[ ১৪২ ] দশম আধ্য। প্ৰত্নাকৰ ।--শহুৰদেৱ পুৰাণ ভাগত আদি শাস্ত্ৰৰপৰা বাছি । বাছি সাৰ শোকবোৰ উদ্ধাৰ কৰি এই ৰত্নাকৰ নামে শান্য কৰিছিল।

  • অনস্তবে দেৱ মাধৱে বোলন্ত ৰত্নাকণ এবগান পুৰাণৰ লোক

তুলি কৰিলন্ত শঙ্কৰদেৱে নিৰ্মাণ -(দৈত্যাদি । কিন্তু সি সস্থত ৰত্নাৱলী গ্ৰন্থ পোৱাৰ আগেযেই। পিছত তেওঁ ৰত্নাৱলী পাট কৈছিল যে ৰত্নাৱলীখন যদি মাগেয়ে পালেহেতেন । তেন্তে ইমান পৰিশ্ৰম কৰি ৰশ্লাকৰ নকৰিলে (হেতেন।

  • তৰশ্চন্দ্ৰ উপাখ্যান' । -পুথিঃ ন শব্দমনেৰে প্ৰথমতে কৰিছিল।

সম্ভৱতঃত তেওঁৰ কীৰ্ত্তনশেষ পুথির ও আগেয়ে বচিত। এই পিৰ বিষাদ এটা কথা গুৰুচৰিত্ৰ পুথিত আছে --শষৰদের পাটৰ 'উৰ্দাত থাকৈ হে , গোপাল মানে তে ভকত শ্ৰেেৈন। সদায় হৰিশ্চক উপাখ্যান পুথিৰ পদ গাই চাউল মাগি খুৰে। মাম্বহে সেই পদ শুনি সগোষ পাঠ শে । পালক সৰহকৈ ভিক্ষা দিয়ে আৰু "মানবোৰ ভকতে সিমান ভিক্ষ নাপায । ! এনে দেখি শঙ্কৰদেৱে এদিন গোপালক তাৰ কাৰণ সোধাত গোপালে কলে যে হৰিশ্চত্ৰখ পদ গাই শুনাই ভিক্ষা মাগিলে মাছুতে সন্তোষ পাই তেওঁক সৰহকৈ ভিক্ষা দিয়ে। । শঙ্কৰদেৱে এই কথা শুনি আক্ষেপ কৰি কৈছিল ‘ভকতিৰ চাৰি খুটি মাৰি প্ৰথমে কৰা শাস্ত্ৰখানি ভিক্ষক হল ।” [ ১৪৩ ] ১৪ ৩ দশম আধা । গুণমালা ।- বাৰ স্কন্ধ ভাগৱতৰ সাপ অতি সংক্ষেপকৈ শঙ্কৰ দেৱে এই গুণমালা পুথিখন ৰচনা কৰিছে। । মানুহে থা ওঁতে শোওঁতেউঠোতে বহোতেও কৃষ্ণগুণৰাশি গাব পৰা কৰি এষ্ট । |ালাধাৰি শঙ্কৰদেৱে। গাথিছে । গুণঃালৰ বাৰ স্কন্ধ ভাগৱতৰ। “পকেট এডিচন” অথtৎ চোলাৰ মোনাত লৈ সব পৰা তা»ৰণ { নন্দ যশোদাৰ, গৃহত অপাৰ । । কৰিল৷ বিহুৰ জ ত আধাৰ । অনেক যন্ত্রণা, কৰিল{ মন্ত্রণ। আসিল পুতম), শুষিলা চেতন ॥ কম সঙ্কট, দধি দ্বন্ধ ঘট। সহিতে শকতকবি ও ৮ । ত্য চক্ৰবাত, ভৈল কন্ধ পাত। কৃষ্ণৰ লীলা ত, পৰিয়া শিলাত । উণতৰ স্বামা, প্রভ অন্তৰ্যামী। য'তৃ কোলগামীতুলিলন্য হামি॥ ত শিfখল, গ৬ও দেখল । বিস্ময় মিলিশ, যশোদ। ডৰিল । পাছে ব্ৰজপুৰে, ৰঙ্গে আমি ফুৰে সোণাৰ মুপুৰে, ৰুণজুন < { । অগণি সৰ্পক, যা ধৰিবাক । বেশি দন্ত হাক, নওনগু শক । গোপীকাৰ ঘাৰে, পশি দামোদৰে । অপকাৰ কৰে । দেণ নিৰন্তরে ঃ গোপীগণ আসি, যশোদাত হাসি। কৃষ্ণ ১৷ ৰাশি, কহন্ত প্ৰকাশি । দেখিলে গোৱালী, শিশু বমমালী । নানা চড়বালি, কৰ ধুৱালি ৷ কি কহিবো আন্টকৃষ্ণৰ অ Tয় ) নোদোহস্তে গাই বৎসক পিয়াব ॥ শুনি হেন বাণী, শজে চক্রপাণি৷ নেত্ৰে বা পানী, দেখি নক্ষৰাণী । মেহ উপজিল, সাবটি ধৰিল । আশ্বাস কৰিল মুখে স্তন দিল ॥... “মুচকুন্দ ৰায়, গুতিয়া তথায় 1 আছে নিদ্রণ যায় তাক গৈয়া পায় । মাৰিল চৰণে, জাগিল তেখনে। চাটিল নয়নে, মৰিল যৱনে । ” ইত্যাদি এনে সংক্ষিপ্ত অতুলনীয় বর্ণনাৰে এই গুণমালা বচিত। [ ১৪৪ ] গুণমালা পুথি ৰচনাৰ বিষয়ে গুৰুচৰিএত আছে - এদিন নৰনাৰায়ণ ৰজা পণ্ডিতসকলেৰে সৈতে সভা পাতি বহি আছে; শঙ্কৰদেৱো তাতে আছিল৷ এনেতে ৰজাই পণ্ডিত মণ্ডলীক সুধিলে "বাৰস্বন্ধ ভাগৱত শাস্ত্ৰ, বহি ভাত ৰান্ধোতে গাব পৰাকৈ আপোনাসকলে ৰচনা কৰি দিব পাৰে নে?" পণ্ডিতসকলে উত্তৰ দিলে, - “মহাৰাজে যদি হাতী এটি মাৰি ভুৰুকাত ভৰাই দিব পাৰে, আমিও এই কাম কৰিব পাৰিম।” শঙ্কৰদেৱে গুণমালা পুথিৰ ৫ আধ্যা আগেয়ে ৰচনা কৰি ৰাখিছিল, তেওঁ এই কথা শুনি বহালৈ উভতি আহি প্রথম আধ্যা ৰচনা কৰি পুথিখনৰ পিঠিৰ পিনে হাতী এটাৰ আকৃতি এটা আঁকি পুথিখন ভুৰুকা এটাত ভৰাই ৰজাক দিলে। ৰজাই এই কাৰ্য্যত সন্তোষ পাই শঙ্কৰদেৱক আসন দি বহুৱাই সন্মান কৰি সকলোৰে ওপৰত ধৰ্ম্মৰ ৰজা পাতিলে।

