his obedient students.

 প্ৰিন্সিপাল— I am willing to do that.

 হীৰাচিং— Then let us have the permission we want.

 প্ৰিন্সিপাল— Not in the attitude you are demanding it. I am afraid I cannot give you the permission. You better go back to your hostel and attend your classes. There will be no flag-flying in my College.

 হীৰাচিং— Why not, Sir? You allowed us [ ৩৮ ] flag-flying all right while the Congress Government was in office. Why not now?

 প্ৰিন্সিপাল— I cannot argue with you. You better go back. The consequences of disobedience may be serious, I warn you.

 (প্ৰিন্সিপালে ল’ৰাবিলাকক তাতে এৰি হন্ হন্ কৰি গুচি যায়।)

 ৰমানাথ— লাগিল লেঠা; লাগিব জানিছোঁৱেই। পাচে এতিয়া কি কৰা? সৌ Principal চাহাবলৈ চোৱা। তেওঁ ডিপুটি কমিছনাৰৰ বঙলাৰ ফালে লৰ ধৰিছে। কি কৰিবা?

 বহুতে— কি কৰিবৰ আছে! আমি flag উৰামেই। Principal আমাৰ জাতিক অপমান কৰিবৰ কোন?

 চমচেৰ— বা আমাকেই বা অপমান কিয়?

 ৰমানাথ— তেনেহলে সেয়ে ঠিক!

 বহুতে— ঠিক! আলবৎ ঠিক!

 ৰমানাথ— Flag আঁৰি দিব কোনে? (সকলোবোৰ নিমাত) কোৱা কোনে volunteer কৰিবা? নে মই দিব লাগে?

 হীৰাচিং— মই volunteer কৰিছোঁ।

 (তেতিয়া আন অনেকে ‘মইও volunteer কৰিছোঁ’ বুলি আগবাঢ়ি আহিল।)
[ ৩৯ ]  ৰমানাথ— বাৰু! ইমানবোৰ নালাগে। হীৰাচিঙৰ লগত আৰু চাৰিজন হলে হব। কিন্তু সাৱধান, জান গলেও flag আঁৰি দিহে আহিব লাগিব।

 হীৰাচিং— বাৰু। (ই বিলাকেও ‘বাৰু’, ‘খুব পাৰিম’ এইদৰে শলাগিলে। হীৰাচিঙৰ সহকাৰী চাৰিজন তাতে বছা হ’ল)

 

(২)

 [ইয়াৰ এঘণ্টা মানৰ পাচত। College buildingsৰ Administrative Blockৰ ওপৰত তিনি ৰঙৰ National flag জল্-জল্ কৰি জ্বলিছে আৰু বতাহত ফট্ ফট্ কৰি শব্দ কৰিছে। ৰমানাথকে আদি কৰি কিছুমান ল’ৰা Flag সম্মুখ কৰি লৈ শাৰী বান্ধি ৰৈ আছে। কিছুমানে দূৰৰ পৰা চাইছে। আলি-বাটততা কিছু মানুহ গোট খাইছে। আৰু প্ৰফেছৰ বিলাকৰ এজন দুজন চকু মুদি ঘপ ঘপ্ কৰি কলেজৰ অফিচলৈ সোমাই গৈছে। এজন-দুজন ভিতৰৰ পৰা সেমেনা-সিমেনি কৰি চোৱা-চুই কৰিছে। এনেতে কলেজৰ ঘণ্টা পৰিল। দহোটা বাজিল। লৰালৰি কৰি Professor সকল নিজৰ নিজৰ শ্ৰেণীলৈ গ’ল। দেখে দুই-এজন ল’ৰাৰ বাহিৰে class বোৰ শূন্য। Vice-Principalৰ ৰুমত telephone ৰিং ৰিং কৰি বাজি উঠিল। Vice-Principalএ খৰধৰ কৰি phone ধৰিলে।]

 ভাইচ-প্ৰিন্সিপাল— Yes, the Vice-Principal is speaking... yes, Sir. good morning, Sir... No, [ ৪০ ] there are about half a dozen boys in the classes... Oh, Professors, they are in their rooms... Their attitude seems to be peaceful... I do not know what they intend to do... It would be better if you come, Sir, they will certainly respond much better to your— the Principal's appeal. Oh, all right, if you want me to speak to them I will... yes I shall take the senior professor with me. Are you not coming to College then? Oh, indisposed? I did not know that... Good morning, Sir.

