অসমৰ বুৰঞ্জী/দ্বিতীয় খণ্ড

[  ] প্ৰকৰণ প্ৰচাৰ হোৱাৰ আগলৈকে অসমীয়া ভাষাৰ আখৰ-জোঁটনি আৰু বৰ্ণবিন্যাস পথাৰৰ মাজৰ জোপাৰ নিচিনা হৈ আছিল। এতিয়া, সকলো অসমীয়াই একেটা বাট ধৰি, মাতৃ ভাষাৰ উন্নতিৰ চেষ্টাত ধৰা দেখি আনন্দ লগা হৈছে। বৰ আনন্দৰ কথা যে, অসমীয়া সাহিত্য চৰ্চা বাঢ়ি অহাৰ লগে লগে তাৰ প্ৰতি উঠি-অহা সাহিত্যিকসকলৰ আসক্তি বাঢ়িব লাগিছে। তাৰ ফলস্বৰূপে, ৰায়বাহাদুৰ ৰাধাকান্ত সন্দিকৈৰ অৰ্থসহানু-ভূতিৰ বলত, তেওঁৰ প্ৰাণপ্ৰতিম পুত্ৰ ৺চন্দ্ৰকান্ত সন্দিকৈৰ নামে আৰু এখন ডাঙৰ অসমীয়া অভিধান অসম-সাহিত্য-সভাৰ জৰিয়তে প্ৰচাৰিত হৈছে। এই “চন্দ্ৰকান্ত- অভিধান" পোহৰলৈ ওলোৱাত অসমীয়া ভাষাৰ সাহিত্য ভঁৰালত এটা বহুমূলীয়া সম্পদ বাঢ়িল।

 পৌৰাণিক আৰু আধুনিক অসমীয়া সাহিত্যৰ চানেকি সংগ্ৰহ কৰি, প্ৰত্নতত্ত্ববিদ পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে “অসমীয়া সাহিত্যৰ চানেকি' নামে যি এখন প্ৰকাণ্ড গ্ৰন্থ যুগুত কৰিছিল, কলিকতা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তাক হোৱা-ছোৱাকৈ ছপাই প্ৰচাৰ কৰাত, সেই ‘চানেকি'য়ে অসমীয়া ভাষাৰ স্বতন্তৰীয়া অস্তিত্বৰ বিশিষ্ট চিনাকি দিছে, যদ্যপি ইয়াত খ্ৰীঃ উনবিংশ শতিকাৰ সামৰণলৈকে বাটকটীয়া শ্ৰেণীৰ সাহিত্যিকৰ লিখিত চানেকিয়েহে ঠাই পাইছে। অসমৰ বৰ দুৰ্ভাগ্য যে, এই অমূল্য গ্ৰন্থ বৰ্তমানলৈকে সম্পূৰ্ণ কৰিবলৈ নৌপাওঁতেই, ১৮৫০শকৰ ২৯ বহাগত, মুঠেই ৫৬ বছৰ বয়সত, গ্ৰন্থকাৰৰ অকালতে লোকান্তৰ ঘটিল। ১৮৮০ খ্ৰীষ্টাৰপৰা ১৯০০ খ্ৰীষ্টাব্দলৈকে অসমীয়া ভাষাৰ উন্নতিৰ বাটকটীয়া আৰু আগৰণুৱা সেৱকদলে বহু প্ৰবন্ধে আৰু অহোপুৰুষাৰ্থেৰে ইয়াক বঙ্গলা ভাষাৰ অপভ্ৰংশ বোলাবলৈ যত্ন কৰা দলক জিনি সুগম বাট লগাই দিয়াৰ ফলত, আৰু উঠি অহা অসমীয়া সাহিত্যিক অহোপুৰুষাৰ্থত অসমীয়া সাহিত্যৰ ক্ৰমোন্নতি দেখি বৰ ৰং লগা হৈছে। ১৯১৭ খ্ৰীষ্টাব্দৰ ২৬ ডিচেম্বৰত শিৱসাগৰত সদৌ অসমীয়া নবীন আৰু প্ৰবীণ সাহিত্যিকসকল উদ্যমত, এই বুৰঞ্জী- লেখকৰ সভাপতিত্বত, যি "অসম-সাহিত্যিক-সম্মিলনী” পোনপ্ৰথম প্ৰতিষ্ঠিত হৈছিল, সেই সন্মিলনীয়ে এই ক্ৰমোন্নতিত খৰতৰ গতি ধৰাব লাগিছে। তাৰপৰা বছৰচেৰেকৰ পিচত, “চন্দ্ৰকান্ত অভিধান”-গ্ৰন্থৰ,জন্মদাতা, উদাৰতা ৰায়বাহাদুৰ ৰাধাকান্ত সন্দিকৈ ভাঙৰীয়াৰ প্ৰচুৰ আৰ্থিক দানেৰে, যোৰহাট নগৰৰ বক্ষঃস্থলত, “চন্দ্ৰকান্ত সন্দিকৈ হল" নামে ‘অসম সাহিত্য-সভাৰ" এটি বিতোপন সাহিত্য-মন্দিৰ প্ৰতিষ্ঠিত হোৱাত, অসমীয়া সাহিত্যৰ উন্নতি আলোচনাৰ ভেঁটি দৃঢ় হৈছে। তদুপৰি, বুৰঞ্জীমূলক পুৰণি সাহিত্য-সভাৰ উদ্ধাৰৰ সুচলাৰ্থে গুৱাহাটী চহৰৰৰ বক্ষঃস্থলত সেই একেজন দাতায়ে তেখেতৰ প্ৰিয়তমা ভাৰ্য্যা শ্ৰীযুতানাৰায়ণী দেৱীৰ নামেৰে উছৰ্গি "নাৰায়ণী সন্দিকৈয়িনী বুৰঞ্জী মন্দিৰ" ("Narayani Handique Historical Institute") • এটি সজাই দিয়াত, অসমীয়া জাতীয় সাহিত্যৰ উন্নতি-পথ আৰু সুগম হৈছে।


 Bulletin No 3, compiled by Rai Bahadur S.K. Bhuyan, M.A.B.L, Honorary Provincial Director, D.H.A.S, Assam. [  ]

দ্বিতীয় খণ্ড

আধ্যা-১

দানৱ, কিৰাত আৰু অসুৰবংশী ৰজাৰ ৰাজত্ব

 মহীৰঙ্গ দানৱ-কামৰূপত পোন প্ৰথমে মহীৰঙ্গ দানৱ খ্ৰীঃ পূঃ ১৭০০ চনত ৰজা হয়। তেওঁৰ ৰাজত্বৰ সবিশেষ বিৱৰণ পাবলৈ টান। কালিকাপুৰাণ আৰু যোগিনীতন্ত্ৰত মহীৰঙ্গ আৰু তেওঁৰ বংশী ৰজাৰ নাম মাথোন পোৱা যায়। মহীৰঙ্গৰ মৃত্যুৰ পিচত, তেওঁৰ পুতেক হতকাসুৰ পিতাকৰ ৰাজ্যত ৰজা হয়; আৰু তেওঁৰ লোকান্তৰৰ পিচত, সম্বৰাসুৰ আৰু ৰত্নাসুৰ নামে ৰজাই কামৰূপত অলপকাল ৰাজত্ব কৰে।

 ঘটক কিৰাত-মহীৰঙ্গ দানৱৰ বংশ লোপ হোৱাৰ পিচত, ঘটক কিৰাত নামে এজন কিৰাতবংশী ৰজা কামৰূপত খ্ৰীঃপূঃ ১৬০০ চনত প্ৰখ্যাত হৈ উঠিছিল। সেই বংশৰ ৰজাই অলপকাল প্ৰৱল প্ৰতাপেৰে ৰাজত্ব কৰাৰ পিচত, নৰকাসুৰ নামে এজন অসুৰবংশী ৰজাই কিৰাতবংশী শেষজনা ৰজাক বধ কৰি নিজে কামৰূপ ৰাজ্যৰ অধিপতি হয়।

 নৰকাসুৰ:-কিৰাতবংশী ৰজাবিলাক পিচলৈ বৰ মদাহী, মাংস-লোভী আৰু অত্যাচাৰী হৈ উঠিছিল। সেই অত্যাচাৰ অসহনীয় হোৱাত, কামৰূপৰ প্ৰজাই এজন বৈষ্ণৱ ৰজা পাবলৈ কামনা কৰে। তাৰ ফলস্বৰূপে, বিদেহ বা উত্তৰ-বিহাৰৰপৰা নৰকাসুৰ নামে এজন বৈষ্ণৱ বীৰপুৰুষ আহি, খ্ৰী: পূঃ ১৫০০ চনৰ আদি ছোৱাত কামৰূপত ৰজা হয়; তেওঁ কিৰাতবংশী ৰজাক যুদ্ধত ঘটাই সেই বংশ নিৰ্মূল কৰিলে। তাৰ- পিচত, নৰকাসুৰে প্ৰাগজ্যোতিষপুৰত *(বৰ্তমান গুৱাহাটী) ৰাজধানী পাতিলে, আৰু কামৰূপ ৰাজ্য কৰতোৱা নৈৰপৰা দিকৰাই নৈলৈকে বিস্তাৰ কৰিলে। তেওঁ সেই ৰাজ্য বঢ়োৱাৰ সময়ত বিদৰ্ভ বা কুণ্ডিলৰ* ৰজাৰ সৈতে মিতিৰ পাতি, তেওঁৰ মায়া নামে কন্যাক বিয়া কৰায়। এইদৰে বহুকাল প্ৰৱল প্ৰতাপেৰে ৰাজত্ব কৰাৰ পিচত, নিজৰ মহতালিৰ দোষত, তেওঁ ক্ৰমাৎ নিস্তেজ হ’বলৈ ধৰে। এনে ছেগতে, দ্বাৰকেশ্বৰ শ্ৰীকৃষ্ণই, নৰকাসুৰৰ আচৰণত কুপিত হৈ, খ্ৰী: পূঃ ১৫০০ চনৰ মাজছোৱাত তেওঁৰ ৰাজ্য আক্ৰমণ কৰেহি। যুদ্ধত নৰকাসুৰক বধ কৰি, এই অদিতিৰ কাণৰ ফঁৰিয়া আৰু নৰকৰ ৰক্ষিত ভালেমান গোপিনীক উদ্ধাৰ কৰি, অনেক হাতী-ঘোঁৰা লুটি লৈ, নিজৰ ৰাজ্য দ্বাৰকালৈ উলটি যায়। গুৱাহাটীৰ ওচৰত নৰকাসুৰ আৰু অশ্বক্ৰান্ত নামৰ দুটা টিলাই নৰকাসুৰ আৰু শ্ৰীকৃষ্ণৰ মাজত হোৱা যুদ্ধ-বিগ্ৰহৰ চিন এতিয়াও মাৰ নোযোৱাকৈ ৰাখিছে। _____________________________________________________________________________________

  • 'প্ৰাগ্‌' অৰ্থত পূব, আৰু 'জ্যোতিষ' অৰ্থত নক্ষত্ৰ বুজায়। এতেকে 'প্ৰাগজ্যোতিষপুৰ' অৰ্থত পূবদেশীয় জ্যোতিষ-শাস্ত্ৰ সমালোচনাৰ প্ৰখ্যাত স্থান।
  • এতিয়া শদিয়া অঞ্চল। 'কুণ্ডিলপানী' নামে এখন সৰু নৈয়ে অদ্যপি সেই পুৰণি ৰাজ্যৰ পৌৰাণিক নাম জীয়াই ৰাখিছে। [  ]  ভগদত্ত—নৰকাসুৰৰ মৃত্যুৰ পিচত,ভগদত্ত আৰু বজ্ৰদত্ত নামে তেওঁৰ দুটি পুত্ৰ ৰৈ যায়। ইবিলাক দুজনৰ ভিতৰত জ্যেষ্ঠ ভগদত্তক শ্ৰীকৃষ্ণই খ্ৰী: পূ: ১৫০০ চনৰ মাজ-ছোৱাত, পিতৃৰ ৰাজ্যত ৰজা পাতি থৈ, দ্বাৰকালৈ প্ৰস্থান কৰে। ভগদত্ত নিজৰ পৰাক্ৰম আৰু বিদ্যা-বুদ্ধিৰ গুণত এজন প্ৰখ্যাত ৰজা আছিল। কৌৰৱ-পাণ্ডৱৰ শেহ যুদ্ধত ভগদত্তই এক অক্ষৌহিনী সৈন্য লগত লৈ, কুৰুক্ষেত্ৰত দুৰ্য্যোধন ৰজাক সহায় কৰিছিলগৈ, আৰু তাতে তেওঁ ৰণত পৰে। ভগদত্তৰ বিক্ৰমৰ কথা মহাভাৰত দ্ৰোণ-পৰ্বত বহলাই বৰ্ণোৱা আছে। তাৰ আগেয়ে, তৃতীয় পাণ্ডৱ অৰ্জ্জুনে ভগদত্তক যুদ্ধত ঘটাই কৰতলীয়া কৰিছিল বুলিও সভা-পৰ্বত উনুকিওৱা আছে।

 বজ্ৰদত্ত—ভগদত্তৰ মৃত্যুৰ পিচত, ভায়েক বজ্ৰদত্ত ৰজা হয়। তেওঁ এজন বৰ বাহুবলী আৰু প্ৰৱল প্ৰতাপী ৰজা আছিল। তেওঁৰ পিচত, তেওঁৰ পুতেক বজ্ৰপাণি ৰজা হয়। বজ্ৰপাণিৰ পিচত, তেওঁৰ বংশৰ ৯ জন ৰজাই এই কামৰূপত ৰাজত্ব কৰে। এই ৯ জনৰ ভিতৰত প্ৰলভ নামে এজন ৰজা বৰ প্ৰতাপী আৰু প্ৰখ্যাত হৈ উঠিছিল। সেই বংশৰ শেহৰজা সুবাহুৱে নৰকাসুৰৰপৰা ১৯ পুৰুষৰ অন্তৰত জন্ম লয়, আৰু তেওঁ বিখ্যাত বিক্ৰমাদিত্য ৰজাৰ সমনীয়া ৰজা আছিল। তেওঁ অলপকাল সুখ্যাতিৰে সৈতে ৰাজ কৰাৰ পিচত, বৈৰাগ্য ভাৱত তন্ময় হৈ, পুতেক সুপৰুৱাৰ হাতত ৰাজ্যভাৰ গতাই দি, নিজে তপস্যাৰ নিমিত্তে হিমালয় পৰ্বতৰ নিজান গুহাত ঠাই ললেগৈ।

 হৰ্ষবৰ্ম্মা—নৰকৰপৰা ২১ একৈশ পুৰুষৰ অন্তৰত,খ্ৰী: অষ্টম শতাবীৰ আগছোৱাত, হৰ্ষবৰ্ম্মাদেৱ কামৰূপৰ ৰজা হয়। তেওঁ মগধ, কোশল, উড়িষ্যা, কলিঙ্গ আমি দেশ জয় কৰি, কামৰূপ সাম্ৰাজ্য পূবে পৰশুৰাম কুণ্ডৰপৰা পছিমে অযোধ্য্যালৈকে, উত্তৰে হিমালয়ৰ পাদপ্ৰদেশৰপৰা দক্ষিণে বঙ্গোপসাগৰলৈকে বিস্তৃত কৰিছিল। ৭৫০ খ্ৰীষ্টাব্দত, মগধত বাহৰ পাতি থাকোতে, হৰ্ষবৰ্মাদেৱক কনৌজৰ যশোবৰ্ম্মনে আক্ৰমণ কৰি বধ কৰে। ★ হৰ্ষবৰ্ম্মাৰ পিচৰ ৯ জন ৰজাৰ ভিতৰত প্ৰলভ আৰু সুবাহুত বাজেও, এই কেইজন ৰজাৰ নাম আৰু সংক্ষেপ বিৱৰণ পোৱা যায়;-যেনে, সালস্তম্ভ, পালকবিজয়, দুৰ্জ্জয়, বনমালদেৱ, বীৰবাহু, বলবৰ্ম্মদেৱ। ইয়াৰ ভিতৰত কেইজনমানৰ ৰূপ, গুণ, চৰিত্ৰ আৰু ক্ষমতাৰ বিষয়েও অলপ আভাস পোৱা যায়। †

