[ ১৪৭ ]
একাদশ আধ্যা।
বৰগীত।

 পুৰণি অসমীয়া সাহিত্য নানা ধৰণত গীত, পদ আদিৰ নিমিত্তে বিখ্যাত। কেতবোৰ লৌকিক গীত আগৰ দিনৰ পৰা মানুহৰ মুখে মুখে নামি আহিছে, সেইবোৰৰ সময় নিৰ্ণয় কৰা টান, কিয়নো ভালেমান ঠাইত সেইবোৰ আধুনিক ভাব আৰু ভাষাৰে সানমিহলি হৈ পৰিছে। আন কেতবোৰক পুৰণি পুথিবোৰে বুকুত সাবটি ধৰি ৰক্ষা কৰি আহিছে। অসমীয়া ওজা-পালিৰ অনুষ্ঠান মহাপুৰুষ শঙ্কৰদেৱৰ আভিৰ্ভাৱৰ আগৰেপৰাই চলি আহিছিল, কিয়নো তেওঁৰ ধৰ্ম্ম প্ৰচাৰৰ প্ৰথম অৱস্থাত ওজা-পালি অনুষ্ঠানৰ ভিতৰেদি তেওঁৰ পদপুথিবোৰৰ সাৰমৰ্ম্ম লোকসমাজত তেওঁ জনাজাত কৰাইছিল। ওজা-পালিবোৰৰ বৰ প্ৰিয় বেউলা লখিন্দাৰ আদিৰ গীতবোৰো বৰ পুৰণি কলীয়া যেন লাগে। সুকবি নাৰায়ণ আৰু দুৰ্গাবৰৰ বেউলাৰ গীত শঙ্কৰদেৱৰ আগেয়েই ৰচিত হোৱা বুলি ভাবিবৰ কাৰণ থকা যেন লাগে। দুৰ্গাবৰ কবিয়ে ৰামায়ণ পুথিকো গীতৰ আকাৰত ভাঙি উলিয়াইছিল। গীতৰ আকাৰত পুথি লেখা তেতিয়াৰ দিনৰ প্ৰচলিত ৰীতি আছিল। পুৰণি কামৰূপৰ ভাটি অঞ্চলত পীতাম্বৰ নামে কবি এজন আছিল। তেওঁ শঙ্কৰদেৱৰ সমসাময়িক হলেও তেওঁৰ প্ৰভাৱৰ বাহিৰত আছিল। তেওঁৱো গীতৰ আকাৰত কাব্য ৰচনা কৰিছিল। তেওঁৰ “উষাপৰিণয়” গীত [ ১৪৮ ] কাব্য ছপা হৈ ওলাইছে, কিন্তু গুচৰিতত উল্লিখিত তেওঁৰ দশমৰ পদ এতিয়াও আবিষ্কৃত হোৱা নাই।

 ইমানবোৰ গীত, পদ আদিৰ ভিতৰতো শঙ্কৰদেৱ আৰু মাধৱদেৱৰ বৰগীতবোৰে তেতিয়াৰ সাহিত্য আৰু সমাজত এক যুগান্তৰ উপস্থিত কৰিছিল। বৰগীতবোৰৰ ভাব, ভাষা আৰু সুৰ একেবাৰে নতুন ধৰণৰ। আন গীত পদবোৰ ৰামায়ণ আৰু পুৰাণ আদিক আশ্ৰয় কৰি ৰচিত হলেও লৌকিক ভাবত বাজে ধৰ্ম্ম আৰু ভক্তিৰ উচ্ছাস সেইবোৰত সমূলি নাই। ঠায়ে ঠায়ে ৰসাল আৰু কবিত্বপূর্ণ হলেও সেইবোৰ মুখ্যভাবে লোকৰঞ্জনৰ নিমিত্তে ৰচিত হৈছিল। তাৰ ভিতৰৰ ভালেমান কবিতা প্রেমৰসাত্মক, কিন্তু সেই প্রেম সাধাৰণ নায়ক-নায়িকাৰ কামভাব পূর্ণ-প্রেমহে। শঙ্কৰদেৱ আৰু মাধৱদেৱে গীত আৰু কবিতাক নব প্ৰচাৰিত ভক্তিৰসেৰে অভিষিক্ত কৰি অসমীয়া সাহিত্যক আধ্যাত্মিকতাৰ ওখ ভেটিত থাপনা কৰি ঈশ্বৰাভিমুখী কৰি তুলিলে; আৰু লগে লগে মানুহৰ মনকো ওপৰৰ ফালে ঢাল খুৱাবলৈ চেষ্টা কৰিলে। সময়ে সময়ে লব্ধপ্ৰতিষ্ঠ পুৰণি কবিসকলৰ পদত নবপ্রচাৰিত ভক্তিৰসৰ সংযোগ কৰি সেইবোৰক সময়োপযোগী কৰি ৰক্ষা কৰিছে আৰু আন সময়ত সাধাৰণ মানুহৰ মন যোগাবলৈ গীত কবিতা ৰচোতা অৰ্ব্বাচীন কবিসকলক তাচ্ছীল্যেৰে উপলুঙা কৰি তলত পেলাইছে। ধৰ্ম্ম আৰু সমাজ গঠনৰ দৰে সাহিত্যক্ষেত্ৰতো এই মহাপুৰুষ দুজনে পূৰ্ব্বৰ

