পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/৪৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৪৬ বীৰ-নাৰী

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

ভোটিলে শক্রক গই কলিয়াবৰত।
লাগিল পুনৰ যুদ্ধ অতি ভয়ঙ্কৰ।
আহতৰ আৰ্ত্তনাদ, সেনাৰ চীৎকাৰ,
অস্ত্ৰৰ সংঘর্ষ গুৰু হিলে গর্জ্জন,
সকলােটি লগ লাগি লঙ্ঘিলে আকাশ।
নকঁপিল তথাপিও মূল বীৰ-জায়া,
স্বামীৰ স্মৃতিয়ে শক্তি দুগুণে বঢ়ালে;
অবলাৰ দুৰ্ব্বলতা জোকাৰি পেলাই
শত্ৰুৰ মাজত পশি কৰিলে সংহাৰ
অগণন শত্ৰু-সেনা ৰণ-চণ্ডী ৰূপে।
কিন্তু হায় ! নােৱাৰিলে ব্যূহ ভেদ কৰি
ওলাই আহিব পুনু অলেখ শত্ৰুৰ ।
দেখুৱাই বল-বীর্য্য অসম নাৰীৰ,
বোৱাই তেজৰ ন’ই শত্রু-শোণিতেৰে
সমৰ ক্ষেত্ৰত ল’লে অন্তিম শয়ন।
 এৰিলে পার্থিব দেহা মূলা-গাভৰুৱে।
কিন্তু যি প্ৰেৰণা দিলে হিয়াত জগাই
অসমৰ সৈনিকৰ মূলাৰ মৰণে,
সেয়েই দুগুণে শক্তি বঢ়ালে বাহুৰ৷
আক্ৰমি বিপক্ষ দল দুগুণ উৎসাহে