 সালস্তম্ভ—খ্ৰীঃ অষ্টম শতিকাত,অবতীবৰ্ম্মা নামে ৰজাক ৰণত বধ কৰি, নৰকাসুৰৰ বংশৰ সালস্তম্ভ কোঁৱৰে কামৰূপৰ ৰাজপাট লাভ কৰে। তেওঁ ৰজা হৈয়েই প্ৰাগ্‌জ্যোতিষপুৰৰপৰা ৰাজধানী তুলি নি, শোণিতপুৰত পাতি, তাৰ নাম হাটকেশ্বৰপুৰ ৰাখি, তাত সোণখটোৱা লিঙ্গৰে সৈতে এটি শিৱ-মন্দিৰ প্ৰতিষ্ঠা কৰে।

 হৰ্জ্জৰবৰ্ম্মা—খ্ৰীঃ ৮২০ চনৰপৰা ৮৩৫ চনলৈকে হাটকেশ্বৰপুৰৰ ৰাজপাট খায়। এওঁ বৰ বিদ্যোৎসাহী ৰজা আছিল। এওঁৰ সভাপতি কুমাৰিল ভট্ট এজন অগাধ পণ্ডিত আছিল। হৰ্জ্জৰ বৰ্ম্মাই কৰোৱা ভালেমান মহৎ কাৰ্যৰ ভিতৰত,তেজপুৰৰ


 ★এই বংশৰ প্ৰখ্যাত ৰজা বলবৰ্ম্মদেৱৰ প্ৰদত্ত এখন হাতীমূৰীয়া তামৰ ফলি সেইকালৰ কামৰূপ নিবাসী (অস্পষ্ট) ভট্ট নামে ব্ৰাহ্মণক ভূমিদানৰ নিদৰ্শন স্বৰূপে দিয়া হৈছিল। বছৰ দুই দহেকৰ আগত নগাওঁ নগৰত এটি পুৰাতন নাদ সংস্কাৰ কৰোতে এই ফলি পোৱা যায়।

 †ইবিলাক নৰকাসুৰৰ বংশধৰ। যদ্যপি শিক্ষা, জ্ঞান আৰু ধৰ্ম্মৰ প্ৰভাৱত ইবিলাক (অস্পষ্ট) এহাতে (অস্পষ্ট) উন্নত হৈ উঠিছিল, আনহাতে বল-বীৰ্য্য-পৰাক্ৰমত তেওঁতকৈ হীনতৰ হৈ পৰিছিল। [  ] ‘হজৰা পুখুৰী'য়ে আজিও তাৰ চিন জিলিকাই ৰাখিছে। তেওঁৰ পিচত, তেওঁৰ পুতেক বনমালদেৱ ৰজা হয়।

 বনমালদেৱ-এওঁ এখন শিৱভক্ত আছিল। বনমালদেৱৰ বুকু বৰ বহল, ককাল কৃশ , কণ্ঠদেশ পুষ্ট, বাহুযুগল স্তম্ভাকৃতি আৰু অস্ত্ৰৰ দৰে দীঘল আছিল। এওঁ স্বভাৱতো এজন আদৰ্শ পুৰুষ আছিল। এওঁ কেতিয়াও ক্ৰোধ নকৰিছিল, পাতলভাৱে নাহাঁহিছিল, নীচ লোকৰ কথা নুশুনিছিল, কাৰো অহিত নিচিন্তিছিল। এওঁ নিজৰ ৰাজ্যত ভালেমান বিলাস-ঘৰ সজাইছিল। বাস্তৱতে, বনমালদেৱ বৰ ধাৰ্মিক পুৰুষ আছিল। বৃদ্ধ বয়সত তেওঁ পুতেক জয়মালদেৱক ৰজা পাতি, নিজে শাস্ত্ৰমতে আহাৰ-নিদ্ৰা পৰিত্যাগ কৰি, উমানন্দ মন্দিৰত তপস্যা কৰি থাকোতে তাতে জীৱনশীল সামৰি স্বৰ্গী হয়।

 বীৰবাহু-এওঁ বনমালদেৱৰ নাতি। এওঁ পিতামহৰ দৰে বৰ ধাৰ্মিক ৰজা আছিল। এওঁ সংসাৰ অসাৰ আৰু পুৰুষৰ জীৱন ‘জলবিম্ব’ৰ নিচিনা অস্থায়ী ভাবি, মানৱৰ শেষ কৰ্ত্তব্য কি তাকে চিন্তা কৰিছিল। সদৌশেহত, শুভদিনত তেওঁ নিজৰ পুত্ৰৰ যথাবিধি ৰাজ্যভাৰ গতাই দি, নিজে ধৰ্মচিন্তাত মগ্ন হয়।

 বলবৰ্ম্মদেৱ- বনমালদেৱৰ নাতি ৰীৰবাহু ৰজাৰ ঔৰসত তেওঁৰ অম্বা নামে মহিষীৰ গৰ্ভভ বলবৰ্ম্মদেৱ ৰজাৰ জন্ম হয়। তেওঁ যেনে শ্ৰীমন্ত আৰু ধনৱন্ত, তেনে গুণৱন্ত আৰু বলৱন্ত পুৰুষ আছিল; তেওঁ নিজ বাহুবলেৰে পিতৃৰাজ্যৰ শ্ৰীবৃদ্ধি কৰি প্ৰখ্যাত হৈ উঠি-ছিল। খ্ৰী: দশম শতাব্দীত এইজনা ৰজা সুপ্ৰখ্যাত হৈ জিলিকি ছিল।

আধ্যা-২

বিবিধ বংশৰ ৰজা

 ভীষ্মক ৰজা :-কামৰূপত কিৰাতবংশী বজাই ৰাজত্ব কৰাৰ সময়তে সৌমাৰৰ অতি পূব ভাগত কুণ্ডিন্‌ বা বিদৰ্ভ (১) ৰাজ্যত, পূঃ ১৫০০ চনত, ভীষ্মক (২) নামে এজন সুপ্ৰখ্যাত চুটিয়াবংশী ৰজাই ৰাজত্ব কৰিছিল। এতিয়াৰ শদিয়া অঞ্চল আৰু তাৰ আশে-পাশে বিস্তৃতভাৱে এই ৰাজ্য অৱস্থিত আছিল। কুণ্ডিল্য বা কুণ্ডিন্‌ নগৰ ৰ্ভীষ্মক ৰজাৰ ৰাজধানী আছিল। বৰ্তমান শদিয়া অঞ্চলৰ পূব দাঁতিয়েদি এতিয়াও কুণ্ডিন্‌পানী বুলি এখনি সৰু নৈয়ে তাৰ চিনাকি দিছে। ভীষ্মক ৰজাৰ ৰুক্মবীৰ প্ৰমুখ্যে পাঁচজন পুত্ৰ আৰু ৰুক্মিণী নামে এটি পৰম ৰূপৱতী কন্যা আছিল। ৰুক্মিণীৰ ৰূপ লাৱণ্যৰ কথা শুনি দ্বাৰকেশ্বৰ শ্ৰীকৃষ্ণই তেওঁক বিয়া কৰাবলৈ প্ৰস্তাৱ কৰে। কিন্তু ভীষ্মক ৰজাৰ পুত্ৰ ৰুক্মবীৰে


(১)আধুনিক লেখক কোনো কোনোৰ মতে তেতিয়াৰ এই বিদৰ্ভ এতিয়াৰ বেহাৰ প্ৰদেশ। কিন্তু বেহাৰত কুণ্ডিল্‌পানী নামৰ নৈ নাই, শদিয়াতহে আছে। আনহাতে এই নৈৰ নামানুষাৰেই বিদৰ্ভ নগৰৰ আন এটা নাম কুণ্ডিল্য; আৰু 'কুণ্ডিল্য চহৰ বা 'কুণ্ডিল্‌ নগৰ্‌ ৰুক্মিণী-কাহিনীত চিৰযুগমীয়া। এতেকে শদিয়াতহে যে বিদৰ্ভ নগৰ সেইটো ঠাৱৰ। দ্বাৰকেশ্বৰ কৃষ্ণ অসমৰহে আচল জোঁৱাই , অন্য দেশৰ নহয়।

(২)কোনো কোনোৰ মতে ভীষ্মক ভোজবংশীয় ৰজা;-শ্ৰীকৃষ্ণৰ কুটুম্ব। কিন্তু আধুনিক প্ৰত্নতত্ত্ববিদসকলৰমতে ভীষ্মক চুটিয়াবংশী ৰজাহে। চুটিয়া ৰজাৰ বুৰঞ্জীৰ আগত তেওঁৰ নাম সংলগ্ন হৈছে।

[  ]
 

উত্তৰ-পছিমাঞ্চলৰ চেদী ৰাজ্যৰ ৰজা শিশুপালৰে সৈতেহে ৰুক্মিণীৰ বিয়া পাতিবলৈ মনস্থ কৰিছিল। শ্ৰীকৃষ্ণই ৰুক্মিণীৰ পক্ষৰপৰা তাৰ সম্ভেদ গুপ্তভাৱে পাই,দ্বাৰকাৰপৰা সসৈন্যে আহি, বলেৰে ৰুক্মিণীক হৰণ (১) কৰি, গান্ধৰ্ব্ব প্ৰথামতে কুণ্ডিন্‌ নগৰতে চন্দনগিৰিৰ নামনিত বিয়া কৰায়। এই কথা লৈ, তাতে ৰুক্মবীৰ আৰু তেওঁৰ মিত্ৰ-ৰজাসকলৰ লগতৰ এখন ঘোৰতৰ যুদ্ধ হয়। যুদ্ধত শ্ৰীকৃষ্ণই জয়লাভ কৰি, ৰুক্মিণীক লৈ,দ্বাৰকালৈ প্ৰস্থান কৰিলে। কক্সিণীয়েই শ্ৰীকৃষ্ণৰ ঘাই বিবাহিতা প্ৰথমা পত্নী (২) আছিল। বলেৰে হৰণ কৰি পত্নী গ্ৰহণ কৰাটো সেই কালত বৰ গৌৰৱৰ প্ৰথা আছিল।

 বাণ-ৰজা- কামৰূপৰ শোণিতপুৰত, দৈত্যবংশী হিৰণ্যকশিপুৰ পৰিণাতি সুপ্ৰখ্যাত বলি ৰজাই, খ্ৰীঃ পূঃ ১৫০০ চনত, ৰাজত্ব কৰিছিল। বলি ৰজাৰ মৃত্যুৰ পিচত, সেই শতাব্দীৰ শেহছোৱাত, তেওঁৰ পুত্ৰ বাণ-ৰজা ৰাজপাটত উঠে।

বাণ ৰজাৰ বংশাৱলী:

কশ্যপ
|
হিৰণ্যকশিপু
|
প্ৰহ্লাদ
|
বিৰোচন
|
বলি
|
বাণ
|
ইন্দ্ৰদমন
|
ভলুকা

ইন্দ্ৰদমন প্ৰমুখ্যে বহু পুত্ৰ আৰু উষা নামেৰে এটি বৰ ৰূপৱতী কন্যা আছিল। বাণ-নৰপতিয়ে নিজ নগৰৰপৰা (৩) কুৰি ক্ৰোশৰ আঁতৰত 'উষা-নগৰ' নামেৰে এখনি সুন্দৰ নগৰ অগ্নিগড়েৰে সুৰক্ষিতকৈ পাতি তাতে উষাদেৱীক পৰম যত্নেৰে ৰাখিছিল। এতিয়াৰ তেজপুৰেই সেই নগৰ। আৰু এতিয়া য'ত কাছাৰি-ঘৰ বহিছে, সেয়ে উষাদেৱীৰ অন্তঃপুৰৰ ভেঁটি আছিল। বাণ-নৰপতিৰ নিজ নগৰ


(১) ৺শঙ্কৰদেৱৰ "ৰুক্মিণী-হৰণ" অসমীয়া নাটৰ এয়ে মুলভেঁটি।

(২)হৰিবংশ আৰু পুৰাণমতে শ্ৰীকৃষ্ণৰ ৮ আঠ্‌ গৰাকী ভাৰ্য্যা আছিল; যেনে ৰুক্মিণী, জাম্বৱতী, সত্যভামা, মিত্ৰবিন্দা,কালিন্দী, ভদ্ৰা, নগ্নজিতী আৰু লক্ষণা। কোনো কোনো আধুনিক সমালোচকৰ মতে কৃষ্ণভাৰ্য্যা মুঠেই এগৰাকী- ৰুক্মিণীহে।

(৩) বানৰজাৰ কাৰেং থকা সেই নগৰৰ নাম ভালুকপুং। তাৰপৰা অগ্নিগড়ৰে সৈতে (অস্পষ্ট) ভোমোৰাগুৰি টিলাত লগাই সজোৱা গড় এটাৰ খণ্ডাচিগা একোভাগ এতিয়াও আছে।

[ ১০ ]
 

তেজপুৰ টাউনৰপৰা ২০ ক্ৰোশ অন্তৰত ভালুকপুং নামে ঠাইত অৱস্থিত। দুয়ো নগৰৰে ভগ্নাৱশেষৰ কীৰ্তিচিন এতিয়াও ঠায়ে ঠায়ে পৰি ৰৈছে। উষাদেবী যুৱতী হোৱাত, তেওঁৰ ৰূপলাৱণ্যৰ কথা ভাৰতৰ চৌদিশে ৰাষ্ট্ৰ হৈ পৰিল। পিচে, তেওঁৰ প্ৰিয়তমা সখী চিত্ৰলেখাৰ যোগবিদ্যাৰ অলৌকিক কৌশলত, শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধকুমাৰে গোপনে আহি উষাদেৱীক গান্ধৰ্ব প্ৰখামতে বিয়া কৰায়; আৰু তেওঁ বাণ-ৰজাৰ হাতত বন্দী হয় (১)। সেই আপাহতে শ্ৰীকৃষ্ণ আৰু বাণ-ৰজাৰ মাজত এখন ঘোৰতৰ ৰণ লাগে (২)। বাণ-নৰপতি এজন বৰ শিৱভক্ত ৰজা আছিল। তেওঁ প্ৰতিষ্ঠা কৰোৱা বৰ্তমান ৰুদ্ৰপদ আৰু মহাভৈৰৱ (৩) দেৱালয়ত তেওঁ শিৱ-পূজা কৰিছিল। উষাদেৱীয়ে ভৈৰৱী দেৱীৰ উপাসনা কৰিছিল। তেওঁৰ পিতাকৰ দ্বাৰাই প্ৰতিষ্ঠিত বৰ্তমান ভৈৰৱী দেৱালয়তে তেওঁ শক্তি-পূজা কৰিছিল। বাণ-ৰজাৰ পিচত, পুতেক ইন্দ্ৰ- দমন, আৰু তেওঁৰ পিচত, তেওঁৰ পুতেক ভলুকা ৰজা হয়। আজিকালি অঁকাবিলাকে বাণ-ৰজাৰ নাতি সেই ভলুকাৰ বংশৰ মানুহ বুলি চিনাকি দিয়ে।