 (ইয়াৰ পাচত কেইজনমান ছিনিয়ৰ প্ৰফেছৰক লগত লৈ Vice-Principal ল’ৰাবিলাকৰ আগলৈ গ’ল।)

 (ল’ৰাবিলাকক) Good morning, boys. তোমালোকে class লৈ নোযোৱা কিয়? বাহিৰত এইদৰে থকা discipline ৰ against এ গৈছে।

 ৰমানাথ— Sir, class লৈ যাবলৈ সাজু আছোঁ। তাৰ আগেয়ে আমাৰ National flag salute কৰিব লাগে। আপনালোকেও আহক। আমি Principal লৈ বাট চাই আছোঁ।

 ভাইচ-প্ৰিন্সিপাল— Oh, Principal is indisposed— তেখেতে আহিব নোৱাৰে।
[ ৪১ ]  চমচেৰ— Indisposed কেতিয়া হ’ল? Sir, অলপ আগতে আমি তেওঁক ডিপুটি কমিচনাৰ চাহাবৰ বঙলাৰ ফালে যোৱা লগ পাইছোঁ।

 (ল’ৰাৰিলাকৰ মাজৰ পৰা ‘coward’ এই শব্দ শুনা গ'ল।)

 এজন Senior Prof.— Well boys, I will put it to you straight. মহাত্মা গান্ধীৰ প্ৰতি আমাৰ সকলোৰে ভক্তি আৰু শ্ৰদ্ধা আছে। কিন্তু বৰ্ত্তমান অৱস্থাত আমি একো কৰিব নোৱাৰোঁ। আমি গৱৰ্ণমেন্টৰ চাকৰ, সেইমতে চলিব লাগে।

 ভূদেব— মানিলোঁ ছাৰ। যোৱা বেলি দেখোন এই কলেজত এইবোৰ উৎসৱ পাতিবলৈ উদ্গনি দিছিল?

 Senior Prof.— Things change my friends! তোমালোকক সৰল ভাৱেৰে কৈছো we are helpless।

 ৰমানাথ— তেনেহলে Sir, আপোনালোকে যাওক। আমি Flag-salute কৰিহে যাম। Principal যদি নাহে, তেওঁক আনিবলৈ যত্ন কৰোঁ।

 কালিদত্ত— ঠিক! ব’লা Principalক লৈ আহোঁগৈ।

 হীৰাচিং— Yes; এইটো ভাল কথা। (প্ৰফেছৰসকললৈ) হয় sir, আপোনালোক ভিতৰলৈ যাওক। আমি Flag salute কৰিহে কি কৰোঁ। বলাহঁক।

 (এইবুলি দুকুৰিমান ছাত্ৰ উত্তেজিত হৈ Principalৰ বঙলাৰ ফালে যায়।)

 
[ ৪২ ]

(৩)

 [ইয়াৰ দহ মিনিট মানৰ পাচত। প্ৰিন্সিপালৰ বঙলা। তেওঁৰ ঘৈনীয়েকে টেলিফোনটো লৈ আছে। ওচৰতে Principal বিমৰিষ মনেৰে বহি আছে।]

 Mrs. Principal— (টেলিফোন হাতত লৈ) কি কলে? ল’ৰাবোৰ উত্তেজিত হৈ আমাৰ বঙলাৰ ফালে আহিছে? আপোনালোকে কি কৰিছিল? ... তাহঁতক বুজাব নোৱাৰিলে এতিয়া আপোনালোকে মজা কৰক। আমাৰ সৰ্ব্বনাশ। ... ইমানবিলাক ল’ৰাই আমাক কাটেই নে মাৰেই! তৎক্ষণাৎ চকীদাৰ-চাপ্ৰাছীবিলাকক পঠাই দিয়ক .... হয় বঙলালৈ। তাহাঁতৰ ঘৰলৈ পঠাবলৈ কৈছো নেকি? ভাল বুদ্ধি আপোনালোকৰ!

