পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/৩৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বীৰ-নাৰী।

—সতী জয়মতী—

অসমৰ বীৰত্বেৰে চমক লগোৱা
শৰাইঘাটৰ সেই ৰণৰ পিচত
শান্তিৰে অলপ কাল পাৰ হওঁতেই
অসম আহোম-ৰাজ্য হল থানবান,
মন্ত্রণাত স্বার্থান্বেষী মন্ত্রী-মণ্ডলীৰ।
এযুগৰ ভিতৰতে ছজন নৃপতি
মৃত্যুৱে সাবটি ললে, পাই নিমন্ত্রণ
ক্ষমতাৰ অভিলাষী নিৰ্ম্মম মন্ত্রীৰ।
লালুকৰ হেচোকত বহিল পাটত
চৈধ্য বছৰীয়া ল’ৰা চুলিক্ ফা কোৱঁৰ
ৰাজপাট পাই ৰজা হল কম্পমান
দেখি বিভীষিকাময় দৃশ্য ভবিষ্যৎ,
ঘাতকৰ উত্তোলিত অসি তীক্ষ্নধাৰ।
কেনিবা পলাই গ’ল চকুৰ টোপনি ;
হেৰাল প্রাণৰ শান্তি, সুখৰ সপােন ;
হিয়াত উঠিল জ্বলি চিন্তাৰ অগনি;