 শঙ্কৰদেৱে চূণপোৰাত সত্ৰ কৰি থাকোতে নাৰায়ণ দাসক (ঠাকুৰ আত৷) শৰণ দি গুণমালা শাস্ত্ৰ দিছিল। অবশ্যে সেই গুণমালাত, পিছত নৰনাৰায়ণ ৰজাক দিবলৈ ৰচিত হোৱা প্ৰথম আধ্যা নাছিল।

 শঙ্কৰদেৱে বৰদোৱা এৰি ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে শিঙ্গৰিত এৰাতি থাকি তাৰ পিছত গাংমৌত সত্ৰ পাতি থাকোঁতে, শিঙ্গৰি নিবাসী আৰু তাৰ পিছত বিশ্বনাথ দেৱালয়ত দেবীপূজা কৰি থকা সতানন্দ বা দেবীদাস নামে কায়স্থ এজনক শিষ্য কৰি গুণমালা পুথি দিছিল। ইয়াৰ দ্বাৰাই বুজিব পৰা যায় যে তেওঁ বৰদোৱাত থাকোঁতেই গুণমালা পুথি ৰচনা কৰিছিল। অৱশ্যে সেই প্রথম আধ্যাত বাজে।

[ ১৪৫ ]  শঙ্কৰদেৱে পাটবাউসীত থাকোতেই ৰায় আতাৰ প্ৰাৰ্থনা মতে কালীদমন, পত্নীপ্ৰসাদ, ৰাস, ৰুম্মিণীহৰণ, পাৰিজাত হৰণ, আৰু কংসবধ নাট ৰচনা কৰি ভাৱনা কৰি সকলোকে দেখুৱাইছিল। আৰু তাতে শঙ্কৰদেৱৰ আজ্ঞা মতে মাধৱদেৱে দধিমথন, ৰাসজুমুৰা, পিপৰা-গুচুৱা, চোৰ ধৰা, ভূমি লোটিৱা, ভূষণ হেৰুৱা, কোটৰা খেলা আাক ভোজন ব্যৱহাৰ নাট ৰচনা কৰিছিল। দধিমথন নাটৰ ভাৱনাত শঙ্কৰদেৱে নন্দৰ, আৰু মাধৱদেৱে উপনন্দৰ ভাও দিছিল।