 অন্ধযুগ-খ্ৰী:পূ: ১৩০০ চনৰপৰা খ্ৰীষ্টাব্দৰ আৰম্ভণলৈকে এই ছোৱা পুৰণি অসম বা কামৰূপৰ বুৰঞ্জীৰ অন্ধযুগ। এই ছোৱাৰ উল্লেখযোগ্য তথ্য অদ্যপি ওলোৱা নাই।

 দেবেশ্বৰ-নৰকাসুৰৰ বংশাৱলীৰ শেহছোৱাত,খ্ৰী: শতাব্দীৰ প্ৰথম শতিকাত, দেবেশ্বৰ নামে এখন শূদ্ৰ ৰজাই কামৰূপত ৰাজত্ব কৰাৰ তথ্য পোৱা যায়। তেওঁৰ ৰাজত্ব কালত, বৌদ্ধধৰ্মৰ শ্ৰীবৃদ্ধিত বিশেষ বাধা জন্মাই, কামাখ্যাত শক্তি-পূজা অধিক বলৱতী কৰিবৰ অৰ্থে তেওঁ বৰ পুৰুষাৰ্থ কৰিছিল।

 নৰশঙ্কৰ বা নাগাক্ষ :-খ্ৰী: ৩৭৮ চনত, স্বৰ্ণপীঠত, নৰশঙ্কৰ নামেৰে এজন ৰজা হয়। তেওঁৰ বংশধৰ ৰজাই প্ৰায় চাৰিশ বছৰমান প্ৰতাপগড়ত ৰাজত্ব কৰে। বিশ্বনাথৰ অন্তৰ্গত প্ৰতাপগড়ত নাগশঙ্কৰ দেৱালয়ৰ ওচৰতে প্ৰথমে তেওঁৰ ৰাজধানী পতা হৈছিল। শঙ্কৰ বংশৰ ৰজাই দান কৰা দেৱোত্তৰ মাটি এতিয়াও নাগশঙ্কৰ দেৱালয়ৰ নামত আছে। এই বংশৰ মিমং, গজং, শ্ৰীবং আৰু মৃগং নামে চাৰিজন ৰজাই ২০০ বছৰ লোহিত্যপুৰত ৰাজত্ব কৰে। বিশ্বনাথ লোহিত্যপুৰৰ ৰাজধানী আছিল।

 সঙ্কল- চতুৰ্থ শতাব্দীৰ আৰম্ভণত সঙ্কল নামেৰে এজন প্ৰৱলপতাপী ৰজাই কামৰূপত ৰাজত্ব কৰিছিল। তেওঁ কামৰূপৰ আদি অধিবাসী। সঙ্কল ৰজাই কামৰূপৰ ফালে দিগ্বিজয় কৰি ফুৰিছিল। তাৰ ভিতৰত কেদাৰ ব্ৰাহ্মণ নামে আৰ্য্যাৱতৰ এজন প্ৰৱল প্ৰতাপী ৰজাৰ ওপৰত কৰা আক্ৰমণেই প্ৰধান। সঙ্কলে প্ৰথমে বেহাৰ আৰু ভাগীৰথীৰ পূবপাৰৰ দেশবোৰ জয় কৰি, তাৰপৰা বহু সংখ্যক সৈন্য-সামন্ত গোটাই লৈ, কেদাৰ ব্ৰাহ্মণক আক্ৰমণ কৰেগৈ। দুয়োপক্ষৰ মাজত ঘোৰতৰ যুদ্ধ হয়। পিচে,


 (১) "কুমাৰহৰণ" আখ্যানৰ এয়ে আঁতিগুৰি।

 (২)বৈষ্ণৱৰাজ শ্ৰীকৃষ্ণ আৰু শৈৱৰাজ বাণ-ৰজাৰ মাজত হোৱা ৰণ কাৰণে ইয়াক "হৰি-হৰ যুদ্ধ" বোলা হয়। অৰ্থাৎ, এইখন বিষ্ণু(হৰি) আৰু শিৱ(হৰি) এই দুই ঐশ্বৰিক শক্তিৰ প্ৰতিনিধিৰ মাজত হোৱা ৰণ।

 (৩) শোণিতপুৰত (এতিয়া তেজপুৰ) বাণ-ৰজাই এই মহাভৈৰৱ মন্দিৰত প্ৰতিষ্ঠা কৰা বিগ্ৰহ ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ ডাঙৰ। [ ১১ ] কেইবাবাৰো বিষমৰূপে ঘাটি, সদৌশেহত কেদাৰ ব্ৰাহ্মণ সঙ্কলৰ শৰণাগত হয়। এইদৰে দিগ্বিজয় কৰি ফুৰোঁতে, শেহান্তৰত সঙ্কল চিখিয়াৰ ৰজা আফ্ৰাছিয়াৰৰ দ্বাৰাই আক্ৰান্ত হয়। প্ৰথমতে সঙ্কলে কেইবাবাৰে আফ্ৰাছিয়াৰৰ আক্ৰমণ ওফৰাই পঠিয়াইছিল। তাৰ ভিতৰত ঘোঁৰাঘাটত লগা যুই প্ৰধান। এই যুদ্ধতে সঙ্কল সম্পূৰ্ণে ঘাটি আফ্ৰাছিয়াৰৰ হাতত বন্দী হয়। সঙ্কলেই বঙ্গদেশৰ গৌৰ নগৰ স্থাপন কৰে। তেওঁৰ পিচত, বঙ্গদেশৰ ৰজাবিলাকে বহুকাললৈকে গৌৰ নগৰত ৰাজধানী ৰাখিছিল। সঙ্কলৰ আমোলত বঙ্গদেশ কামৰূপৰ অন্তৰ্ভুক্ত আছিল।

 কুমাৰ ভাস্কৰ বৰ্ম্মা:— ৬৪০ চনত চীনদেশী পৰিব্ৰাজক হিয়োনচাং প্ৰাগজ্যোতিষপুৰলৈ আহোঁতে, কুমাৰ ভাস্কৰ বৰ্ম্মা নামেৰে এজন ৰজা কামৰূপৰ অধিপতি আছিল। এইজনা ৰজা কুমাৰ-বংশী, আৰু তেওঁৰ বংশৰ ৰজাসকলে ১০০০ খ্ৰীষ্টাব্দলৈকে কুমাৰ উপাধিধাৰী ৰজা হৈ কামৰূপ শাসন কৰিছিল। হিয়োনচাংৰ ভাৰত-ভ্ৰমণৰ টোকাত কামৰূপ সম্বন্ধে এই দৰে বৰ্ণোৱা আছে;- “কামৰূপ ৰাজ্যৰ পৰিস্থিতি ৮৩৭৫ লি (১৬৭৫ মাইল); ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ বিস্তৃতি ৩০ লি (৬ মাইল। ৰাজধানীৰপৰা সীমান্তলৈ যাওঁতে দুমাহ লাগে। বাট বৰ দুৰ্গম। এই ৰাজ্যৰ ভূমি চাপৰ আৰু সাৰুৱা। কল, কঁঠাল, নাৰিকল আদি এই দেশত প্ৰচুৰকৈ পোৱা যায়। এই ৰাজ্যৰ পানী-বতাহ শীতল আৰু স্বাস্থ্যকৰ। ইয়াৰ অধিবাসীবিলাক তামবৰণীয়া, চকলামুৱা, বৰ বলী আৰু ভীষণাকৃতিৰ মানুহ; কিন্তু সিবিলাকৰ চৰিত্ৰ অতি উত্তম আৰু বিদ্যাৰ প্ৰতি অনুৰাগ প্ৰৱল। সিবিলাকৰ ভাষা বঙ্গদেশ আৰু তাৰ ওচৰৰ ঠাইৰ অধিবাসীৰ ভাষাৰপৰা পৃথক; কিন্তু পছিম-ভাৰতৰ ভাষাৰ লগত আলেমান মিল আছে। ভাষ্কৰ বৰ্ম্মা এজন বৰ বিদ্যানুৰাগী ৰজা। কামৰূপৰ মানুহবিলাক পূজা-সেৱাত বৰ অনুৰক্ত; কিন্তু সিবিলাকে বৌদ্ধধৰ্ম নামানে। সিবিলাকৰ ঈশ্বৰ-ভক্তি সৰল আৰু গুপ্তভাৱৰ। ”

 সমসাময়িক ভাৰত-বুৰঞ্জীৰ কথা:— ভাৰতবৰ্ষত আৰ্য্যবসতি হোৱা আগৰ দিনকে অতীজ বোলা হয়। তেতিয়া আৰ্য্য জাতিয়ে এচিয়া মহাদেশৰ মাজ-ভাগত বাস কৰিছিল। খ্ৰীষ্টাব্দ 2৫০০ বছৰমানৰ আগেয়ে, সিবিলাক তিনিভাগ হৈ ফাটি, এভাগ ইউৰোপৰ ফালে, এভাগ পাৰস্যৰ ফালে, এভাগ পছিমে খাইবাৰ দুৱাৰেদি আৰু তাৰে এভাগ পূবে পাটকাই দুৱাৰেদি ভাৰতবৰ্ষত সোমায়হি। পশ্চিমে খাইবাৰ দুৱাৰেদি সোমোৱা ভাগ পোনপ্ৰথমে পঞ্জাৱত থিতাপি হয়হি; তাৰ পিচত, আৰ্যবসতি দক্ষিণ ভাৰতলৈ বিস্তাৰিত হয়। সেই কালতে, খ্ৰীষ্টাব্দৰ ২৫০০ বছৰমানৰ আগেয়ে, আৰ্য্যাৱৰ্তত কোশল, বিদেহ আৰু কাশী এই তিনিখন ৰাজ্য আৰ্য্য জাতিয়ে স্থাপন কৰে। কোশল বা অয়োধ্যৰ ৰজা শ্ৰীৰামচন্দ্ৰ,বিদেহৰ ৰাজৰ্ষি জনক আৰু কাশীৰ ৰজা অজাতশত্ৰু- এইকেইজন প্ৰখ্যাত ৰজা আছিল। সেইকালত শ্ৰীৰামচৰিত কীৰ্তনেৰে মহাকবি বাল্মিকীয়ে ৰামায়ণ ৰচনা কৰে। তাৰপিছত, খ্ৰীঃ পূঃ ১৫০০ চনৰপৰা (অস্পষ্ট) চনলৈকে যাদৱ, পাণ্ডৱ, কৌৰৱ, পাঞ্চাল, ভাৰ্গৱ প্ৰভৃতি কেইবাটাও বংশৰ হিন্দু ৰজা আৰু বংশধৰ প্ৰখ্যাত হৈ উঠে। তাৰ ভিতৰত যাদৱ কোঁৱৰ দ্বাৰকেশ্বৰ শ্ৰীকৃষ্ণ, ইন্দ্ৰপ্ৰস্থৰ পাণ্ডৱ ৰজা যুধিষ্ঠিৰ, পাঞ্চালৰ ৰজা দ্ৰুপদ, মগধৰ ৰজা [ ১২ ] জৰাসন্ধ, কামৰূপৰ ৰজা নৰকাসুৰ আৰু ভগদত্ত এইসকল প্ৰধান। সেই কালতে মহামুনি বেদব্যাসে আৰ্য-বুৰঞ্জী ‘মহাভাৰত’ প্ৰণয়ন কৰে, আৰু শ্ৰীকৃষ্ণ-কথিত ‘গীতা’ প্ৰচাৰিত হয়। খ্ৰী: পূ: ১০০০ বছৰৰপৰা খ্ৰীষ্টাব্দৰ আৰম্ভণলৈকে মগধত নন্দ-পৰিয়াল, চন্দ্ৰগুপ্ত, বিন্দুসাৰ, অশোক এইবিলাক ৰজা প্ৰখ্যাত হৈ উঠে। খ্ৰী: পূঃ ৩২৫ চনত গ্ৰীচ্ দেশীয় মহাবীৰ আলেকজেণ্ডাৰে ভাৰতবৰ্ষ আক্ৰমণ কৰেহি। ইয়াৰ উপৰি, ২০৭ বছৰমানৰ আগেয়ে খ্ৰী: পূ: ৫৫৭ চনত, নেপালৰ দক্ষিণ সীমাত, কপিলাবস্তু নামে ৰাজ্যত, গৌতম বুদ্ধৰ আবিৰ্ভাৱ হয়; আৰু তেওঁ প্ৰৱৰ্ত্তোৱা বৌদ্ধধৰ্ম্ম ক্ৰমাৎ বিস্তাৰিত হ’বলৈ ধৰে। আশোক ৰজাৰ দিনত বৌদ্ধধৰ্ম্মৰ প্ৰতিপত্তি বৰকৈ চৰিছিল।


আধ্যা-৩
জীতাৰিবংশী ৰজাৰ ৰাজত্ব

 ধৰ্ম্মপাল:— কুমাৰ বংশ লোপ পোৱাৰ পিচত, কাশ্মীৰৰ ফালৰপৰা, জীতাৰি বংশৰ ধৰ্ম্মপাল নামেৰে এজন ক্ষত্ৰিয় সন্ন্যাসী আহি, ১১০০ খ্ৰীষ্ট্ৰাব্দত কামৰূপত ৰাজত্ব কৰে। তেওঁ পশ্চিম-ভাৰতৰপৰা কেইঘৰমান বামুণ অনাই কামৰূপত পাতিলে। ধৰ্ম্মপালে গুৱাহাটীৰপৰা ৰাজধানী তুলি নি, উত্তৰপাৰে দৰঙ্গত পাতিছিল। তাৰ পিচ, অলপ কাল মাখোন ৰাজত্ব কৰি, তেওঁ নিজে পতা নতুন নগৰতে স্বৰ্গী হোৱাত, পুতেক সোমপাল ৰজা হয়। সোমপালৰ পিচত, পুতেক ভালুকপেঙ ৰজা হয়। এওঁ আৰু পাঁচোটা নামেৰে জনাজাত। যেনে- ৰামচন্দ্ৰ, প্ৰতাপচন্দ্ৰ, ৰতনপুৰীয়া, মীনাঙ্ক আৰু মায়ামত্ত। জীতাাৰি বংশৰ সুবলি, পদ্মনাৰায়ণ, মহেন্দ্ৰনাৰায়ণ, চন্দ্ৰনাৰায়ণ, প্ৰাণনাৰায়ণ, জয়নাৰায়ণ, ক্ষোভনাৰায়ণ নামেৰে আৰু কেইবাজনো ৰজাই কামৰূপত ৰাজত্ব কৰে।

জীতাৰি বংশাৱলী
ধৰ্ম্মপাল
|
সোমপাল
|
ৰামচন্দ্ৰ বা মীনাঙ্ক বা ভালুকপেঙ বা প্ৰতাপচন্দ্ৰ বা ৰতনপুৰীয়া বা মায়ামত্ত
|
আৰিমত্ত
|
ৰত্নসিংহ
|
শৃকালঙ্ক
|
মৃগাঙ্ক বা জোঙালবলহ।


 মীনাঙ্ক বা ৰামচন্দ্ৰ— ৰজা হৈয়েই তেওঁৰ ৰাজছত্ৰত মীন অংকিত ৰাজচিন্‌ লোৱাৰ কাৰণে, তেওঁৰ আন এটা নাম "মীনাঙ্ক" হয়। প্ৰতাপচন্দ্ৰ (১) বা ৰামচন্দ্ৰ


 (১) তেজপুৰৰ অন্তৰ্গত বিশ্বনাথৰ উত্তৰে "প্ৰতাপগড়" নামে ৰাজগড় এটাৰ ধ্বংসাৱশেষ ছিগা-ভগা হৈ এতিয়াও আছে; আৰু তাৰ কাষতে সেই নামেৰেই চাহ-বাগিচা এখনো আছে। এই প্ৰকাণ্ড গড়টোৱে মহাপ্ৰতাপী ৰজা প্ৰতাপচন্দ্ৰৰ প্ৰতাপৰ চিন অদ্যাপি জিলিকাই ৰাখিছে। [ ১৩ ]
 

