শঙ্কৰদেৱ/দ্বাদশ আধ্যা
[ ১৫৭ ] আমাৰ বৰগীতবোৰৰ নিচিনা ভাৰতীয় আন আন ভাষাতো তেতিয়াৰ দিনত নানাৰসৰঞ্জিত আধ্যাত্মিক গীত আছিল। কবীৰ মীৰাবাই সকলৰ নামে গীত সাহিত্যত অতি ওখ ঠাই অধিকাৰ কৰি আছে। বৈষ্ণব আন্দোলনে ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ যি আধ্যাত্মিক ভাবৰ খলক লগাইছিল, ভক্তিৰ উচ্ছাস সজাগ কৰি তুলিছিল আমাৰ বৰগীতবোৰ সেই খলক আৰু উচ্ছাসৰ প্ৰতিধ্বনি মাথোন। ভাৰতৰ এচুকত পৰি থাকিলেও বৰগীত আদি কৰি অসমীয়া বৈষ্ণব কবিসকলৰ পদাবলীবোৰে ভাৰতৰ আন আন ঠাইৰ লগত অসমবাসীৰ শিক্ষা দীক্ষা আদিৰ ক্যভাবৰ পৰিচয় দিয়ে॥
শঙ্কৰদেৱৰ জন্মৰ তাৰিখ ১৩৭১ শক (১৪৪৯ খৃষ্টাব্ধ); কাতি মাহ; অমাবস্যা তিথি; বৃহস্পতি বাৰ, মাজ নিশা। “বাহীত” ছপা হোৱা গুৰু-চৰিত্ৰ পুথিত এই তাৰিখ পোৱা যায়। এই গদ্য গুৰু-চৰিত্ৰ পুথিখন শঙ্কৰদেৱৰ আদি স্থান বৰদোৱাৰপৰা [ ১৫৮ ] পোৱা হৈছে। এই শকটো মিষ্টৰ গেইটে তেওঁৰ আসাম বুৰঞ্জীত দিয়া শকটোৰে সৈতে মিলে; যদিও তেওঁ তাত সন্দেহ প্ৰকাশ কৰিছে।[১] দৈত্যাৰি ঠাকুৰে কৰা শঙ্কৰদেৱৰ জীবন চৰিত্ৰ পুথিত শঙ্কৰদেৱৰ জন্ম শকৰ উল্লেখ নাই; মাথোন মৃত্যুৰ শকৰ হে উল্লেখ আছে, [২] এই শক মিষ্টৰ গেইটে দিয়া শকেৰে সৈতে মিলে। “বাঁহীত” প্ৰকাশ কৰা গুৰুচৰিত্ৰৰ শক অবিশ্বাস কৰিবৰ বিশেষ কাৰণ আমি দেখা নাই। প্ৰথমত, সি মিষ্টৰ গেইটে দিয়া শকেৰে সৈতে মিলিছে। দ্বিতীয়ত এই পুথিখন শঙ্কৰদেৱৰ আদি স্থান বৰদোৱা সত্ৰত অতি যত্নৰে ৰক্ষিত, তাত লিখা আন কোনো কোনো বিষয়ত সন্দেহ কৰিলেও জন্ম-তাৰিখটোত নকৰাই উচিত, কাৰণ, বৰদোৱাই তেওঁৰ জন্মস্থান। বৰদোৱাৰ এই গদ্য গুৰুচৰিত্ৰ পুথিত লেখা আছে যে “এই সময়ত, অসমৰ ৰজা চুচেনফা ৰাজ সিংহাসনত আছিল তেওঁৰ হিন্দুনাম হোৱা নাছিল; আহোম নামেই প্ৰচলিত আছিল।” চুচেন্ফাৰ ৰাজত্বৰ কাল ১৪৩৯ - ১৪৮৮ খৃষ্টাব্দ শঙ্কৰদেৱৰ যেতিয়া জন্ম হয় (১৪৪৯ খৃষ্টাব্দ) তেতিয়া চুচেনফা আসাম ৰাজ-পাটত দহবছৰীয়া ৩৭ শকটো শঙ্কৰদেৱৰ [ ১৫৯ ] জন্মৰ শক বুলি বিশ্বাস কৰিবলৈ মিষ্টৰ গেইটৰ বোধ কৰোঁ এইটো আপত্তি যে, তেনেহলে শঙ্কৰদেৱৰ জীৱনৰ কাল বৰ দীঘল হয়, অর্থাৎ ১১৯ বছৰ হয়। গেইটৰ মতে বোধ কৰোঁ সেইটো সম্ভৱ নহয়। আমি কওঁ, সেইটো অসম্ভবো নহয়। আগৰ কালৰ সজ লোক সকল প্রায়ে দীৰ্ঘায়ু হোৱা দেখা যায়। তাৰ কাৰণ, তেওঁলোকৰ জীৱন যাত্ৰা নিৰ্ব্বাহ সহজভাবে সাধিত হৈছিল, তেওঁলোকৰ জীৱন যাত্ৰা আজিকালিৰ মানুহৰ জীৱনৰ নিচিনা artificial অৰ্থাত্ কৃত্ৰিম নাছিল। তেওঁলোকৰ শাস্ত্ৰ “Plain living and high thinking” অৰ্থাত্ সৰলভাৱে জীৱনযাত্ৰা নিৰ্ব্বাহ কৰা আৰু ওখ চিন্তা কৰা। এই দুটাই যে দীৰ্ঘ-জীৱনৰ মূলমন্ত্ৰ তাক সকলো চিন্তাশীল মানুহে জানে। লেখকৰ প্ৰপিতামহ ১১০ বছৰ, পিতামহ ৯০ বছৰ, আৰু পিতৃদেবতা ৮২ বছৰ জীয়াই আছিল। পিতৃদেৱতা মৰিবৰ কাললৈ সুস্থ আৰু সবল হৈ আছিল। আৰু এটা কথা ⸺ শঙ্কৰদেৱে তেওঁৰ জীৱনৰ প্ৰথমভাগত যোগশাস্ত্র চর্চা কৰি যোগ অভ্যাস কৰি সেই বিদ্যাত পৈণত হৈছিল। যোগীসকলৰ দীৰ্ঘ জীৱন আৰু অনেক সময়ত ইচ্ছামৃত্যু হোৱাটো সকলোৱে জানে। কোচবেহাৰত যেতিয়া নৰনাৰয়ণ ৰজাই শঙ্কৰদেৱক তেওঁৰ গুৰু হবলৈ বৰকৈ ধৰিলে, কোনো মতে শঙ্কৰদেৱে ৰজাৰ সেই প্ৰাৰ্থনা এৰাব নোৱাৰি, ৰজাক পিছ দিনা শৰণ দিয়া হব বুলি ব্ৰতে উপবাসে থাকিবলৈ কৈ তেওঁ থকা বহালৈ উভতি আহিল। পিছ দিনা তেওঁৰ যোৱাত পলম হোৱাত ৰজাই মানুহ আৰু দোলা পঠিয়াই দিলত শঙ্কৰদেৱে কলে যে “বাৰু [ ১৬০ ] যাব লাগে যদি ভালকৈয়ে যাম” এই বুলি তেওঁ ন কাপোৰ পিন্ধি হাত মুখ ধুই এনেকৈ প্ৰস্তুত হৈছিল যে সঙ্গৰ ভকতসকলে ভাবিছিল যে তেওঁ ৰজা-ঘৰলৈহে যাবলৈ ওলাইছে। কিন্তু ইয়াৰ পিছতে তেওঁ যোগাসনত বহি প্ৰাণ পৰিত্যাগ কৰিলে। এই ঘটনাটোত যোগী শঙ্কৰদেবৰ যোগীসুলভ ইচ্ছামৃত্যুকে স্পষ্টকৈ দেখিবলৈ পোৱা যায়।
“আসাম-বান্ধৱ”ৰ সম্পাদকে মহাশয়ে বহাগ মাহৰ (১৩১৭-১৮ চন) বান্ধৱত লেখিছে —আচলতে শঙ্কৰদেৱৰ জন্ম ১৪৬২ খ্ৰীষ্টাব্দ বা ১৩৮৩ শঁক, আৰু ১৫৬৯ খ্রীষ্টাব্দ বা ১৪৯০ শঁকত তেওঁৰ মৃত্যু হয়। তেনে হলে দৈত্যাৰি ঠাকুৰে মহাপুৰুষ শঙ্কৰদেৱ আক মাধৱদেৱৰ জীৱনত উক্ত কৰা — “চৌধশ নব্বৈ শকত নিশ্চয় শঙ্কৰ বৈকুণ্ঠ গৈলা" বুলি কোৱা আৰু ৰামচৰণ ঠাকুৰে লিখা শ্ৰীশঙ্কৰদেৱৰ লীলাত “‘তেৰ বৰিষ মন্দ,আয়ু ভৈলা ছয় কুৰি’ বুলি উক্ত কৰা কথাৰ মিল থাকিল গতিকে ১৫৬৯ — ৪৬২ = ১০৭ বছৰ শ্ৰীশঙ্কৰদেৱৰ জীবিত কাল বুলি প্ৰমাণিত হল!”
