অসমৰ বুৰঞ্জী/প্ৰথম খণ্ড
অসমীয়া জাত-বিভাগ
ব্ৰাহ্মণ বা বামুণ— অতি পুৰণি কালত আৰ্য জাতি কামৰূপলৈ অহাৰৰপৰা এই দেশত ব্ৰাহ্মণ বা বামুণৰ বসতি আছে। ভীষ্মক ৰজাৰ দিনত কুণ্ডিল নগৰ বা এতিয়াৰ শদিয়া অঞ্চলত ব্ৰাহ্মণৰ যাগ-যজ্ঞ, পূজা-সেৱা আদি চলাৰ চিন আছে। নৰকাসুৰৰ ৰাজত্ব কালত স্থাপিত বশিষ্ঠ মুনিৰ আশ্ৰমৰ চিন গুৱাহাটীত “বশিষ্ঠাশ্ৰম” এতিয়াও আছে। কমতেশ্বৰ দুৰ্ল্লভ নাৰায়ণৰ দিনত কান্যকুব্জৰপৰা দুঘৰ বামুণ আৰু বাৰঘৰ কায়স্থ কামৰূপলৈ অহাৰ তথ্য পোৱা যায়। পিচত, আহোম আৰু কোঁচ ৰজাৰ ৰাজত্বত বঙ্গ-দেশৰপৰাও কেইঘৰমান বামুণ অনোৱা হৈছিল। আৰু, কোঁচবংশী যুৱৰাজ চিলাৰায়ে আহোম ৰাজ্য আক্ৰমণ কৰোতে, তেওঁৰে সৈতে বামুণ বেশেৰে ৰণ কৰা মানুহৰ ৮ আঁঠঘৰ সেই বেশেৰেই থাকি বামুণ হোৱাৰ বিবৃতি আছে (১)। সামবেদী ব্ৰাহ্মণৰ সংখ্যা অসমত নিচেই তাকৰ; ইয়াত কান্ব আৰু যজুৰ্বেদী ব্ৰাহ্মণৰ সংখ্যাহে সৰহ। যজন,যাজন, দান,অধ্যয়ন ইত্যাদিয়েই বামুণৰ ঘাই বৃত্তি।
গোস্বামী বা গোঁসাই— যিবিলাক ধৰ্মপ্ৰচাৰকে দীক্ষা-মন্ত্ৰাদি দান কৰি শিষ্য প্ৰৱৰ্তায়, সিবিলাকক গোস্বামী বা গোসাঁই বোলা যায়। ইবিলাকৰ বৃত্তি অতি পুৰণি কালৰেপৰা অসমত চলি আহিছে। তথাপি, মহাৰজা ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ দিনৰপৰা এইবিলাকৰ প্ৰতিপত্তি বাঢ়ি আহিল। অসমত ইবিলাকৰ সৰু-বৰ ভালেমান সত্ৰ আছে। সেই বিষয়ে পিচৰ একাধ্যাত বহলাই কোৱা হৈছে। গোঁসাই দুবিধ,কেৱলীয়া আৰু সংসাৰী।
আহম বা আহোম— ইবিলাক অসমৰ ৰাজবংশী টাই জাতীয় মানুহ। আদিতে ইবিলাক ব্ৰহ্মদেশৰ অন্তৰ্গত ইৰাৱতী উপত্যকাৰ শ্যাম প্ৰদেশৰপৰা আহিছিল। তেতিয়া ইবিলাক ‘ফুৰালুং’ বা ‘মহাবিষ্ণু'পূজক বৈষ্ণৱধৰ্মী লোক আছিল। ইবিলাকৰ সবিশেষ বিৱৰণ যথাঠাইত বহলাই দিয়া হৈছে। জযধ্বজসিংহ স্বৰ্গদেৱৰ দিনত, ১৬৫৫ খ্ৰীষ্টাব্দৰৰপৰা আহোম ৰজাসকলে শাক্ত হিন্দুধৰ্ম গ্ৰহণ কৰে; আৰু মহাৰজা ৰূদ্ৰসিংহ স্বৰ্গদেৱৰ দিনৰপৰা আহোমসকলে বৈষ্ণৱ, শাক্ত আৰু শৈব্য তিনিও পন্থীয়া ধৰ্ম সংক্ৰান্ত বিষয়ত ভাগ-ভাগ হ’বলৈ ধৰে। উত্তম শ্ৰেণীৰ আহোমসকল অসমীয়া ক্ষত্ৰিয়ৰূপে গণনীয়।