গৌৰৱ অখুন্ন ৰাখি বৰ্ত্তমানৰ ভেটি শকত কৰি ভৱিষ্যতৰ দুৱাৰদলিত থিয় হৈছিল। [ ১৪৯ ]
 

 মাধৱ কন্দলি শঙ্কৰদেৱৰ দুপুৰুষ আগৰ কবি! তেওঁৰ ৰচিত ৰামায়ণ ছপা হৈ এতিয়াও অসমীয়াৰ ঘৰে ঘৰে জিলিকি আছে। কিন্তু শঙ্কৰদেৱৰ সময়ত তেওঁৰ ৰচিত ৰামায়ণে ভক্তিৰসাপ্লুত, জনসমাজক তৃপ্তি দিব নোৱাৰি তল পৰি যাবলৈ ধৰিছিল যেন লাগে। কিয়নো অনন্তকন্দলিয়ে নব প্ৰচাৰিত ভক্তি ধৰ্ম্মক মুল কৰি ৰামায়ণৰ আকৌ এখন নতুন ভাঙনি উলিয়ায়। কিন্তু শঙ্কৰদেৱ আৰু মাধৱদেৱে উত্তৰা আৰু আদি কাণ্ড যোগ দি পুৰণি কবিৰ মূল ৰামায়ণক অক্ষত ৰাখি সময়োপযোগী কৰি ৰাখিলে। এই বিষয়ে গুৰু চৰিতত গল্প এটি আছেঃ-

 "আৰু মাধবকন্দলিৰ কবিতা ৰামায়ণ ঢাকিঢুকি গুচাবৰ মন দিলে অনন্তকন্দলিয়ে। তেনে গুৰুজনত বিপ্ৰে স্বপ্নত শৰণাপন্ন হৈ প্ৰাৰ্থিলে ৰবৰ হেতু। পাচে গুৰুজনে বোলে, বৰাৰ পো, তোমাৰ মিতাৰ শাস্ত্ৰ কবিতা গুচাব যে খোজে আমি ধৰো গোৰত তুমি হোৱা আগে। তেহে আদ্য উত্তৰা কৰিছে। কপোৰৰ গাৰি দৰে আগ গোৰ সমে ৰল, উপদেশ আচুফুল হ’ল। আগে উপদেশ নাই ‘শুভ’ ‘শুভ’ হে আছিল আধ্যাত। মাধব কন্দলিৰ ছপা ৰামায়ণত এতিয়াও শঙ্কৰদেৱ আৰু মাধৱদেৱৰ উত্তৰা আৰু আদি কাণ্ড সন্নিবেশিত হৈ আছে। মাধব কন্দলিয়ে এই দুই কাণ্ড নিজেও ৰচনা কৰিছিলনে নাই তাৰ প্ৰমাণ নাই কিন্তু পুৰণি ভক্তসকলে যে এই দুই কাণ্ডৰ সন্নিবেশ ভক্তিৰ আচুফুল বুলি ধৰি লৈছিল সেই বিষয়ত সন্দেহ নাই।

