বিপ্লবী আৰু বীৰ-নাৰী

[  ]

বিপ্লবী

শ্ৰী হিৰণ্য ৰঞ্জন কলিতা।
আৰু
বীৰ-নাৰী

[  ]

বিপ্লবী আৰু বীৰনাৰী


ৰচক :— ৺হিৰণ্যৰঞ্জন কলিতা।



শ্ৰীদণ্ডিনাথ কলিতাৰ দ্বাৰা সম্পাদিত আৰু প্ৰকাশিত।

তেজপুৰ

১৮৭০ শক (ইং ১৯৪৯)



মূল্য—৸৹

⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺

ভাৰতী প্ৰেছত শ্ৰীমুখেশ্বৰ শৰ্ম্মা বৰঠাকুৰৰ দ্বাৰা মুদ্ৰিত।

[  ]

সম্পাদকৰ নিবেদন।


 লেখকে প্ৰবেশিকা পৰীক্ষা দিয়াৰ পাচতেই বিপ্লবী ছপাই উলিয়াবৰ মন কৰিছিল, কিন্তু কাগজৰ আৰু ছাপাখানাৰ অসুবিধাই তেওঁ ইচ্ছাৰ বাটত বাধা জন্মালে। বিয়াল্লিচৰ বিপ্লবী বোলা কবিতাটো তেতিয়া ইয়াত নাছিল; সেইটো তেওঁ লিখিছিল পিচত, — ১৯৪৭ চনৰ ২০ চেপ্তেম্বৰৰ দিনা। এতিয়া বিপ্লবীৰ আন কবিতাৰ লগত তাৰ মিল থকা দেখি তাকো বিপ্লবীৰ বোকোচাতেই তুলি দিয়া হ’ল। তাৰ পৰা বিপ্লবীৰ উদ্যম নুটুটি বাঢ়িব বুলিয়েই আশা কৰিব পাৰি। ইতি

 তেজপুৰ 
৩ পুহ, ১৮৭০ শক
  বিনীত
সম্পাদক

[  ]

সূচী

বিপ্লবী

বিষয়...  ... ....  ...  ...  পৃষ্ঠা
১। বিপ্লবী...
২। ভিক্ষুক... ১০
৩। তাজমহল... ১৭
৪। পূজা... ২২
৫। বিয়াল্লিচৰ বিপ্লবী ... ৩১

[  ]

বিপ্লবী।


বিপ্লবী।

বিপ্লবী আমি।
পুৰণি পৃথিবীখন।
ভাঙি-ছিঙি গুৰি কৰি
গঢ়ি দিম নতুন পৃথিবী।
আমি গঢ়া নতুন ধৰাত
নাথাকিব—
ধনীৰ গ্ৰাসত পৰি দীন-দুখীয়াৰ
বুকু-ভঙা কৰুণ আৰ্ত্তনাদ;
পেটৰ ভোকত
হাহাকাৰ কৰি থকা
ক্ষুধাৰ্ত্তৰ বিকট চীৎকাৰ;
নাথাকিব বুভূক্ষিত এটিও জীৱন।
হাড় ভঙা পৰিশ্ৰম কৰি।
কৃষকে আনিব
লখিমী চপাই,
আৰু ধনৱানে

[  ]

মাটিৰ মালিক বুলি
কাঢ়ি নিব।
কৃষকৰ ভড়াল উদং কৰি!
কৃষকেই আনিব লখিমী;
কিন্তু সি কটাব কাল
চিৰদিন অভাবত, ভোক-লঘোনত,
ভগা, এটি জুপুৰি পঁজাত।
অথচ থাকিব ধনী।
কৃষকৰ তেজ চুহি চুহি
ধনী হই বিনা পৰিশ্ৰমে
সামগ্ৰী গোটাই ল’ই
ভোগ-বিলাসৰ
মনোৰম প্ৰাসাদত কৰি আড়ম্বৰ।
কোটি কোটি বনুৱাই
ধনীৰ মিলত,
দিনটো মূৰৰ ঘাম মাটিত পেলাই
কৰে পৰিশ্ৰম,
আনি দিয়ে ধনীৰ হাতত
ধন, মান, যশ;
ধনীয়ে তাৰেই কৰে।
উগ্ৰ আভিজাত্যৰ গৰৱ

[  ]

বনুৱাই পায় যিটি ভাগ।
এটি জল-কণা যেন মহাসাগৰত।
তাৰে তাৰ নিমিলে আহাৰ,
নাপায় কাপোৰ,
নাই এটি জুপুৰি নিজৰ।
কৰে
বুকু-ভঙা পৰিশ্ৰম,
পায় তাৰ সলনিত
সামান্য মজুৰি এটি;
হাহাকাৰ জীৱনৰ চিৰ লগৰীয়া।
আমি গঢ়া নতুন ৰাজ্যত
নাথাকিব পুঁজি-পতি,
নাথাকিব বুভূক্ষিত কৃষকৰ দল।
নাথাকিব—
কৃষকৰ, মজুৰৰ ধনেৰেই ধনী হই
সিহঁতৰে বুকুত গচকে,
—এনুৱা দস্যুৰ দল।
আমাৰ ৰাজ্যত
ধনী-দুখী সকলোকে কৰিম সমান।
দুখীয়াৰ ভগা কলিজাৰ
ৰঙা তেজ পিবলই
ধনীৰ যি ষড়যন্ত্ৰ,

[ ১০ ]

ভাঙি দিম তাক।
বিপ্লবী আমি।
সমাজৰ নীচ মনোবৃত্তি,
ঘিণ লগা অন্ধ বিশ্বাস,
দেখি দেখি লাগিছে আমনি;
আৰু আমি নোৱাৰোঁ সহিব।
অবিচাৰ, অত্যাচাৰ মোহাৰি পেলাই
ৰচিম সুন্দৰ আমি নতুন সমাজ।
আমি—
নিৰক্ষৰ হাজাৰ প্ৰাণত
ঢালি দিম শিক্ষাৰ পোহৰ;
তেতিয়া সি বুজিব নিজেই
সিও যে মানুহ ধনীৰ দৰেই;
নহয় গোলাম কাৰো।
শিক্ষাৰ পোহৰ পালে
সিও
উঠিব বিপ্লবী হই,
থয় দিব শোষণৰ বিৰুদ্ধে ধনীৰ।
দুখীয়াৰ দুখ দেখি
তাৰ অন্তৰতো উঠি যাব হাহাকাৰ।
নতুনৰ ৰচনাত সিও হ’ব আমাৰ সহায়।
নাথাকিব জাতি-ভেদ,

[ ১১ ]

