পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৫৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৫
একাদশ আধ্যা

ভাৰতীয় প্রাদেশিক বৈষ্ণব সাহিত্যত এনে ধৰণৰ কবিতা অতি বিৰল। আন আন ৰস প্রকাশক গীত-কবিতা আন আন সাহিত্যত বহুত আছে। কিন্তু বাৎসল্য ৰস প্রকাশক এনে ধৰণৰ গীতকবিতা নাই বুলিলেই হয়। বৈষ্ণব ইতিহাসত মহাৰাষ্ট্ৰীয় ভক্ত তুকাৰামৰ গীতকেতবোৰত বাসাল্য ৰস ফুটি ওলোৱা বুলি শুনা যায়। কিন্তু তেওঁৰ মূল কবিতাবোৰৰ লগত পৰিচয় নথকাত সেই বিষয়ত কোনো মতামত দিব নোৱাৰি।

 কিন্তু বাংসল্যসতেই বৰগীতবোৰৰ বিচিত্ৰভাৱৰ ওৰ পৰা নাই। পাৰিপাৰ্শ্বিক অৱস্থা স্নেহাভিষিক্ত হলে সৰু লৰা এটিয়ে কেনেকৈ মুকলিমনেৰে নানান ধেমাঙি কৰিব পাৰে সেই সকলোবোৰ ধেমালিৰেই ভক্তৰ মনত লীলা, কৌতুক হিছাপে গীতবোৰত ফুটি ওলাইছে। শ্ৰীকৃষ্ণ কেতিয়াবা নটবৰ বেশে লগৰীয়া শৰণীয়াবোৰৰ মাজত নাচিছে কেতিয়াবা বা গোৱালনীসকলে ক্ষীৰ লৱনু আদি হাতত দি তেওঁক নচুৱাই তৃপ্তি লাভ কৰিছে। ভক্ত কবিয়ে "ত্ৰিজগত পতিৰ ৰাখোৱাল ৰূপৰ” তুলনা নেপাই কেতিয়াবা তেওঁক গোৱালনীসকলৰ পুঞ্জীভূত প্রেম বুলি কল্পনা কৰিছে

কানাইৰ ৰূপৰ উপমাৰ কিবা ক্ষেম ।
একপুঞ্জ হুয়া আছে গোপিনীৰ প্ৰেম ॥
সকল জগতে বোলে কানাই কালীয়া ।
কাল নোহে শামৰূপ ধৰিছে অমিয়া ॥

 গোপীসকলৰ আলাসৰ লাৰু হলেও বিদ্যাপতি চণ্ডীদাস আদি কবি সকলৰ পদাবলীৰ দৰে তেওঁলোকৰ লগত শ্ৰীকৃষ্ণৰ অবৈধ