 ভাটি অঞ্চলৰ পৰা নাৰায়ণ দাসে (শেহত ঠাকুৰ আতা নামে খ্যাত) যেতিয়া পাটবাউসীলৈ শঙ্কৰদেৱৰ ওচৰত ধৰ্ম্ম ধৰিবলৈ [ ১৫০ ] নাহে তেতিয়া শঙ্কৰদেৱে সেই অঞ্চলৰ প্ৰধান প্ৰধান মানুহ সকলৰ পৰিচয় সুধিলে। নাৰায়ণ ঠাকুৰে পীতাম্বৰ নামক কবিৰ পৰিচয় দি ক’লে যে তেওঁ দশমৰ পদ ভাঙিছে। নাৰায়ণ দাসে শঙ্কৰদেৱৰ আদেশ অনুসাৰে ৰুক্মিণীহৰণ পদ কেইফাকি মাতি শুনালে। তাৰ ভিতৰত এফাকি আছিল ‘কোন অঙ্গে খুন দেখি নাইলা যদুমণি”। ৰুক্মিণী দেবীয়ে শ্ৰীকৃষ্ণ অহাত পলম হোৱা দেখি এইদৰে বিলাপ কৰি কান্দিছে। পদ শুনিয়েই শঙ্কৰদেৱে নাৰায়ণ ঠাকুৰক আৰু পদ গাবলৈ হাক দি ক’লে--

গৰ্ব্ব পৰ্বতত সিতো উঠিয়া আছয়।
ধৰ্ম্ম ধৰিবাৰ সিতো যোগ নোহে লোক।।

 পদ ফাঁকিত পৰম পুৰুষৰ প্ৰেমত উন্মাত্তা ৰুক্মিণী দেৱীক যি কদৰ্য্য নায়িকাৰ দৰে চিত্ৰিত কৰা হৈছে সি নিস্কাম-ভক্তি-ধৰ্ম্ম প্রবর্ত্তক শঙ্কৰ দেৱৰ মানত নগ্ন কামুকতাৰ নিলাজ বুভুক্ষাৰ দৰে প্রতিভাত হ’ল।

 বৰগীত আৰু পুৰণি সাহিত্যৰ আন আন গীতবোৰৰ পাৰ্থক্য এয়ে। বৰগীতবোৰ ওখ নৈতিক আৰু আধ্যাত্মিক ভাবৰ ওপৰত প্ৰতিষ্ঠিত। সেই কাৰণেই সেইবোৰক ‘বৰ’ গীত বোলা হয়। ইংৰাজ কবি হেৰিকেও (Herrick) কেতবোৰ আধ্যাত্মিক ভাবৰ কবিতা ৰচনা কৰি সেইবোৰৰ নাম দিছিল Noble Numbers. আমাৰ সাহিত্যতো বৰগীতবোৰ Noble Numbers.

 এতিয়া দেখা গ’ল যে পুৰণি সাহিত্যত গীতৰ প্ৰাচুৰ্য্য থাকিলেও বৰগীতবোৰৰ ভাব আৰু ভাষাত আতিশয় বেলেগ ধৰণৰ। [ ১৫১ ] সাহিত্য আৰু ধৰ্ম্ম। জগতত সেইবোৰে নতুন যুগৰ আগমন সুচনা কৰিছিল। এফালে লোকৰঞ্জন আৰু আন ফালে অতর্কিতভাবে আধ্যাত্মিকতাৰ ওখ আদৰ্শ লৈ জনসমাজৰ মন আকর্ষণ - এয়ে অসমীয়া গীত সাহিত্যত বৰগীতৰ ঐতিহাসিক বিশেষত্ব।

 গুৰুচৰিতত উল্লেখ আছে যে গুৰুজন আদিতে বাৰ কুৰি (২৪০টি) বৰগীত ৰচনা কৰিছিল। বৰপেটাৰ কমলা গায়ন নামে এজনে আওৰাবলৈ নিয়ে। চত মহীয়া বন পাোৰা বতাহত ঘৰ পোৰাত সেইবোৰ পুৰিলে। “গুৰুজন খেদ কৈ বোলে, বৰাৰ পো, অনেক শ্ৰমকৈ গীতথানি কৈলো পুইলে গীত কিছু কৰা। আমি নকৰো"। গুৰুবাক্য মনত ধৰি মাধবদেৱে নকুৰি এঘাৰটা (১৯১টি) বৰগীত ৰচনা কৰিলে। প্রচলিত ছপা বৰগীত পুথিত এই সংখ্যাৰ অলপ তাৰতম্য দেখা যায়। কিন্তু মাধবদেৱৰ ৰচিত গীতৰ সংখ্যা যে কিয় বেছি ইয়াৰ পৰা বুঝা যায়।

