আছিল। তেওঁ এহাতে যেনে অতি বিচক্ষণীয়া যোদ্ধা আৰু বাহুবলী বীৰ, আনহাতে
তেনে এজন সু-কবি বুলি পৰিচিত। তেওঁ নিচেই অলপকাল মাথোন ৰাজত্ব কৰে।
ইন্দ্ৰপাল:_ পুৰন্দৰপালৰ অকালমৃত্যু হোৱাত, পুতেক ইন্দ্ৰপালে, ১০৯০ খ্ৰীষ্টাব্দত, পিতৃৰ সিংহাসন লাভ কৰে। এই জন ৰজা বৰ বিদ্যানুৰাগী আছিল। তেওঁ যুদ্ধ-বিগ্ৰহাদিতকৈ লিখা-পঢ়াৰ চৰ্চ্চা হে অধিক ভাল পাইছিল। ইন্দ্ৰপালৰ ৰাজত্বত দেশত শান্তি আৰু ঐশ্বৰ্য্য বিস্তাৰ হৈছিল।
কুমাৰপাল:- ইন্দ্ৰপালৰ পাচত, তেওঁৰ কুটুম্ব কুমাৰপাল ১১২৫ খ্ৰীষ্টাব্দত কামৰূপৰ ৰাজপাটত উঠে। তেওঁৰ ৰাজত্বত তিষ্যাদেৱ নামেৰে এজন তলতীয়া ৰজাই এটা বিদ্ৰোহ ঘটাইছিল। পিচে, কুমাৰপালে তেওঁৰ মন্ত্ৰী বৈদ্যদেৱক পঠিয়াই সেই বিদ্ৰোহ থমালে। আৰু, বৈদ্যদেৱে ৰণত তিষ্যাদেৱক বধ কৰি, সেই ৰাজ্যতে কুমাৰপালৰ তলতীয়া ৰজা হৈ থাকিল।
ধৰ্ম্মপাল:- ইন্দ্ৰপালৰ বংশধৰ ধৰ্ম্মপাল ১১৫০ খ্ৰীষ্টাব্দত কামৰূপৰ ৰজা হয়। তেওঁ গৃহকন্দল লগাই যুদ্ধত আপোন ভায়েকৰ ভাৰ্য্যা মৌনৱতীৰ হাতত মৃত্যু হোৱাত, ভতিজাক দেৱপালে কামৰূপৰ ৰাজ্যভাৰ গ্ৰহণ কৰে। দেৱপালৰ লোকান্তৰ হোৱাত, সেই বংশৰ জয়পাল, বিগ্ৰহপাল (১ম), নাৰায়ণপাল, ৰাজ্যপাল, গোপাল, বিগ্ৰহপাল (২য়), মহাপাল, ন্যায়পাল আৰু বিগ্ৰহপাল (৩য়), এই কেইজন ৰজাই কামৰূপত ৰাজত্ব কৰে। এওঁবিলাকৰ ৰাজত্বৰ কালত লেখত লবলগীয়া কোনো ডাঙৰ ঘটনা হোৱা নাই। ওপৰত নাম দিয়া কেইজনত বাদেও, জয়ন্তাপাল, চক্ৰপাল, প্ৰেমপাল, পক্ষপাল, সুপাল, গন্ধপাল, মাধৱপাল, শ্যামপাল আৰু লক্ষ্মীপাল এই কেইজন পালবংশী ৰজাৰ নাম পোৱা যায়। লক্ষ্মীপাল ৰজাৰ পাচত, তেওঁৰ বংশৰ সুবাহু ৰজাই কামৰূপত ৰাজত্ব কৰে। তেওঁ বছৰচেৰেক সুখ্যাতিৰে সৈতে ৰাজ্য শাসন কৰি, অপুত্ৰক হৈ লোকান্তৰ হোৱাত, সুমতি নামেৰে তেওঁৰ ঘাই মন্ত্ৰীজনাই ৰাজ্যৰ শাসনভাৰ লৈ অলপকাল ৰাজ্য চলাইছিল। কি স্বৰূপত সুবাহুৰ মৃত্যুৰ লগতে, ১২০০ খ্ৰীষ্টাব্দৰ পৰা পালবংশী ৰজাৰ ৰাজত্বৰ অন্ত পৰে।
আগৰ দিনত ভাৰতবৰ্ষৰ উত্তৰ-পছিমাঞ্চলত ভূঞা নামে এবিধ মাটিগিৰি আছিল। তেতিয়া ভূঞা অৰ্থত ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলত জমিদাৰ, আৰু উত্তৰ-পূৰ্বাঞ্চল অসমত ভূঞা অৰ্থে শাসনকৰ্তাক বুজাইছিল। গতিকে অসমৰ বাৰভূঞা মানে বাৰজন শাসনকৰ্তা। জীতাৰি বংশ লোপ পোৱাৰ পাচত, এই বাৰজন শাসনকৰ্তাই ভাগে ভাগে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে কামৰূপ ৰাজ্য শাসন কৰিছিল।