অস্পৃশ্য, ঘৃণিত কোনো নাথাকিব আৰু
আমি গঢ়া নতুন ৰাজ্যত।
নাথাকিব কোনো বাধ্য হই
দাৰিদ্ৰ্য বৰণ কৰি
ধনীৰ পূজাত
আমি বিপ্লবীৰ দলে
ভেদৰ প্ৰাচীৰ ভাঙি।
সভ্যতাৰ মথিম সাগৰ;
অমৃতেৰে ঢৌৱাম জগত।
বিপ্লবী আমি,
যিমানে আহক বাধা নকৰোঁ ভ্ৰূক্ষেপ;
সমদলে যাম আগ বাঢ়ি
আঁতৰাই বাধা-হিমাচল।
সুনিশ্চিত আমাৰেই জয়,
অন্যায়ৰ ঘোৰ পৰাজয়।
বিদ্ৰোহী আমি,
বিপ্লবী আমি,
নতুন পৃথিবী গঢ়োঁতা আমি।
আমি যাম আগ বাঢ়ি,
খোজত মিলাই খোজ
জয়ৰ পথেদি,—
ন্যায়ৰ পথেদি,—
বিপ্লবৰ পথেদি।

[ ১২ ]

ভিক্ষুক৷

ভিক্ষুক সি।
সঙ্গী তাৰ এখনি জোলোঙা,
গাত এডোখৰ ফটা কানি,
কৰে, তাৰে লজ্জা নিবাৰণ।
হাতত সম্বল মাত্ৰ লাখুটি এডাল
জীৱনৰ শেষ লগৰীয়া।
অনাহাৰ-অনিদ্ৰাত
দেহা তাৰ তেনেই দুৰ্ব্বল;
জকাটি হে অৱশেষ।
এদিন আছিল তাৰ দেহাত শকতি;
কৰিছিল কাম
কোনো এটি কাৰখানাত।
কিন্তু তাৰ শিক্ষা নাই,
নুবুজে স্বাস্থ্যৰ নীতি।
অলপ বানচ পাই,
তাকো দিয়ে উৰুৱাই
ৰাগী লগোৱাত;
দুবেলা দুসাজ ভাতো নিমিলে ভাগ্যত।
নুবুজিলে ভুল তাৰ,

[ ১৩ ]

ভিক্ষুক

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

কোনেও তো নিদিলে বুজাই!
বেমাৰে ল’লেহি বাহ,
শকতি হেৰাল;
মালিকেও দিলে উলিয়াই।
তেতিয়াৰে পৰা তাৰ
ঘৰ-বাৰী নাই ,
থাকে পৰি গছৰ তলত।
লাখুটিত ভৰ কৰি
মাগি ফুৰে
দুৱাৰে দুৱাৰে
দুৰ্ব্বহ জীৱনটোক ৰাখিবৰ বাবে।
যেনে তেনে
থাকিব তো লাগিব জীয়াই!
কোনোৱে কেটেৰা মাৰি দিয়ে দূৰ কৰি,
কোনোবাই দিয়ে
এমুঠি চাউল,
এটি পইচা
কোনোবাই দিয়ে দলি মাৰি।
তাকে লয়;
সেয়েই উপায় তাৰ প্ৰাণ-ধাৰণৰ।
কেতিয়াবা দেখা পায় ধনীৰ ঘৰত
ধনীৰ কুকুৰটোক যোগোৱা আহাৰ,—

[ ১৪ ]

১২ বিপ্লবী

⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺

ৰুটি, মাংস, নিপানী গাখীৰ।
সিও চাপে,
কি জানিবা সিও ভাগ পায়!
কিন্তু
লগুৱাৰ গঁতা খাই
ঘূৰে হতাশাত।
ভাবে মনে মনে
কুকুৰতকৈও তাৰ
অধম জীৱন।
 কেতিয়াবা ভোজ হয় ধনীৰ ঘৰত
সমাগম হয় বহু বন্ধু-বান্ধৱৰ,
কোনোৱে লগাই মাত
গুচি যাব খোজে।
কিন্তু ধনীয়ে নিদিয়ে এৰি,
খাব’ই লাগিব;
নোৱাৰে যদিও খাব
দিয়ে 'প্লেট' ভৰি।
বেচি ভাগ পাততেই ৰয়;
মিছাতে পেলনি যায়।
কিন্তু সেই ধনীয়েই
খুজিলে এমুঠি ভাত
কৰি দিয়ে ভিক্ষুকক

[ ১৫ ]

ভিক্ষুক

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

‘গেট’ৰ বাহিৰ।
অথবা কোনোবা দিনা
দিয়ে কোনোবাই
পাতে পাতে ৰোৱা
ভোজনৰ অৱশেষ।
পৰম সৌভাগ্য বুলি।
সিও তাকে খায়
সেয়ে যে উপায় তাৰ
প্ৰাণ ধাৰণৰ!
জাৰৰ দিনত
ধনীৰ ঘৰত
গৰম কাপোৰ কত
লৰা-ছোৱালীৰ।
থাকে পকী ঘৰৰ মাজত;
তথাপিও চিম্ নীৰ কাষ চাপি বহে।
কিন্তু সি ভিক্ষুক,
কম্বল এখনো নাই;
গছৰ শুকান পাত,
ভগা-ছিগা ডাল
গোটাই একুৰা জুই
ধৰি বহি থাকে।
কেতিয়াবা অকস্মাতে

[ ১৬ ]

ভিক্ষুক

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

বৰষুণে আহি
দিয়ে তাকে নুমুৱাই।
ভিক্ষুক উপায়হীন,
কঁপি কঁপি নিশাটো কটায়।
তাৰ যে- এয়েই ভাগ্য!
সি যে ভিক্ষুক!
 সঁচা সি ভিক্ষুক
তাৰ নিজৰ দোষত;
ৰোগী তাৰ নিজৰ ভুলত।
সি যেন অধম পশু,
পোৱা নাই নিজে মনুষ্যত্বৰ আভাস।
কিন্তু তাৰ প্ৰতি সমাজৰ
নাই নে দায়িত্ব?
সিও তো মানুহ!
মানুহৰ দৰে তাক ৰাখিবৰ বাবে
কৰিছিল জানো
ভুলতো সমাজে কিবা
নাপালে সি জ্ঞানৰ আলোক
নুবুজিলে জীৱনৰ মোল;
কুৎসিত সংস্কাৰ লই,
অন্ধ বিশ্বাসত
সদাচাৰ, সজনীতি একোকে ন’লই

[ ১৭ ]

ভিক্ষুক


উটি গল কেনিবদি।
যদিও মালিক ধনী
তাৰ দৰে বনুৱাৰ আৰ্জ্জন চপাই,
তথাপি নিদিলে কাকো সজ শিক্ষা একো,
কি জানিবা দাবী কৰে
কিবা অধিকাৰ।
মাত্ৰ উলিয়াই দিলে
অকামিলা দেখি।
ইয়াৰ নিচিনা কত কোটি কোটি প্ৰাণী।
পশুতো অধম হই আছে পৰি পৰি,
ঘোৰ যন্ত্ৰণাত
লক্ষ্যহীন জীৱন কটাই।
লাগিব নে চিৰকাল
এনেকৈয়ে থাকিব সিহঁত!
নোৱাৰিলে সিহঁতৰ
জীৱনৰ সোঁত
ঘূৰাই বোৱাব
উন্নতিৰ ফালে,
জগতৰ হাহাকাৰ কদাপি নুগুচে।
আহাঁ আহাঁ তৰুণৰ দল,
সমাজৰ নিম্নতম স্তৰত বাগৰি