 সকলো জাতীয় আৰু মহাজাতীয় আন্দোলনক সাহিত্যই বতাহে বন-পোৰা জুইক সহায় কৰাৰ দৰে সহায় কৰে। সাহিত্যৰ ওপৰত প্ৰতিষ্ঠিত হব নোৱাৰিলে কোনো আন্দোলনেই যুগমীয়াকৈ তিষ্ঠিত নোৱাৰে। আৰু গীতেই এই জাতীয় আন্দোলনৰ সহায়কাৰী সাহিত্যৰ প্ৰধান অঙ্গ। নাট, পদ আদিতকৈ গীতবোৰে শঙ্কৰদেৱৰ বৈষ্ণব আন্দোলনক বিপুলভাৱে সহায় কৰিছিল। পাখি-লগা কাৰৰ দৰে শঙ্কৰ আৰু মাধবদেৱৰ গীতবোৰ উৰি ফুৰি য’তে পৰিছিল ত’তেই নব আধ্যাত্মিক ভাৱৰ গুটি সিচিছিল। চৰিত পুথিবোৰত বৰগীতে কেনেকৈ প্ৰধান [ ১৫২ ] প্রধান শিষ্যসকলক শঙ্কৰদেৱৰ ওচৰলৈ আকৰ্ষণ কৰি আনিছিল তাৰ উল্লেখ আছে। নাৰায়ণ ঠাকুৰে ভাস্কৰাচাৰ্য্যৰ মুখে শঙ্কৰদেৱৰ গুণ গৰিমা শুনি তেওঁৰ ওচৰত ধৰ্ম্ম ধৰিবলৈ আদি বাটত খৰি-কটীয়া ভকত কেতবোৰৰ মুখত “মন মেৰি ৰাম চৰণহি লাও” এই গীতটোৰ ভণিতাত শঙ্কৰদেৱৰ নাম শুনি সেই খৰি-কটীয়াসকলৰ নির্দেশ অনুসাৰে শঙ্কৰদেৱৰ পদপ্রার্যন্তত উপস্থিত হল হি। ৰামৰায় আতাৰ কন্যা কমলাপ্ৰিয়া দেবীৰ মুখত “পামৰ মন ৰামচৰণে চিত্ত দেহ” এই গীতটো শুনি তেওঁৰ স্বামী চিলাৰায় দেৱানে শঙ্কৰৰ মহিমা বুজি তেওঁত শৰণ প্রার্থনা কৰে।

 শিষ্যত্ব গ্ৰহণ কৰাৰ পিছত চিলাৰায় দেৱানে শঙ্কৰদেৱৰ বৈষ্ণব ধৰ্ম প্ৰচাৰত কিমান সহায় কৰিছিল সেইটো ইতিহাসৰ কথা।

 ৰচনাৰ মাধুৰ্য্য আক ভাবৰ গাম্ভীৰ্য্যৰ লগে লগে বৰগীতবোৰৰ লোকপ্ৰিয়তাৰ আন এটি কাৰণ হৈছিল মাধবদেৱৰ সুগায়কত্ব। মাধবদেৱ এফালে যেনে মৰ্ম্মস্পর্শী কবি আন ফালে তেনে মনোমুগ্ধকাৰী গায়ক আছিল। এখন পুৰণি পুথিত মাধৱদেৱৰ গীত নৈপূণ্যক লক্ষ্য কৰি কোৱা আছে যে তেওঁ আগৰ জন্মত গন্ধৰ্ব্ব আছিল। আৰু পুৰণি কালত এনে এটি সময় আহিছিল যে ভণিতাত মাধৱদেৱৰ নাম নাথাকিলে কোন গীতেই ভক্ত সমাজত গৃহীত নহৈছিল। সেই কাৰণে দেখা যায় ৰাতিখোৱা আদি সম্প্ৰদায়ৰ ভক্তসকলৰ মুখে মুখে বাগৰি ফুৰা দেহবিচাৰৰ গীতবোৰৰ ভণিতাতো মাধবদেৱৰ নাম আছে। আজিকালিও গাৱঁলীয়া মানুহবোৰে গীত ৰচনা কৰি কেতিয়াবা কেতিয়াবা "কহয় মাধৱ দাসে” বুলি ভণিতা পেলায় । [ ১৫৩ ] এইবোৰ কাৰণে বৰগীতবোৰৰ ইমান বিস্তৃতি ঘটিছিল যে মৰুভূমিত উটে পানীৰ গোন্ধ লৈ জলাশয় বিচৰাৰ দৰে তৃষিত মানবসকলেও বৰগীতৰ ধ্বনি প্ৰতিধ্বনিক লক্ষ্য কৰি গুৰু দুজনৰ ওচৰত উপস্থিত হৈছিল।