ৰজাৰ ৰাজ্য দৰঙ্গৰ পছিম সীমাৰপৰা একেকঠীকৈ পুৰণি শোণিতপুৰৰ বিশ্বনাথলৈকে বিস্তৃত আছিল; আৰু তেওঁৰ দ্বাৰাই বন্ধোৱা বিশ্বনাথৰ উত্তৰে "প্ৰতাপগড়” নামেৰে এটা ৰাজগড় ছিগা-ভগা অৱস্থাত অদ্যপি আছে। ৰামচন্দ্ৰৰ ৰাজত্বৰ শেহভাগত সেই ৰাজ্য উজনিৰ মাজুলীলৈকে বিস্তাৰিত হৈছিল। মাজুলীত তেওঁ ৰত্নপুৰ নামেৰে ৰাজধানী এখনো পাতিছিল; আৰু সেই আলমতে তেওঁৰ আন এটা নাম মায়মত্ত আছিল।

 গজাঙ্ক বা আৰিমত্ত—ৰামচন্দ্ৰ বা প্ৰতাপচন্দ্ৰ বা মায়ামত্ত ৰজাৰ ঔৰসত তেওঁৰ মহিষী নাৰী (১) ৰাণীৰ গৰ্ভত, ১৩০০ খ্ৰীষ্টাব্দত, বিখ্যাত আৰিমত্ত ৰজাৰ জন্ম হয়। তেওঁ আৰিমূৰীয়া; আৰিকুঁজা আৰু আৰিবুকুৱা বীৰ সন্তান আছিল; আৰু সেই আলমতে তেওঁৰ নাম 'আৰিমত্ত' হয়। কামৰূপৰ বেত্‌নাৰপৰা নগাঁৱৰ অন্তৰ্গত ৰহালৈকে (২) ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰে তেওঁৰ ৰাজ্য বিস্তৃত আছিল। আৰিমত্তৰ অন্যতম ৰাজধানী এখন কামৰূপৰ অন্তৰ্গত বেত্‌না অঞ্চলৰ বৈদ্যগডত পতা হৈছিল। একে সময়তে তেওঁৰ ৰাজ্যৰ সমান্তৰালে, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে, পিতাক মায়ামত্তৰ (৩) ৰাজ্যও বিস্তৃত আছিল।

 মহিষী নামেৰে মায়ামত্ত ৰজাৰ এগৰাকী দীপ-লিপ সুন্দৰী ভাৰ্য্যা আছিল। তেওঁ যেতিয়া সগৰ্ভা, তেতিয়া এদিন লুইত কোঁৱৰ নামেৰে এজন কছাৰী কোঁৱৰ মায়ামত্ত ৰজাৰ ভৱনত আলহী হয়হি। পিচে, কুঁৱৰী-টোলত মহিষী কুঁৱৰীৰ ৰূপত মুগ্ধ হৈ আলহী কোৱৰে নিলগৰপৰা ঠৰলাগি চাই আছে, এনেতে সেই দৃশ্য ৰজাৰ চকুত পৰিল। কুঁৱৰীৰ প্ৰতি কোঁৱৰৰ তন্ময় ভাবৰ আসক্তিলৈ লক্ষ্য কৰি, মহাত্যাগী মায়ামত্ত ৰজাই মহিষী-ৰাণীক সেই আলহী কোৱৰকে সঁপি দিলে। (৪) স্বামীৰ আজ্ঞা শিৰোধাৰ্য্য কৰি কছাৰী কোঁৱৰৰ ঘৰলৈ গ'ল বুলিও, কুঁৱৰীয়ে সেই কোৱৰক পতি-ভজনা নকৰিলে। তাৰ পিচত, মহিষীয়ে কছাৰী গাঁৱত নীৰলে বসতি কৰি আছিল। সেই সময়তে মহিষীৰ প্ৰসৱ হয়; তাৰে ফল বিখ্যাত আৰিমত্ত ৰজা। অপমানিত কুঁৱৰী মহিষীয়ে, আত্ম- অভিমানত, পুত্ৰ আৰিমত্তক তেওঁৰ পিতৃৰ পৰিচয় নিদিলে। কালত আৰিমত্তই কছাৰী ৰাজ্যৰ ৰজা হৈ চৌপাশে দিগ্বিজয় (৫) কৰি ফুৰিবলৈ ধৰিলে। তাৰে এটা যাত্ৰাত তেওঁ


 (১) মহিষী কুঁৱৰীৰ আন এটা নাম চন্দ্ৰপ্ৰভা।

 (২) ৰহা চকীত আৰিমত্ত ৰজাৰ ৰাজধানী আছিল।

 (৩) ৰামচন্দ্ৰৰ ৰাজধানীৰ নাম মায়াপুৰ আছিল; সেই আপাহতে তেওঁক মায়ামত্ত বোলা হৈছিল। তেওঁ বৰ প্ৰতাপী আছিল হেতুকে তেওঁৰ ৰাজ্যৰ আন এটা নাম প্ৰতাপপুৰ হৈছিল। সেই আলমতে তেওঁক প্ৰতাপপুৰীয়া ৰজা নামেৰেও জনা যায়।

 (৪) আগৰ দিনত সতীত্বৰ পৱিত্ৰতাৰ আদৰ এনে গভীৰ আছিল যে, আনে অযাচিতে আসক্তিৰ ভাৱ দেখুৱালেও সতী কলুষিত বোধ হৈছিল।

 (৫)ভাটীকালে কামৰূপৰ বেত্‌নালৈকে দিগ্বিজয় কৰি উঠি, আকৌ উজাই আহি,লুইত মুখৰ পোন্‌ ধৰি ব্ৰহ্মপুত্ৰ পাৰ হৈ উত্তৰপাৰে দিগ্বিজয় কৰি,বীৰ ৰজা আৰিমত্তই অখণ্ড প্ৰতাপেৰে দিগ্বিজয় কৰিবলৈ ধৰিলে। তেওঁ ভটীয়াই আহি এজন কলা মাটিগিৰীৰ এখন প্ৰকাণ্ড বাগীৰ নিচিনা সৰু জমিদাৰী দখল কৰি তাৰ নাম 'কলাবাড়ী' ৰাখিলে। এতিয়া তেজপুৰ এলাকাৰ 'কলাবাৰী' অঞ্চলেই সেই 'কলাবাড়ী'। তাৰপৰা ভটীয়াই তেওঁ দিব্যা(এতিয়াৰ চুৰীয়া), কুঁৱৰীনগৰ প্ৰভৃতি ঠাই দখল কৰি, এখন প্ৰকাণ্ড গহীন হাবি পালেহি। সেই হাবি ভঙাই তাত আৰিমত্ত ৰজাই 'গহনপুৰ' নামেৰে এখন গাওঁ পাতিলে। সেয়ে এতিয়াৰ 'গহপুৰ'। তাৰপৰা ক্ৰমাৎ ভটীয়াই ভালেমান গাওঁ-ভূঁই অধিকাৰ কৰি, 'গমিৰী' (এতিয়াৰ গমিৰী) কল্যাণপুৰ (এতিয়াৰ কলংপুৰ) প্ৰভৃতি ঠাই দখল কৰি গৈ, আৰিমত্তৰ পিতাক ৰামচন্দ্ৰ বা [ ১৪ ]
 

অপৰিচিত পিতৃ ৰামচন্দ্ৰৰ ৰাজধানী আক্ৰমণ কৰেগৈ। মায়ামত্ত আৰু আৰিমত্তৰ মাজত তয়াময়া ৰণ লাগিল, আৰু সেই ৰণতে আৰিমত্তই পিতৃ ৰামচন্দ্ৰ বা মায়ামত্তক নিজহাতে বধ কৰে। পিচত, পিতা-পুত্ৰৰ সম্বন্ধ জনাজাত হোৱাত, আৰিমত্ত অত্যন্ত সন্তপ্ত হ'ল। তেওঁ পিতৃবধ-পাপ খণ্ডাবৰ অৰ্থে বিস্তৰ দান-যজ্ঞাদি (১) কৰি বিফল মনোৰথ হৈ, শেহান্তৰত পুতেক ৰত্নসিংহক ৰাজ্যভাৰ গতাই দি, নিজে বাণপন্থী হৈ জীৱনৰ শেহছোৱা কটাবলৈ বুলি ব্ৰহ্মপুত্ৰৰ দাঁতিত গহীন বনত মুক্তিপন্থা চিন্তি তপস্যাত বহিলগৈ। সেই অৱস্থাতে, তেওঁৰ পৰিনাতি জোঙ্গালবলহুৱে মৃগয়ালৈ যাওঁতে, হৰিণা বুলি ভাবি, নিজৰ হাতৰ শৰেৰে বিদ্ধ কৰি ধ্যানমগ্ন আৰিমত্তক বধ কৰিলে। (২)


মায়ামত্তৰ ৰাজ্যৰ সমমাজ পালেগৈ। সিমানলৈকে যে আৰিমতই পিতৃৰাজ্য হে জয় কৰি আহিছে, তাৰ সম্ভেদ তেওঁ পোৱা নাই। সিমানতে মায়ামত্তৰ সগৰ নামে মন্ত্ৰীয়ে ফেৰ পাতি ধৰিলে, আৰু তাতে এখন তয়াময়া ৰণ লাগিল। উপায়ান্তৰ হৈ, সগৰ মন্ত্ৰীয়ে শত্ৰু বিনাশৰ অৰ্থে নৈত বিহ দি পানী বিষাক্ত কৰাইছিল। সেই আপাহতে সেই মৈৰ নাম ‘বিষালি হয়; এতিয়াৰ বিহালি নৈয়েই সেই নৈ। ইতাৱসৰতে মায়ামত্ত হুঁহুকি গৈ আত্মৰক্ষাৰ্থে তেওঁৰ মায়াপুৰ নগৰৰ কোঠত সোমালগৈ। আৰিমত্তই তালৈকে খেদি গৈ, কোঁঠ অৱৰুদ্ধ কৰি, নিজ হাতৰ শেলেৰে মায়ামত্ত ৰজাক বিদ্ধ কৰিলে। প্ৰাণ যোৱাৰ আগতে, ৰাজনীতি অনুসৰি, আৰিমত্তই মৃত্যুমুখী মায়ামত্তৰ ওচৰত হিতোপদেশ গ্ৰহণ কৰেগৈ। সেই ছেগতে, কথাপ্ৰসঙ্গত মায়ামত্ত আৰু আৰিমত্ত দুই ৰজাৰ মাজত পিতা-পুত্ৰ সম্বন্ধৰ তথ্য ব্যক্ত হৈ পৰে।

 (১) পিতৃ-বধ পাপেৰে কলুষিত হৈ আৰিমত্ত উন্মত্ত হৈ উঠিল। সেই পাপ মোচনাৰ্থে তেওঁ উন্মাদৰ দৰে যেনি-তেনি ঢপলিয়াবলৈ ধৰিলে। উত্ৰাৱল হৈ ভটীয়াই আছি, বিশ্বনাথৰ ওচৰত এটা পুখুৰীলৈ তেওঁ হাতৰ ধনুখন দলিয়াই পেলালে,সেই প্ৰসঙ্গজনিত 'ধেনুপৰা' নামেৰে এটা পুখুৰী সেই ঠাইত এতিয়াও আছে। তাৰ পৰা আকৌ উধাতু খাই ভটীয়াই গৈ, তেওঁ শেলডাল এখন নৈত পেলাই দিলেহি। তেতিয়াৰেপৰা সেই নৈৰ নাম 'শেলেন' হয়; এতিয়া সেই নাম ছেলেম হৈছে। তাৰপৰা আঁতৰি গৈ এখন নৈত আৰিমত্তই তেওঁৰ পপীয়া বৰ গাটো ধুলেগৈ। আৰু সেই দেখি সেই নদীৰ নাম ‘বৰগাং হয়; সেয়ে এৰি বৰগাং নৈ। তেওঁ হাতৰ বলম ধোৱা নৈৰ নাম 'বলম' হয়, এতিয়াৰ বলম নৈয়েই সেই নৈ। তাৰ পিচত, মন্ত্ৰীৰ পৰামৰ্শমতে,আৰিমত্ত ৰজাই অতুল ধন-ৰত্ন দান আৰু যাগ-যজ্ঞাদিৰ আয়োজন কৰিলে। কিন্তু পৰৰ পিতৃবধ-পাপে চুব বুলি সন্ত-মহন্ত-সাধু-ব্ৰাহ্মণ কেঁৱে তাৰ ভাগ লবলৈ আগ নাবাঢ়িলে। শেহান্তৰত, নাৱত ভৰাই বশিষ্ঠ-গঙ্গা দিখৌ নৈত সেই ধন-ৰত্ন আৰু যাগ-যজ্ঞৰ সমলাদি অৰ্পণ কৰা হয়; কিন্তু দিখৌ-গঙ্গাই গ্ৰহণ নকৰি নিজৰ গতিকে সলালে; এতিয়াৰ 'মৰীদিখৌ' তাৰে এটা চিন। নাজিৰাৰ নামনিত গড়গাওঁ নগৰৰ কাষত কুঁজীবালিৰ ওচৰৰ এছোৱা মৰীদিখৌত এতিয়াও সেই ধন-ৰত্নৰ নাও খন পোত গৈ আছে বুলি জনশ্ৰুতি আছে। তেজপুৰৰ 'মহাভবলী'ও তাৰে আন এটা চিন বুলি প্ৰবাদ আছে। তাৰ পিচত, সাধুজনৰ উপদেশ অনুসৰি পিতৃ মায়ামত্তৰ ৰাজ্যত আৰিমত্তই বাৰ দিনৰ ভিতৰত বাৰ-শ পুখুৰী খনোৱা কাৰ্য্য হাতত লয়। কিন্তু নিৰ্ধাৰিত সময়ৰ ভিতৰত সেইকাৰ্য্যও সমাধা কৰি উঠিব নোৱাৰি তেওঁ হতাশ হ'ল। কালাবাৰী আৰু বুৰৈৰ মাজখণ্ডত সেই পুখুৰীবোৰ অদ্যপি পোতা-পুখুৰী হৈ আছে। লক্ষীমপুৰ জিলাৰ লাখটকীয়া নামেৰে এখন গাৱঁতো একলাখমান তেনেকুৱা পোতা-পুখুৰী আছে। শেহান্তৰত, তেওঁ পণ্ডিতসকলৰ বিধানমতে, তুঁহ-দৌল এটা বন্ধাই আত্ম-পাপ-তাপ দহনৰ প্ৰয়াস পাইছিল। কিন্তু তুঁহৰ মাজত গুটিধান ওলোৱাত সিও পৰিতাজ্য হ'ল॥ সদৌশেষত ৰাইজৰ সহানুভূতি সংগ্ৰহৰ নিদৰ্শনস্বৰূপ,আৰিমত্ত ৰজাই প্ৰজাবৰ্গৰ পৰা পিঠাগুড়ি মাগি আনি, এটা পিঠাদৌল সজাইছিল;পিছে তাতো খৰতীয়া চাউল ওলোৱাত সিও ব্যৰ্থ হ'ল। এই দৌলো দুটাৰ চিন দৰং জিলাৰ বদুৱাৰ আৰু ছয়দুৱাৰ অঞ্চলত অদ্যপি আছে।