[ ১৮ ]

১৬  বিপ্লবী

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

পশু নে মানুহ তাৰ
চিন হেৰুৱাই
কটায় যিবোৰে কাল,
হওঁ আমি
সিহঁতৰ লগৰীয়া।
শিক্ষাৰ পোহৰ
এছাটি পেলাই দিওঁ
সিহঁতৰ আন্ধাৰ হিয়াত।
দূৰ কৰি হীন মনোবৃত্তি
দূৰ কৰি অন্ধ বিশ্বাস,
কুসংস্কাৰ থ’ই নিলগাই,
শিক্ষা দিওঁ-সিহঁতো মানুহ।
মানুহৰ ৰীতি-নীতি,
মানুহৰ উচিত মৰ্য্যাদা
উঠক সিহঁতে বুজি।
নোৱাৰিব মালিকেও
গচকত ৰাখিব তেতিয়া;
বাধ্য হ’ব দিবলৈ সিহঁতৰ ভাগ৷
সিহঁতো মানুহ হ’ব!
তেতিয়াহে পৃথিবীয়ে বৰণ সলাব,
তেতিয়াহে ৰাইজেই হ’ব ৰজা।
তেতিয়াহে নৰব ভিক্ষুক,

[ ১৯ ]

তাজমহল

⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺

তেতিয়াহে হব সুগঠিত
মানৱ-সমাজ
বিপ্লবৰ মাজেদিহে গুচিব বিপ্লব।

⸻⸻

তাজমহল

তাজমহল—
প্ৰেমৰ সমাধি।
প্ৰেয়সীৰ বিৰহত
মৰ্ম্মাহত প্ৰেমিকৰ
কলা কলিজাৰ
নিগৰি ওলোৱা
এটোপাল ৰঙা তেজ,
গোট মাৰি আছে চেঁচা হ’ই
সুদৃশ্য মৰ্ম্মৰ ৰূপে—তাজ ৰূপে,
বিশ্বত প্ৰচাৰ কৰি
প্ৰণয়ৰ গৌৰৱ-কাহিনী।
তাজমহল—
কীৰ্ত্তি-স্তম্ভ ছাহজাহানৰ,
মূৰ্ত্তিমান শোকৰ কবিতা।
শুনি তাত সম্ৰাটৰ
বিয়াকুল অন্তৰৰ বিৰহৰ সুৰ

[ ২০ ]

১৮ বিপ্লবী

⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺

মুগ্ধ হয় কোনো জন;
কোনো জনে কাঢ়ে হুমুনিয়া।
কিন্তু
যেতিয়া এবাৰ ভাবোঁ
কত কোটি কোটি টকা ৰাজ-ভঁৰালৰ
লয় গ’ল এজনৰ এটি কবৰত,
তেতিয়াই হই উঠে বিদ্ৰোহী অন্তৰ।
কাৰ টকা?
ৰজাৰ নহয় ধন ৰাজ-ভঁৰালৰ।
ই যে ভাৰতৰ কৃষকৰ
পেলাই মূৰৰ ঘাম,
হাড় মাটি কৰি,
পানী কৰি তেজ
ঘটা ধন ৷
ছাহজাহান ৰখীয়া মাথোন।
সেই ধন
দেশ ৰক্ষা, স্বাস্থ্য ৰক্ষা শিক্ষাৰ প্ৰচাৰ
আৰু নানা হিতৰ কাৰণে
অনাহাৰী, অজ্ঞ, ৰোগী
নিঃকিন প্ৰজাৰ।
কিন্তু
কি কৰিলে মোগল সম্ৰাটে?

[ ২১ ]

তাজমহল

⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺

তেজৰ কণিকাবোৰ
দীন-দুখীয়াৰ
কৰ বুলি গোটাই গোটাই
ভঁৰালত দ’ম কৰি,
তাৰেই সাজিলে এই সমাধি-মন্দিৰ।
নিজৰ কল্পনা এটি,
—নিজৰ হেপাহ—
পূৰাবৰ হেতু
কৰিলে প্ৰজাৰ ধন
অপব্যয় নিজৰ ইচ্ছাত।
জীৱনত কৰি ভোগ
মৰণতো নেৰিলে বিলাস
চকু মেলি নাচালে এবাৰ
প্ৰজাৰ কি হাহাকাৰ,
ক্ষুধিতৰ কিবা আৰ্ত্তনাদ।
কোন অধিকাৰৰ বলত
দিলে হাত প্ৰজাৰ ধনত?
অকল নিজৰ স্বাৰ্থ পূৰাবৰ গুণে
প্ৰেতৰ বিলাস-কক্ষ কৰিলে ৰচনা?
নাসাজি কবৰ,
পাৰিলেহেতেন
তাজ বেগমৰ নামে

[ ২২ ]

২০ বিপ্লবী

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

স্থাপন কৰিব কিবা
শিক্ষাৰ আলয়,
নতু শিল্প-প্ৰতিষ্ঠান, চিকিৎসা-ভবন।
তেতিয়াও ৰক্ষা কৰি বেগমৰ স্মৃতি
প্ৰজাৰ ধনেৰে
পাৰিলেহেতেন সাধিব প্ৰজাৰ হিত।
কিন্তু তাৰ বাদছাহে একো নকৰিলে।
ক্ষমতাৰ বল ল’ই
বলী হ’ই পাশৱ বলেৰে
লুটিলে প্ৰজাৰ ধন,
ভাঙিলে অকল
বিলাস-বাসনা পূৰ্ণ কৰিবৰ হেতু।
হয়তো মাধবী নিশা
স্বপ্নত বিভোৰ হ’ই মোগল সম্ৰাটে
জোনাকে বুৰাই থোৱা তাজমহলৰ
অপৰূপ ৰূপ-ৰাশি চাই,
দেখিছিল তাতে
অপৰূপ সৌন্দৰ্য্য প্ৰিয়াৰ ৷
অথবা পেলাইছিল হুমুনিয়া কাঢ়ি
দুটোপাল তপত চকু-লো।
কিন্তু
সেয়ে জানো সজ ব্যৱহাৰ

[ ২৩ ]

তাজমহল

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

হাড় ভাঙি ঘটা ধন নিৰীহ প্ৰজাৰ?
ই যে অপব্যয় স্বেচ্ছাচাৰী সম্ৰাটৰ।
সম্ৰাট লুণ্ঠনকাৰী ৰাজ-ভঁৰালৰ,—
প্ৰজাৰ ধনৰ;
উৎকট নিদৰ্শন সাম্ৰাজ্যবাদৰ।
যিমানে সহানুভূতি জাগক প্ৰাণত
সম্ৰাটৰ প্ৰতি,
তথাপি ক্ষমাৰ যোগ্য নোহে আচৰণ
প্ৰজাৰ লুণ্ঠনকাৰী দিল্লী-সম্ৰাটৰ।
 যদিওবা আজি নাই মোগল-সম্ৰাট
বাদচাহ ছাহজাহান,
আছে বহু “বাদছাহ কা দোস্ত”।
সিসবেও তেজ চুহি নিঃকিন চহাৰ
দুই-হাত ভাঙে ধন ভোগ-বিলাসত;
কদাপিও দুখীয়াক উলটি নাচায়।
গঢ়িব লাগিব আজি এনে এটি যুগ
কোনেও বলৰে যাতে দুৰ্ব্বলক লুটি
নোৱাৰে পূৰাব স্বাৰ্থ,
জঘন্য বিলাস;
তাজমহলত,—
শ্মশান-শালিত
নোৱাৰে কৰিব লয়

[ ২৪ ]

২২  বিপ্লবী

⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺

নিষ্পেষিত নিৰ্য্যাতিত
কৃষকৰ, বনুৱাৰ
আৰ্জ্জিত সম্পদ।
সেই যুগ আহিব কেতিয়া?