 আটাইবোৰ বৰগীতৰ ৰচনাৰ কাল আৰু উপলক্ষ্য নিৰ্ধাৰণ কৰিব নোৱাৰি। চৰিতপুথিবোৰত কেতবোৰ হে ৰচনাৰ সময় আৰু উপলক্ষ্য়ৰ কথাৰ উল্লেখ আছে। কিন্তু গীত বা কবিতা হিচাপে বৰগীতবোৰৰ সৌন্দৰ্য্য। এই প্ৰশ্নটিৰ ওপৰত নিৰ্ভৰ নকৰে দেখি সেইটোৰ আলোচনা ইয়াত কৰা নহল।

 নাট, পদ আদিবোৰৰ দৰে বৰগীত বোৰতে ভগবান কৃষ্ণৰ বিশাল পুৰুষত্ব ফুটি ওলাইছে। বৰগীতবোৰৰ বেছি ভাগতেই এফালে কৃষ্ণৰ পৰম পুৰুষত্ব আৰু আন ফালে দহজনৰ এজন হৈ মানবী লীলা প্ৰকাশ—এই দুফলীয়া ব্যক্তিত্বৰ বিকাশ দেখা যায়। ধাতুৰ মুদ্ৰা এটিৰ এফালে ৰজাৰ ছাব আৰু আনফালে মুদ্ৰাটিৰ বেচফেৰিৰ উল্লেখ থকাৰ দৰে, গীতবোৰতো এফালে পৰম পুৰুষৰ মানবী লীলাৰ ব্যক্তিত্যৰ ছাব আৰু আনফালে ভক্তৰ ভাষাত সেই ছাব খিনিৰ মূলাৰ ঈঙ্গিত আছে। শঙ্কৰদেৱৰ ৰচিত যিবোৰ গীত এতিয়াও আছে, সেই আটাইবোৰেই প্ৰাৰ্থনা সুচক। মানব জীবন প্ৰাপ্য অথচ ক্ষণভঙ্গুৰ আক মায়াময়, হৰি ভকতি মোহাচ্ছন্ন জীৱন সমুদ্ৰত ধ্ৰুব তৰা; এয়ে নানা ভাৱ আৰু ভাষাত শঙ্কৰদেৱৰ গীতবোৰৰ সাধাৰণ তাৎপৰ্য্য। মাধৱদেৱৰ ৰচিত গীত কেতবোৰতো এই ভাবৰ পুনৰুক্তি আছে। কিন্তু তেওঁৰ বেছি ভাগ গীততেই শিশুকৃষ্ণৰ বাল্যজীৱনৰ ৰঙ-বেৰঙৰ চিত্ৰ ফুটি ওলাইছে। আন [ ১৫৪ ] আন প্ৰৱন্ধত দেখুৱা হৈছে যে বাৎসল্যপ্রেম মাধৱদেৱৰ ভক্তজীৱনৰ সর্ব্বহ। গীত, পদ, নাট সকলোবোৰতেই তেওঁ শ্ৰীকৃষ্ণৰ শিশুচৰিত্ৰ সজীৱ কৰি তুলিছে।

 লৰা কৃষ্ণৰ লীলাক্ষেত্র ব্রজ। আৰু লীলাখেলাৰ প্ৰধান প্রধান ভাৱৰীয়াসকল হৈছে যশোদাদেবী স্বয়ং কৃষ্ণ, দাম সুদাম আদি গৰখীয়া লৰাবোৰ আৰু ৰাধিকা আদি গোৱালনী সকল। এই নিৰীহ প্রাণীসকলৰ স্নেহ আৰু ভক্তিৰ গুণত আপোনাআপুনি মেৰপাক খাই পৰম পুৰুষে গৰখীয়া লৰাৰ ভাও ধৰি নানা ৰঙ ধেমালীৰ অবতাৰণা কৰিছে। তীব্ৰ ভাস্বৎ সূৰ্য্যৰ পোহৰ পাত্ৰভেদে স্নিগ্ধ মধুৰ কিৰণ বিলোৱাৰ দৰে পৰমপুৰুষেও পাত্ৰভেদে এই অজলা প্ৰাণীসকলৰ ভিতৰত সবল মাধুর্য্য প্রকাশ কৰি সকলোৰে মন হৰণ কৰিছে।

