পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৫৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৩
একাদশ আধ্যা।

এইবোৰ কাৰণে বৰগীতবোৰৰ ইমান বিস্তৃতি ঘটিছিল যে মৰুভূমিত উটে পানীৰ গোন্ধ লৈ জলাশয় বিচৰাৰ দৰে তৃষিত মানবসকলেও বৰগীতৰ ধ্বনি প্ৰতিধ্বনিক লক্ষ্য কৰি গুৰু দুজনৰ ওচৰত উপস্থিত হৈছিল।

 আটাইবোৰ বৰগীতৰ ৰচনাৰ কাল আৰু উপলক্ষ্য নিৰ্ধাৰণ কৰিব নোৱাৰি। চৰিতপুথিবোৰত কেতবোৰ হে ৰচনাৰ সময় আৰু উপলক্ষ্য়ৰ কথাৰ উল্লেখ আছে। কিন্তু গীত বা কবিতা হিচাপে বৰগীতবোৰৰ সৌন্দৰ্য্য। এই প্ৰশ্নটিৰ ওপৰত নিৰ্ভৰ নকৰে দেখি সেইটোৰ আলোচনা ইয়াত কৰা নহল।

 নাট, পদ আদিবোৰৰ দৰে বৰগীত বোৰতে ভগবান কৃষ্ণৰ বিশাল পুৰুষত্ব ফুটি ওলাইছে। বৰগীতবোৰৰ বেছি ভাগতেই এফালে কৃষ্ণৰ পৰম পুৰুষত্ব আৰু আন ফালে দহজনৰ এজন হৈ মানবী লীলা প্ৰকাশ—এই দুফলীয়া ব্যক্তিত্বৰ বিকাশ দেখা যায়। ধাতুৰ মুদ্ৰা এটিৰ এফালে ৰজাৰ ছাব আৰু আনফালে মুদ্ৰাটিৰ বেচফেৰিৰ উল্লেখ থকাৰ দৰে, গীতবোৰতো এফালে পৰম পুৰুষৰ মানবী লীলাৰ ব্যক্তিত্যৰ ছাব আৰু আনফালে ভক্তৰ ভাষাত সেই ছাব খিনিৰ মূলাৰ ঈঙ্গিত আছে। শঙ্কৰদেৱৰ ৰচিত যিবোৰ গীত এতিয়াও আছে, সেই আটাইবোৰেই প্ৰাৰ্থনা সুচক। মানব জীবন প্ৰাপ্য অথচ ক্ষণভঙ্গুৰ আক মায়াময়, হৰি ভকতি মোহাচ্ছন্ন জীৱন সমুদ্ৰত ধ্ৰুব তৰা; এয়ে নানা ভাৱ আৰু ভাষাত শঙ্কৰদেৱৰ গীতবোৰৰ সাধাৰণ তাৎপৰ্য্য। মাধৱদেৱৰ ৰচিত গীত কেতবোৰতো এই ভাবৰ পুনৰুক্তি আছে। কিন্তু তেওঁৰ বেছি ভাগ গীততেই শিশুকৃষ্ণৰ বাল্যজীৱনৰ ৰঙ-বেৰঙৰ চিত্ৰ ফুটি ওলাইছে। আন