বৈশ্য— এই জাতি মানুহৰ বসতি অসমত আৰ্য্যবসতিৰ আৰম্ভণৰেপৰা আছে। উত্তৰ গুৱাহাটী আৰু বৰপেটাত এই জাতীয় অসমীয়া মানুহ অদ্যপি আছে। বৰ্তমান অৱস্থাৰ ফেৰত, সিবিলাকে আগৰ বাণিজ্য-ব্যৱসায় এৰি, এতিয়া খেতিপথাৰত ধৰিছে।
মহন্ত অথবা মহাজন— মহাপুৰুষ ৺শঙ্কৰদেৱ আৰু ৺মাধৱদেৱে বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰাৰ লগে লগে অসমত কায়স্থ শূদিৰ সকলৰ ভিতৰতো এবিধ ধৰ্ম্মপ্ৰচাৰকৰ সৃষ্টি হয়। ইবিলাকক মহন্ত বা মহাজন বোলা যায়। এই মহন্তসকলৰ সত্ৰ আৰু শিষ্য অসমত বহুত আছে।
(১) ৺কাশীনাথ তামুলিফুকনৰ "অসম বুৰঞ্জী,২৫ আৰু ৩৩ পৃষ্ঠা। [ ২ ] কায়স্থ— ইবিলাক উত্তম শ্ৰেণীৰ শূদ্ৰ। কায়স্থসকলে নিজে নাঙ্গল ধৰি কৃষি ব্যৱসায় নকৰে। ইবিলাক আদিতে ব্ৰাহ্মণৰ লগে লগেই অসমলৈ আহে। কিন্তু, কেইঘৰমান কায়স্থ পৃথকেও আহিছিল। স্বৰ্গদেৱ গদাধৰসিংহ আৰু স্বৰ্গদেৱ ৰূদ্ৰসিংহৰ দিনতো কেইঘৰমান কায়স্থ অসমলৈ আহিছিল।
গণক বা দৈৱজ্ঞ— এই জাতিৰ মানুহ বহুকালৰ আগৰেপৰা অসমত আছে। এইবিলাক বামুণৰ সদৃশ উপবীতধাৰী। বামুণৰ দৰেই ইবিলাকে সন্ধ্যা-পূজা আদি কৰে। জ্যোতিষ গণনাই গণক আৰু দৈৱসকলৰ ঘাই বৃত্তি।
কলিতা— ইবিলাক অসমৰ আটাইতকৈ পুৰণিকলীয়া আদিবাসী। অসমত কলিতাৰ ৰজা আছিল , নৰকাসুৰ, ভগদত্ত, বজ্ৰদত্ত প্ৰভৃতি ৰজাসকলক কলিতা ৰজাৰ আদি পুৰুষ বুলি ধৰা হৈছে। পিচত, ক্ষত্ৰিয় কুলৰপৰা নমাৰ কাৰণে, ইবিলাকক কলিতা(কুলকুপ্ত) বোলা হয়। বৰকলিতা আৰু সৰুকলিতা বুলি এইজাতৰ খেল আছে ,দুয়ো খেলৰ মানুহে নাঙ্গল ধৰি কৃষি কৰে।