⸺⸺

পূজা।

পূজা—
কাৰ পূজা পাতিলি তৰুণ?
কাৰ পূজা পাতিলি তৰুণী?
পাষাণৰ!
হায় দুৰ্ভগীয়া!
ই যে এডোখৰ শিল,
বাটে বাটে পৰি থকা
শিলৰ দৰেই।
প্ৰাণহীন এডোখৰ শিল।
পাবি জানো।
পূজিলে শিলক
সত্যৰ সন্ধান?
হিয়াৰ ভকতি ঢালি
জ্বালি ধূপ-দীপ,
জনালেও অন্তৰৰ কাতৰ মিনতি

[ ২৫ ]

পূজা

⸺⸺⸺⸺

নাজাগে শিলৰ প্ৰাণ।
গুচি আহ পূজাৰীৰ দল,
জাগে বুলি শিলৰ মৰম
নাথাকিবি প্ৰতীক্ষাত;
নকৰিবি সময়ৰ অপব্যৱহাৰ।
নিদিবি চিনাকি আৰু নিজ অজ্ঞতাৰ।
আদিম যুগৰ সেই
কুন্ধচ সভ্যতা—
শিল পূজা, মাটি পূজা
আজিও জীয়াই ৰাখি
নকৰিবি সভ্যতাৰ অপমান।
তহঁতেই হাঁহ
পাহাৰী জাতিৰ
গছ-পূজা সাপ-পূজা দেখি ৷
কিন্তু তহঁতৰ
শিলৰ পূজাতকই
অৰ্থযুক্ত
বনস্পতি-পূজা ।
নাপালেও আশীৰ্ব্বাদ
গছৰ পূজাত,
পাই যি গছৰ পৰা লাভ, উপকাৰ,

[ ২৬ ]

২৪ বিপ্লবী

⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺

তাৰ বাবে
কৃতজ্ঞতা প্ৰকাশৰ
হব পাৰে এই আয়োজন।
এনেয়েতো সিও অৰ্থহীন।
কিন্তু
তহঁতে মুখেৰে কৰি
সভ্যতাৰ গৌৰৱ প্ৰচাৰ
কৰ প্ৰাণ-হীন শিল পূজা!
কৰ মৰ্ম্মৰৰ—প্ৰাণহীন মৰ্ম্মৰৰ
মূৰ্ত্তি পূজা ।
আৰু মাত দেৱতাক খাবলই
নৈবেদ্য সজাই থোৱা কল-পটুৱাত।
দেখি তহঁতৰ
জীৱ-শ্ৰেষ্ঠ মানৱৰ
মাটি-পূজা—
শিল-পূজা
হাঁহি উঠে;
ঘিণ লাগে।
আকৌ
লগাই লয় বাঁহ, খেৰ, মাটি,
তাৰ ওপৰত--
ৰঙৰ প্ৰলেপ সানি

[ ২৭ ]

পূজা

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

প্ৰতিমা নিৰ্ম্মাণ কৰ
মানুহৰ আকৃতিৰ।
পিন্ধায় কেডালমান
কমদামী বজৰুৱা অলঙ্কাৰ,
ফিৰফিৰীয়া চিল্কৰ কাপোৰ।
তাকো
নিজে তো নকৰ পূজা।
পূজাৰ সম্পূৰ্ণ ভাৰ দিয় ব্ৰাহ্মণক;
দিয় বেচ তাৰ বাবে
প্ৰকাণ্ড মজুৰি এটা।
বহু সময়ত
পাহৰ সেৱাৰ কথা,
নাপাৱ আজৰি
চাবলকো প্ৰতিমাৰ মুখ;
পূজা কৰি যায় মাথোঁ মজুৰ ব্ৰাহ্মণে৷।
নহয় সি পূজা অন্তৰৰ।
ধনৰ লোভত
পূজাৰীয়ে কৰে ব্যৱসায়;
মাতে কিছুমান
অশুদ্ধ পূজাৰ মন্ত্ৰ
অৰ্থ তাৰ নুবুজে নিজেই
ইমানতে হয় পূজা শেষ,

[ ২৮ ]

২৬  বিপ্লবী

⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺

প্ৰতিমা পেলাই দিয়ে পানীৰ মাজত,
ৰং যায়, ৰূপ যায়,
থাকে খেৰ-মাটি।
 ই যে ভুল, মহাভুল,
অজ্ঞতাৰ মোহ।
হোৱা হলে অন্ত ইমানতে
সিও তো নহয়।
ধৰি বান্ধি কত শত নিৰীহ জীৱক
শালত সুমাই কাটি,
তেজেৰে ৰঞ্জিত কৰ
পূজাৰ মণ্ডপ৷
প্ৰতিমাৰ সন্মুখত
তেজটুপি ৰাখি
মঙ্গহেৰে কৰ পেট পূজা।
এয়ে নেকি ধৰ্ম্ম সনাতন?
এয়ে নেকি স্বৰ্গৰ সোপান?
এয়ে নেকি পূজা দেৱতাৰ?
এয়ে যদি পুণ্য হয়
পাপ বোলে কাক?
জীৱ হত্যা কৰিলেই
যদি পুণ্য হয়,

[ ২৯ ]

পূজা

⸻⸻⸻⸻

নোৱাৰে উঠিব প্ৰশ্ন
পুণ্য-পাতকৰ—ধৰ্ম্ম-অধৰ্ম্মৰ।
কৰি যোৱাঁ পাৰা মানে মহাপাপ তুমি,
খণ্ডাবা এদিন তাক
প্ৰতিমাৰ সন্মুখত জীৱ হত্যা কৰি।
হায় মূৰ্খ পূজাৰীৰ দল!
যি জনে কৰিলে বিশ্বব্ৰহ্মাণ্ড সৃজন
এটুপি তেজৰ বাবে ম’হ-ছাগলীৰ
ভাবা নে বিধাতা সেই
লালায়িত বুলি!
যিজন জগৎপতি ব্যাপ্ত চৰাচৰ,
ভাবা নে ৰাখিবা বুলি
বলেৰে সুমাই
খেৰ-বাঁহ শিলৰ মূৰ্ত্তিত?
ই যে পূজা নোহে দেৱতাৰ,
মাত্ৰ ব্যভিচাৰ, অনাচাৰ,
পূজাৰ নামত কৰা
দেৱতাৰ অপমান।
ৰাখিবি মনত
সৃষ্টিয়ে স্ৰষ্টাৰ মূৰ্ত্তি,
প্ৰকৃত পূজাৰ ঠাই হিয়াৰ মাজত,
একান্ত ভকতি মাত্ৰ নৈবেদ্য পূজাৰ।