 (২ কিম্বদন্তিত আছে, মুক্তিচেষ্টাত বিফল মনোৰথ হৈ আৰিমত্ত ৰজাই তুলা-পৰাচিত হ'বলৈ বিধিমতে গাত তিনি -পাচী তুলা তিনিশ তিনি কুৰি গছ খেৱলিৰে সৈতে মেৰাই বান্ধি তাত জুই লগাই নিজেই আত্মবিসৰ্জন কৰিলে, যি নৈয়ে সেই বিসৰ্জনৰ ভশ্মৰাশি উটাই ব্ৰহ্মপুত্ৰলৈ নিব লগাত পৰি নিজৰ গতি এৰিছিল, তাৰ নাম 'মৰ' নৈ হয়, আৰু তাৰ মোহনাক অদ্যপি 'জাৰিকটামুখ' বোলা হয়। [ ১৫ ]  শূকৰাঙ্ক বা ৰত্নসিংহ:- আৰিমত্ত ৰজাই, ৰাজ্যত্যাগী হৈ, তেওঁৰ পুত্ৰ ৰত্নসিংহক ৰাজ্যভাৰ গতাই দি যায়। সেই মতেই বৈদ্যগড়ত ৰত্নসিংহ ৰজা হয়। তেওঁ ৰজা হৈয়েই, পিতৃবৈৰী ফেঙ্গুৱা (১) নামেৰে কোঁচবেহাৰৰ ৰজাৰ লগত এখন ঘোৰতৰ যুদ্ধ পাতে। ফেঙ্গুৱাই মেছ, কোঁচ আদি বহুত সৈন্য গোটাই লৈ বৈদ্যগড়ৰ পছিমে কোঠ মাৰি ৰৈছিলহি। সেই কোঁঠৰ চিন্ আৰু ফেঙ্গুৱাগড়ৰ ভগ্নাৱশেষ কামৰূপ জিলাত এতিয়াও ভগা-ছিগা হৈ বৰ্তমান আছে। ফেঙ্গুৱা সেই যুদ্ধত ঘাটে, আৰু তাতে তেওঁৰ মৃত্যু হয়। তাৰ পাচত, ৰত্নসিংহই আৰু অলপকাল প্ৰৱল প্ৰতাপেৰে ৰাজত্ব কৰে। সদৌশেহত, নিজৰ চৰিত্ৰৰ দোষত ৰাজ্যভ্ৰষ্ট হৈ, অকালত তেওঁৰ মৃত্যু হোৱাত, তেওঁৰ পুত্ৰ শৃকালঙ্ক ৰজা হয়। তেওঁৰো অকাল মৃত্যু হোৱাত, তেওঁৰ পুতেক মৃগাঙ্ক ৰাজপাটত উঠে।

 মৃগাঙ্ক বা জোঙ্গালবলহু :-এওঁ সৰুৰেপৰা বৰ বাহুবলী আৰু ৰণত নিপুণ আছিল। সেইবাবে তেওঁ পিতাকৰ বৰ আদৰৰ পাত্ৰ আছিল। শৃকালঙ্ক ৰজাই পুতেক জোঙ্গালক লগত নোলোৱাকৈ এখোজো লৰচৰ নকৰিছিল। ৰজা হোৱাৰ পাচত, এদিন জোঙ্গালবলহু ব্ৰহ্মপুত্ৰৰ দাঁতিত মৃগয়া কৰিবলৈ যায়। তাতে তেওঁৰ কাঁড়ত ধ্যানমগ্ন আৰিমত্তৰ মৃত্যু হয়। সেই ঠাইক আজিও “আৰিকটা মুখ” বোলে। আৰিমত্ত ৰজাই মৰণৰ কালত কুপিত হৈ, মৃগাঙ্কক এই বুলি শাপ দিলে বোলে, “তই মৰণৰ কালত গৰমূখে পানী খাবি, আৰু তোক জোঙ্গাল বাঁহৰ জোঙ্গেৰে খুচি মাৰিব। ” জোঙ্গালে সেই কথাত বিষম পাই, পিতৃ-পুৰুষৰ ৰাজ্য এৰি গৈ, সেই কালৰ কলিয়াবৰৰ চহৰি অঞ্চলত ‘জোঙ্গালবলহু' নামেৰে নগৰ পাতি থাকিলগৈ। তেতিয়া কছাৰীপুৰত গজৰাজ নামে এজন ৰজা আছিল। তেওঁৰে সৈতে জোঙ্গালৰ মনোবাদ চলিছিল। তাকে গুচাবৰ অভিপ্ৰায়ে সেই ৰজাই জোঙ্গাললৈ নিজৰ জীয়েকক বিয়া দিয়ে। কিন্তু, গজৰাজৰ অন্তৰত হিংসানল জ্বলিয়েই ৰ'ল। কালত, সেই গজৰাজ আৰু তেওঁৰ জীয়েকৰ (জোঙ্গালৰ পত্নী) চক্ৰান্তৰ ফেৰত, আৰিমত্ত ৰজাই শাপ দিয়া মতে, গৰুমুখীয়াকৈ পানী খাই, মোকাল বাঁহৰ জোঙ্গৰ খোঁচত জোঙ্গালৰ অকালমৃত্যু ঘটিল। তাৰ পাচত, গজৰাজৰ মনোবাঞ্চা পূৰ্ণ হোৱাত, তেওঁ জোঙ্গালৰ নগৰ নিজৰ ৰাজ্যৰ ভিতৰ কৰি লয়। কিন্তু, জোঙ্গালৰ মৰণৰ পাচতা, পিতৃ-পুৰুষৰ ৰাজ্যৰ এক অংশত, কামৰূপ জিলাৰ অন্তৰ্গত, আৰিমত্তই পতা বেতনা ৰাজধানীত, তেওঁৰ পুত্ৰ-পৌত্ৰদিয়ে অলপকাল নাম-নিমিতকৈ ৰাজত্ব কৰিছিল। এই ফৈদৰ ৰজাই ১৪৭৮ খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰাৰ তথ্য পোৰা যায়।

 সাময়িক ভাৰত-বুৰঞ্জীৰ কথা :-খ্ৰীষ্টাব্দ ২৬ বছৰৰ তলৰপৰা ৪৩০ খ্ৰীষ্টাব্দলৈকে ৪৫৬ বছৰ মগধত অন্ধ্ৰবংশী ভালেমান ৰজাই ৰাজত্ব কৰে; সিবিলাকৰ ভিতৰতকণিষ্ক নামেৰে এজন ৰজা বৰ প্ৰতাপী হৈ উঠিছিল। তেওঁৱেই ৭৮ খ্ৰীষ্টাব্দৰপৰা আৰম্ভ _________________________________________________________

 (১) আৰিমত্ত ৰজাই দ্বিগ্বিজয়লৈ ওলোৱাৰ শূন্যতে কোঁচবেহাৰৰ ৰজা ফেঙ্গুৱাই তেওঁৰ নগৰ আক্ৰমণ কৰেহি। সেই ছেগত নগৰ-ৰখীয়া ৰত্নসিংহ কোঁৱৰক ৰণত হৰুৱাই, ফেঙ্গুৱাই আৰিমত্ত ৰজাৰ লখাই আৰু তৰা নামে দুগৰাকী জীয়াৰীক গৰণ কৰি নিয়ে। পাচত, লখাই আৰু তৰাই কোঁচবেহাৰৰপৰা পলাই আহি বাটতে কামৰূপৰ এখন বিলত পৰি আত্ম-বিসৰ্জন দিয়ে। সেই আক্ৰোশতে ৰত্নসিংহ ৰজা হৈয়ে ফেঙ্গুৱাৰ লগত যুদ্ধ পাতে। কামৰূপৰ ৰঙ্গিয়া মৌজাত সেই বিল অদ্যপি এখন পোতা-বিল হৈ আছে। জয়ন্তী আৰু ধৰ্ম্মাৱতী নামেৰে আৰিমত্ত ৰজাৰ আৰু দুগৰাকী জীয়াৰী আছিল। [ ১৬ ] কৰি শঁকাব্দ বা শঁক-চন প্ৰচলন কৰে। অন্ধ্ৰবংশী ৰজাৰ ৰাজত্বৰ শেহছোৱাত, ৪০০ খ্ৰীষ্টাব্দত, চীনদেশী প্ৰথম পৰিব্ৰাজক ফাহিয়েনে ভাৰত-ভ্ৰমম কৰি যায়হি। অন্ধ্ৰবংশৰ পাচত, চাহবংসী আৰু গুপ্তবংসী ৰজাই আৰ্য্যাৱৰ্তত ৫১৬ খ্ৰীষ্টাব্দলৈকে ১৪০ বছৰ ৰাজত্ব কৰে। চন্দ্ৰগুপ্ত (২য়) আৰু তেওঁৰ পুত্ৰ সমুদ্ৰগুপ্ত- এই দুজন গুপ্তবংসী প্ৰতাপী ৰজা আছিল। তা পাচত, ৫২৫ খ্ৰীষ্টাব্দৰপৰা ৫৫০ খ্ৰীষ্টাব্দলৈকে সুপ্ৰখ্যাত বিক্ৰমাদিত্য মহাৰজাই উজ্জয়িনী প্ৰদেশত প্ৰৱল প্ৰতাপেৰে ৰাজত্ব কৰে। ‘নৱৰত্ন’ নামেৰে বিক্ৰমাদিত্য ৰজাৰ ৯ জন সভাপণ্ডিত আছিল, মহাকবি কালিদাস সিবিলাকৰে এজন কবি-ৰত্ন। বিক্ৰমাদিত্যৰ পাচত, তেওঁৰ পুত্ৰ শিলাদিত্যই ৬০০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰে। তেওঁৰ পাচত, বিক্ৰমাদিত্যৰ বংশৰ ৰজাই আৰু ৫০ বছৰ ৰাজত্ব কৰে। সেই কালৰ ভিতৰতে, ৬৪০ খ্ৰীষ্টাব্দত চীনদেশী দ্বিতায় পৰিব্ৰাজক হিয়েণচাং ভাৰত ভ্ৰমণলৈ আহে। তেওঁ পুৰণি অসম বা কামৰূপলৈকো আহিছিল। এই যুগৰ শেহচোৱালৈকে দাক্ষিণাত্যত অন্ধ্ৰবংশী ৰজাই ৰাজ্য বিস্তাৰ কৰিছিল। সেই সময়তে মহাৰাষ্ট্ৰ ৰাজ্য স্থাপিত হয়। এই যুগতে ৯৭৫ খ্ৰীষ্টাব্দত কৰ্ণাট প্ৰদেশ, ১০৮৮ খ্ৰীষ্টাব্দত বিজয় নগৰ, আৰু তাৰ আগতে পাণ্ড্য, মলবাৰ, ত্ৰিবাঙ্কুৰ আইবোৰ ৰাজ্য হিন্দু ৰজাৰদ্বাৰাই দাক্ষিণাত্যত স্থাপিত হয়। সদৌশেহত, ১৫৬৫ খ্ৰীষ্টাব্দত, এই হিন্দু ৰাজ্য আটাইবোৰ মুছলমানৰ হাতলৈ এখন এখনকৈ পাৰ হয়।

আধ্য-৪
পালবংশী ৰজাৰ ৰাজত্ব

 ব্ৰহ্মপাল:- খ্ৰীঃ ১০০০ চনৰপৰা ব্ৰহ্মপাল নামেৰে নৰকাসুৰৰ বংশৰ এজন ৰজাই কামৰূপৰ এক অংশত ৰাজত্ব কৰিছিল। ব্ৰহ্মপালৰ মহিষীৰ নাম কুলদেৱী। তেওঁ বৰ প্ৰজাবৎসলা ৰাণী আছিল। ব্ৰহ্মপাল অতি নম্ৰ, শান্ত আৰু ধাৰ্ম্মিক ৰজা আছিল। তেওঁ পুতেক ৰত্নপালৰ হাতত ৰাজ্যভাৰ গতাই দি, ধৰ্ম্মচিন্তাত জীৱনৰ শেহছোৱা কটাইছিল।

 ৰত্নপাল:- ব্ৰহ্মপালৰ লোকান্তৰৰ পাচত, ১০১০ খ্ৰীষ্টাব্দত ৰত্নপাল ৰজা হয়। তেওঁ পিতাকৰ বিপৰীত চৰিত্ৰৰ লোক আছিল। তেওঁ বৰ বাহুৱলী আৰু যুদ্ধপ্ৰিয় ৰজা আছিল। তেওঁ ভালেমান ৰণত জয়লাভ কৰিছিল, আৰু নানা ঠাইত সেইবিলাকৰ স্মৃতিচিন্ ৰাখিছিল। তেওঁ তামৰ খনিৰপৰা বিপুল অৰ্থ-সম্পত্তি লাভ কৰিছিল। ৰত্নপালে নিজৰ কীৰ্ত্তিচিন্ ৰাখিবৰ নিমিত্তে ব্ৰহ্মপুত্ৰৰ দাঁতিত “দুৰ্জ্জয় নগৰ” নামেৰে নতুনকৈ ৰাজধানী পাতিছিল। এইজনা ৰজাৰ ৰাজত্ব বৰ দীঘলীয়া আছিল।

 পুৰন্দৰপাল:- ৰত্নপালৰ পাচত, তেওঁৰ পুতেক পুৰন্দৰপাল ১০৭০ খ্ৰীষ্টাব্দত কামৰূপৰ ৰজা হয়। তেওঁ দুৰ্ন্নভা নামেৰে এগৰাকী ক্ষত্ৰিয় ৰাজকুমাৰীক বিয়া কৰাইছিল। পুৰন্দৰপাল বৰ উদাৰ চৰিত্ৰৰ, ৰঙ্গিয়াল, ধাৰ্ম্মিক আৰু গুণৱত ৰজা আছিল। [ ১৭ ] আছিল। তেওঁ এহাতে যেনে অতি বিচক্ষণীয়া যোদ্ধা আৰু বাহুবলী বীৰ, আনহাতে তেনে এজন সু-কবি বুলি পৰিচিত। তেওঁ নিচেই অলপকাল মাথোন ৰাজত্ব কৰে।

 ইন্দ্ৰপাল:_ পুৰন্দৰপালৰ অকালমৃত্যু হোৱাত, পুতেক ইন্দ্ৰপালে, ১০৯০ খ্ৰীষ্টাব্দত, পিতৃৰ সিংহাসন লাভ কৰে। এই জন ৰজা বৰ বিদ্যানুৰাগী আছিল। তেওঁ যুদ্ধ-বিগ্ৰহাদিতকৈ লিখা-পঢ়াৰ চৰ্চ্চা হে অধিক ভাল পাইছিল। ইন্দ্ৰপালৰ ৰাজত্বত দেশত শান্তি আৰু ঐশ্বৰ্য্য বিস্তাৰ হৈছিল।

 কুমাৰপাল:- ইন্দ্ৰপালৰ পাচত, তেওঁৰ কুটুম্ব কুমাৰপাল ১১২৫ খ্ৰীষ্টাব্দত কামৰূপৰ ৰাজপাটত উঠে। তেওঁৰ ৰাজত্বত তিষ্যাদেৱ নামেৰে এজন তলতীয়া ৰজাই এটা বিদ্ৰোহ ঘটাইছিল। পিচে, কুমাৰপালে তেওঁৰ মন্ত্ৰী বৈদ্যদেৱক পঠিয়াই সেই বিদ্ৰোহ থমালে। আৰু, বৈদ্যদেৱে ৰণত তিষ্যাদেৱক বধ কৰি, সেই ৰাজ্যতে কুমাৰপালৰ তলতীয়া ৰজা হৈ থাকিল।