কেওঁট— এই জাতি মানুহ অসমত আদিৰেপৰা আছে। ভাটীৰ ফালে কেওঁটক কৈৱৰ্ত্ত নামে জনা যায়। তাত হালোৱা কৈৱৰ্ত্ত আৰু জালোৱা কৈৱৰ্ত্ত নামে এই জাতি দুখেল। হালোৱা খেলৰ ব্যৱসায় কৃষি আৰু জালোৱা খেলৰ মাছ ধৰা আৰু মাছ-বেচা বৃত্তি , অসমত শেহৰ খেলক নদীয়াল বা কৈৱৰ্ত্ত বোলা হয়। কেওঁট জাতি কলিতাৰ শাৰীৰপৰা অলপ নামনাচত গণনীয়।
কোঁচ— ইবিলাক কামৰূপ জিলাৰ আদিবাসী ৰাজবংশী মানুহ। মেছ বা কছাৰীৰপৰা হিন্দু সংসৰ্গত এই জাতিৰ উৎপত্তি। ইবিলাক আজিকালি ভাল শূদিৰৰ লেখত উঠিছে,আৰু কেওঁট-কলিতাৰ নামনাচত গণনীয় হৈছে। সৰুকোঁচ আৰু বৰকোঁচ নামে এই জাতিৰ দুখেল আছে।
চুটিয়া— ইবিলাক উজনি অসমৰ ৰাজবংশী মানুহ আৰু সৌমাৰৰ এজাতি আদি-বাসী। হিন্দুধৰ্ম গ্ৰহণ কৰাৰপৰা ইবিলাক কোচ-কেওঁটৰ অলপ নামত গণনীয় হৈছে। হিন্দু-চুটিয়া, আহোম-চুটিয়া আৰু মিৰি-চুটিয়া নামে এইজাত মানুহৰ তিনি খেল আছে। মিৰি-চুটিয়াবিলাকৰ সৰহভাগ এতিয়াও পৰ্ব্বতীয়া জাতিৰ আচাৰ-ব্যৱহাৰতে আছে।
মুছলমান বা মৰীয়া— খ্ৰীঃ ১২০৪ চনত গৌৰদেশৰপৰা মহম্মদ ঘোৰীৰ ৰণুৱা হৈ ইবিলাক অসমলৈ আহে। ইবিলাক ইছলাম ধৰমী মানুহ। আকৌ, খ্ৰী: ১৫৩২ চনত মুছলমানে অসম আক্ৰমণ কৰোতে কিছুমান সৈন্য ইয়াত বন্দী হৈ ৰৈ যায়। সিবিলাকে পাচলৈ কাহ-পিতলৰ সজুলি গঢ়ি তাকে সলাই জীৱিকা আৰ্জ্জিবলৈ ধৰিলে। সিবিলাকেই মৰীয়া নামে অভিহিত হয়। সিবিলাকৰ আচাৰ-ব্যৱহাৰ আৰু ধৰ্ম মুছলমান সদৃশ।
এইবিলাকত বাজেও মট, নাপিত, পটীয়া, কমাৰ, কুমাৰ, ধোবা, সুত, যুগী, শালৈ,কাটনী, কৈৱৰ্ত্ত, নদীয়াল,বৃত্তিয়াল, হাৰি,শুঁৰী, চঁড়াল প্ৰভৃতি জাতৰ মানুহৰ অসমত বসতি আছে। সিবিলাকৰ নিজ বৃত্তি অনুসৰি জাতৰ নাম হৈছে; কিন্তু আচাৰ-ব্যৱহাৰত সিবিলাকৰ কোনো কোনো জাতি ওপৰ খাপৰ শূদিৰ জাতিৰ লগত চামিল হৈছে। ইয়াৰ উপৰিও লালুং, কছাৰী, বৰাহী, মটক, খাম্তি, মিৰি, মিকিৰ, খাচী, গাৰো,অঁকা, ডফলা, নগা প্ৰভৃত্তি পৰ্ব্বতীয়া আদিজাতি অসমত পূৰ্ব্বৰে পৰা বাস কৰি আছে। [ ৩ ]অসমীয়া ভাষা