[ ৩০ ]

২৮ বিপ্লবী

⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺

 আকউ যেতিয়া
তহঁতৰ আত্মীয়-স্বজন
মিলি যায় ধূলিৰ লগত,
শেষ হয় কালৰ বুকুত,
পৃথিবীত চিন-চাব একোৱে নাথাকে,
তেতিয়া তহঁতে
শ্ৰাদ্ধ পাতি মৃতকক মাত খাবলই।
খাবলই দিয়
পিণ্ড নামে অখাদ্য আহাৰ—
তিল, মাহ, গাখীৰ, চাউল,
আৰু কত কি যে সানি,—
কোনেও নাখায় যাক
জীৱিত কালত।
নুবুজা ভাষাৰে
পুৰোহিত কিবা গাই যায়,
মৃতকৰ পৰিয়ালটোৰ
কোনোবা এজনে
ভাটৌৰ নিচিনাকই
কৰি যায় পুনৰ আবৃত্তি।
এয়ে শ্ৰাদ্ধ, এয়ে পূজা,
⸻অৰ্থহীন।
ইয়াৰ বাবেই

[ ৩১ ]

পূজা  ২৯

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

পুৰোহিতে পায়
বিৰাট মজুৰি এটা।
অথচ মজুৰ হৈও
গৃহস্থক কৰে অপমান,—
নিজক ব্ৰাহ্মণ বুলি,
দিয়ে গৃহস্থৰ
মূৰত ভৰিৰ ধূলা,
ভৰি ধোৱা পানীকো খুৱায়
পৰম পবিত্ৰ বুলি।
মূৰ্খ যজমানে
কৰি যায় যি কয় ব্ৰাহ্মণে।
নহয় ইয়াতে শেষ;
আহে জাকে জাকে
ডিঙিত লগুণ লোৱা
মানুহৰ জাক,
গোন্ধতে আপুনি চাপি
দিব লাগে গৃহস্থই
ভৰিকো ধুৱাই
সিসৱকো গাইপতি একোটা মজুৰি
দয়া কৰি পদ-ধূলা দিয়াৰ বাবে
ইয়াকে কৰিলে হেনো
মৃতকে উদ্ধাৰ পায়,—

[ ৩২ ]

৩০ বিপ্লবী

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

পেট ভৰি খায়।
কিন্তু
ধূলিৰ লগত মিলা
অবয়বহীন
মৃতক আহিব বুলি পিণ্ড খাবলই
পাৰি জানো কৰিব বিশ্বাস?
ই যে ভ্ৰান্তি—
ব্ৰাহ্মণৰ ব্যৱসায় ধন ঘটিবৰ।
তাতক'ই কৰা যদি বংশ-পৰিয়াল
সকলোটি মিলি।
প্ৰাৰ্থনা
মৃতকৰ শান্তিৰ কাৰণে,
হব পাৰে কিবা ফল।
 জাগি উঠ
তৰুণ-তৰুণী-দল,
ভাঙি ছিঙি শেষ কৰ
জীৰ্ণ-শীৰ্ণ অট্টালিকা
অন্ধ বিশ্বাসৰ;
গঢ়ি ল
মনোমত নতুন সমাজ,
দূৰ কৰি
স্বাৰ্থান্ধৰ ঘোৰ প্ৰবঞ্চনা

[ ৩৩ ]

বিয়াল্লিচৰ বিপ্লব।

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

ভাঙি-ছিঙি অজ্ঞতাৰ দুৰ্লঙ্ঘ্য প্ৰাচীৰ।
নিদিবি হবলে’ আৰু
বৰ্ব্বৰতা, নীচতাৰ পুনৰাভিনয়
পূজাৰ নামত,---
শ্ৰাদ্ধৰ নামত,—
ধৰ্ম্মৰ নামত,—
পুণ্যৰ নামত।

⸺⸺


বিয়াল্লিচৰ বিপ্লবী।

বিয়াল্লিচৰ বিপ্লবী!
ভাৰতৰ মুক্তি-সংগ্ৰামৰ
তোমালোক নিৰ্ভীক সৈনিক।
বলি দি নিজৰ স্বাৰ্থ,
কলিজাৰ কেঁচা তেজ ঢালি,
ধুৱাব খুজিলা
ভাৰতৰ কলঙ্ক-কালিমা।
বিশ চেপ্তেম্বৰ,
ৰঙ্গীন বিয়াল্লিচৰ সিও এটা দিন।
সেই দিনা
নিষ্পেষিত নিৰ্য্যাতিত ভাৰতবাসীৰ
প্ৰাণে প্ৰাণে উঠিছিল

[ ৩৪ ]

৩২ বিপ্লবী

⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺

বিপ্লবৰ অজেয় তুফান।
সেই দিনা
হিয়াত কামনা ল’ই মুক্তি জননীৰ
কৰিব পাৰিম বুলি।
দাসত্বৰ শৃঙ্খল মোচন,
দিছিল সগৰ্ব্বে থিয় ভাৰতবাসীয়ে
বন্দুকৰ সন্মুখত
মদোন্মত্ত ক্ষিপ্ত শাসকৰ।
কৰিছিল মুক্তকণ্ঠে
ভাৰত ত্যাগৰ দাবী
কঁপাই অন্তৰ
সাম্ৰাজ্য-লোলুপ ৰক্তপিপাসুদলৰ।
সেই দিনা সকলো বিপ্লবী।
সেই দিনা
বনুৱা, কৃষক, নাৰী,
সকলো বিদ্ৰোহী।
সকলোকে লাগে স্বাধীনতা,
লাগে মুক্তি,—
বন্ধনৰ অৱসান।
হে বিপ্লবী!
নিৰ্ভীক সৈনিক!