 ধৰ্ম্মপাল:- ইন্দ্ৰপালৰ বংশধৰ ধৰ্ম্মপাল ১১৫০ খ্ৰীষ্টাব্দত কামৰূপৰ ৰজা হয়। তেওঁ গৃহকন্দল লগাই যুদ্ধত আপোন ভায়েকৰ ভাৰ্য্যা মৌনৱতীৰ হাতত মৃত্যু হোৱাত, ভতিজাক দেৱপালে কামৰূপৰ ৰাজ্যভাৰ গ্ৰহণ কৰে। দেৱপালৰ লোকান্তৰ হোৱাত, সেই বংশৰ জয়পাল, বিগ্ৰহপাল (১ম), নাৰায়ণপাল, ৰাজ্যপাল, গোপাল, বিগ্ৰহপাল (২য়), মহাপাল, ন্যায়পাল আৰু বিগ্ৰহপাল (৩য়), এই কেইজন ৰজাই কামৰূপত ৰাজত্ব কৰে। এওঁবিলাকৰ ৰাজত্বৰ কালত লেখত লবলগীয়া কোনো ডাঙৰ ঘটনা হোৱা নাই।  ওপৰত নাম দিয়া কেইজনত বাদেও, জয়ন্তাপাল, চক্ৰপাল, প্ৰেমপাল, পক্ষপাল, সুপাল, গন্ধপাল, মাধৱপাল, শ্যামপাল আৰু লক্ষ্মীপাল এই কেইজন পালবংশী ৰজাৰ নাম পোৱা যায়। লক্ষ্মীপাল ৰজাৰ পাচত, তেওঁৰ বংশৰ সুবাহু ৰজাই কামৰূপত ৰাজত্ব কৰে। তেওঁ বছৰচেৰেক সুখ্যাতিৰে সৈতে ৰাজ্য শাসন কৰি, অপুত্ৰক হৈ লোকান্তৰ হোৱাত, সুমতি নামেৰে তেওঁৰ ঘাই মন্ত্ৰীজনাই ৰাজ্যৰ শাসনভাৰ লৈ অলপকাল ৰাজ্য চলাইছিল। কি স্বৰূপত সুবাহুৰ মৃত্যুৰ লগতে, ১২০০ খ্ৰীষ্টাব্দৰ পৰা পালবংশী ৰজাৰ ৰাজত্বৰ অন্ত পৰে।

আধ্যা-৫
বাৰ-ভূঞা

 আগৰ দিনত ভাৰতবৰ্ষৰ উত্তৰ-পছিমাঞ্চলত ভূঞা নামে এবিধ মাটিগিৰি আছিল। তেতিয়া ভূঞা অৰ্থত ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলত জমিদাৰ, আৰু উত্তৰ-পূৰ্বাঞ্চল অসমত ভূঞা অৰ্থে শাসনকৰ্তাক বুজাইছিল। গতিকে অসমৰ বাৰভূঞা মানে বাৰজন শাসনকৰ্তা। জীতাৰি বংশ লোপ পোৱাৰ পাচত, এই বাৰজন শাসনকৰ্তাই ভাগে ভাগে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে কামৰূপ ৰাজ্য শাসন কৰিছিল। [ ১৮ ]  আৰিমত্তৰ পাচতো তেওঁৰ বংশৰ ৰজাই কিছুমান বছৰ কামৰূপৰ এক অংশত ৰাজত্ব কৰিছিল; কিন্তু, তাৰ সামৰণ হোৱাত, শেহৰজনা ৰজাৰ আমোলত, ৰাজকাৰ্য্য সমুদ্ৰ নামেৰে মন্ত্ৰী হে চলাইছিল। সমুদ্ৰৰ পাচত, সেই ৰাজকীয় ক্ষমতা তেওঁৰ পুতেক মনোহৰৰ হাতত পৰে। তেওঁ সেই ক্ষমতা পায়েই পূৰ্ব্বৰ বিষয়াসকলক ভাঙি নিজৰ আত্মীয়-কুটুম্ব, বন্ধু-বান্ধৱ আদিক বিষয়-বাব দিবলৈ ধৰিলে। সেই নতুন বিষয়াবিলাকক কামৰূপ ৰাজ্যৰ সেই অংশত ঠায়ে ঠায়ে প্ৰতিনিধি শাসনকৰ্তা পতা হ'লত, সিবিলাক ভূঞা নামেৰে জনাজাত হয়। সেই সময়ত মনোহৰৰ দখল বিশ্বনাথলৈকে বিস্তাৰিত হৈছিল। মনোহৰৰ মৃত্যুৰ পাচত, তেওঁৰ লক্ষ্মী নামে এটি কন্যা মাথোন থাকিল। আৰু, তেৱেঁই ৰাজসিংহাসনত বহি পিতৃৰ ৰাজ্যত ৰাণী হয়। লক্ষ্মী ৰাণীক আৰিমত্তৰ বংশৰ সূৰ্য্য নামে এজন কোঁৱৰে বিয়া কৰায়। তাৰ ফলত, সিবিলাকৰ শান্তানু আৰু স্যমন্ত নামে দুটি যঁজা-পুত্ৰ লাভ হয়। কালত শান্তানুৰ ফৈদৰ লহকৰ, কাব্যসী, পম, ৰায়, সলাল, শুক, টেটন, ধ্বজা, উজীৰ, সাবোল, ৰমাই আৰু শুমাই নামেৰে বাৰজন বংশধৰ প্ৰতাপী হৈ উঠে। কালত সিবিলাক “বৰ-বাৰভূঞা” নামেৰে অভিহিত হয়। স্যমন্তৰ ফৈদৰ কণ্বজবৰ, ৰঘু, মুকুন্দ, কদম্ব, সুৰথ, সুন্দৰ, সুশম, গৌৰ, ৰত্ন, মহাৰথ, লেপ্ আৰু কেপ্ নামে বাৰজন বংশধৰ প্ৰখ্যাত হৈ উঠে। ইবিলাক “সৰু-বাৰভূঞা” নামেৰে জনাজাত হয়। বুঢ়ী লক্ষ্মী ৰাণী জীয়াই থকা কালত সিবিলাকৰ দুয়ো ফৈদ একেলগে আছিল। কিন্তু, ৮৫ বছৰীয়া বয়সত, যেতিয়া লক্ষ্মী ৰাণীৰ পৰলোক হ’ল, তেতিয়াৰপৰা এই বংশ-পৰিয়াল ক্ৰমে বৈষ্ণৱ আৰু শাক্ত ধৰ্মৰ মতভেদ হেতুকে পৃথক্ হয়। স্যমন্তৰ মৃত্যুৰ পাচত, তেওঁৰ বংশধৰসকলে বৈষ্ণৱ ধৰ্ম্মত প্ৰৱৰ্ত্তিত হৈ, মহা প্ৰতাপেৰে শাসনকাৰ্য্য চলাবলৈ ধৰিলে। তেওঁবিলাকে ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে, এতিয়াৰ নগাওঁ অঞ্চলত, ৰামপুৰ নামে ঠাইত ৰাজধানী পাতিলে। ইফালে ককায়েক শান্তানুৰ ফৈদৰ বংশ-পৰিয়াল অঞ্চলৰ উত্তৰপাৰে ৰঙ্গগ্ৰাম নামে ঠাইত থিতাপিত হ'ল। কালত এই বৰ ফৈদে বুঢ়ীমাক লক্ষ্মী ৰাণীৰ নাম অনুসৰি সিবিলাকৰ ৰাজ্যৰ নাম লক্ষ্মীপুৰ ৰাখিলে। সেয়ে এতিয়াৰ উত্তৰ-লক্ষীমপুৰ। এই ফৈদ ঘোৰ শাক্ত আছিল। এই দৰেই “সৰু-বাৰভূঞা” আৰু “বৰ-ৰাৰভূঞা” দুয়ো ফৈদ নিজ নিজ বাহুবলেৰে ৰাজ্য শাসন কৰি, স্বৰ্ণপীঠৰ দক্ষিণ আৰু উত্তৰ দুয়োপাৰে “ভূঞা-পোৱালি“ নামেৰে নিজৰ প্ৰভুত্ব বঢ়াবলৈ ধৰিলে।

 দক্ষিণপৰীয়া বাৰভূঞাৰ প্ৰৱল প্ৰতাপ সহিব নোৱাৰি, কুণ্ডিণ্ নগৰৰ চুটিয়া ৰজাই ৰামপুৰ নগৰ আক্ৰমণ কৰাইছিল, কিন্তু কৃতকাৰ্য হ’ব নোৱাৰিলে। সেইদৰে কমতাপুৰৰ ৰজায়ো এবাৰ হাত মেলি চাই আকৌ কোঁচাই নিবলৈ বাধ্য হ'ল। তাপ পাচত, বাৰ-ভূঞাসকলে নিজক অসম প্ৰতাপী ভাবি গা-চালি দি উঠি চাৰিওফালে দিগ্বিজয় কৰিবলৈ ধৰিলে। এনেতে সৌমাৰৰ আহোম ৰজাই ফেৰ পাতি ধৰি বিষম বিজয়েৰে বাৰ-ভূঞাক যুদ্ধত ঘটাই বন্দী কৰালে; আৰু শদিয়াৰ শ্যামাকালী গোসাঁনীৰ আগত সিবিলাকক বলি দিয়াবলৈ স্থিৰ কৰিলে। পিচে বাৰ-ভূঞাই আহোম ৰজাৰ [ ১৯ ] বশ্যতা স্বীকাৰ কৰি, পাচলৈ আৰু কোনো উৎপাত নঘটাবলৈ অঙ্গীকাৰ কৰাত, সিবিলাকক মুক্তি দিয়া হয়। তাৰ পাচত, বাৰ-ভূঞাই, আহোম বজাৰ ফলীয়া হৈ, আকৌ দিগ্বিজয় কৰিবলৈ ধৰিলে। সেই আলমতে সিবিলাকে কমতাপুৰৰ ৰজাক এৰাৰ আক্ৰমণ কৰি যুদ্ধত ঘটাই আহোম ৰজাৰ অধীন কৰিছিল। তাৰে পাচত, বাৰ-ভূঞাই, আহোম ৰজাৰ অনুমতি অনুসৰি, চুটিয়া ৰজাক আক্ৰমণ কৰেগৈ। আৰু, চুটিয়া সেনাপতি কুমাৰ ধীৰনাৰায়ণৰে সৈতে সাত দিন যুদ্ধ পাতি তেওঁক পৰাস্ত কৰি, বাৰ-ভূঞা আকৌ প্ৰখ্যাত হৈ উঠে। কিন্তু, তেতিয়াও সিবিলাক আহোম ৰজাৰ অধীনে হে চলিছিল।

 ইফালে বৰ-বাৰভূঞাবিলাকো লক্ষীমপুৰত প্ৰতাপী হৈ উঠিছিল। কিন্তু, ইবিলাকৰ প্ৰতাপ সৰু-বাৰভূঞাৰ সমান প্ৰৱল হোৱা নাছিল। গতিকে, চুটিয়া ৰজাই ঘনে ঘনে আক্ৰমণ কৰি সিবিলাকৰ পিট্ মৰাত ক্ৰমে দুৰ্ব্বল হৈ সিবিলাক দক্ষিণপাৰলৈ উঠি গৈ সৰু-বাৰভূঞাৰ লগত মিল হ’ল। এই দৰেই দক্ষিণপাৰে, এতিয়াৰ নগাওঁ অঞ্চলত, দুয়ো ফৈদ মিহলি হোৱাত, পিচলৈ সিবিলাকৰ ভিতৰত সৰু-বৰৰ চিন্ হেৰাই আহিল। সদৌশেহত, পুৰণি তথ্যজ্ঞ লোকসকলে মাথোন সিবিলাকৰ বৈষ্ণৱী দলক “সৰু-ভূঞা-পোৱালি” আৰু শাক্ত দলক “বৰ-ভূঞা-পোৱালি" বুলি নিৰ্দ্দেশ কৰিব পৰা হ'ল। বৰ্তমান “ভূঞা-পোৱালি"ৰ নাম নুমাইছে। “ফটা হওক, ছিটা হওক, পাটৰ টঙ্গালি; কণা হওক, কুঁজা হওক, ভূঞাৰ পোৱালি” এই প্ৰচলিত বচন ফাকিত মাখোন “ভূঞা- পোৱালি”ৰ চিন্ ৰৈছেগৈ।

আধ্যা-৬
খেনবংশী ৰজাৰ ৰাজত্ব

 নীলধ্বজ -পালবংশী ৰজাৰ ৰাজত্ব অন্ত পৰাৰ পাচত, বছৰদিয়কলৈ কামৰূপ ৰাজ্য অৰাজক হয়। তাৰ পাচত, ত্ৰয়োদশ খ্ৰীষ্টাব্দৰ আৰম্ভণত খেনবংশীয় কান্তনাথ নামেৰে এজন ডেকাৰ ভাগ্যলক্ষ্মী প্ৰসন্ন হোৱাত, তেওঁ কামৰূপৰ অধীশ্বৰ হয়। কান্তনাথৰ পিতাকৰ নাম ভক্তেশ্বৰ আৰু মাকৰ নাম অদনা। ইবিলাক মেচ জাতীয় এটি নিচেই টোকোনা পৰিয়াল আছিল। কান্তনাথৰ বয়স কথমপি দহবছৰ পাৰ হওঁতেই তেওঁৰ পিতাক ঢুকায়। তাৰ পাচত, সিবিলাকৰ অৱস্থা অতিকৈ হীন হৈ পৰে। শেহান্তৰত, বিধবা অদনাই মাউৰা পুতেক কান্তনাথক এজন বামুণৰ ঘৰত গৰখীয়া থৈ জীৱিকা উলিয়াব লগাত পৰে।

 পিচে,এদিন গৰু চৰাওঁতে ভাগৰ লগাত, মুকলি পথাৰৰ মাটিতে পৰি কান্তনাত টোপনি গ'ল। দুপৰীয়া ভোজনৰ পৰ উকলি গ'ল, তথাপি গৰখীয়া ঘৰলৈ যোৱা নাই। পিছে, গৰাকী বামুণে বিচাৰি গৈ দেখে যে, টোপনিত লালকাল্ দি পৰি থকা গৰখীয়াৰ মুখত আৰু চকুত ৰ'দ নপৰাকৈ, মূৰৰ ফালৰপৰা এটা ফেঁটী সাপে ফেঁট্ তুলি আৰ কৰি ধৰি ৰখি আছে, আৰু ল'ৰাৰ ভৰিৰ তলুৱাত ৰাজলক্ষণ নিলগতে জিলিকিব লাগিছে। [ ২০ ] বামুণে দেখি স্তম্ভিত হৈ, অনতিপলমে গৰখীয়াক অতি আদৰেৰে ঘৰলৈ আনি, তেওঁত সকলো কথা ভাঙি কলেহি। সময়ত গৰখীয়াই সেই বামুণৰ উদগনিত উৎসাহিত হৈ, তেওঁৰ পৰামৰ্শ মতে, ৰাজ্য লাভ কৰিবৰ অৰ্থে নানাৰূপে পুৰুষাৰ্থ কৰিবলৈ ধৰিলে। সেই সময়তে ওপৰত কৈ অহা পালবংশী ৰজাৰ ঘাই মন্ত্ৰী সমুদ্ৰৰ মৃত্যু হোৱাত, কামৰূপ ৰাজ্য বছৰদিয়েকলৈ অৰাজক হৈ পৰে। এনে ছেগতে কান্তনাথৰ মনোৰথ পূৰ্ণ হয়। কান্তনাথে ১২০১ খ্ৰীষ্টাব্দত কামৰূপৰ ৰজা হৈ নীলধ্বজ নাম গ্ৰহণ কৰে, আৰু পূৰ্ব্বৰ প্ৰতিশ্ৰুতি মতে তেওঁৰ পালক ব্ৰাহ্মণক নিজৰ প্ৰধান মন্ত্ৰী পাতি লয়। ৰজা হৈয়েই নীলধ্বজে প্ৰাগ্‌জ্যোতিষপুৰৰপৰা ৰাজধানী তুলি নি কমতাপুৰত পাতিলেগৈ। কমতাপুৰৰ ৰাজধানীখন তেওঁ অতি বিতোপনকৈ পাতিছিল, আৰু সেই আপাহতে তেওঁক কমতেশ্বৰ নামেও জনা যায়। নীলধ্বজ বৰ ধাৰ্ম্মিক ৰজা আছিল, আৰু তেওঁৰ ৰাজ্যত বৈদিক ধৰ্ম্মৰ চৰ্চ্চা বঢ়াবৰ অৰ্থে মিথিলাৰপৰা অনেক সু-ব্ৰাহ্মণ পণ্ডিত অনাই তেওঁ নিজে বহু সজ শিক্ষা লাভ কৰিছিল আৰু তেওঁৰ পাৰিষদবৰ্গকো শিক্ষা দিয়াইছিল। নীলধ্বজ ৰজাৰ ৰাজত্বৰ কালতে মুছলমানে তলত লিখা তিনিবাৰ একেৰাহে অসম দেশ আক্ৰমণ কৰে।