অসমীয়া ভাষাৰ "অসমীয়া" নাম আধুনিক। বৰ্তমান অসমবাসীবিলাকৰ ভাষা বুলিহে আজিকালি এই ভাষাৰ নাম অসমীয়া ভাষা হৈছে। কিন্তু, আদিতে এই দেশৰ নাম “কামৰূপ"হে আছিল; গতিকে, অসমীয়া ভাষাৰ পৌৰাণিক নাম “কামৰূপীয়া ভাষা” বুলিলে হে যুক্তিৰ ওচৰ চাপে। তথাপি, এই ভাষাৰ ওপৰত অসমীয়া নামৰ অৱৰণ নিচেই উপৰুৱা বুলিব নোৱাৰি। কামৰূপৰ সৌমাৰ খণ্ডৰপৰা আৰম্ভ কৰি এই গোটই দেশত আহম বা আহোমসকলে অসীম প্ৰতাপেৰে ৰাজ্য বিস্তাৰ কৰাৰ পিচৰপৰা যেতিয়া সিবিলাকৰ নামানুসাৰে এই দেশৰ, অৰ্থাৎ সমগ্ৰ কামৰূপৰ নাম “অসম” হ'ল, তেতিয়াৰপৰাই এই দেশবাসীৰ ভাষাও ‘অসমীয়া ভাষা' নামে অভিহিত হ'ল।
যদ্যপি "অসম" বা “আহম” বা “আহোম” শব্দৰপৰা অসম দেশৰ নাম হৈছে, তথাপি ‘অসমীয়া ভাষা’ ‘আহোম' ভাষা নহয়। আহোম ভাষা অসমীয়া ভাষাৰপৰা সম্পূৰ্ণ সুকীয়া, - আহোম ভাষাত লিখা বুৰঞ্জী আৰু ধৰ্ম্ম-পুথিবিলাকে এতিয়াও তাৰ প্ৰমাণ জিলিকাই ৰাখিছে। কিন্তু, দুখৰ কথা, আজিকালি আহোম ভাষা জনা মানুহৰ অভাৱত সেই অমূল্য ৰত্নস্বৰূপ বুৰঞ্জীবিলাক আন্ধাৰতে ভেঁকুৰিছে! আহোম ৰাজবংশী মানুহৰ সংখ্যা নিচেই তাকৰ আছিল, গতিকে সিবিলাকে ৰাজ্যশাসনৰ সুচলাৰ্থে ৰাজকীয় কাৰ্য্যাদিত ৰজাৰ ভাষা নলগাই প্ৰজাৰ ভাষাকে ৰাজভাষা কৰিছিল, বুৰঞ্জী আৰু ধৰ্ম- পুথিত মাথোন আহোম ভাষাৰ ব্যৱহাৰ ৰখা হৈছিল।
অসমীয়া ভাষা অতি পুৰাতনীয়া ভাষা। ইয়াৰ মূল সংস্কৃতৰপৰা ওলোৱা প্ৰাকৃত ভাষা। কামৰূপত আৰ্যবসতি স্থাপিত হোৱা দিনৰেপৰা অসমীয়া ভাষাৰ সৃষ্টি হোৱা বুলি ধৰিব লাগে। অতি পুৰণি কালত গোটেই আৰ্য্যাবৰ্ত্তত সংস্কৃতৰপৰা ওলোৱা প্ৰাকৃত ভাষা চলিছিল, পাচত সেই ভাষাৰপৰা হিন্দীকে আদি কৰি ভালেমান ভাৰতীয় ভাষাৰ সৃষ্টি হয়; পুৰণি অসমীয়া ভাষাও তাৰে এটা ঠাল-বিশেষ। কালক্ৰমত হিন্দী, কাশ্মীৰী, ব্ৰজাৱলী, অসমীয়া আৰু অসমৰ আদিবাসীবিলাকৰ ভাষাৰ শব্দৰ সৈতে মিহলি হৈ অসমীয়া ভাষাই বৰ্তমান গঢ় লৈছে। তখাপি, এতিয়াও ইয়াত শতকৰা ৬৩ টাকৈ সংস্কৃতমূলক শব্দ ৰৈছে। অসমীয়া