[ ৩৫ ]

বিয়াল্লিচৰ বিপ্লবী ৩৩

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

সিদিনা ওলালা তুমি জয়-যাত্ৰা কৰি
মুক্তিৰ কামনা ল’ই,
সৃষ্টি কৰি বিদ্ৰোহ দাবানল।
সৃষ্টি হ’ল ভূমিকম্প।
বিজাতি সাম্ৰাজ্যবাদী দস্যুৰ বুকুত।
তথাপি আশ্ৰয় ল’ই
বৰ্ব্বৰতা— দমন নীতিৰ
পৰিল সিহঁত
জঁপিয়াই ওপৰত অহিংস সেনাৰ,
বন্দুক কামান ল’ই।
লক্ষ লক্ষ নৰ-নাৰী, বালক-বালিকা,
বন্দুকৰ গুলিৰ আগত
সঙ্গীনৰ তীব্ৰ আঘাতত,
বোৱাই তেজৰ ন’ই
পৰিল বাগৰি।
দোষ সিসৱৰ—
মুক্তিৰ হেপাহ,
অদম্য আকাঙ্ক্ষা এটি
মানুহ হ’বৰ,—
গোলামিৰ চিন-চাব মচি পেলাবৰ।
সেই দিনা—
তোমালোক বিপ্লবীৰ দল

[ ৩৬ ]

৩৪ বিপ্লবী

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

মৰণ নেউচি গ’লা লক্ষ্য স্থানলই।
বাধা দি ৰাখিব কোনে
উদগীৰণ আগ্নেয় গিৰিৰ!
তোমালোকৰেই স্মৃতি ল’ই অন্তৰত
হ’ল অগ্ৰসৰ
স্বাধীনতাকামী
জাগ্ৰত ভাৰত-বাসী;
বন্দুকক, সঙ্গীনক নেউচি পেলাই;
জয়ী হই ছিঙি দিলে
জননীৰ সুদৃঢ় শৃঙ্খল!
বিপ্লবীৰ দল!
যদিওবা শেষ হ’ল পাৰ্থিব জীৱন,
আঁৰ হ’লা চাক্ষুস দৃষ্টিৰ,
তথাপিও সিদিনাৰ সেই মধু স্মৃতি
ৰ’ব হ’ই যাউতিযুগীয়া;
ৰ’ই যাৰ বুৰঞ্জীত সোণালী আখৰে
মুক্তিৰ আমোঘ মন্ত্ৰ
ৰ’ই যাব তৰুণৰ তৰুণ হিয়াত।
সেই বাবে হ’ই নতশিৰ।
কৰোঁ নিবেদন
অনুৰক্ত হৃদয়ৰ শ্ৰদ্ধাৰ অঞ্জলি।

⸻⸻

[ ৩৭ ]
 




বীৰ-নাৰী।

[ ৩৮ ]

সম্পাদকৰ নিবেদন।

 বীৰ-নাৰী সম্পূর্ণ গ্রন্থ নহয়। লেখকে বীৰ নাৰীসকলৰ কাহিনী জুকিয়াই এখন ডাঙৰ গ্ৰন্থ লিখি- বলৈ মন কৰিছিল, কিন্তু মাত্র দুটা লিখিবলৈহে তেওঁ সময় পালে। “সতী জয়মতী” ১৯৪৭ চনৰ জয়মতী- তিথিত পাঠ কৰা হৈছিল। ইতি

বিনীত

সম্পাদক৷



সূচী

 বিষয়  পৃষ্ঠা
সতী জয়মতী ... ... ... ...  ৩৭
মূলা গাভৰু ... ... ... ...  ৪৩
[ ৩৯ ]

বীৰ-নাৰী।

—সতী জয়মতী—

অসমৰ বীৰত্বেৰে চমক লগোৱা
শৰাইঘাটৰ সেই ৰণৰ পিচত
শান্তিৰে অলপ কাল পাৰ হওঁতেই
অসম আহোম-ৰাজ্য হল থানবান,
মন্ত্ৰণাত স্বাৰ্থান্বেষী মন্ত্ৰী-মণ্ডলীৰ।
এযুগৰ ভিতৰতে ছজন নৃপতি
মৃত্যুৱে সাবটি ললে, পাই নিমন্ত্ৰণ
ক্ষমতাৰ অভিলাষী নিৰ্ম্মম মন্ত্ৰীৰ।
লালুকৰ হেচোকত বহিল পাটত
চৈধ্য বছৰীয়া ল’ৰা চুলিক্ ফা কোৱঁৰ
ৰাজপাট পাই ৰজা হল কম্পমান
দেখি বিভীষিকাময় দৃশ্য ভবিষ্যৎ,
ঘাতকৰ উত্তোলিত অসি তীক্ষ্নধাৰ।
কেনিবা পলাই গ’ল চকুৰ টোপনি;
হেৰাল প্ৰাণৰ শান্তি, সুখৰ সপোন;
হিয়াত উঠিল জ্বলি চিন্তাৰ অগনি;

[ ৪০ ]

৩৮ বীৰ নাৰী

⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺

উঠিল চকুত ভাহি মৰণৰ ছায়া।
মৃত্যু-গৰাহৰ পৰা সাৰিবৰ বাবে
উঠিল উদ্ভ্ৰান্ত হ’ই ভাবি ভাবি ৰজা;
সপেনে দিঠকে দেখে শত্ৰু-আগমন
উন্মুক্ত কৃপাণ লই ৰাঙলী হাতত।
এদিন হঠাতে তেওঁ ভাবোঁতে ভাবোঁতে
পালে পথ মৰণক জয় কৰিবৰ।
অকলে ৰজাই ক’লে—“আৰু ভয় নাই,
আছে ৰাজপাট-যোগ্য যিমানে কোৱঁৰ
সকলোকে কৰিম অযোগ্য, বধ কৰি,
নতু কৰি অঙ্গক্ষত।” সিদিনাৰে পৰা
চুলিক্ ফা ৰজাই ধৰিলে ৰুদ্ৰৰ মূৰ্ত্তি,
দয়া-মমতাৰ বান্ধ দিলে দলিয়াই;
ৰাজধানী গড়গাওঁ তুলিলে কঁপাই
কাণ কাটি, নাক কাটি, গোপনে বিনাশি,
সকলো কোৱঁৰ কৰি অযোগ্য পাটৰ।
ৰজাৰ, ফান্দৰ পৰা এটিও কোৱঁৰ
নোৱাৰিলে সাৰি যাব গদাৰ বাহিৰে৷
মহাবীৰ গদাপাণি গোবৰ-তনয়
তুংখুঙীয়া ফৈদৰ সুযোগ্য কোৱঁৰ,
মহাসতী জয়মতী কুৱঁৰীৰ স্বামী;
বাহুবলী, অভিমানী, নিৰ্ভীক যুঁজাৰু।

[ ৪১ ]

সতী জয়মতী ৩৯

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

কাৰ আছে মৰসাহ কাষ চাপিবৰ
ব্যৰ্থ কৰি ঘাতকৰ গুপ্ত অভিযান।
ৰ’ই গ’ল গদাপাণি অক্ষত-শৰীৰে।
শুনি বাৰ্ত্তা চুলিক্ ফাই গণিলে প্ৰমাদ;
প্ৰকাশ্যে পঠালে সেনা ধৰিবৰ বাবে।
গদাপাণি কোৱঁৰক ৰাজদ্ৰোহী বুলি৷
 বিপদ-সঙ্কেত পাই আগতে জয়াই
চাপিল গদাৰ কাষ, ক’লে হাত যুৰি
কৰে যাতে আত্ম-ৰক্ষা আত্ম-গোপনেৰে৷
নিৰ্ভীক বীৰৰ কিন্তু নকঁপিল প্ৰাণ;
ক’লে,—“জয়া, কাপুৰুষ কদাপি নহওঁ,
পলাই কদাপি মই নাৰাখোঁ জীৱন।”
শত্ৰুৰে যুঁজিম বুলি ল’লে হেংদান।
অৱস্থা বিষম দেখি বুজালে জয়াই —
ৰজাৰ সেনাৰে যুঁজি এৰিলে জীৱন,—
অৰাজক ৰাজ্য কোনে কৰিব উদ্ধাৰ!
আহোম-গৌৰৱ কোনে আনিব ঘূৰাই।
জয়াই বুজালে বহু, কৰিলে কাকূতি
চকু-লো বোৱাই নিজ স্বামী-চৰণত;
কুমলিল ধীৰে ধীৰে বজ্ৰময় হিয়া
গদাপাণি কোৱঁৰৰ জয়াৰ কথাত,
মান্তি হ’ল যাবলই ছদ্ম-বেশ ধৰি।

