পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
অসমৰ বুৰঞ্জী

পাই তেওঁৰ ওপৰত চোভা মানিবলৈ ধৰিলে। পিচে, সেই ভাব ক্ৰমাৎ প্ৰৱল হৈ উঠাত, নীলাম্বৰ ৰজাই মনোহৰৰ অসৎ কাৰ্যৰ প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে গোপনে তেওঁক বধ কৰালে। আৰু, সৰু কুঁৱৰীৰ হতুৱাই তেওঁৰ মাংস ৰন্ধাই পিতাক শচীপাত্ৰক নিমন্ত্ৰণ দি মতাই আনি খুৱালে। পাচত, শচীপাত্ৰ মন্ত্ৰীয়ে সেই কথাৰ সম্ভেদ পাই মৰণান্তিক বেজাৰ পালে, আৰু ৰজাক সেই প্ৰতিশোধৰ প্ৰতিশোধ দিয়াৰ অৰ্থে তেওঁ দৃঢ়-সংকল্প কৰিলে। সেই উদ্দেশ্যে মন্ত্ৰীয়ে, পুতেকৰ অঘাইত্, পাপ খণ্ডাবৰ অৰ্থে, গঙ্গাস্নানলৈ যোৱাৰ ছলেৰে গোপনে গৌৰ দেশৰ নবাব হোচেনচাহৰ শৰণাগত হ'লগৈ। তেওঁ নীলম্বৰ ৰজাৰ মনৰ দুৰ্ব্বলতা আৰু ৰাজ্যৰ ভিতৰুৱা দুৰৱস্থা আদিৰ কথা পাত-বঢ়াই কৈ অসমদেশ আক্ৰমণ কৰিবৰ নিমিত্তে তেওঁক বৰকৈ উদ্গাবলৈ ধৰিলে। হোচেনচাহে শচীপাত্ৰৰ কথাত প্ৰত্যয় মানি এজন সেনাপতিক, লগত ভালেমান সৈন্য দি, নীলাম্বৰ ৰজাৰ ৰাজ্য আক্ৰমণ কৰিবলৈ পঠিয়ালে। খ্ৰীঃ ১৪৯৮ চনত, মুছলমান সেনাৰে সৈতে লগলাগি শচীপাত্ৰ নীলাম্বৰৰ ৰাজ্যৰ সীমাত উপস্থিত হ'লহি। দুয়োপক্ষৰ মাজত ঘোৰতৰ যুদ্ধ আৰম্ভ হ'ল। মুছলমান সেনাপতিয়ে ভালেমান দিন একেৰাহে যুদ্ধ কৰিও জিকিবৰ আন উপায় নেদেখি, শেহান্তৰত প্ৰৱঞ্চনা কৰি জিকিবলৈ ফান্দ পাতিলে। সেই অৰ্থে, মুছলমান সেনাপতিয়ে নীলাম্বৰ ৰজাৰ ওচৰলৈ এনে ভাৱে কটকী পঠিয়ালে যে, তেওঁ উপস্থিত ৰণত পৰাজয় স্বীকাৰ কৰি নিজৰ দেশলৈ উলটিবলৈ স্থিৰ কৰিছে; কিন্তু উলটি যোৱাৰ পূৰ্ব্বে ৰজাৰ মহিষীৰে সৈতে তেওঁৰ বিবিয়ে (ভাৰ্য্যা) এবাৰ সাক্ষাত কৰি আহিবলৈ অনুমতি পায় যদি, তেওঁ পৰম বাধিত হ'ব। নীলাম্বৰ ৰজাই সেই কথাত পতিয়ন গৈ অনুমতি দিয়াত, ৰজাৰ অন্তঃপুৰত গৈ তিৰোতাৰ বেশধাৰী মুছলমান সৈন্যবিলাক ভৰি পৰিল, আৰু সিহঁতে তাতে ৰজাক অবাধে বন্দী কৰি, দেশলৈ লৈ যাবৰ কাৰণে এটা লোৰ সজাত ভৰাই ৰাখিলে। পিচে, ৰাতি এটা বিশ্বাসী লগুৱাৰ সহায়ত নীলাম্বৰ বন্দী-সজাৰপৰা মুকলি হৈ পলাই গ'ল। ৰজা পলাই যোৱাত, মুছলমান সেনাপতিয়ে কমতাপুৰ দখল কৰি, তাত ভালেমান সৈন্য-সামন্তৰে সৈতে নিজৰ পুতেকক নবাবৰ প্ৰতিনিধি পাতি থৈ, নিজ দেশলৈ ওলটা-যাত্ৰা কৰিলে।

আধ্যা-৭

শিৰোমণি ভূঞা•

 শ্ৰীশঙ্কৰদেৱ:- এওঁ এজন অসমীয়া মহাকবি সাহিত্যিক আৰু ধাৰ্ম্মিক মহাপুৰুষ। অসমীয়া ভাষাভ শ্ৰীশঙ্কৰদেৱৰ কেইবাখনো জীৱনচৰিত আছে। সেই কেইখন গ্ৰন্থৰপৰা তেওঁৰ আসাধাৰণ জীৱনী সম্বন্ধে বহলকৈ জানিব পাৰি। তলত ৺শ্ৰীশঙ্কৰদেৱৰ বংশাৱলীৰ টোকা এটিৰে সৈতে তেওঁৰ সুদীৰ্ঘ জীৱনীৰ আভাষ মাখোন দিয়া গ'ল।


 •কমতাপুৰৰ পূৰ্ব্বাঞ্চলৰ ভোটৰ আক্ৰমণৰপৰা ৰক্ষা কৰাৰ উদ্দেশ্যে কমতেশ্বৰে চণ্ডীবৰ ভূঞাক 'শিৰোমণি-ভূঞা' উপাধি দি শাসনকৰ্ত্তা পাতিছিল। চণ্ডীবৰৰপৰা শঙ্কৰদেৱলৈকে, গৌড়ৰপৰা অহা ভূঞা কেইঘৰৰ ভিতৰত, লণ্ডাদেৱৰ বংশধৰসকল পাচলৈ 'শিৰোমণি ভূঞা' নামেৰে খ্যাত হ'ল।