 Principal— চাওঁ, চাওঁ, মোক দিয়াচোন। (Telephoneটো ধৰে) Yes Good morning... why could you not manage the situation... ম‌ই যে indisposed... Absolutely not, এদিন এঘন্টা Principal নহলে কলেজখন নচলে। Crisisটো হয়েই। সেইবুলি আপোনালোকে কি কৰিলে?..... ঘৰলৈ যাব বিচাৰে Professor সকলে? বাৰু তেনে। সকলোবিলাক nervous হলে কেনেকৈ হব..... All must stay in the college. That [ ৪৩ ] is the order...... whoever leaves, does so at his risk, yes, yes, that is final. [এনেতে বাহিৰত ল’ৰাবিলাক আহি পোৱা গণ্ডগোল লাগে। ল’ৰাবিলাক ডাঙৰ ডাঙৰ কৰি কথা পাতে, কিন্তু একো অভদ্ৰ আচৰণ কৰা নাই।]

 Mrs, Principal— (টেলিফোনটো কাঢ়ি নিয়ে আৰু কয়) আৰু আন connection অৱশ্যে নাই। আপুনি বাহিৰলৈ যাব নোৱাৰে। মই D.C.লৈ phone কৰো পুলিচ পঠাবলৈ। আপুনি বহি থাকক।

 Principal— পুলিচ আনিলে হাঙ্গামা হ’ব, ৰ’বা।

 Mrs. Principal— আপুনি বহি থাকক। পুলিচ আহিলে যদি হাঙ্গামা হয়, হাঙ্গামা নিমিটালে কিয়? মই গুণ্ডাবোৰৰ হাতত ল’ৰা-ছোৱালীৰে মৰিব নোৱাৰোঁ। (টেলিফোন বাজি উঠে) হয় প্ৰিন্সিপালৰ বঙলাৰ পৰা...... হয় পুলিচ লাগে। যিমান পাৰে তিমান পঠাওক। তুৰন্তে। বহুত ল’ৰা আছে। হাতত দা, লাঠী, জোং, যাঠি এইবোৰ আছে, নাই, আপুনি অকলে নাহিব। পুলিচ পঠাওক। শীঘ্ৰে... ভয় নাই কি কৰোঁ? বৰ বিপদ আমাৰ। ৰক্ষা কৰক... তেওঁ ইয়াত বহি আছে। তেওঁ ভয়তে অৱশ... বাৰু thank you, যিমান সোনকালে পাৰে (টেলিফোন থৈ দিয়ে।)
[ ৪৪ ]  Principal— তুমি ভাল নকৰিলা। বাৰু যি হয় হব। মই এবাৰ বাহিৰলৈ যাওঁচোন।

 Mrs. Principal— (‘এ নাযাব নাযাব’ বুলি হাক দিয়ে। এনেতে দহ বাৰ জন মান ল’ৰা বাৰাণ্ডালৈ উঠি আহি Principal ক মাতে— ‘Sir, আমাক মাত এষাৰ দিয়ক’।) কি গুণ্ডা ল’ৰা তোমালোকে! Principalৰ অসুখ। তোমালোকে তেও নেৰা।

 ছাত্ৰ— আপুনিয়ে মাত দিয়ক তেনেহলে।

 [এনেতে কলেজৰ চকীদাৰ, চাপ্ৰাছী আঠ-দহজন মান আৰু দহ বাৰটা মান পুলিচ আহি প্ৰিন্সিপালৰ বঙলাৰ সমুখত থিয় হ’লহি।]

