পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৫৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫১
একাদশ আধ্যা।

সাহিত্য আৰু ধৰ্ম্ম। জগতত সেইবোৰে নতুন যুগৰ আগমন সুচনা কৰিছিল। এফালে লোকৰঞ্জন আৰু আন ফালে অতর্কিতভাবে আধ্যাত্মিকতাৰ ওখ আদৰ্শ লৈ জনসমাজৰ মন আকর্ষণ - এয়ে অসমীয়া গীত সাহিত্যত বৰগীতৰ ঐতিহাসিক বিশেষত্ব।

 গুৰুচৰিতত উল্লেখ আছে যে গুৰুজন আদিতে বাৰ কুৰি (২৪০টি) বৰগীত ৰচনা কৰিছিল। বৰপেটাৰ কমলা গায়ন নামে এজনে আওৰাবলৈ নিয়ে। চত মহীয়া বন পাোৰা বতাহত ঘৰ পোৰাত সেইবোৰ পুৰিলে। “গুৰুজন খেদ কৈ বোলে, বৰাৰ পো, অনেক শ্ৰমকৈ গীতথানি কৈলো পুইলে গীত কিছু কৰা। আমি নকৰো"। গুৰুবাক্য মনত ধৰি মাধবদেৱে নকুৰি এঘাৰটা (১৯১টি) বৰগীত ৰচনা কৰিলে। প্রচলিত ছপা বৰগীত পুথিত এই সংখ্যাৰ অলপ তাৰতম্য দেখা যায়। কিন্তু মাধবদেৱৰ ৰচিত গীতৰ সংখ্যা যে কিয় বেছি ইয়াৰ পৰা বুঝা যায়।

 সকলো জাতীয় আৰু মহাজাতীয় আন্দোলনক সাহিত্যই বতাহে বন-পোৰা জুইক সহায় কৰাৰ দৰে সহায় কৰে। সাহিত্যৰ ওপৰত প্ৰতিষ্ঠিত হব নোৱাৰিলে কোনো আন্দোলনেই যুগমীয়াকৈ তিষ্ঠিত নোৱাৰে। আৰু গীতেই এই জাতীয় আন্দোলনৰ সহায়কাৰী সাহিত্যৰ প্ৰধান অঙ্গ। নাট, পদ আদিতকৈ গীতবোৰে শঙ্কৰদেৱৰ বৈষ্ণব আন্দোলনক বিপুলভাৱে সহায় কৰিছিল। পাখি-লগা কাৰৰ দৰে শঙ্কৰ আৰু মাধবদেৱৰ গীতবোৰ উৰি ফুৰি য’তে পৰিছিল ত’তেই নব আধ্যাত্মিক ভাৱৰ গুটি সিচিছিল। চৰিত পুথিবোৰত বৰগীতে কেনেকৈ প্ৰধান