ভাষাত থকা সংস্কৃত শব্দ হিন্দী আৰু কাশ্মীৰী ভাষাৰ সংস্কৃত শব্দৰ লগত বেচি মিলে, আৰু বঙ্গভাষাৰ জন্মৰ বহুকালৰ পূৰ্ব্বেই অসমীয়া ভাষাৰ শব্দৰ সৃষ্টি হয়। ভাষাৰ ভিতৰুৱা মিল থকাৰ উপৰিও, বুৰঞ্জী লিখাৰ ৰীতিত অসম আৰু কাশ্মীৰৰ বাহ্যিক মিলো অধিক। সেইপাকত অসমৰ আৰ্য্যবসতি পঞ্জাৱৰে সৈতে সমসাময়িক বুলিব পাৰি। আৰু সেই সম্পৰ্কত ভাৰতবৰ্যৰ চেঞ্চচ্ কমিচনাৰ আৰু ভাষাবিদ পণ্ডিত মিষ্টাৰ বৰ্ণৰ (Mr. Burn) অনুমান মতে, ভাৰতবৰ্ষলৈ অহা ঠালৰ আৰ্য্যজাতিৰ মানুহ দুভাগ হৈ পছিমচুকে খাইবাৰ দুৱাৰ আৰু পূবচুকে পাটকাই দুৱাৰেদি একে সময়তে ভাৰতবৰ্যত সোমোৱাটো যুক্তিযুক্ত যেন লাগে। তেনেহ'লে, অসমত আৰ্ষ্য[ ৪ ] বসতি নিচেই আদিৰেপৰা আছে, আৰু অসমীয়া ভাষাও কাশ্মীৰী, গুজৰাটী, হিন্দী প্ৰভৃতি ভাষাৰে সৈতে সমান বয়সীয়া ভাষা। বঙ্গলাতকৈ অসমীয়া ভাষা বহুকালৰ পুৰণি।
অসমীয়া ভাষাৰ জীৱনকাল ঘাইকৈ তিনি ছোৱাত ভগাব পাৰি;-যেনে,(১) নিচেই আদিৰেপৰা ৺শঙ্কৰদেৱৰ দিনলৈকে; (২) ৺শঙ্কৰদেৱৰ পিচৰপৰা বৃটিছ গৱৰ্ণমেণ্টৰ আগমনলৈকে; (৩) বৃটিচ শাসনৰ আৰম্ভণৰপৰা বৰ্তমানলৈকে। আদিছোৱাৰ বিষয়ে বহুল বৰ্ণনা পাবলৈ টান। সেই কালৰ লিখিত বৰ্ণনাও বিৰল। তথাপি, সেইছোৱাত পুৰণি কামৰূপত এই ভাষাৰ যে বিশেষ প্ৰতিপত্তি আছিল, তাত সন্দেহ নাই। মাজছোৱাক অসমীয়া ভাষাৰ বৰ উন্নত অৱস্থা বুলিব লাগে। সেই সময়ত ক্ষণজন্মা মহাপুৰুষ শঙ্কৰদেৱ, মাধৱদেৱ আৰু কবিবৰ অনন্ত কন্দলি, পুৰুষোত্তম ঠাকুৰ, ৰাম সৰস্বতী প্ৰমুখ্যে কেইজনো লিখাৰ প্ৰভাৱত অসমীয়া ভাষাৰ আশাতীত শ্ৰী-বৃদ্ধি হয়। স্বৰূপত, দ্বিতীয় ছোৱাতহে অসমীয়া ভাষাই ধাৰাবাহিক বৈয়াকৰণ গঠনৰে সৈতে প্ৰকৃত জীৱন লাভ কৰে। তৃতীয় বা শেহছোৱাৰ আদিগত অশেষ বাধা-বিঘিনি সহিব লগা হোৱাত, অসমীয়া ভাষাই ভালকৈ গা কৰিব পৰা নাই। বৃটিচ শাসন আৰম্ভ হ’লত, খ্ৰী: ১৮২৬ চনৰ পৰা ১৮৩৬ চনলৈকে অসমীয়া ভাষা অসমৰ আদালত আৰু