 Mrs. Principal— (বাৰাণ্ডালৈ আহি) ধৰা ধৰা ইহঁতক। আমাক মাৰি সাং কৰিলে। ধৰা ধৰা (Principalও বঙলাৰ বাৰাণ্ডালৈ আহিল। ছাত্ৰ, চকীদাৰ, পুলিচ সকলোৰে মাজত এটা হাহাকাৰ লাগিল। কিছুমানে ইফালে সিফালে দৌৰিলে। মৰামৰি খুন্দিয়া-খুন্দি লাগিল। এঘাৰ মান বজাৰ আগতে এই কাণ্ড ঘটিল। কেইটামান ল’ৰাৰ মূৰত, ভৰিত, পিঠিত, বুকত আঘাত লাগিল। দুটামান পুলিচৰ তেনে হ’ল। এজন চকীদাৰ আৰু এজন ছাত্ৰ মাটিত পৰি গ’ল। ছাত্ৰজন চমচেৰ। অলপ পাচতে চমচেৰ, ৰমানাথ, হীৰাচিং প্ৰভৃতি দহ-বাৰজন মান ছাত্ৰক হাতকেৰেয়া দি পুলিচে ধৰিলে। [ ৪৫ ] অলপ পাচতে ডিপুটী কমিছনাৰ চাহাব মটৰেৰে Principalৰ বঙলা পালেহি। আৰু কাণ্ড দেখি ঘপ্ ঘপ্ কৰি বঙলাৰ ওপৰলৈ উঠি গ’ল।

 D. C.— Oh, what a mess!

 

(২)

 [ছিলং চহৰ। শিক্ষা মন্ত্ৰীৰ ঘৰ। সময় গধুলি। সাত মান বাজে। শিক্ষা মন্ত্ৰী নিজৰ Drawing Roomত বহি আছে। তেওঁৰ লগত দুগৰাকী মহিলা। সাজপাৰ গম্ভীৰ, অথচ নতুন ধৰণৰ। এজনী হীৰাচিঙৰ মাক। আৰু এজনী চমচেৰৰ সম্বন্ধত পেহীয়েক। হীৰাচিঙৰ মাক তলৰ পৰা ছিলঙলৈ আহিছে। ই গৰাকী ছিলঙতে থাকে। তাৰ বিশিষ্ট লোক এজনৰ ঘৈণী।]

 শিক্ষা মন্ত্ৰী— আজি নে?

 হীৰাচিঙৰ মাক— হয় আজি, এঘাৰ বজাত। মই আবেলিৰ সময়ত মটৰত আহিলোঁ।

 শিঃ মঃ— বৰ বেয়া কথা। মোলৈ একো ৰিপোৰ্ট অহা নাই।

 হীঃ মাঃ— ৰিপোৰ্ট কৰ পৰা আহিব? ডি. চি.ৰ লগত পৰামৰ্শ কৰিহে আপোনাৰ Principal এ ৰিপোৰ্ট পঠিয়াব। ইতিমধ্যে ল’ৰাবোৰ কি হব? আৰু চমচেৰৰ অৱস্থা বৰ বেয়া। [ ৪৬ ]  চমচেৰৰ পেহীয়েক— হয়, জোনাব। ইমান পুলিচৰ অত্যাচাৰ সহিব নোৱাৰি।

 হীঃ মাঃ— পুলিচৰ গাত কি দোষ দিব? সকলো বিলাকৰে মূল এখেত সকলৰ ভীৰু অকৰ্ম্মণ্য Principal টোহে। তেওঁৰ যে ঘৈণীজনী? সিজনী আৰু একাঠী চৰা। তেওঁক নোকোৱাকৈতো Principal এ একোকে কৰিব নোৱাৰে।

 শিঃ মঃ— পিচে, একো ৰিপোৰ্ট নোপোৱাকৈ মই কি কৰিম? (হীঃ মাকক) আপুনি দুই-এদিন থাকক। বৰ মস্কিল হ’ল। ইফালে পৰহিৰ পৰা Assembly বহিব। বৰ দিগদাৰ কৰিলে এই কলেজৰ দুষ্ট ল’ৰাবোৰে।