 মুছলমানৰ ১ম আক্ৰমণ বা শিলসাঁকোৰ ৰণ:- দিল্লীৰ সম্ৰাট মহম্মদ গোৰীৰ অনুজ্ঞামতে, বঙ্গদেশৰ শাসনকৰ্ত্তা বক্তিয়াৰ খিলিজি খ্ৰীঃ ১২০৪ চনত কামৰূপ ৰাজ্য আক্ৰমণ কৰিবলৈ উজাই আহে। তেওঁ কামৰূপ জয় কৰিবলৈ দহ দিন উজাই আহি, এখন শিলৰ সাঁকোৰ পছিম পাৰে পৰ্ব্বতৰ মাজত সোমোৱা মাত্ৰকে নীলধ্বজ ৰজাৰ প্ৰধান কৰ্ম্মচাৰীয়ে অলপীয়া সৈন্যেৰেই তেওঁক বিষমৰূপে আক্ৰমণ কৰিলে গৈ। বক্তিয়াৰে সেই আক্ৰমণ সহিব নোৱাৰি পলাই ফাট মাৰিলে, আৰু তেওঁৰ সৈন্য-সামন্তৰ এভাগ অসমত বন্দী হৈ ৰৈ গ'ল। এয়ে অসমত মুছলমান বসতিৰ সূত্ৰপাত। পাচত, সিবিলাক গৌৰদেশৰপৰা অহাৰ কাৰণে, অথবা মহম্মদ গোৰীৰ মানুহ বুলি, অসমত সেই মুছলমানবিলাকক “গৰীয়া” বোলা হয়।

 মুছলমানৰ ২য় আক্ৰমণ:- বক্তিয়াৰ খিলিজিৰ মৃত্যুৰ পাচত, বঙ্গদেশত চুবাদাৰৰ বিষয়-বাব লৈ মহা জঞ্জাল উপস্থিত হয়। সেই সময়ত কেইবাজনো চুবাদাৰক ভঙ্গা-পতা কৰাৰ পাচত, গিয়াছুদ্দিন নামেৰে এজনক চুবাদাৰ পতা হয়। তেওঁ নিজক বক্তিয়াৰত্‌কৈ কাজুৱা বোলাবৰ অভিপ্ৰায়ে, খ্ৰীঃ ১২২৮ চনত, অসমদেশ দ্বিতীয়বাৰ আক্ৰমণ কৰেহি। এই আক্ৰমণত তেওঁ নীলধ্বজ ৰজাৰ তলতীয়া জনচেৰেক সৰু সৰু শাসনকৰ্ত্তাক যুদ্ধত হৰুৱাই সিবিলাকৰ পৰা কৰ্-কাটল আদায় কৰিছিল।

 মুছলমানৰ ৩য় আক্ৰমণ:- গিয়াছুদ্দিনৰ পাচত, চাৰিজন চুবাদাৰ হৈ যোৱাৰ পাচে, ইখ্‌টীয়াউদ্দিন মল্লিক বুজ্‌বেক বঙ্গদেশৰ চুবাদাৰ হয়। ১২৫৬-৫৭ খ্ৰীষ্টাব্দত, খৰালি তেওঁ অসমদেশ আক্ৰমণ কৰি, প্ৰাগ্‌জ্যোতিষপুৰত থকা নীলধ্বজ ৰজাৰ প্ৰতিনিধিক পৰ্ব্বতলৈ খেদি দি, আৰু ৰাজধানীত এটা মজিদ-মন্দিৰ তুলি, নিজক কামৰূপৰ অধিপতি বুলি ঘোষণা কৰিলে। পিচে, যেতিয়া বাৰিষা আহিব, [ ২১ ] তেতিয়া ব্ৰহ্মপুত্ৰ গড়াটাকি বাঢ়ি উঠিল; আৰু বাট-ঘাটবিলাক দুৰ্গম হৈ পৰিল। খেদা-খোৱা প্ৰতিনিধিয়ে সেই ছেগতে পৰ্ব্বৰপৰা নামি আহি ৰাতিয়েই ব্ৰহ্মপুত্ৰৰ পাৰ কাটি দিলে। পাৰত শিবিৰ পাতি শুই থকা মুছলমান সৈন্যবিলাক আৰু সিবিলাকৰ যুদ্ধৰ সজুলিবোৰ ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত উটি যাবলৈ ধৰিলে। মল্লিকৰ লগত যি অলপীয়া সৈন্য বল, সিহঁতো ভয়ত আতুৰ হৈ পৰিল। কামৰূপৰ সেনাপতিয়ে এনে ঠেকত পেলাই আক্ৰমণ কৰি মল্লিকক বিষম বিপদত পেলালে। সদৌশেহত, জনচেৰেক সৈন্যক মাথোন দেশলৈ উলটি যাবলৈ এৰি দি, বাকীবিলাক সৈন্যৰে সৈতে মন্ত্ৰিক যুজবেকক বন্দী কৰি ৰখা হ’ল। যুদ্ধত মল্লিকে বিষমৰূপে আঘাত পাইছিল; ১২৫৭ খ্ৰীষ্টাব্দত সেই আঘাতৰ বিকাৰতে তেওঁৰ মৃত্যু হয়।

 দুৰ্ল্লভ নাৰায়ণ:-নীলধ্বজৰ লোকান্তৰৰ পাচত, তেওঁৰ পুতেক দুৰ্ল্লভ নাৰায়ণ, ১২৯৫ খ্ৰীষ্টাব্দত, কমতাপুৰৰ ৰাজপাটত উঠে। তেওঁৰ দিনতে অসমলৈ ঁশঙ্কৰদেৱৰ আদিপুৰুষ চণ্ডীবৰ প্ৰমুখ্যে ৭ সাত ঘৰ কায়স্থ আৰু ৭ সাত ঘৰ বামুণ কনৌজপুৰৰপৰা আহি কামৰূপত থিতাপিত হয়। এইজনা অতিশয় ধাৰ্মিক আৰু বিদ্যানুৰাগী ৰজা আছিল।

 চক্ৰধ্বজ:- দুৰ্ল্লভ নাৰায়ণৰ লোকান্তৰৰ পাচত, তেওঁৰ পুতেক আৰু নাতিয়েকসকলে, খ্ৰীঃ ১৩৩০ চনৰপৰা ১৪২০ চনলৈকে ৰাজত্ব কৰে। তাৰ পাচত, সেই বংশৰে চক্ৰধ্বজ নামে এজন ৰজা প্ৰখ্যাত হৈ উঠে। তেওঁৰ দিনত মন্ত্ৰী আৰু বিষয়াসকলে পুৰুষানুক্ৰমিক বিষয়-বাব পোৱাৰ নিয়ম প্ৰচলন হয়। চক্ৰধ্বজৰ ৰাজত্বৰ কালতে অসমৰ মহাকবি মহাপুৰুষ ঁশ্ৰীশঙ্কৰদেৱে ১৪৪৯ খ্ৰীষ্টাব্দত জন্মগ্ৰহণ কৰে।

 নীলাম্বৰ:- চক্ৰধ্বজৰ লোকান্তৰৰ পাচত, ১৪৫৫ খ্ৰীষ্টাব্দত, তেওঁৰ পুতেক নীলাম্বৰ কামৰূপৰ অধীশ্বৰ হয়। নীলাম্বৰ বৰ পৰাক্ৰমী ৰজা আছিল। ৰাজ্যভাৰ গ্ৰহণ কৰাৰ অলপ দিনৰ পাচতে তেওঁ নিজ পৰাক্ৰমেৰে পিতৃৰাজ্যৰ সীমা ভালেমানলৈকে বঢ়ালে। আন কি, তেওঁ বঙ্গদেশৰ কোনো কোনো অংশ পৰ্যন্ত নিজৰ ৰাজ্যৰ ভিতৰ কৰি লৈছিল। নীলাম্বৰ যেনে পৰাক্ৰমী, তেনে এজন অতি উদ্যোগী পুৰুষ আছিল। তেওঁ নিজৰ ৰাজ্যৰ সুচলাৰ্থে আৰু আন-আন। ৰাজ্যৰে সৈতে চলাচল সুগম কৰিৰৰ অৰ্থে আলি, গড়, সাঁকো প্ৰভৃতি বন্ধাই দেশৰ ভালেমান হিতকৰ কাৰ্য্য সাধি বিশেষ খ্যাতি লাভ কৰিছিল। নীলাম্বৰ ৰজাই তেওঁৰ ৰাজধানী কমতাপুৰৰপৰা ঘোঁৰাঘাটলৈকে এটি বিতোপন আলি বন্ধাই দিয়াইছিল; কোঁচবেহাৰ আৰু ভাটী-ৰংপুৰৰ মাজত তাৰ ভগা-ছিগা কোনো কোনো অংশই এতিয়াও তেওঁৰ সেই হিতকৰ চিনাকি দিব লাগিছে।

 মুছলমানৰ ৪ৰ্থ আক্ৰমণ:-নীলাম্বৰ ৰজাৰ ৰাজত্ব কালত মুছলমানে চতুৰ্থবাৰ অসমদেশ আক্ৰমণ কৰে। তাৰ মূল কাৰণ হৈলিল আত্মকন্দল। মন্ত্ৰী শশীপাত্ৰৰ পুতেক মনোহৰক নীলাম্বৰ ৰজাই এদিন অসময়ত তেওঁৰ সুৰ কুঁৱৰীৰ অন্তঃপুৰলৈ সোমোৱা দেখা [ ২২ ] পাই তেওঁৰ ওপৰত চোভা মানিবলৈ ধৰিলে। পিচে, সেই ভাব ক্ৰমাৎ প্ৰৱল হৈ উঠাত, নীলাম্বৰ ৰজাই মনোহৰৰ অসৎ কাৰ্যৰ প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে গোপনে তেওঁক বধ কৰালে। আৰু, সৰু কুঁৱৰীৰ হতুৱাই তেওঁৰ মাংস ৰন্ধাই পিতাক শচীপাত্ৰক নিমন্ত্ৰণ দি মতাই আনি খুৱালে। পাচত, শচীপাত্ৰ মন্ত্ৰীয়ে সেই কথাৰ সম্ভেদ পাই মৰণান্তিক বেজাৰ পালে, আৰু ৰজাক সেই প্ৰতিশোধৰ প্ৰতিশোধ দিয়াৰ অৰ্থে তেওঁ দৃঢ়-সংকল্প কৰিলে। সেই উদ্দেশ্যে মন্ত্ৰীয়ে, পুতেকৰ অঘাইত্, পাপ খণ্ডাবৰ অৰ্থে, গঙ্গাস্নানলৈ যোৱাৰ ছলেৰে গোপনে গৌৰ দেশৰ নবাব হোচেনচাহৰ শৰণাগত হ'লগৈ। তেওঁ নীলম্বৰ ৰজাৰ মনৰ দুৰ্ব্বলতা আৰু ৰাজ্যৰ ভিতৰুৱা দুৰৱস্থা আদিৰ কথা পাত-বঢ়াই কৈ অসমদেশ আক্ৰমণ কৰিবৰ নিমিত্তে তেওঁক বৰকৈ উদ্গাবলৈ ধৰিলে। হোচেনচাহে শচীপাত্ৰৰ কথাত প্ৰত্যয় মানি এজন সেনাপতিক, লগত ভালেমান সৈন্য দি, নীলাম্বৰ ৰজাৰ ৰাজ্য আক্ৰমণ কৰিবলৈ পঠিয়ালে। খ্ৰীঃ ১৪৯৮ চনত, মুছলমান সেনাৰে সৈতে লগলাগি শচীপাত্ৰ নীলাম্বৰৰ ৰাজ্যৰ সীমাত উপস্থিত হ'লহি। দুয়োপক্ষৰ মাজত ঘোৰতৰ যুদ্ধ আৰম্ভ হ'ল। মুছলমান সেনাপতিয়ে ভালেমান দিন একেৰাহে যুদ্ধ কৰিও জিকিবৰ আন উপায় নেদেখি, শেহান্তৰত প্ৰৱঞ্চনা কৰি জিকিবলৈ ফান্দ পাতিলে। সেই অৰ্থে, মুছলমান সেনাপতিয়ে নীলাম্বৰ ৰজাৰ ওচৰলৈ এনে ভাৱে কটকী পঠিয়ালে যে, তেওঁ উপস্থিত ৰণত পৰাজয় স্বীকাৰ কৰি নিজৰ দেশলৈ উলটিবলৈ স্থিৰ কৰিছে; কিন্তু উলটি যোৱাৰ পূৰ্ব্বে ৰজাৰ মহিষীৰে সৈতে তেওঁৰ বিবিয়ে (ভাৰ্য্যা) এবাৰ সাক্ষাত কৰি আহিবলৈ অনুমতি পায় যদি, তেওঁ পৰম বাধিত হ'ব। নীলাম্বৰ ৰজাই সেই কথাত পতিয়ন গৈ অনুমতি দিয়াত, ৰজাৰ অন্তঃপুৰত গৈ তিৰোতাৰ বেশধাৰী মুছলমান সৈন্যবিলাক ভৰি পৰিল, আৰু সিহঁতে তাতে ৰজাক অবাধে বন্দী কৰি, দেশলৈ লৈ যাবৰ কাৰণে এটা লোৰ সজাত ভৰাই ৰাখিলে। পিচে, ৰাতি এটা বিশ্বাসী লগুৱাৰ সহায়ত নীলাম্বৰ বন্দী-সজাৰপৰা মুকলি হৈ পলাই গ'ল। ৰজা পলাই যোৱাত, মুছলমান সেনাপতিয়ে কমতাপুৰ দখল কৰি, তাত ভালেমান সৈন্য-সামন্তৰে সৈতে নিজৰ পুতেকক নবাবৰ প্ৰতিনিধি পাতি থৈ, নিজ দেশলৈ ওলটা-যাত্ৰা কৰিলে।

আধ্যা-৭
শিৰোমণি ভূঞা•

 শ্ৰীশঙ্কৰদেৱ:- এওঁ এজন অসমীয়া মহাকবি সাহিত্যিক আৰু ধাৰ্ম্মিক মহাপুৰুষ। অসমীয়া ভাষাভ শ্ৰীশঙ্কৰদেৱৰ কেইবাখনো জীৱনচৰিত আছে। সেই কেইখন গ্ৰন্থৰপৰা তেওঁৰ আসাধাৰণ জীৱনী সম্বন্ধে বহলকৈ জানিব পাৰি। তলত ৺শ্ৰীশঙ্কৰদেৱৰ বংশাৱলীৰ টোকা এটিৰে সৈতে তেওঁৰ সুদীৰ্ঘ জীৱনীৰ আভাষ মাখোন দিয়া গ'ল।