 পুৱাতেই ষশোদাদেবীয়ে কৃষ্ণক গৰু চৰাবলৈ জগাই দিয়ে। দাম সুদাম আদি গৰখীয়া সকলৰ লগত শিকিয়াত ভাত বান্ধি লৈ গৰু চাৰি গধূলি উভতি আহি বনৰ পাতে গাটো কাটিলে বুলি মাকৰ আগত অভিমানকৈ একো নোখোৱাকৈ শুই থাকিবৰ দিহা কৰে। তাথে বেধে মাকে আহি খীৰ, লনী আদি গাত ঘহি গাটো পূৰাই দিয়ে। কেতিয়াবা ভোক লাগিছে বুলি পেটত হাত বুলাই মাকৰ আগত কান্দে। কেতিয়াবা আকৌ আনৰ লগত খৰিয়াল কৰি মাকৰ ভয়ত লুকাই ফুৰে। ইত্যাদি নানা ধৰণৰ হুবহু শিশুচৰিত্ৰৰ কল্পনা নৈপূণাত বৰগীত বোৰে কবিতা হিচাবে জগতৰ কাব্য সাহিত্যত অতি ওখ ঠাই লাভ কৰিব পাৰে। [ ১৫৫ ] ভাৰতীয় প্রাদেশিক বৈষ্ণব সাহিত্যত এনে ধৰণৰ কবিতা অতি বিৰল। আন আন ৰস প্রকাশক গীত-কবিতা আন আন সাহিত্যত বহুত আছে। কিন্তু বাৎসল্য ৰস প্রকাশক এনে ধৰণৰ গীতকবিতা নাই বুলিলেই হয়। বৈষ্ণব ইতিহাসত মহাৰাষ্ট্ৰীয় ভক্ত তুকাৰামৰ গীতকেতবোৰত বাসাল্য ৰস ফুটি ওলোৱা বুলি শুনা যায়। কিন্তু তেওঁৰ মূল কবিতাবোৰৰ লগত পৰিচয় নথকাত সেই বিষয়ত কোনো মতামত দিব নোৱাৰি।

 কিন্তু বাংসল্যসতেই বৰগীতবোৰৰ বিচিত্ৰভাৱৰ ওৰ পৰা নাই। পাৰিপাৰ্শ্বিক অৱস্থা স্নেহাভিষিক্ত হলে সৰু লৰা এটিয়ে কেনেকৈ মুকলিমনেৰে নানান ধেমাঙি কৰিব পাৰে সেই সকলোবোৰ ধেমালিৰেই ভক্তৰ মনত লীলা, কৌতুক হিছাপে গীতবোৰত ফুটি ওলাইছে। শ্ৰীকৃষ্ণ কেতিয়াবা নটবৰ বেশে লগৰীয়া শৰণীয়াবোৰৰ মাজত নাচিছে কেতিয়াবা বা গোৱালনীসকলে ক্ষীৰ লৱনু আদি হাতত দি তেওঁক নচুৱাই তৃপ্তি লাভ কৰিছে। ভক্ত কবিয়ে "ত্ৰিজগত পতিৰ ৰাখোৱাল ৰূপৰ” তুলনা নেপাই কেতিয়াবা তেওঁক গোৱালনীসকলৰ পুঞ্জীভূত প্রেম বুলি কল্পনা কৰিছে

কানাইৰ ৰূপৰ উপমাৰ কিবা ক্ষেম ।
একপুঞ্জ হুয়া আছে গোপিনীৰ প্ৰেম ॥
সকল জগতে বোলে কানাই কালীয়া ।
কাল নোহে শামৰূপ ধৰিছে অমিয়া ॥