 চঃ পেঃ— দুদিন ৰব নোৱাৰি, জোনাব। আজিয়েই কিবা এটা কৰক। লাগিলে Premier ক সোধক।

 হীঃ মাঃ— মই উধাতু খাই লৰি আহিলোঁ। আপুনি, আমাৰ Premier এইসকল ইয়াত থাকোঁতেনো আমাৰ ল’ৰাৰ এইবোৰ দুৰ্গতি হব লাগে নে?

 শিঃ মঃ— ৰব বাৰু অলপ। (এইবুলি telephoneটো লৈ, ‘Double two 0, please’। অলপ পৰৰ পাচত telephone বাজি উঠে) মই শিক্ষা মন্ত্ৰী ... ভাল। অসময়ত আমনিতে কৰিছোঁ। পাচে কলেজৰ ঘটনাটো শুনিছে নে? ... চমচেৰৰ পেহীয়েক মোৰ ইয়াত বহি আছে... কলেজৰ ঠাইৰ পৰা আপুনি phone পালে নেকি? ... হয়, হীৰাচিঙৰ মাক [ ৪৭ ] মোৰ খুলশালী। তেৱোঁ ইয়াতে... ময়ো তাকে ভাবিছোঁ। Assembly বহাৰ আগতে কিবা এটা কৰিব লাগিব... আজি হাজতত থাকিব লাগিব কিজানি। এতিয়াতো ৰাতি হলেই। Supdt. কোৱা জানো ভাল হব? ...ভাল আপুনি কৈছে যেতিয়া মই সেইদৰে কাম কৰিম... বাৰু মই Principal আৰু D. C. দুয়োকে সোধোঁ। আৰু কওঁ যেন কালি পুৰাই এই কামৰ এটা শেষ মীমাংসা কৰি দিয়া হয়। আপোনাক পৰামৰ্শ কৰা বুলি কম জানো... হয়’ আপোনাৰ কথা কলে ভাল হয়... কলেজৰ লগত connection হওঁতে বা কতপৰ লাগে? দহ বজাৰ পাচত আপোনাক আমনি নকৰোঁ, কাইলৈ পুৱা ন মান বজাত মই নিজে আপোনাৰ গুৰিলৈ যাম... বাৰু, মই তেওঁলোকক আপোনাৰ কথা কৈ সান্ত্বনা দিম। (মহিলা দুগৰাকীৰ প্ৰতি) Premierৰ লগত কথা পাতিলোঁ। দেখিলেই। তেখেতে হয় বুলিছে যেতিয়া কিবা এটা কৰা যাব। মই বাৰু Collegeলৈ connection বিচাৰোঁ। (এই বুলি শিক্ষা মন্ত্ৰীয়ে কলেজৰ লগত connection দিবলৈ Exchangeক নিৰ্দ্দেশ দিলে। এনেতে চাহ আৰু তাৰ লগতে অলপীয়া জলপান লৈ চাপ্ৰাছী এটা আহিল। তাৰ পাচতে মন্ত্ৰীয়নী বহিল। সকলোৱে চাহ খোৱাত লাগিল।)

 মন্ত্ৰীয়নী— হীৰাচিঙৰ মূৰত দুখ পোৱা বুলি শুনিলোঁ। হয়নে?
[ ৪৮ ]  হীঃ মাঃ— দুখ তিমান পোৱা নাই। পাচে তাক হাতকেৰেয়া মাৰি নিলে পুলিচে। চাওকচোন বাইদেও।

 মন্ত্ৰীয়নী— চমচেৰ একা?

 হীঃ মাঃ— সি অজ্ঞান হৈ পৰিছিল। তেজ-চেজ সিমান হলে ওলোৱা নাই।

 চঃ পেঃ— চাওকচোন বাৰু! আমাৰ ল’ৰা কেইটাকেনো আপদে পাব পায়নে?

 শিঃ মঃ— কলেজৰপৰা connection আহোঁতে কিমান সময় লাগে ঠিক নাই। আৰু আপুনি (চমচেৰৰ পেহীয়েকৰ প্ৰতি) কথা-বতৰা পাতি চাওকগৈ। মই অলপ আহিছোঁ। এওঁবিলাকে কথা পাতক। ফোন কল আহিলেই মোক কব। মই আহিছোঁ। (বাহিৰলৈ ওলাই যায়)

 চঃ পেঃ— (মন্ত্ৰীয়নীৰ প্ৰতি) বাইদেউ, আপুনি নেৰিব। আজি ৰাতিৰ ভিতৰতে কিবা এটা কৰিব লাগে। আমাৰ Preimier এ কলেই নহয়।

 মন্ত্ৰীয়নী— বাৰু, মই নেৰিছোঁ। (চঃ পেঃ অলপ পৰৰ পাচত যায়। এওঁবিলাক যাবৰ মন কৰিছে, এনেতে টিলিং টিলিং কৰি ফোন বাজে— মন্ত্ৰীও সোমাই আহে)

 শিঃ মঃ— (Telephone লৈ) Education Minister is speaking... Good Evening... What is all these about the College? Could none of you avoid a [ ৪৯ ] scene like this? ...Excuseতো বহুতো দিব পাৰি। কিন্তু আমাক কি difficulty ত land কৰাইছে জানিছে নে? Ministry may fall for this... দোষ আপোনালোকৰ নহয়, কাৰ? ...মোৰ নে Hon’ble Premierৰ? ...নাই খং কৰা নাই; কিন্তু really speaking we are worried and the Premier is annoyed too... settle তো কৰিবই লাগে। কি কৰি settle কৰিব? ...They are already suspended and sent away from the hostel... দহজন জেলত? বৰ কেলেঙ্কাৰিখন হ’ল। কি কৰিব খুজিছে?... হয় D. C.ক দেখা কৰি কওক যে গৱৰ্ণমেন্টৰ ইচ্ছা আজি ৰাতিৰ ভিতৰতে কিবা নিষ্পত্তি হব লাগে। Premierৰ কথাও কব পাৰে। লাগে যদি মই Jail Supdt. আৰু D.C.লৈ Phone কৰিব পাৰোঁ। কিন্তু ৰাতি Jailৰ পৰা মানুহ অনা টান। কালি পুৱা আঠ-নটাৰ ভিতৰত নিষ্পত্তি কৰি আমাক জনাব... বাৰু খং নকৰে, মই Premierক কম। Good night.

 

(৫)

 [কলেজ থকা নগৰ। সময় গধূলি আঠমান বাজে। Assemblyৰ Opposition Leaderৰ ঘৰ। তেওঁ আৰু দুই-তিনিজনমান M.L.A. ডেকা আৰু কেইজনমান ছাত্ৰ।]

 এজন M. L. A.— আজি এতিয়া special timing আছে নে নাই?
[ ৫০ ]  এজন ডেকা— আজি আৰু নাই। কালিলৈ পুৱাই চাৰে চাৰি বজাত যাব পাৰি। সাত বাজোতে ছিলং পাবগৈ।

 M. L. A.— সেয়ে ভাল। সেই সময়ত যাব লাগে। পাচে গাড়ী যাব কাৰ আৰু খবৰ দিব কোনে?

 ডেকা— গাড়ী-পেট্ৰোল বাৰু আমি যোগাৰ কৰি দিম। কিন্তু গৈ কি কৰিব তাকে ঠিক কৰক।

 M. L. A.— No. confidence motion দিব লাগে। Assembly adjourn motion দিব লাগে। ল’ৰাহঁতক gailৰ পৰা আনিব লাগে।

 Opposition Leader— এঃ এইবোৰতো কৰিব পাৰিবাই। কিন্তু ফল কি হব? European Block টোতো তেনেই Govt.ৰ ফালে। আমাৰ groupৰো পাঁচ-ছয়জনৰ একো ঠিক নাই। যিফালে লাভ যেন দেখে সেই ফালেই যাব। কিন্তু আচল কথা হৈছে, এই কুকাণ্ডখন কৰালে কোনে? প্ৰিন্সিপালক দেখোন এনেই সৰল মানুহ যেন দেখি। তেৱেঁনো পুলিচ মতাই ছাত্ৰক মৰালে নে?