 •কমতাপুৰৰ পূৰ্ব্বাঞ্চলৰ ভোটৰ আক্ৰমণৰপৰা ৰক্ষা কৰাৰ উদ্দেশ্যে কমতেশ্বৰে চণ্ডীবৰ ভূঞাক 'শিৰোমণি-ভূঞা' উপাধি দি শাসনকৰ্ত্তা পাতিছিল। চণ্ডীবৰৰপৰা শঙ্কৰদেৱলৈকে, গৌড়ৰপৰা অহা ভূঞা কেইঘৰৰ ভিতৰত, লণ্ডাদেৱৰ বংশধৰসকল পাচলৈ 'শিৰোমণি ভূঞা' নামেৰে খ্যাত হ'ল। [ ২৩ ]

  ৺শ্ৰীশঙ্কৰদেৱৰ বংশবৃক্ষ—
লণ্ডাদেৱ
 |
চণ্ডীবৰ
 |
ৰাজধৰ
 |_______________________
 |  |  |  |
সূৰ্য্যবৰ হলায়ুধ জয়ন্ত মাধৱ
 |
কুসুম্বৰ
 |___________
 |   |
শ্ৰীশঙ্কৰ  বনগঞাগিৰি।

লণ্ডাদেৱ কনৌজৰ (কান্যকুব্জ) এজন ভূঞা বা মাটিগিৰী বা জমিদাৰ আছিল। তেওঁৰ আন এটা নাম ৰাণ্ডীদেৱ। লণ্ডাদেৱৰ পুতেক চণ্ডীবৰ। ত্ৰয়োদশ শতিকাত আফ্‌গানিস্থানৰ চুলতানে ভাৰতবৰ্ষৰ আৰ্য্যাৱৰ্তত দিগ্বিজয় কৰাইছিল। সেই আলমতে চাহাবুদ্দিনে কনৌজ আক্ৰমণ কৰাত, লণ্ডাদেৱ প্ৰমুখ্যে ১২ বাৰ ঘৰ কায়স্থ আৰু ৭ সাত ঘৰ বামুণ তাৰপৰা কমতাপুৰৰ ওচৰৰ গৌৰ ৰাজলৈ উঠি আছে। তাৰ পাচত, গৌৰেশ্বৰ ধৰ্মনাৰায়ণ আৰু কমতেশ্বৰ দুৰ্ল্লভ নাৰায়ণৰ মাজত বিশেষ বন্ধুতা থকাৰ সুচলতে চণ্ডীৰৰ প্ৰমুখ্যে ১২ বাৰঘৰ কায়স্থ ভূঞা আৰু ২ দুঘৰ বামুণ কনৌজীয়া মানুহ ১২২০ শকত কমতেশ্বৰ দুৰ্ল্লভ নাৰায়ণৰ ৰাজ্যলৈ উঠি আহি থিতাপিত হয়। চণ্ডীবৰ আৰু দুই-চাৰিজনত বাজে, উক্ত ১৪ ঘৰ কনৌজীয়া মানুহৰ আটাইবিলাক ভূঞা (১) নামেৰেই জনাজাত হ’ল। সিবিলাকৰ ভিতৰত চণ্ডীবৰ সবাতকৈ চতুৰ আছিল কাৰণে, তেওঁক কমতেশ্বৰ দুৰ্ল্লভ নাৰায়ণে ‘শিৰোমণি ভূঞা’ খিতাপ দি, কমতাপুৰৰ পূৰ্ব্বাঞ্চলৰ শাসনকৰ্তা পাতিলে। সেই অনুসৰি, চণ্ডীৰৰে উলাই আহি লেঙ্গামাগুৰি নামে ঠাইত ৰাজধানী পাতিলে। সেই আলমতে তেতিয়াৰপৰা চণ্ডীবৰৰ বংশধৰসকল ‘শিৰোমণি ভূঞা’ নামেৰে খ্যাত হ'ল। কিন্তু, তাত ভুটীয়াবিলাকৰ অত্যাচাৰ সহিব নোৱাৰি, সেই নতুনকৈ থিতাপিত হোৱা কনৌজীয়া মানুহ কেইঘৰ অলপ দিনৰ ভিতৰতে ঠান্ ঠান্ হৈ কোনোবা কৰবালৈ গ'ল। চণ্ডীবৰে পূবৰ ফালে উজাই আহি, ৰৌটা নামে ঠাইত বসতি কৰিলে। সেই ঠাই তোটানৰ নিচেই ওচৰ-সীমাত। গতিকে, তাতো তেওঁ বসতিৰ নিমিত্তে সুচল নাপাই, বছৰচেৰেকৰ পাচত টেম্বুৱানী বা বৰদোৱা (২) নামে ঠাইত থিতাপিত হ'লগৈ। তাতে সুচতুৰ চণ্ডীবৰে প্ৰজাবৰ্গৰ বল পাই, শাসন-সংক্ৰান্ত ক্ষমতাৰ সৈতে সোনকালে প্ৰতিপত্তি লাভ কৰি উঠিলে। এই বৰদোৱাতে, ১৪৪৯ খ্ৰীষ্টাব্দত, চণ্ডীবৰৰ পৰিনাতি
———————————————————————————————————————————————————————————
 (১) সেই ছিদ্ৰতে অসমৰ নিজাপী বাৰ-ভূঞা এই ন-ভগনীয়া বাৰ-ভূঞাৰ লগত সানমিহলি হোৱাক, ‘বাৰ-ভূঞা’ দুই ফৈদৰ মাজত বেমেজালী ঘটিল; সেই কাৰণে, আজিকালি ‘ভূঞা’ চিনিবলৈ টান হৈছে। তথাপি “বাৰ-ভূঞা” আৰু “শিৰোমণি-ভূঞা” এই বিভিন্ন খিতাপে সিবিলাকৰ মাজত সুকীয়াত্ব ৰাখিছে।

 (২) খোঁটাতকৈ দ কাৰণে টেম্বৱানীক “ডাঙৰ দোৱা” বোলা হয়। সেই আলমতে এই ঠাইক “বৰদোৱা” বোলা হয়। [ ২৪ ] কুসুম্বৰ ভূঞাই এটি অতি সুলক্ষণীয় পুত্ৰ লাভ কৰে। তেৱেঁই অসমৰ গৌৰৱৰ ধন ৺শ্ৰীশঙ্কৰদেৱ।

 শ্ৰীশঙ্কৰদেৱৰ জন্মৰপৰা ৩ দিনৰ পাচতে, তেওঁৰ মাতৃ সত্যসন্ধ্যাৰ পৰলোক হোৱাত, তেওঁ বুঢ়ীমাক খেৰসুতীৰ যত্নত ডাঙৰ-দীঘল হয়। ৺শঙ্কৰদেৱে সৰুৰেপৰা বল, যুক্তি, সাহ, জ্ঞান, ধৰ্ম ইত্যাদিত অসাধাৰণ প্ৰতিভাৰ চিন দেখুৱাইছিল। তেওঁ চেমনীয়া কালত খেদি গৈ বনৰ হৰিণা ধৰিছিল; ভাদমহীয়া ভৰপূৰ ব্ৰহ্মপুত্ৰ নদ সাঁতুৰি পাৰ হৈছিল। সজবুদ্ধি আৰু সৎসাহসতো তেওঁ এজন সেই কালত অদ্বিতীয় পুৰুষ আছিল। আন কি, তেওঁৰ জ্ঞানৰ চিনাকি পাই, সেই কালৰ লোকসকলে তেওঁক অৱতাৰী পুৰুষ বুলি মানিছিল। কালত, ৺শঙ্কৰদেৱৰ সেই সাধাৰণ প্ৰতিভা ধৰ্ম্মৰ জ্যোতিৰে জিলিকি উঠিল। আজিও অসমীয়াৰ ঘৰে ঘৰে তেওঁৰ ৰচিত কীৰ্তন-ভাগৱত আদি ধৰ্ম্মগ্ৰন্থই তেওঁৰ প্ৰতিভাৰ চিনাকি দিব লাগিছে। অসমত নিৰ্মল ভাগৱতী ধৰ্ম প্ৰৱৰ্ত্তোৱাটোৱেই শঙ্কৰদেৱৰ জীৱনৰ মহাব্ৰত আছিল। কামৰূপ আৰু সৌমাৰৰ কিয়দংশত সেই ধৰ্ম্ম বহুলকৈ প্ৰচাৰ হোৱাৰ পাচত, তেওঁ চুটিয়া ৰাজধানী ৰত্নপুৰলৈ যাত্ৰা কৰে। সেই যাত্ৰাতে আগৰ দিনৰ ভীষ্মক ৰজাৰ ৰাজধানী কুণ্ডিন্ নগৰৰপৰা শঙ্কৰদেৱে বাসুদেৱৰ মূৰ্ত্তি এখন লাভ কৰি আনেগৈ। তাৰপৰা আকৌ ভটিয়াই আহি, শঙ্কৰদেৱে উত্তৰপাৰে কমলা মুদৈৰ মাটিত এপষমান কাল বাহৰ পাতি আছিল। সেই ছেগতে তাত তেওঁ এখন শূদিৰীয়া সত্ৰ স্থাপন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। কিন্তু, ৺শঙ্কৰদেৱৰ লোকান্তৰৰ পাচত হে তেওঁৰ সেই ইচ্ছা ফলৱতী হয়। পাচত, সেই কমলা মুদৈৰ মাটিতে "কমলাবাৰী সত্ৰ" স্থাপন কৰি, ৺শঙ্কৰদেৱৰ বংশৰ ৺পদ্মকান্ত ভূঞাক তাৰ অধিকাৰ পতা হয়। ইতিমধ্যত, শঙ্কৰদেৱে ১২ বছৰ কাল গঙ্গা, গয়া, কাশী, মথুৰা, বৃন্দাবন, প্ৰভাস, দ্বাৰাকা,পুৰী বা শ্ৰীক্ষেত্ৰ, ৰামেশ্বৰ প্ৰভৃতি তীৰ্থ ভ্ৰমণ কৰি আহেগৈ। ইয়াত বাজেও, ৺শঙ্কৰদেৱৰ অক্ষয় কীৰ্ত্তি অলেখ আছে; বিস্তাৰিত জীৱন চৰিত্ৰত সেইবোৰ বিস্তৰকৈ পোৱা যাব। ৺শঙ্কৰদেৱে নিজৰ অসাধাৰণ প্ৰতিভাৰ প্ৰভাৰে অসমবাসীক জিলিকাই তুলিছিল। তেওঁ সেই বাবে অসমত আজিও অলেখ ভক্তবৃন্দৰপৰা পূজা পাব লাগিছে। সদৌশেহত, জীৱনৰ মহাব্ৰত সাধন কৰি উঠি, কোঁচবেহাৰৰ ওচৰৰ ভেলাদাবা নামে ঠাইত, ১৫৬৯ খ্ৰীষ্টাব্দত জীৱন-লীলা সামৰি, শঙ্কৰদেৱ স্বৰ্গী হ’ল; কিন্তু তেওঁৰ নাম অসমত যাৱতচন্দ্ৰদিবাকৰ অমৰ হৈ ৰ'ল।

 মাধৱদেৱ:- ৺শঙ্কৰদেৱৰ শিষ্যবৰ্গৰ ভিতৰত ৺মাধৱদেৱ সবাতকৈ প্ৰধান। এৱোঁ এজন অসমৰ অসাধাৰণ সাহিত্যিক মহাকবি আৰু আধ্যাত্মিক মহাপুৰুষ। মাধৱদেৱ ৰচিত 'নামঘোষা', 'ভক্তিৰত্নাৱলী' প্ৰভৃতি গ্ৰন্থাৱলীয়ে আজিও তেওঁক এজন মহাপণ্ডিত আৰু মহাকবিৰূপে জীয়াই ৰাখিছে। ৺মাধৱদেৱ পোনতে ঘোৰ শাক্ত আছিল; পিচে, শঙ্কৰদেৱৰ লগত ধৰ্ম্মবাদত ঘাটি, তেওঁ ৺শ্ৰীশঙ্কৰত শৰণ ভজি, ভাগৱতী বৈষ্ণৱধৰ্ম্ম গ্ৰহণ কৰিলে। পাচলৈ মাধৱদেৱকো অৱতাৰী পুৰুষৰূপে ভক্তবৃন্দে পূজিৰলৈ

ধৰিলে। ৺মাধৱদেৱে ১৫১৮ খ্ৰীষ্টাব্দত জন্মগ্ৰহণ কৰে, আৰু ১৫৯৬ খ্ৰীষ্টাব্দত তেওঁ স্বৰ্গী হয়। শঙ্কৰ-মাধৱৰ পূৰ্ব্বৱৰ্তী আৰু পৰৱৰ্ত্তী ডাক, মাধৱ-কন্দলী, অনন্ত-কন্দলি, [ ২৫ ]
[ ২৭ ]

ৰাম-সৰস্বতী, কুমাৰিলা-ভট্ট প্ৰভৃতি অসমৰ আৰু ভালেমান জ্ঞানী পণ্ডিত-কবি আছিল। এই পুথিৰ কলেৱৰ চাই, ইয়াত সিবিলাকৰ নাম মাথোন উনুকিওৱা হ'ল।

 সমসাময়িক ভাৰত-বুৰঞ্জীৰ কথা :- ১০০১ খ্ৰীষ্টাব্দৰপৰা ১০২৫ খ্ৰীষ্টাব্দলৈকে এই ২৪ বছৰৰ ভিতৰত গজনীৰ ৰা চুলতান মামুদে ১২ বাৰ আৰ্য্যাৱৰ্ত্ত আক্ৰমণ কৰেহি। তাৰ ফলস্বৰূপে লাহোৰ, পেচোৱাৰ, ভাটিয়া, মূলতান, উজ্জয়িনী, কনৌজ, দিল্লী, আজমীৰ, থানেশ্বৰ, কাশ্মীৰ, মিৰাট, মথুৰা, কালিঙ্গ, গুজৰাট, সোমনাথ প্ৰভৃতি ভালেমান চহৰ জয় কৰি, আৰু হিন্দুৰ ধৰ্ম্ম-মন্দিৰ লুটি তেওঁ বহু ধন-সম্পত্তি স্বদেশলৈ লৈ যায় হি। মামুদৰ পাচত আলাউদ্দিন, তেওঁৰ পাচত গিয়াচুদ্দিন বা মহম্মদ গোৰীয়ে, গজনীৰ ৰজা হৈ, ভাৰতবৰ্ষ কেইবাবাৰো আক্ৰমণ কৰেহি। সেই কালত কনৌজৰ ৰজা জয়চন্দ্ৰ আৰু আজমীৰৰ ৰজা পৃথুৰাজ আছিল। পৃথুৰাজ পাচত দিল্লীৰ ৰজা হয়। তেতিয়া আৰ্য্যাৱৰ্ত্তত চোহান, তোমৰ, ৰাঠোৰ প্ৰভৃতি কেইবাটাও হিন্দু ৰাজফৈদে ৰাজত্ব কৰিছিল। পিচে, সিবিলাক আত্মকন্দলৰ দোষত ক্ৰমাৎ দুৰ্বল হৈ পৰে; আৰু সেই ছেগতে মহম্মদ গোৰীয়ে আৰ্য্যাৱৰ্ত্ত আক্ৰমণ কৰেহি। ফলত, হিন্দুৰাজ্য সম্পূৰ্ণ মূছলমানৰ হাতলৈ পাৰ হয়। সেই সময়ত কুতুবুদ্দিন দিলী আৰু গুজৰাটৰ, বক্তিয়াৰ খিলিজী বিহাৰৰ, আৰু বল্লালসেন বঙ্গদেশৰ ৰজা আছিল।