পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
খেনবংশী ৰজাৰ ৰাজত্ব


তেতিয়া ব্ৰহ্মপুত্ৰ গড়াটাকি বাঢ়ি উঠিল; আৰু বাট-ঘাটবিলাক দুৰ্গম হৈ পৰিল। খেদা-খোৱা প্ৰতিনিধিয়ে সেই ছেগতে পৰ্ব্বৰপৰা নামি আহি ৰাতিয়েই ব্ৰহ্মপুত্ৰৰ পাৰ কাটি দিলে। পাৰত শিবিৰ পাতি শুই থকা মুছলমান সৈন্যবিলাক আৰু সিবিলাকৰ যুদ্ধৰ সজুলিবোৰ ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত উটি যাবলৈ ধৰিলে। মল্লিকৰ লগত যি অলপীয়া সৈন্য বল, সিহঁতো ভয়ত আতুৰ হৈ পৰিল। কামৰূপৰ সেনাপতিয়ে এনে ঠেকত পেলাই আক্ৰমণ কৰি মল্লিকক বিষম বিপদত পেলালে। সদৌশেহত, জনচেৰেক সৈন্যক মাথোন দেশলৈ উলটি যাবলৈ এৰি দি, বাকীবিলাক সৈন্যৰে সৈতে মন্ত্ৰিক যুজবেকক বন্দী কৰি ৰখা হ’ল। যুদ্ধত মল্লিকে বিষমৰূপে আঘাত পাইছিল; ১২৫৭ খ্ৰীষ্টাব্দত সেই আঘাতৰ বিকাৰতে তেওঁৰ মৃত্যু হয়।

 দুৰ্ল্লভ নাৰায়ণ:-নীলধ্বজৰ লোকান্তৰৰ পাচত, তেওঁৰ পুতেক দুৰ্ল্লভ নাৰায়ণ, ১২৯৫ খ্ৰীষ্টাব্দত, কমতাপুৰৰ ৰাজপাটত উঠে। তেওঁৰ দিনতে অসমলৈ ঁশঙ্কৰদেৱৰ আদিপুৰুষ চণ্ডীবৰ প্ৰমুখ্যে ৭ সাত ঘৰ কায়স্থ আৰু ৭ সাত ঘৰ বামুণ কনৌজপুৰৰপৰা আহি কামৰূপত থিতাপিত হয়। এইজনা অতিশয় ধাৰ্মিক আৰু বিদ্যানুৰাগী ৰজা আছিল।

 চক্ৰধ্বজ:- দুৰ্ল্লভ নাৰায়ণৰ লোকান্তৰৰ পাচত, তেওঁৰ পুতেক আৰু নাতিয়েকসকলে, খ্ৰীঃ ১৩৩০ চনৰপৰা ১৪২০ চনলৈকে ৰাজত্ব কৰে। তাৰ পাচত, সেই বংশৰে চক্ৰধ্বজ নামে এজন ৰজা প্ৰখ্যাত হৈ উঠে। তেওঁৰ দিনত মন্ত্ৰী আৰু বিষয়াসকলে পুৰুষানুক্ৰমিক বিষয়-বাব পোৱাৰ নিয়ম প্ৰচলন হয়। চক্ৰধ্বজৰ ৰাজত্বৰ কালতে অসমৰ মহাকবি মহাপুৰুষ ঁশ্ৰীশঙ্কৰদেৱে ১৪৪৯ খ্ৰীষ্টাব্দত জন্মগ্ৰহণ কৰে।

 নীলাম্বৰ:- চক্ৰধ্বজৰ লোকান্তৰৰ পাচত, ১৪৫৫ খ্ৰীষ্টাব্দত, তেওঁৰ পুতেক নীলাম্বৰ কামৰূপৰ অধীশ্বৰ হয়। নীলাম্বৰ বৰ পৰাক্ৰমী ৰজা আছিল। ৰাজ্যভাৰ গ্ৰহণ কৰাৰ অলপ দিনৰ পাচতে তেওঁ নিজ পৰাক্ৰমেৰে পিতৃৰাজ্যৰ সীমা ভালেমানলৈকে বঢ়ালে। আন কি, তেওঁ বঙ্গদেশৰ কোনো কোনো অংশ পৰ্যন্ত নিজৰ ৰাজ্যৰ ভিতৰ কৰি লৈছিল। নীলাম্বৰ যেনে পৰাক্ৰমী, তেনে এজন অতি উদ্যোগী পুৰুষ আছিল। তেওঁ নিজৰ ৰাজ্যৰ সুচলাৰ্থে আৰু আন-আন। ৰাজ্যৰে সৈতে চলাচল সুগম কৰিৰৰ অৰ্থে আলি, গড়, সাঁকো প্ৰভৃতি বন্ধাই দেশৰ ভালেমান হিতকৰ কাৰ্য্য সাধি বিশেষ খ্যাতি লাভ কৰিছিল। নীলাম্বৰ ৰজাই তেওঁৰ ৰাজধানী কমতাপুৰৰপৰা ঘোঁৰাঘাটলৈকে এটি বিতোপন আলি বন্ধাই দিয়াইছিল; কোঁচবেহাৰ আৰু ভাটী-ৰংপুৰৰ মাজত তাৰ ভগা-ছিগা কোনো কোনো অংশই এতিয়াও তেওঁৰ সেই হিতকৰ চিনাকি দিব লাগিছে।

 মুছলমানৰ ৪ৰ্থ আক্ৰমণ:-নীলাম্বৰ ৰজাৰ ৰাজত্ব কালত মুছলমানে চতুৰ্থবাৰ অসমদেশ আক্ৰমণ কৰে। তাৰ মূল কাৰণ হৈলিল আত্মকন্দল। মন্ত্ৰী শশীপাত্ৰৰ পুতেক মনোহৰক নীলাম্বৰ ৰজাই এদিন অসময়ত তেওঁৰ সুৰ কুঁৱৰীৰ অন্তঃপুৰলৈ সোমোৱা দেখা