পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৫৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫২
শঙ্কৰদেৱ

প্রধান শিষ্যসকলক শঙ্কৰদেৱৰ ওচৰলৈ আকৰ্ষণ কৰি আনিছিল তাৰ উল্লেখ আছে। নাৰায়ণ ঠাকুৰে ভাস্কৰাচাৰ্য্যৰ মুখে শঙ্কৰদেৱৰ গুণ গৰিমা শুনি তেওঁৰ ওচৰত ধৰ্ম্ম ধৰিবলৈ আদি বাটত খৰি-কটীয়া ভকত কেতবোৰৰ মুখত “মন মেৰি ৰাম চৰণহি লাও” এই গীতটোৰ ভণিতাত শঙ্কৰদেৱৰ নাম শুনি সেই খৰি-কটীয়াসকলৰ নির্দেশ অনুসাৰে শঙ্কৰদেৱৰ পদপ্রার্যন্তত উপস্থিত হল হি। ৰামৰায় আতাৰ কন্যা কমলাপ্ৰিয়া দেবীৰ মুখত “পামৰ মন ৰামচৰণে চিত্ত দেহ” এই গীতটো শুনি তেওঁৰ স্বামী চিলাৰায় দেৱানে শঙ্কৰৰ মহিমা বুজি তেওঁত শৰণ প্রার্থনা কৰে।

 শিষ্যত্ব গ্ৰহণ কৰাৰ পিছত চিলাৰায় দেৱানে শঙ্কৰদেৱৰ বৈষ্ণব ধৰ্ম প্ৰচাৰত কিমান সহায় কৰিছিল সেইটো ইতিহাসৰ কথা।

 ৰচনাৰ মাধুৰ্য্য আক ভাবৰ গাম্ভীৰ্য্যৰ লগে লগে বৰগীতবোৰৰ লোকপ্ৰিয়তাৰ আন এটি কাৰণ হৈছিল মাধবদেৱৰ সুগায়কত্ব। মাধবদেৱ এফালে যেনে মৰ্ম্মস্পর্শী কবি আন ফালে তেনে মনোমুগ্ধকাৰী গায়ক আছিল। এখন পুৰণি পুথিত মাধৱদেৱৰ গীত নৈপূণ্যক লক্ষ্য কৰি কোৱা আছে যে তেওঁ আগৰ জন্মত গন্ধৰ্ব্ব আছিল। আৰু পুৰণি কালত এনে এটি সময় আহিছিল যে ভণিতাত মাধৱদেৱৰ নাম নাথাকিলে কোন গীতেই ভক্ত সমাজত গৃহীত নহৈছিল। সেই কাৰণে দেখা যায় ৰাতিখোৱা আদি সম্প্ৰদায়ৰ ভক্তসকলৰ মুখে মুখে বাগৰি ফুৰা দেহবিচাৰৰ গীতবোৰৰ ভণিতাতো মাধবদেৱৰ নাম আছে। আজিকালিও গাৱঁলীয়া মানুহবোৰে গীত ৰচনা কৰি কেতিয়াবা কেতিয়াবা "কহয় মাধৱ দাসে” বুলি ভণিতা পেলায় ।