[ ৪২ ]

৪০  বীৰ-নাৰী

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

তেতিয়াই নগা বেশ কৰি পৰিধান
গুচি গ’ল এৰি এই, হুমুনিয়া কাঢ়ি,
চেনেহৰ জন্মভূমি, সোণৰ সংসাৰ।
 অলপ পিচত আহি ৰজাৰ সৈনিক
সোমাল গদাৰ ঘৰ গদাক বিচাৰি।
বিচাৰি বিচাৰি ক’তো নাপাই গদাক
জয়াক আনিলে ধৰি শৃঙ্খলিত কৰি।
পালে যেবে গদাপাণি পলোৱা সংবাদ,
ল’ৰা ৰজা হ’ল ঠিক উন্মাদৰ দৰে;
পঠিয়ালে চউদিশে সশস্ত্ৰ সৈনিক
গদাক ধৰিব কিম্বা বধিবৰ হেতু।
 সম্মুখত থিয় কৰি ইফালে জয়াক
বিচাৰিলে চুলিক্ ফাই গদাৰ সন্ধান।
জয়মতী চিত্ৰবৎ ৰ’ল নিৰুত্তৰ।
অনুৰোধ, উপৰোধ, আদেশ ৰজাৰ,
তৰ্জ্জন-গৰ্জ্জন, ভীতি নিৰ্ম্মম দণ্ডৰ,
একোৱেই নোৱাৰিলে টলাব জয়াক;
নোৱাৰিলে উলিয়াব এটিও উত্তৰ।
 নাৰীৰ হাতত পাই এনে অপমান
হেৰাল ৰজাৰ জ্ঞান, মগজু ঘূৰিল ,
ৰাজনীতি, ধৰ্ম্মনীতি, সকলো পাহৰি,
সমৰ্পিলে তেতিয়াই চাওদাং মাতি

[ ৪৩ ]

সতী জয়মতী

⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺

দিবলৈ উগ্ৰ শাস্তি জয়াক ৰজাই,
যাবৎ নিদিয়ে তেওঁ পতিৰ সন্ধান
 ৰজাৰ আদেশ শুনি চাওদাংহঁতে
জয়াক বলেৰে নিলে শাস্তি দিবল’ই
জেৰেঙাৰ পথাৰত, নিৰ্ম্মম হাতেৰে।
আমৰলি, চোৰত মেলি, চমটা লগাই,
তপত লোহাৰে দাগি সতীৰ দেহত
যিমান পাৰিলে দিলে যমৰ যাতনা।
ব’ই গল দৰ্শকৰ চকু-লোৰ ধাৰ;
তথাপিও ৰ’ল জয়া অচল অটল।
নোলাল চকু-লো, নাই কৰুণ বিননি,
নোলাল মুখৰ পৰা গদাৰ সন্ধান।
ভাগৰিল নৰঘাতী পাষণ্ডৰ দল;
ব্যৰ্থ হ’ল চুলিকফাৰ দণ্ড শাসনৰ।
লভিলে জয়াই জয় শেষ শয়নত,
চূৰ্ণ কৰি পশু-বল মনৰ বলেৰে।
থ’ই গ’ল স্মৃতি তাৰ জোৰেঙা-বুকুত,
ৰ’ই গ’ল অনুপম আদৰ্শ সতীৰ।
 নাই আজি জয়মতী মানবী ৰূপত
কৰিছে হৰিষ কিন্তু আকাশে-বতাহে
দেবী ৰূপে অসমৰ জুৰি গাওঁ-ভূঁই।
শ্মশান জেৰেঙা আজি তীৰ্থ অসমৰ,

[ ৪৪ ]

৪২ বীৰ নাৰী

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

নাৰীত্বৰ, সতীত্বৰ উৎস প্ৰেৰণাৰ।
গঁথা আছে জয়-দৌল, জয়সাগৰৰ
বুকুত সতীৰ ছবি, গাঁথা গৌৰৱৰ,
অত্যাচাৰ ৰুদ্ধ কৰা অহিংস যুদ্ধৰ।
থাকে মানে মহত্বৰ আদৰ বিশ্বত,
লাগে মানে দুৰ্ব্বলক বলৰ সন্ধান,
থাকিব জয়াৰ স্মৃতি দুগুণে উজলি
সতীৰ মহিমা কৰি বিশ্বত প্ৰচাৰ।

[ ৪৫ ]

মূলা-গাভৰু।

 গৌৰব-উজ্জ্বল সেই অসমৰ কথা
আৰম্ভণী ষোল শতাব্দীৰ ৷ সিকালত
নাছিল আজিৰ দৰে হীন-বীৰ্য্য হ’ই
দাসত্ব শৃঙ্খলেৰে আবদ্ধ অসম।
আছিল গোটেই জাতি মুকলিমূৰীয়া,
নিজৰ ভৰিত নিজে থিয় দিব পৰা
শিল্প, জ্ঞান, বিজ্ঞানত, সাহিত্য, চৰ্চ্চাত,
শাসনত, সমৰত অসমীয়া জাতি
জিলিকি আছিল তুলি সমুন্নত শিৰ৷
আছিল সবাৰে মন্ত্ৰ প্ৰাণতো অধিক
চেনেহী জনম-ভূমি অসমা অসম।
পৰিছিল জঁপিয়াই শত্ৰুৰ আগত,
কৰিছিল লৌহিত্যৰ লোহিত সলিল
জননীৰ আক্ৰমণকাৰীৰ তেজেৰে।
তেতিয়াৰ নাৰীয়েও একে ৰাতিতেই
স্বামীক দিছিল ব’ই কৱচ-কাপোৰ,
পিন্ধি গ’লে যাক,— আছিল বিশ্বাস দৃঢ়,—
নোৱাবে ভেদিব দেহা শত্ৰুৰ অস্ত্ৰই।

[ ৪৬ ]

