পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
শিৰোমণি ভূঞা


ৰাম-সৰস্বতী, কুমাৰিলা-ভট্ট প্ৰভৃতি অসমৰ আৰু ভালেমান জ্ঞানী পণ্ডিত-কবি আছিল। এই পুথিৰ কলেৱৰ চাই, ইয়াত সিবিলাকৰ নাম মাথোন উনুকিওৱা হ'ল।

 সমসাময়িক ভাৰত-বুৰঞ্জীৰ কথা :- ১০০১ খ্ৰীষ্টাব্দৰপৰা ১০২৫ খ্ৰীষ্টাব্দলৈকে এই ২৪ বছৰৰ ভিতৰত গজনীৰ ৰা চুলতান মামুদে ১২ বাৰ আৰ্য্যাৱৰ্ত্ত আক্ৰমণ কৰেহি। তাৰ ফলস্বৰূপে লাহোৰ, পেচোৱাৰ, ভাটিয়া, মূলতান, উজ্জয়িনী, কনৌজ, দিল্লী, আজমীৰ, থানেশ্বৰ, কাশ্মীৰ, মিৰাট, মথুৰা, কালিঙ্গ, গুজৰাট, সোমনাথ প্ৰভৃতি ভালেমান চহৰ জয় কৰি, আৰু হিন্দুৰ ধৰ্ম্ম-মন্দিৰ লুটি তেওঁ বহু ধন-সম্পত্তি স্বদেশলৈ লৈ যায় হি। মামুদৰ পাচত আলাউদ্দিন, তেওঁৰ পাচত গিয়াচুদ্দিন বা মহম্মদ গোৰীয়ে, গজনীৰ ৰজা হৈ, ভাৰতবৰ্ষ কেইবাবাৰো আক্ৰমণ কৰেহি। সেই কালত কনৌজৰ ৰজা জয়চন্দ্ৰ আৰু আজমীৰৰ ৰজা পৃথুৰাজ আছিল। পৃথুৰাজ পাচত দিল্লীৰ ৰজা হয়। তেতিয়া আৰ্য্যাৱৰ্ত্তত চোহান, তোমৰ, ৰাঠোৰ প্ৰভৃতি কেইবাটাও হিন্দু ৰাজফৈদে ৰাজত্ব কৰিছিল। পিচে, সিবিলাক আত্মকন্দলৰ দোষত ক্ৰমাৎ দুৰ্বল হৈ পৰে; আৰু সেই ছেগতে মহম্মদ গোৰীয়ে আৰ্য্যাৱৰ্ত্ত আক্ৰমণ কৰেহি। ফলত, হিন্দুৰাজ্য সম্পূৰ্ণ মূছলমানৰ হাতলৈ পাৰ হয়। সেই সময়ত কুতুবুদ্দিন দিলী আৰু গুজৰাটৰ, বক্তিয়াৰ খিলিজী বিহাৰৰ, আৰু বল্লালসেন বঙ্গদেশৰ ৰজা আছিল।