 নৰনাৰায়ণ ৰজাৰ আজ্ঞামতে শঙ্কৰদেৱে তাঁতীকুচিত কাপোৰৰ কাৰখানা পাতি মাধৱদেৱেৰে সৈতে পাটবাউসীলৈ আহোঁতে বাটত ভাট এটাই গীত গোৱা শুনি মাধৱদেৱকো তেনে এটা গীত ৰচনা কৰি গাবলৈ কোৱাত, গুৰুৰ আজ্ঞা মতে মাধৱদেৱে বাটতে, “প্ৰাতঃ সময়ে, যশোৱা জননী, মুখ চুম্বিত শ্যাম জগাৱন কু। উঠ মেৰি লাল, মদন গোপাল, আৱে তেৰি গোৱাল বলাৱন কু ৷” এই ভটিমাটো ৰচনা কৰিছিল।

 এদিন শঙ্কৰদেৱে মাধৱদেৱ, ঠাকুৰ আতা আৰু জয়ন্তা মাধৱেৰে সৈতে বাটত যাওঁতে তেওঁলোকক ক'লে যে তিনিওজনে তিনটি ভটিমা ৰচনা কৰি গাব লাগে। এই কথা শুনি জয়ন্তা-মাধৱে ৰচনা কৰি গালে – “বাই দে নাৱৰ বাচৰু শ্ৰীশঙ্কৰ ঘাটে। বাব নোৱাৰোঁ নাৱৰ বাচৰু বঠা নাইকিয়া হাতে॥” ঠাকুৰ আতাই ৰচনা কৰি লাগে—‘জয় জয় শ্ৰীমন্ত শঙ্কৰ, মই তুৱা দাসৰো দাস। উজানৰ হন্তে আসি প্ৰাণনাথ নিকটে কৰিলোঁ বাস।” মাধৱদেৱে ৰচনা কৰি গালে –“জয় গুৰু শঙ্কৰ, সৰ্ব্বগুণাকৰ, যাকেৰি নাহি উপাম।” ইত্যাদি ।

১০

[ ১৪৬ ] চিলাৰায় দেৱানে শঙ্কৰদেৱৰ কোচবেহাৰত থাকোঁতে তেওঁক "জন্মৰহস্য” শাস্ত্ৰ ৰচনা কৰিবলৈ অনুৰোধ কৰাত, শঙ্কৰদেৱে পাটবাউসীলৈ আহি মাধৱদেৱৰ হতুৱাই সেই পুথি ৰচনা কৰাই

দেৱানলৈ পঠিয়াই দিয়াত দেৱানে পুথি পাই বৰ সন্তোষ পাইছিল।

 শঙ্কৰদেৱ শেষ বাৰ নৰনাৰায়ণ ৰাজাৰ আজ্ঞা মতে কোচবেহাৰলৈ যাবৰ সময়ত আন আন কথাৰ লগত মাধৱদেৱক কৈছিল --“কীৰ্ত্তনঘোষা শাস্ত্ৰখন সংগ্ৰহ কৰিব। ঘোষাত (হাজাৰী আৰু নামঘোষা), দুলৰি, জুনা, ছবি, জুমুৰি, লেচাৰি ছন্দ দিবা। নমস্কাৰ, শৰণ, ভজন, নিন্দ, স্তুতি, উপদেশ, প্রার্থনা, কাকুতি, খেদ, প্রশংসা, মহিমা, কাৰুণ্য এইবোৰ যোগ কৰিবা। আৰু ঘোষাৰ শেষত ঈশ্বৰৰ নাম-গুণ লগাবা" আমি ওপৰত কৈ আহিছোঁ৷ যে মাধৱদেৱ বেহাৰলৈ গুচি যোৱা বাবে কীৰ্তনঘোষাৰ শাস্ত্ৰ তেওঁ নিজে গোটাব নোৱাৰিলে। সেই কাম তেওঁৰ ভাগিন ৰামচৰণে কৰিলে। আৰু ঘোষাত শঙ্কৰদেৱে কোৱা মতেই যে সকলো দিয়া হল, ঘোষা পঢ়িলেই সেইটো বুজিব পাৰি।

 শঙ্কৰদেৱক নৰনাৰায়ণ ৰজাই ধৰি লৈ যাবলৈ পঠিৱাৰ পিছত যেতিয়া প্ৰথমতে শঙ্কৰদেৱ ৰজাৰ আগত উপস্থিত হয়, তেতিয়া তেওঁ “মধুদানৱ দাৰণ দেৱ বৰং। বৰ ৱাৰিজ লোচন চক্ৰধৰং॥" এই সংস্কৃত স্তোত্রটি ৰচনা কৰি গাই এখোজ দোখোজকৈ ৰজাৰ ফালে আগ বাঢ়িছিল। সংস্কৃত শ্লোক ৰচনাত শঙ্কৰদেৱ কেনে সুনিপুণ আছিল এই সুন্দৰ স্ত্ৰোত্ৰটিয়েই তাৰ চিনাকি।