‘হজৰা পুখুৰী'য়ে আজিও তাৰ চিন জিলিকাই ৰাখিছে। তেওঁৰ পিচত, তেওঁৰ পুতেক বনমালদেৱ ৰজা হয়।
বনমালদেৱ-এওঁ এখন শিৱভক্ত আছিল। বনমালদেৱৰ বুকু বৰ বহল, ককাল কৃশ , কণ্ঠদেশ পুষ্ট, বাহুযুগল স্তম্ভাকৃতি আৰু অস্ত্ৰৰ দৰে দীঘল আছিল। এওঁ স্বভাৱতো এজন আদৰ্শ পুৰুষ আছিল। এওঁ কেতিয়াও ক্ৰোধ নকৰিছিল, পাতলভাৱে নাহাঁহিছিল, নীচ লোকৰ কথা নুশুনিছিল, কাৰো অহিত নিচিন্তিছিল। এওঁ নিজৰ ৰাজ্যত ভালেমান বিলাস-ঘৰ সজাইছিল। বাস্তৱতে, বনমালদেৱ বৰ ধাৰ্মিক পুৰুষ আছিল। বৃদ্ধ বয়সত তেওঁ পুতেক জয়মালদেৱক ৰজা পাতি, নিজে শাস্ত্ৰমতে আহাৰ-নিদ্ৰা পৰিত্যাগ কৰি, উমানন্দ মন্দিৰত তপস্যা কৰি থাকোতে তাতে জীৱনশীল সামৰি স্বৰ্গী হয়।
বীৰবাহু-এওঁ বনমালদেৱৰ নাতি। এওঁ পিতামহৰ দৰে বৰ ধাৰ্মিক ৰজা আছিল। এওঁ সংসাৰ অসাৰ আৰু পুৰুষৰ জীৱন ‘জলবিম্ব’ৰ নিচিনা অস্থায়ী ভাবি, মানৱৰ শেষ কৰ্ত্তব্য কি তাকে চিন্তা কৰিছিল। সদৌশেহত, শুভদিনত তেওঁ নিজৰ পুত্ৰৰ যথাবিধি ৰাজ্যভাৰ গতাই দি, নিজে ধৰ্মচিন্তাত মগ্ন হয়।
বলবৰ্ম্মদেৱ- বনমালদেৱৰ নাতি ৰীৰবাহু ৰজাৰ ঔৰসত তেওঁৰ অম্বা নামে মহিষীৰ গৰ্ভভ বলবৰ্ম্মদেৱ ৰজাৰ জন্ম হয়। তেওঁ যেনে শ্ৰীমন্ত আৰু ধনৱন্ত, তেনে গুণৱন্ত আৰু বলৱন্ত পুৰুষ আছিল; তেওঁ নিজ বাহুবলেৰে পিতৃৰাজ্যৰ শ্ৰীবৃদ্ধি কৰি প্ৰখ্যাত হৈ উঠি-ছিল। খ্ৰী: দশম শতাব্দীত এইজনা ৰজা সুপ্ৰখ্যাত হৈ জিলিকি ছিল।
বিবিধ বংশৰ ৰজা
ভীষ্মক ৰজা :-কামৰূপত কিৰাতবংশী বজাই ৰাজত্ব কৰাৰ সময়তে সৌমাৰৰ অতি পূব ভাগত কুণ্ডিন্ বা বিদৰ্ভ (১) ৰাজ্যত, পূঃ ১৫০০ চনত, ভীষ্মক (২) নামে এজন সুপ্ৰখ্যাত চুটিয়াবংশী ৰজাই ৰাজত্ব কৰিছিল। এতিয়াৰ শদিয়া অঞ্চল আৰু তাৰ আশে-পাশে বিস্তৃতভাৱে এই ৰাজ্য অৱস্থিত আছিল। কুণ্ডিল্য বা কুণ্ডিন্ নগৰ ৰ্ভীষ্মক ৰজাৰ ৰাজধানী আছিল। বৰ্তমান শদিয়া অঞ্চলৰ পূব দাঁতিয়েদি এতিয়াও কুণ্ডিন্পানী বুলি এখনি সৰু নৈয়ে তাৰ চিনাকি দিছে। ভীষ্মক ৰজাৰ ৰুক্মবীৰ প্ৰমুখ্যে পাঁচজন পুত্ৰ আৰু ৰুক্মিণী নামে এটি পৰম ৰূপৱতী কন্যা আছিল। ৰুক্মিণীৰ ৰূপ লাৱণ্যৰ কথা শুনি দ্বাৰকেশ্বৰ শ্ৰীকৃষ্ণই তেওঁক বিয়া কৰাবলৈ প্ৰস্তাৱ কৰে। কিন্তু ভীষ্মক ৰজাৰ পুত্ৰ ৰুক্মবীৰে
(১)আধুনিক লেখক কোনো কোনোৰ মতে তেতিয়াৰ এই বিদৰ্ভ এতিয়াৰ বেহাৰ প্ৰদেশ। কিন্তু বেহাৰত কুণ্ডিল্পানী নামৰ নৈ নাই, শদিয়াতহে আছে। আনহাতে এই নৈৰ নামানুষাৰেই বিদৰ্ভ নগৰৰ আন এটা নাম কুণ্ডিল্য; আৰু 'কুণ্ডিল্য চহৰ বা 'কুণ্ডিল্ নগৰ্ ৰুক্মিণী-কাহিনীত চিৰযুগমীয়া। এতেকে শদিয়াতহে যে বিদৰ্ভ নগৰ সেইটো ঠাৱৰ। দ্বাৰকেশ্বৰ কৃষ্ণ অসমৰহে আচল জোঁৱাই , অন্য দেশৰ নহয়।
(২)কোনো কোনোৰ মতে ভীষ্মক ভোজবংশীয় ৰজা;-শ্ৰীকৃষ্ণৰ কুটুম্ব। কিন্তু আধুনিক প্ৰত্নতত্ত্ববিদসকলৰমতে ভীষ্মক চুটিয়াবংশী ৰজাহে। চুটিয়া ৰজাৰ বুৰঞ্জীৰ আগত তেওঁৰ নাম সংলগ্ন হৈছে।