 গোপীসকলৰ আলাসৰ লাৰু হলেও বিদ্যাপতি চণ্ডীদাস আদি কবি সকলৰ পদাবলীৰ দৰে তেওঁলোকৰ লগত শ্ৰীকৃষ্ণৰ অবৈধ [ ১৫৬ ] প্ৰেমৰ কোন চিত্ৰ নাই। শ্ৰীকৃষ্ণ বৃন্দাবনৰ অধিষ্ঠাতা দেৱতাৰ নিচিনা আছিল আৰু জীৱ-জন্তুৰ কথাকেই নকওঁ তৃণ তৰু আদিয়েও তেওঁৰ প্ৰভাৱ অনুভৱ কৰিছিল। অস্তুতঃ তেনে ভাবেই গোকুলবাসী সকলে তেওঁৰ অস্তিত্ব স্বীকাৰ কৰিছিল। কিয়নো শ্ৰীকৃষ্ণ যেতিয়া গোকুল এৰি মথুৰালৈ যায়, তেওঁলোকে এইদৰে খেদ কৰিছিলঃ-

 কি কহবো উদ্ধব কি কহবো প্ৰাণ।
গোবিন্দ বিনে ভয়ো গোকুল উচান॥
শূন্য ভৈল অঙ্গিনা বিৰিন্দা বিপিন।
না শোভে ৰজনী যৈচে চান্দ বিহীন॥
নাহি চাৰব ধেনু কালিন্দী কূল।
আৰ নুশুনবু বেণু কদম্বকু মূল |
মথুৰা ৰহল সব গোপিনীক পিউ।
কেশব বিনে কৈচে ধৰব জীউ॥

 এই নানা ৰঙৰ চিত্ৰৰ ভিতৰত ভক্ত কবিয়ে কি ভাবে নিজৰ লগত এই নানান ৰূপ বিকাশৰ সম্বন্ধ খুজিছিল সেইটো উল্লেখযোগ্য। এইবোৰ ৰূপ কবিৰ মানস সৰোবৰত ভাহি থাকিলেও তেওঁৰ অন্তৰৰ দৃষ্টি আছিল মানবৰূপী ভগবানৰ চৰণত।

 বৈকুণ্ঠৰ পতি প্ৰভু বনে চাৰে ধেনু।
কহয় মাধব গতি কানু পদ ৰেণু।

 “পদৰেণু” সেৱা বা দান্যতাৰেই শঙ্কৰ আৰু মাধৱদেৱৰ সাধক জীৱনৰ মূলভাব আৰু এই ভাবতেই তেওঁলোকৰ সকলো সাহিতাই ডুব খাই আছে। সেই বিষয় ইয়াত আলোচনা কৰা নিষ্প্ৰয়োজন। [ ১৫৭ ] আমাৰ বৰগীতবোৰৰ নিচিনা ভাৰতীয় আন আন ভাষাতো তেতিয়াৰ দিনত নানাৰসৰঞ্জিত আধ্যাত্মিক গীত আছিল। কবীৰ মীৰাবাই সকলৰ নামে গীত সাহিত্যত অতি ওখ ঠাই অধিকাৰ কৰি আছে। বৈষ্ণব আন্দোলনে ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ যি আধ্যাত্মিক ভাবৰ খলক লগাইছিল, ভক্তিৰ উচ্ছাস সজাগ কৰি তুলিছিল আমাৰ বৰগীতবোৰ সেই খলক আৰু উচ্ছাসৰ প্ৰতিধ্বনি মাথোন। ভাৰতৰ এচুকত পৰি থাকিলেও বৰগীত আদি কৰি অসমীয়া বৈষ্ণব কবিসকলৰ পদাবলীবোৰে ভাৰতৰ আন আন ঠাইৰ লগত অসমবাসীৰ শিক্ষা দীক্ষা আদিৰ ক্যভাবৰ পৰিচয় দিয়ে॥

⸺⸺⸺⸺⸺


দ্বাদশ আধ্যা।

শঙ্কৰদেৱৰ জন্মৰ তাৰিখ ১৩৭১ শক (১৪৪৯ খৃষ্টাব্ধ); কাতি মাহ; অমাবস্যা তিথি; বৃহস্পতি বাৰ, মাজ নিশা। “বাহীত” ছপা হোৱা গুৰু-চৰিত্ৰ পুথিত এই তাৰিখ পোৱা যায়। এই গদ্য গুৰু-চৰিত্ৰ পুথিখন শঙ্কৰদেৱৰ আদি স্থান বৰদোৱাৰপৰা