 ভূদেৱ— Coward, Sir, coward! বোধ কৰোঁ তেওঁতকৈও Mrs. Principal এহে বেছি ভয় খালে।

 M. L. A.— তোমালোকেনো কি কৰিছিলা?

 ভূদেৱ— আমি একো কৰা নাছিলোঁ ছাৰ। We meant to be peaceful and obedient, পাচে আমি কথা পাতি [ ৫১ ] থাকোঁতেই পুলিচ আহিল, চকীদাৰ আহিল আৰু পুলিচ আহিয়েই মাৰিবলৈ লাগিল। তেতিয়া আমিও দুই-এটা মাৰ সোধালোঁ কিন্তু চমচেৰৰ বৰ সাংঘাতিক। তাৰ Brain concussion হৈছে। মৰে নে জীয়ে ঠিকেই নাই।

 এজন M. L. A.— ভাগ্যে হিন্দু-মুছলমানৰ কাজিয়া বুলি গৱৰ্ণমেণ্ট will not be able to make a capital out of it!

 Opp. Leader— বৰ দুখৰ কথা। Very bad. যেতিয়ালৈকে গোলাম জাতি হৈ আছোঁ তেতিয়ালৈকে আছে এই নিৰ্যাতনবোৰ।

 ভূদেৱ— পিচে, Sir, কি কৰা ঠিক হ’ল?

 এজন M. L. A.— বাৰু গাড়ী ঠিক কৰাগৈ; আমি দুজন কালি পুৱাতে ছিলঙলৈ যাম। গৈয়ে কালি afternoonত ল’ৰাবোৰ কেনেকৈ খালাচ কৰিব পাৰি তাৰ দিহা কৰিম। আৰু পৰহিৰ Assemblyত no-confidence motion আৰু House adjourn কৰিবলৈ motion দিম।

 ভূদেৱ— আমি হলে ল’ৰাবিলাক জেলত থাকে মানে strike কৰিবলৈ ঠিক কৰিছোঁ। তেতিয়া আমাক নুদূষিব।

 Opp. Leader— Strike কৰা যুগুত হ’ব as a protest। কিন্তু যাতে violence অলপো নহয় তাৰ বাবে [ ৫২ ] সাৱধান হবা। আজিকালিৰ দিনত আৰু এখন মৰামৰি লগাই পুলিচৰ কিল খাবৰ কোনো আৱশ্যক নাই।

 ভূদেৱ— খাব লাগিলে কিল খাবই লাগিব, Sir।

 M. L. A.— আপুনি ছিলঙলৈ কেতিয়া যাব Sir?

 Opp. Leader— কাইলৈ ভাটিবেলা। তোমালোকে গৈ motion তেনে table কৰিবাগৈ।

 

(৬)

 [কলেজ থকা নগৰ। গধুলি ৮ মান বাজে। ডিপুটি কমিছনাৰ চাহাবৰ ঘৰ। ডিঃ কঃ, প্ৰিন্সিপাল, পুলিচ চাহাব, Jail Supdt. বহি থাকে]

 D. C.— Altogether a mess. (Principalৰ প্ৰতি) আপোনালোকেনো পুলিচক ইমান urgently মাতি পঠাইছিলে কিয়?

 পুলিচ চাহাব— Well, well— যি হবলগীয়া তো হলেই। But don’t you see the fun of the thing? গোটেই সোপা দায় জগৰ, বদ্‌নাম হব পুলিচৰ। (Principalৰ প্ৰতি) I envy you, Principal. আপুনিতো report এটা দিয়েই খালাচ।

 Principal— I admit, rather an awkward situation. But what could I do? আমাৰ প্ৰফেছৰসকলো বিৰোধী। তেওঁলোকেতো একো সহায় নকৰিলে।
[ ৫৩ ]  পুঃ চাঃ— Is it not your business to see that the Professors obey you?