আমি দেখিছো শঙ্কৰদেৱৰ মৃত্যুৰ তাৰিখত (১৪৯০ শকত) কাৰো মতভেদ নাই, গতিকে তাক ঠিক বুলি ধৰা গল। জন্মৰ শঁক লৈয়ে গোলমাল। এতিয়া চোৱা যাওঁক, “তেৰ বৰিষ মন্দ আয়ু ভৈলা ছয় কুৰি” কথাৰ মানে কি? বান্ধব সম্পাদকে “তেৰ বৰিষ মন্দ” মানে তেৰ বছৰ কম, অর্থাৎ ১৩ বছৰ কম ছকুৰি ধৰিছে। অসমীয়াত মন্দ মানে বেয়া বুলিহে আমি জানো, যেনে, দিন মন্দ। সেইদেখি এই পদ ফাকিৰ [ ১৬১ ] অৰ্থ এনে হব নোৱাৰে নে? — যে শঙ্কৰদেৱ ছকুৰি বছৰ জীয়াই আছিল, কিন্তু তাৰে ভিতৰৰ তেৰ বছৰ তেওঁৰ শৰীৰ সিমান ভাল নাছিল। আৰু আন এটা কথা - ১৩ বছৰ কম ছকুৰি বোলাটো স্বাভাবিক নহয়; কুৰিৰ দুই-এক বা দুই পাঁচ কম হলেহে সাধাৰণত মানুহে তেনেকৈ কয়। পাঁচ কুৰিৰ ওপৰে সাত বছৰ পায়েই যে ১৩ কম ছকুৰি বছৰ বুলিব এনেতো আমাৰ মতেৰে অস্বাভাবিক যেন লাগে। আৰু এটা কথা,- যদি মন্দ মানে কমেই প্ৰমাণিত হয়, তেন্তে হাতে-লেখা সাচিপতীয়া পুথি নকল কৰোঁতাই ভুল কৰি “এক বৰিষৰ” ঠাইত তেৰ বৰিষ কৰাটোও অসম্ভৱ নহয়।
আমি ভালকৈ জানোঁ, যে ৰামচৰণ ঠাকুৰ ৰচিত হাতে-লেখা আন কেইবাখনো গুৰু চৰিত্ৰত “ডেৰ (১.৫) বৰিষ মন্দ আয়ু ভৈল ছয় কুৰি" বুলি লেখা আছে। ডেৰ মাতিব নোৱাৰি তাৰ ঠাইত কানো লেখকে তেৰ কৰাটো সম্ভৱ। ছকুৰিৰ ১.৫ বছৰ কম হলে মাথোন ছমাহৰ গোলমাল থাকে।
ৰামচৰণ ৰচিত এখন পুথিত আছে –-“ভাদ্ৰ মাস আসিয়া দ্বিতীয়া তিথি ভৈলা। সেহি সময়ত গুৰু নাট্য সম্বৰিলা॥ ডেৰ (১.৫) বছৰ মন্দ আয়ু ভৈলা ছয় কুৰি। প্ৰভু বৈকুণ্ঠক গৈলা নৰনাট এড়ি॥” আন দুখনত লেখিছে -“ভাদ্ৰ মাস শুকুলা দ্বিতীয়া তিথি ভৈলা। সেহি দিনা শঙ্কৰ বৈকুণ্ঠে চলি গৈলা॥ বৰিষেক মন্দ আয়ু ভৈল ছয় কুৰি। তেবেসে চলিলা গুৰু বৈকুণ্ঠ নগৰী॥” এই পুথিৰে এঠাইত আছে “আশ্বিন প্ৰবেশি পাঞ্চ দিন বহি গৈল। সেহি দিনা শঙ্কৰদেৱৰ জন্ম ভৈল॥” বৰদোৱাৰ [ ১৬২ ] পুথিত কাতি মাহ বুলি আছে। কাতি হলেও এমাহৰ ভিতৰতে অমিলটো থাকে। শঙ্কৰদেৱৰ মৃত্যু যে ভাদত এইটো নিৰ্ভুল। আহিনৰপৰা ভাদলৈ এবছৰ পূৰা হয়, দেৰ বছৰ নহয়; সেই দেখি “বৰিষেক মন্দ” অধিক সংখ্যক পুথিৰ পাঠ অধিক শুদ্ধ বুলি ধৰি শঙ্কৰ দেৱৰ জীবিত কাল ১১৯ বছৰ বুলি স্থিৰ কৰা গল। এই নিমিত্তে “আসাম বান্ধৱে” তেওঁৰ পুথিৰ ভুল পাঠ পঢ়ি শঙ্কৰদেৱৰ বয়স ১০৭ বছৰ কৰিছে দেখা যায়।
প্রাচীন ৰুদ্ৰষামাল পুথি এখনত এটি শ্লোক আছে, তাক আমি তলত তুলি দিলোঁঃ—
“খ বাণ বিশ্ব বেদকে শকাঙ্ক গণিতেশাকে।
শ্ৰীমত্ শঙ্কৰ নামানৌহ্যৱতীৰ্ণো কলৌযুগে॥
বিন্দু ৰন্ধ্ৰ, বেদ চন্দ্ৰ শকে শঙ্কৰ সংজ্ঞকঃ।
নৰভাবং সমুৎসৃজ্য ভাদ্ৰে মাসি ত্যাগাৎপদং॥”
খ = ০; বাণ = ৫; বিশ্ব = ৫ ; বেদ = ৪ । বিন্দু = ৩; ৰন্ধ্ৰ= ৯ ; বেদ = 8 ; চন্দ্র =১
ওপৰৰ শ্লোকৰ দ্বাৰাই জনা গল যে, কলিৰ ৪৫৫০ অব্দত শঙ্কৰদেৱৰ জন্ম হৈছিল; আৰু ১৪৯০ শকত ভাদ মাহত তেওঁৰ মৃত্যু। বৰ্তমান কলিৰ গতাব্দ ৫০১২ ৪৫৫০ অব্দৰপৰা ৫০১২ লৈকে ৪৬২ বছৰ। শঙ্কৰদেৱৰ জন্ম ১৩৭১ শকত ধৰিলে বর্তমান ১৮৩৩ শকত ৪৬২ বছৰ হয়। এতেকে ১৩৭১ শকত তেওঁৰ জন্ম বুলি নিৰ্ভুলকৈ প্রমাণিত হয়।
কলিৰ ৩১৭৯ অব্দই সম্ভৱতঃ শকাদিত্যৰ প্ৰথম শক। কলিযুগৰ প্ৰথম ৰজা যুধিষ্ঠিৰ। ১৫৬২ শকত কায়েথালি পুথি। [ ১৬৩ ] এখনৰপৰা ভঙা “মঞ্জৰী” নামে এখন অসমীয়া অঙ্কপুথিত আছেঃ
“কলৌ আদ্য ভৱেত্ বাজা ধৰ্ম্ম পুত্ৰো যুধিষ্ঠিৰঃ।
চতুর্দ্দশ শত বর্ষং দ্বাদশেন সমাযত
দ্বিষষ্টিচ শতত্ৰয়ং মযুৰেণ ভবিষ্যতি
পঞ্চাধিক পঞ্চশতং সোমো ৰাজ্য কৰিয্যতি।
অতপৰং শকো ৰাজা সৰ্ব্বগুণান্বিতভবেৎ॥”
অর্থাৎ যুধিষ্ঠিৰৰ বংশই ১৪১২ বছৰ, নন্দবংশই ৫০০ বছৰ, গৌতমৰ বংশই ৪০০ বছৰ, ময়ুৰ অৰ্থাৎ মৌৰ্য্য বংশই ৩৬২ বছৰ, সোমৰ বংশই ৫০৫, মুঠতে ৩১৭৯ বছৰ ৰাজত্ব কৰাৰ পিছত শকাদিত্য ৰজা হয়। ৩১৭৯ কলিৰ অব্দ বছৰকে যদি শকাদিত্যৰ ১ম বছৰ ধৰা যায়, তেন্তে শঙ্কৰৰ জন্মৰ কলি-অব্দ ৪৫৫০ টো ১৩৭২ শক হয়। ১৩৭১ শঙ্কৰদেৱৰ জন্ম শক হোৱাটোৰ এইটোও এটা প্রমাণ।
