কৰি শঁকাব্দ বা শঁক-চন প্ৰচলন কৰে। অন্ধ্ৰবংশী ৰজাৰ ৰাজত্বৰ শেহছোৱাত, ৪০০ খ্ৰীষ্টাব্দত, চীনদেশী প্ৰথম পৰিব্ৰাজক ফাহিয়েনে ভাৰত-ভ্ৰমম কৰি যায়হি। অন্ধ্ৰবংশৰ পাচত, চাহবংসী আৰু গুপ্তবংসী ৰজাই আৰ্য্যাৱৰ্তত ৫১৬ খ্ৰীষ্টাব্দলৈকে ১৪০ বছৰ ৰাজত্ব কৰে। চন্দ্ৰগুপ্ত (২য়) আৰু তেওঁৰ পুত্ৰ সমুদ্ৰগুপ্ত- এই দুজন গুপ্তবংসী প্ৰতাপী ৰজা আছিল। তা পাচত, ৫২৫ খ্ৰীষ্টাব্দৰপৰা ৫৫০ খ্ৰীষ্টাব্দলৈকে সুপ্ৰখ্যাত বিক্ৰমাদিত্য মহাৰজাই উজ্জয়িনী প্ৰদেশত প্ৰৱল প্ৰতাপেৰে ৰাজত্ব কৰে। ‘নৱৰত্ন’ নামেৰে বিক্ৰমাদিত্য ৰজাৰ ৯ জন সভাপণ্ডিত আছিল, মহাকবি কালিদাস সিবিলাকৰে এজন কবি-ৰত্ন। বিক্ৰমাদিত্যৰ পাচত, তেওঁৰ পুত্ৰ শিলাদিত্যই ৬০০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰে। তেওঁৰ পাচত, বিক্ৰমাদিত্যৰ বংশৰ ৰজাই আৰু ৫০ বছৰ ৰাজত্ব কৰে। সেই কালৰ ভিতৰতে, ৬৪০ খ্ৰীষ্টাব্দত চীনদেশী দ্বিতায় পৰিব্ৰাজক হিয়েণচাং ভাৰত ভ্ৰমণলৈ আহে। তেওঁ পুৰণি অসম বা কামৰূপলৈকো আহিছিল। এই যুগৰ শেহচোৱালৈকে দাক্ষিণাত্যত অন্ধ্ৰবংশী ৰজাই ৰাজ্য বিস্তাৰ কৰিছিল। সেই সময়তে মহাৰাষ্ট্ৰ ৰাজ্য স্থাপিত হয়। এই যুগতে ৯৭৫ খ্ৰীষ্টাব্দত কৰ্ণাট প্ৰদেশ, ১০৮৮ খ্ৰীষ্টাব্দত বিজয় নগৰ, আৰু তাৰ আগতে পাণ্ড্য, মলবাৰ, ত্ৰিবাঙ্কুৰ আইবোৰ ৰাজ্য হিন্দু ৰজাৰদ্বাৰাই দাক্ষিণাত্যত স্থাপিত হয়। সদৌশেহত, ১৫৬৫ খ্ৰীষ্টাব্দত, এই হিন্দু ৰাজ্য আটাইবোৰ মুছলমানৰ হাতলৈ এখন এখনকৈ পাৰ হয়।
ব্ৰহ্মপাল:- খ্ৰীঃ ১০০০ চনৰপৰা ব্ৰহ্মপাল নামেৰে নৰকাসুৰৰ বংশৰ এজন ৰজাই কামৰূপৰ এক অংশত ৰাজত্ব কৰিছিল। ব্ৰহ্মপালৰ মহিষীৰ নাম কুলদেৱী। তেওঁ বৰ প্ৰজাবৎসলা ৰাণী আছিল। ব্ৰহ্মপাল অতি নম্ৰ, শান্ত আৰু ধাৰ্ম্মিক ৰজা আছিল। তেওঁ পুতেক ৰত্নপালৰ হাতত ৰাজ্যভাৰ গতাই দি, ধৰ্ম্মচিন্তাত জীৱনৰ শেহছোৱা কটাইছিল।
ৰত্নপাল:- ব্ৰহ্মপালৰ লোকান্তৰৰ পাচত, ১০১০ খ্ৰীষ্টাব্দত ৰত্নপাল ৰজা হয়। তেওঁ পিতাকৰ বিপৰীত চৰিত্ৰৰ লোক আছিল। তেওঁ বৰ বাহুৱলী আৰু যুদ্ধপ্ৰিয় ৰজা আছিল। তেওঁ ভালেমান ৰণত জয়লাভ কৰিছিল, আৰু নানা ঠাইত সেইবিলাকৰ স্মৃতিচিন্ ৰাখিছিল। তেওঁ তামৰ খনিৰপৰা বিপুল অৰ্থ-সম্পত্তি লাভ কৰিছিল। ৰত্নপালে নিজৰ কীৰ্ত্তিচিন্ ৰাখিবৰ নিমিত্তে ব্ৰহ্মপুত্ৰৰ দাঁতিত “দুৰ্জ্জয় নগৰ” নামেৰে নতুনকৈ ৰাজধানী পাতিছিল। এইজনা ৰজাৰ ৰাজত্ব বৰ দীঘলীয়া আছিল।
পুৰন্দৰপাল:- ৰত্নপালৰ পাচত, তেওঁৰ পুতেক পুৰন্দৰপাল ১০৭০ খ্ৰীষ্টাব্দত কামৰূপৰ ৰজা হয়। তেওঁ দুৰ্ন্নভা নামেৰে এগৰাকী ক্ষত্ৰিয় ৰাজকুমাৰীক বিয়া কৰাইছিল। পুৰন্দৰপাল বৰ উদাৰ চৰিত্ৰৰ, ৰঙ্গিয়াল, ধাৰ্ম্মিক আৰু গুণৱত ৰজা আছিল।