 D. C.— আপোনাৰ প্ৰফেছৰবিলাক! All of them are backboneless cowards. আমিওতো ছাত্ৰ আছিলোঁ। আমাৰ প্ৰফেছৰবিলাকক দেখিলে দেখোন আমি বাঘৰ নিচিনা ভয় কৰিছিলোঁ। Let that go. But what to do now, Doctor? (জেলৰ ছুপাৰিণ্টেণ্ডেন্টৰ প্ৰতি) you have heard the হুকুম?

 জেল ছুপাঃ— হুকুম or no হুকুম; you know the rules. They are strict. কিন্তু আপুনি যদি written order দিয়ে মই সেই মতে কাম কৰিম। Ministerএ phoneৰে কলে কি হ’ব? Let him send an order in proper form. ৰাতি কি কাৰণে কয়দী উলিয়াই দিব পাৰি ভাবি চাওক।

 Dy. Commissioner— Right. I am not going to take the responsibility. After all what does it matter if a few headstrong youngsters are kept in jail for a night? They deserve it fully, perhaps more.

 Principal— কিন্তু তাৰে দুজনমান ল’ৰা যে very influentially connected.
[ ৫৪ ]  পুঃ চাঃ— They therefore deserve severe punishment. আপোনালোকৰ policyৰ ফল এনে হে।

 D. C.— What’s the use of discussing these things now? I wish I were not connected with it. Now let us inform the minister. আমি তেনেহলে ঠিক কৰিলোঁ যে, জেলৰ পৰা ৰাতি ল’ৰাবোক এৰি দিব নোৱাৰি। কিন্তু কালি পুৱা সকলোকে এৰি দি matter টো drop কৰা যাব, we agree?

 তিনিও— Yes.

 D. C.— বাৰু, তেনেহলে মই এতিয়াই phone কৰি Ministerক জনাওঁ। Thank you gentlemen, Good night.

 

(৭)

 [ইয়াৰ পাচদিনা। কলেজ হল আৰু কম্পাউণ্ড। সময় ১১ মান বাজিছে। চাৰিওফালে বহুত ল’ৰা। প্ৰফেছৰসকলৰ কোনোজনে ইফাল-লিফাল কৰি ফুৰিছে। বেছি ভাগেই Common Roomত বহি আছে।

 Prof. Bora— That’s the sample of new discipline. আৰু তিনি মাহ সাত দিন আছে— for my retirement. এইকে’টা গ’লে ৰক্ষা পৰোঁ।
[ ৫৫ ]  ডেকা প্ৰফেছাৰ— আপুনিতো ৰক্ষা পৰে, Sir, আমাৰ বাখ্‌না কি হব?

 আন Senior Prof.— তোমালোকে চলিবা আৰু নতুন Regime ত। এতিয়া Politically influential হলেই হ’ল। আন কি লাগে?

 (এনেতে বহুত ল’ৰা হৈ-চৈ কৰি Common Roomৰ বাৰাণ্ডাত থিয় হৈ “জয় মহাত্মা গান্ধীৰ জয়” দিয়ে।)

 Prof. Bora— (ওলাই আহি) তোমালোকে গোলমাল কৰিয়ে থাকিবানেকি? Class নকৰা?

 এজন ছাত্ৰ— আজি class নাই, Sir. Principal এ class cancel কৰিছে। তাকেহে আপোনালোক জনাবলৈ আহিলোঁ। “জয় মহাত্মা গান্ধীৰ জয়!” “জয় অসমৰ জয়।”

 Prof. Bora— Thank you, my dear boys. I wish you all well.