পঢ়াশালিবিলাকত চলিছিল। এনেতে, আচম্বিতে অসমত অসমীয়া ভাষাৰ সলনি বঙ্গালী ভাষা আদালতত আৰু পঢ়াশালিত প্ৰচলিত হয়। ৰজাঘৰত অনাদৃত হৈ, অসমীয়া ভাষাৰ শ্ৰী বাঢ়িব নোৱাৰি সেই খিনিহে ঠিহিৰা মাৰি ৰয় (১)। পিচে, ৺আনন্দৰাম ঢেঁকিয়াল ফুকন,হেম বৰুৱা, গুণাভিৰাম বৰুৱা প্ৰভৃতি অসমৰ সুসন্তানসকল আৰু পৰোপকাৰী পাদ্ৰিসকলৰ (২) অহোপুৰুষাৰ্থৰ অব্যৰ্থ ফলস্বৰূপে, সেই কালৰ বঙ্গ আৰু অসম দেশৰ দুৱলীয়া লাট চাব জৰ্জ্জ কেম্বেল চাহাব বাহাদুৰে খ্ৰী: ১৮৭৩ চনৰপৰা অসমীয়া ভাষাক আকৌ অসমৰ আদালত আৰু পঢ়াশালিবিলাকত ঠাই দিয়ে। সেই অনুগ্ৰহৰ বলতে অসমীয়া ভাষা পুনঃ ঠন ধৰি উঠিল আৰু অসমৰ আদালত আৰু পঢ়াশালিত পুনঃ প্ৰচলিত হল। ভূতপূৰ্ব দুৱলীয়া লাট চাব ৰেম্ফিল্ড ফুলাৰ চাৰ বাহাদুৰৰ অনুগ্ৰহৰ ফলত, ১৯০৪ খ্ৰীষ্টাব্দৰ পৰা অসমীয়া ভাষাই কলিকতা বিশ্ববিদ্যালয়ৰ কলেজতো ঠাই পায়; এভিয়া বি এফ-এ, বি এ, আৰু এম-এ মহলালৈকে পাঠ্য মনোনীত হৈছে। বিশেষ, ১৮৭৩ খ্ৰীষ্টাব্দৰপৰা ৰাজ-অনুগ্ৰহত আৰু অসমীয়া সাহিত্য-সেৱকসকলৰ সেৱা-শুশ্ৰুষাৰ বলত অসমীয়া ভাষা ক্ৰমাৎ টনকিয়াল হৈ উঠিছে। এইখিনিতে ৰজা ঘৰৰ শলাগ লৈ কব লাগে যে সাহিত্যানুৰাগী গৱৰ্ণমেণ্টে অনুগ্ৰহ কৰি, ১৯০৯ চনত, অসমীয়া সাহিত্যৰ উন্নতিকল্পে, এই পুথিৰ লেখকক সাহিত্যিক পেঞ্চন এটি দান কৰাত ,"অসমীয়া ভাষা বঙ্গলাৰ অপভ্ৰংশ" বোলা বাদ-প্ৰতিবাদৰ অন্ত পৰি, ইয়াৰ উন্নতিত আহুকাল লগোৱা এটা ডাঙৰ অপায় খণ্ডিল। তদুপৰি, অসমীয়া ভাষাৰ বৰভেঁটি স্বৰূপ ৺হেমচন্দ্ৰ বৰুৱা প্ৰণীত "হেমকোষ" অভিধানখন গৱৰ্ণমেন্টে প্ৰচাৰ কৰি দিয়াত, আজিকালিৰ ন-লিখাৰু বিলাকৰ আখৰ-জোঁটনিৰ বেমেজালি গুচিছে। "হেমকোষ"ৰ পাতনিত দিয়া
(১) ’তেতিয়া স্কুলত বঙ্গালী, কাছাৰীত বঙ্গালী, ডেকাৰ আলাপত বঙ্গালী; চিঠিতো বঙ্গালী ভাষা হে চলিছিল। “-হেমচন্দ্ৰ বৰুৱা।
(২) পাদ্ৰি সকলৰ অসমীয়া অভিধান ভাগ এটি অভগণ কীৰ্ত্তিচিন্।