সাৰ্ব্বভৌম ভট্টচাৰ্য্যই শঙ্কৰদেৱৰ জীৱন চৰিত্ৰত শঙ্কৰৰ বয়সৰ কথা লেখিছে — “এক বাম ছয় বিংশ বৰিষ ভৈলন্ত” ইয়াৰ অর্থ আমি “এক কম ছকুৰি বছৰ হল” বুলি বুজিছো। বাম
মানে বা বাওঁফালে দিয়া অঙ্ক অর্থাৎ বাদ দিব লাগে, এনেটো আমি বুজিছোঁ। আৰু এটা কথা — হাতে লেখা “কম” শব্দটো পুথি নকল কৰোঁতাই “বামৰ নিচিনা দেখি বাম” কৰাটোও অসম্ভৱ নহয়। সেইদেখি শঙ্কৰদেৱৰ বয়স “এক কম” ছকুৰি হলে, আমি দিয়া তাৰিখ ১১৯ বছৰেৰে সৈতে মিলে।[ ১৬৪ ] ১৬৪ শঙ্কৰদোৱ । । আমি আমাৰ পিতৃদেৱতা দীননাথ বেজবৰুৱাৰ মুখে শুনিছিলো যে শঙ্কৰদেৱ ছকুৰি বছৰ জীযাই । আছিল। পিতৃদেৱতাই পদ কৰা কদ্রযামাণৰ তাত্তৰ্গত । আচার্য, সংহতি গ্ৰন্থত (শ্ৰীযুত দিবাকৰ শৰ্ম্মা দ্বাৰা প্রকাশিত মূল সংস্কৃতেৰে সৈতে ১৮১৫ শকত ইপ হৈ প্ৰকাশিত হৈছিল; শঙ্কৰা ৪১৪ দিয়া হৈছে । ১৮১৫ শক যদি ৪৪৪ শঙ্কৰাব হয়, তেন্তে শঙ্কৰ যে। ১৩৭১ শকত জন্ম হৈছিল, সেইমে স্পষ্টকৈ ওলায়। কলিকতাৰ পি, এম, বালুচীৰ । পশ্লিকাতো শঙ্কৰাব্দ ৪৬২ { ১৮ ৩৩ শক ) দিয়া আছে । ১৮৩৩ ৪৬২ = ১ '৭১ । কিন্ধ অনিৰুদ্ধ নামে এজনে ৰচনা কৰা শঙ্কৰদেৱৰ চৰিত্ৰত শঙ্কৰৰ জন্ম শক ১৩৮৫ আৰু মৃত্যু - ৪৯০ বুলি লেখি তেওঁ শঙ্কৰদেৱ ১০৫ বছৰ জীয়াই আছিপ বুলি কৈছে।~“বেতি ক্ষণে গুকদের বৈকুণ্ঠক গৈলা । ভাদ্র মাস শুকুলা দ্বিতীয়া তিথি ভৈলা৷ । বৎসৰৰে কথা কহো শুনিযোক তাক । বিন্দু । ন্ধ বেদ চত্র বুজা এই শক ॥৷ অৱতাৰ। শক কহো শুনা মন কৰি। বাণ বস্তু নয়ন চন্দ্ৰমা শক চাৰি ॥। এই শক হন্তে প্ৰয়াণৰ শক পাঠব! । পঞ্চাধিক এক শত বৎসৰক পাইব৷ ।” অনিৰুদ্ধই দিয়। মৃত্যুব শকত অমিল নায়েই ; জম্মৰ শকত হে মাথোন অমিল। । অনিকদ্ধৰ পুথি। ১৯৭৪ শকত ৰচিত—("সিন্ধু। সৈন্ধৱ চক্ৰেদূ", এতেকে ৰামচৰশঠাকুৰৰ অনেক পিছত ॥ সেইদেখি অনিৰুদ্ধৰ কথাতকৈ শকৰদেৱক নিজ চকুৰে দেখা, মাধৱদেৱৰ ভাগিনিয়েক ৰামচৰণৰ কথা বেছি মানিব লগীয়া।