৪৪ বীৰ-নাৰী

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

 তেতিয়াৰ অসমৰ সোণালী যুগতে
ৰাজত্ব কালত ৰজা চুহুংমুঙৰ
তুৰুবকে আক্ৰমণ কৰিলে অসম।
কলিয়াবৰত গৈ ভেটিলে শত্ৰুক।
বীৰ ফাচেংমুঙ্ বৰগোহাঁয়ে নিজেই
লই সেনাপতি বাব বীৰ-বিক্ৰমেৰে।
লাগিল তুমুল যুদ্ধ, হ’ল হতাহত
নিৰ্ভীক যুঁজাৰু বহু উভয় দলৰ;
ৰঙা হল ধৰণীৰ সেউজীয়া বুকু!
অসীম সাহসে যুঁজি অসমীয়া সেনা
আগুৱালে ভীম বেগে মেদিনী কঁপাই।
কিন্তু হায় দুৰদৃষ্টু! হ’ল বিপৰ্য্যয়;—
অকস্মাতে গুলি লাগি হ’ল ধৰাশায়ী
অসমৰ মহাতেজা বীৰ সেনাপতি।
উল্লাসিত হ’ই যত আক্ৰমণকাৰী
সেনাপতি-হীন সেনা কৰিলে নিৰ্ম্মূল;
প্ৰচাৰিলে পাঠানৰ বিজয় ঘোষণা;
উলটিল লুটি-পুটি নিজ দেশলই।
 ফাচেংমুঙৰ ভাৰ্য্যা গাভৰু মূলাই
শুনিলে যেতিয়া এই শোকৰ বাতৰি,
নিজকেই দোষী কৰি হ’ল মৰ্ম্মাহত।
অৱহেলা কৰি তেৱেঁ কৰ্ত্তব্য নিজৰ

[ ৪৭ ]

মূলা গাভৰু ৪৫

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

নোৱাৰিলে ধুনি-কাটি ৰাতিতেই ব’ই
উলিয়াব স্বামীল’ই কৱচ-কাপোৰ,
পঠিয়ালে অৰক্ষিত কৰি ৰণল’ই।
কৰিলে বিলাপ বহু—“ময়েই কাৰণ
মহাবীৰ সেনাপতি স্বামীৰ মৃত্যুৰ।
পাৰিলোঁহেতেন যদি পিন্ধাব কৱচ,
নহ’লহেতেন এনে অকাল মৰণ।
এইবাৰ যাম মই নিজে ৰণল’ই;
নিজৰ পাপৰ নিজে কৰি পৰাচিত,
অন ফালে ধ্বংস কৰি স্বামীৰ ঘাতক,
ৰাখি যাম জগতত স্বামীৰ সম্মান।”
 পুনৰ্ব্বাৰ তুৰুবক আহিল যেতিয়া
বিৰাট বাহিনী ল’ই লবল’ই বুলি
ধন-ধান-পুষ্পে ভৰা সোণৰ অসম,
স্বৰ্গদেৱে পঠিয়ালে সুসজ্জিত সেনা
বৰপাত্ৰ কন্ চেঙক পাতি সেনাপতি।
 ৰণৰ বাতৰি শুনি ধৰি যোদ্ধা-বেশ
ওলাল গাভৰু মূলা অস্ত্ৰ-শস্ত্ৰ লই,
কৰি এটি বেগবান অশ্ব আৰোহণ।
কনচেঙে সেনা লই দ্ৰুত গতি ধৰি

[ ৪৮ ]

৪৬ বীৰ-নাৰী

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

ভোটিলে শক্ৰক গই কলিয়াবৰত।
লাগিল পুনৰ যুদ্ধ অতি ভয়ঙ্কৰ।
আহতৰ আৰ্ত্তনাদ, সেনাৰ চীৎকাৰ,
অস্ত্ৰৰ সংঘৰ্ষ গুৰু হিলে গৰ্জ্জন,
সকলোটি লগ লাগি লঙ্ঘিলে আকাশ।
নকঁপিল তথাপিও মূলা বীৰ-জায়া,
স্বামীৰ স্মৃতিয়ে শক্তি দুগুণে বঢ়ালে;
অবলাৰ দুৰ্ব্বলতা জোকাৰি পেলাই
শত্ৰুৰ মাজত পশি কৰিলে সংহাৰ
অগণন শত্ৰু-সেনা ৰণ-চণ্ডী ৰূপে।
কিন্তু হায়! নোৱাৰিলে ব্যূহ ভেদ কৰি
ওলাই আহিব পুনু অলেখ শত্ৰুৰ।
দেখুৱাই বল-বীৰ্য্য অসম নাৰীৰ,
বোৱাই তেজৰ ন’ই শত্ৰু-শোণিতেৰে
সমৰ ক্ষেত্ৰত ল’লে অন্তিম শয়ন।
 এৰিলে পাৰ্থিব দেহা মূলা-গাভৰুৱে।
কিন্তু যি প্ৰেৰণা দিলে হিয়াত জগাই
অসমৰ সৈনিকৰ মূলাৰ মৰণে,
সেয়েই দুগুণে শক্তি বঢ়ালে বাহুৰ ৷
আক্ৰমি বিপক্ষ দল দুগুণ উৎসাহে

[ ৪৯ ]

মূলা গাভৰু ৪৭

⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺

কৰি গ’ল মষিমূৰ এফালৰ পৰা
তুৰ্ব্বকৰ শিৰচ্ছেদ কৰিলে কনচেঙে।
পলাল পাঠান সেনা উভতি নাচাই।
কনচেঙ বৰপাত্ৰ অসমৰ পৰা
খেদাই শত্ৰুৰ দল, নতু বন্দী কৰি,
নিৰ্ম্মিলে বিজয়-স্তম্ভ মানাহ-তীৰত;
মূলাৰ প্ৰতিজ্ঞা ৰক্ষা হ’ল মৰণত।
হে মূলা গাভৰু, তুমি সতী বীৰাঙ্গণা
অসম মাতৃৰ অতি স্নেহৰ জীয়াৰী।
বহুদিন পাৰ হ’ল কালৰ সোঁতত,
তথাপি অমৰ তুমি, অদ্যাপি জীৱিত;
চিৰ দিন থাকি যাবা অজৰ অমৰ,
বুৰঞ্জীত অসমৰ নাম উজ্বলাই।
 হে গাভৰু, দেখুৱালা সমৰ-ক্ষেত্ৰত
কিদৰে নাৰীয়ে এৰে নিজৰ জীৱন,
স্বামীৰ কাৰণে যুঁজি ৰণ চণ্ডী হ’ই।
দেখুৱালা অন্তৰত জাগিলে প্ৰেৰণা
অবলাৰো সাহ-বল উঠে মূৰ্ত্ত হ’ই।
নামানে একোতে বাধা, নগণে বিপদ
যাবৎ নহয় সিদ্ধি অভীষ্ট নিজৰ

[ ৫০ ]

যত দিন অসমীয়া থাকিব জীয়াই,
থাকিব তোমাৰ নাম, আদৰ্শ মহান।
অসমৰ নদ-নদী, পৰ্ব্বতে-কন্দৰে
অসমৰ তৰু-লতা, হাবি-বননিয়ে
সুঁৱৰিব চিৰ দিন প্ৰতিধ্বনি তুলি;
সোঁৱৰাব অসমক বীৰত্ব তোমাৰ,
থাকিবা আদৰ্শ হই নাৰী সমাজৰ৷

⸻⸻⸻

অন্ত

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )