পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/৪০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩৮ বীৰ নাৰী

⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺

উঠিল চকুত ভাহি মৰণৰ ছায়া ।
মৃত্যু-গৰাহৰ পৰা সাৰিবৰ বাবে
উঠিল উদ্ভ্ৰান্ত হ’ই ভাবি ভাবি ৰজা ;
সপেনে দিঠকে দেখে শত্রু-আগমন
উন্মুক্ত কৃপাণ লই ৰাঙলী হাতত।
এদিন হঠাতে তেওঁ ভাবোঁতে ভাবোঁতে
পালে পথ মৰণক জয় কৰিবৰ।
অকলে বজাই ক’লে—“আৰু ভয় নাই,
আছে ৰাজপাট-যোগ্য যিমানে কোৱঁৰ
সকলােকে কৰিম অযােগ্য, বধ কৰি,
নতু কৰি অঙ্গ ক্ষত।” সিদিনাৰে পৰা
চুলিক্ ফা ৰজাই ধৰিলে ৰুদ্ৰৰ মূৰ্ত্তি,
দয়া-মমতাৰ বান্ধদিলে দলিয়াই ;
ৰাজধানী গড়গাওঁ তুলিলে কঁপাই
কাণ কাটি, নাক কাটি, গােপনে বিনাশি,
সকলাে কোৱঁৰ কৰি অযোগ্য পাটৰ।
ৰজাৰ, ফান্দৰ পৰা এটিও কোৱঁৰ
নােৱাৰিলে সাৰি যাব গদাৰ বাহিৰে৷
মহাবীৰ গদাপাণি গােবৰ-তনয়
তুংখুঙীয়া ফৈদৰ সুযােগ্য কোৱঁৰ,
মহাসতী জয়মতী কুৱঁৰীৰ স্বামী ;
বাহুবলী, অভিমানী, নিৰ্ভীক যুঁজাৰু।